ধাৰাবাহিক – Purbodix.com

ধাৰাবাহিক

“এখন নেদেখা নদীৰ সিপাৰে’’(মঞ্জু মেচ)

(খণ্ড – ৯)

প্ৰতিশ্ৰুতি দি ফাগুন কাহানিবাই গুছি ল৷ এইদৰে কতবাৰ ঋতু আহিছে আৰু কতবাৰ গৈছে৷ দি যায় কিমান যে প্ৰতাৰণা, সম্ভাৱনা আৰু উন্মাদনা৷ লঠঙা গছবনত বসন্ত ঋতুৱে পিন্ধাই দিয়া সেউজীয়া বসন, ঊৰ্বৰ বসুমতীৰ পাৰভঙা উচাহ দেখি তপ্ত গ্ৰীষ্ম ঋতুৰ কি যে আত্মসন্তুষ্টি! আচলতে প্ৰকৃতিৰ সেউজীয়া ৰূপ, গাভৰি উপচি পৰা গছলতিকাৰ পুৰঠ ফলফুল গ্ৰীষ্মৰ যেন বৰ প্ৰিয়৷

   ঠাণ্ডা বতