বিৰ্দ্ধত যান্ত্ৰিকতা আৰু তথ্য প্ৰযুক্তিৰ বিকাশে বিনষ্ট কৰিব নেকি প্ৰকৃতিৰ ভাৰসাম্য?(দেবৰ্ষি গৌতম) – Purbodix.com

বিৰ্দ্ধত যান্ত্ৰিকতা আৰু তথ্য প্ৰযুক্তিৰ বিকাশে বিনষ্ট কৰিব নেকি প্ৰকৃতিৰ ভাৰসাম্য?(দেবৰ্ষি গৌতম)

সময় গতিশীল, পাখি লগা কাঁড়ৰ দৰে উৰি যায় সময়৷ সময়ৰ গতিক কোনেও কেতিয়াও ৰুধিব নোৱাৰে৷ সময়ৰ গতিৰ সোঁতত আমি নিজকে খাপ খুৱাই আগবাঢ়ি যাব লাগিব৷ সময়ৰ লগে লগে সকলোবোৰ সলনি হৈ যায়৷ কিন্তু সলনি নহয় কেৱল সময়ৰ গতিবেগ৷ সময় সেই একে গতিৰে চিৰ প্ৰবাহিত হৈ থাকে৷ সময়ৰ লগে লগে আমাৰ সমাজ, ৰাজ্য, দেশ তথা পৃথিৱী বহুত সলনি হৈছে৷ সময়ৰ সৈতে হোৱা এই পৰিবৰ্তনক আমি অকপটে স্বীকাৰ কৰিবলৈ বাধ্য অন্যথা আমি জীৱনত আগবাঢ়ি যাবলৈ অপাৰগ৷ তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশে আমাক অধিক যান্ত্ৰিকতাৰ মাজলৈ লৈ গৈছে৷ যান্ত্ৰিকতাৰে ভৰা আমাৰ জীৱনৰ প্ৰায় প্ৰতিটো কামেই আমি প্ৰযুক্তিৰ সহায়ত সম্পন্ন কৰিবলৈ আগ্ৰহী হৈ পৰিছোঁ৷ যান্ত্ৰীকতাই আমাৰ জীৱনত প্ৰাকৃতিক পৰিবেশৰ যি প্ৰভাৱ সেয়া লাহে লাহে কমাই অনা পৰিলক্ষিত হৈছে৷ যাৰ ফলত মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাকে ধৰি বিভিন্ন সমস্যাই দেখা দিছে৷ তথ্যপ্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত সমগ্ৰ পৃথিৱীতে যি এক যান্ত্ৰিক যুগৰ সূচনা হৈছে তাৰ বাবে কেৱল মানুহৰে নহয় অন্যান্য জীৱজন্তুৰ ওপৰতো যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছে৷ পৃথিৱীত মানুহকে ধৰি সকলো জীৱজন্তু জীয়াই থকাৰ বাবে এক সুস্থ প্ৰাকৃতিক পৰিৱেশ অতিকৈ প্ৰয়োজনীয়৷ আজিৰ দিনত তথ্যপ্ৰযুক্তিৰ ব্যৱহাৰ নকৰাকৈ হয়তো পৃথিৱীৰ কোনো এখন দেশে বিকাশৰ দিশে আগবাঢ়ি যাব নোৱাৰিব৷ কিন্তু কেৱল দেশ এখন বিকাশ কৰাৰ বাবে যদি আমি প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্য বিনষ্ট কৰি পেলাওঁ তেনেহলে সেই বিকশিত দেশখনত জীয়াই থকা মানুহবোৰে কেনেদৰে এক সুস্থসবল জীৱন লাভ কৰিব৷ তথ্যপ্ৰযুক্তিৰ বিকাশৰ ফলত বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ সময়ৰ খৰচ কম হয়৷ কিন্তু সময় কম খৰচ হলেও সেই কাম সমূহ সম্পন্ন কৰিবলৈ যি যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় সেইসমূহে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে৷ এনেদৰে পৰিবেশ প্ৰদূষিত হৈ উঠাৰ ফলত কেৱল মানুহৰে নহয় বিভিন্ন জীৱ জন্তুৰো বিস্তৰ ক্ষতি হয়৷

