পিতৃ দিৱস(কৰবী বৰ্মন কলিতা) – Purbodix.com

পিতৃ দিৱস(কৰবী বৰ্মন কলিতা)

গধুৰ দায়িত্বভৰা শব্দ এটিপিতৃ পিতৃত্বৰ আঁৰত লুকাই থকা সুপ্ত আৱেগ৷ সেই আৱেগখিনি এজন পুৰুষে স্বাভাৱিকতে নাৰীৰ তুলনাত সকলোৰে আগত সহজে প্ৰতিফলিত বলৈ নিদিয়ে৷ আমাৰ সকলোৰে জীৱনৰ আৰম্ভণিৰে পৰা একোজন পিতৃয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে ওৰে ৰাতি সাৰে থাকি প্ৰতিপালন কৰে একে স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই নিজৰ দায়িত্ব পালন কৰে৷ মাতৃৰ মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট, কিন্তু পিতৃৰ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল লীন হৈ থাকে অলেখ, আশা, আকাংক্ষা, হেঁপাহ, আশা, প্ৰত্যাশা অথচ মৌন হৈ থাকে৷ কিয়নো তেওঁ যে এজন পুৰুষ, এজন পিতৃ৷  মাকদেউতাক আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী৷ মাকদেউতাকে বহুত কষ্ট আৰু ত্যাগৰ বলত ৰাছোৱালীক জন্ম আৰু ডাঙৰদীঘল কৰে৷ পিতৃ এই পৃথিৱীৰ এনে এজন ব্যক্তি যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিখন যুদ্ধত যুঁজিবলৈ সাজু হয় আৰু জীৱন যুঁজত নিজৰ সন্তানক আগুৱাই নিবলৈ তৎপৰ হৈ থাকে৷

যদিও প্ৰতিটো দিনেই পিতৃৰ বাবে বিশেষ, কিন্তু পিতৃ দিৱস এনে এটা বিশেষ দিন যেতিয়া সন্তানে পিতৃৰ বাবে কিবা এটা বিশেষ কৰাৰ বাবে পৰিকল্পনা কৰিবলৈ সুযোগ পায়৷ পিতৃজনক স্পেছিয়েল ফিল কৰাবলৈ এটা বিশেষ উদ্যাপন কৰা হয়৷  প্ৰতি বছৰে জুন তাৰিখে সেই বিশেষপিতৃ দিৱস’’ দিনটো পালন কৰা হয়৷  ১৯০৭ চনত আমেৰিকাত পোনপ্ৰথমবাৰৰ বাবে বেচৰকাৰীভাৱে পিতৃ দিৱস পালন কৰা হৈছিল৷ আনহাতে আনুষ্ঠানিকভাৱে ইয়াৰ আৰম্ভণি হৈছিল ১৯১০ চনত৷ পিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদ্যাপিত কৰা দিৱস৷ পিতৃ দিৱসত পিতৃত্ব, পিতৃত্ব বান্ধোন তথা সমাজত পিতাসমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদসূচক হিচাপে পালন কৰা হয়৷ পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ দিৱস এক মাধ্যম৷

Leave a Reply

Your email address will not be published. Required fields are marked *