যিকোনো এটা স্থানত এনেধৰণৰ প্ৰদূষণ যদি অত্যধিক হাৰত বৃদ্ধি বলৈ আৰম্ভ হয় তেনেহলে মানুহে ইয়াক সহ্য কৰিব পাৰিলেও বিভিন্ন জীৱ জন্তুৱে ইয়াৰ পৰা বেয়াকৈ প্ৰভাৱিত হয় আৰু বহু সময়ত মৃত্যুমুখত পৰাৰো সম্ভাৱনা থাকে৷ যদি আমি প্ৰকৃতিক শান্তিৰে জীয়াই থাকিব নিদিওঁ তেনেহলে আমিও কেতিয়াও শান্তিৰে জীয়াই থাকিব নোৱাৰিম৷ বিশেষকৈ মানুহক প্ৰতিটো মুহূৰ্ততে প্ৰয়োজনীয় অক্সিজেন মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰে৷ তথ্য প্ৰযুক্তিৰ সহায়ত মানুহে অক্সিজেন কৃত্ৰিমভাৱে লাভ কৰাৰ ব্যৱস্থা আছে, তথাপিও কিন্তু প্ৰকৃতিয়ে যদি অক্সিজেন যোগান নধৰে তেনেহলে কৃত্ৰিমভাৱে পৃথিৱীৰ প্ৰতিগৰাকী লোকক অক্সিজেন যোগান ধাৰাটো অসম্ভব হৈ উঠিব৷ কৃত্ৰিমভাৱে প্ৰস্তুত কৰা অক্সিজেনৰ দ্বাৰা যে বৃহৎ সংখ্যক লোকক একে সময়তে জীয়াই ৰখাটো অসম্ভৱ সেই কথাৰ প্ৰমাণ আমি কৰোনা মহামাৰীৰ সময়ত ভালদৰে লাভ কৰিছোঁ৷ পৃথিৱীত গছগছনিৰ পৰিমাণ যিমানে হ্ৰাস হব সিমানে বৰষুণৰ পৰিমাণ কমি যাব৷ পৃথিৱীত বৰষুণ কম হোৱাৰ লগে লগে এক খৰাং সদৃশ পৰিবেশৰ সৃষ্টি হব যাৰ ফলত কৃষিক্ষেত্ৰৰ লগতে মানুহৰ দৈনন্দিন জীৱনটো এক বিৰূপ প্ৰভাৱ পৰিব৷  ইয়াৰ উপৰিও গছগছনি হ্ৰাস হোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা অভাৱনীয় হাৰত বৃদ্ধি পাব৷ বিভিন্ন নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ বহু সেউজীয়া হাবিবননি কাটি তহিলং কৰা আমি দেখিবলৈ পাওঁ৷ এনে ধৰণৰ কাৰ্যই যদিও আমাৰ বাবে কিছু সুবিধা প্ৰদান কৰে তাৰ তুলনাত কিন্তু অধিক ক্ষতি কৰে৷ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে জীয়াই থকাৰ এইবোৰ একো একোটা উদাহৰণহে মাথোঁ৷ এনে উদাহৰণ আমি বিচাৰিবলৈ লে অলেখ অযুত লাভ কৰিম৷ প্ৰকৃতিয়ে যিদৰে নিঃস্বাৰ্থভাবে সমগ্ৰ পৃথিৱীতে মানুহৰ জীৱনৰ অধিকাংশ প্ৰয়োজন পূৰণ কৰি আছে ঠিক তেনেদৰে কিন্তু সেই প্ৰয়োজনসমূহ যান্ত্ৰিকভাৱে অথবা তথ্য প্ৰযুক্তিবিদ্যাৰ সহায়ত আংশিকভাৱে পূৰণ কৰিব পাৰিলেও কিন্তু সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰাটো কেতিয়াও সম্ভৱপৰ হৈ নুঠিব৷ গতিকে আমি লাগিলে যিমানেই যান্ত্ৰিকতাৰ মাজেৰে আমাৰ জীৱনবোৰ অতিবাহিত কৰি নাথাকো কিয় তথাপিও কিন্তু মানুহৰ জীৱনত প্ৰকৃতিৰ যি অৱদান সেয়া কেতিয়াও নুই কৰিব নোৱাৰিম৷ গতিকে যেনেকৈ হলেও আমি প্ৰকৃতিক জীয়াই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবই লাগিব৷ অন্যথা আমি যি তথাকথিত যান্ত্ৰিক জীৱন আৰু তথ্যপ্ৰযুক্তিৰ বিকাশৰ কথা কৈ আছোঁ সেয়া সময়ৰ লগে লগে কিন্তু অসাৰ প্ৰতিপন্ন হোৱাটো ধুৰূপ৷ পৃথিৱীৰ ইতিহাস সাক্ষী আছে যেতিয়াই প্ৰকৃতিয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে তেতিয়া কিন্তু কোনো যন্ত্ৰই অথবা তথ্য প্ৰযুক্তিয়ে প্ৰকৃতিৰ সেই ৰুদ্ৰ মূৰ্তি ৰোধ কৰিবলৈ সমৰ্থ হোৱা নাই৷ প্ৰকৃতিয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰাৰ আগতে আমাৰ যি কৰণীয় সেয়া যদি আমি কৰি নাযাওঁ তেনেহলে পিছত প্ৰকৃতিক দোষাৰোপ কৰি কোনো লাভ নহব৷ প্ৰকৃতিৰ ধ্বংসলীলাৰ সন্মুখত আজিলৈকে কোনো যন্ত্ৰ, কোনো তথ্যপ্ৰযুক্তি তিষ্ঠিব পৰা নাই৷ প্ৰকৃতি মানৱ জীৱনৰ বাবে আশীৰ্বাদ নে অভিশাপ হিচাপে চিহ্নিত সেয়া কেৱল আৰু কেৱল আমাৰ মানুহৰ হাতত আছে৷ মানৱ জাতিয়ে কৰা কৰ্মই নিৰ্ধাৰণ কৰিব ভৱিষ্যতৰ দিনত প্ৰকৃতি মানুহৰ বাবে আশীৰ্বাদ নে অভিশাপ ব৷v

Leave a Reply

Your email address will not be published. Required fields are marked *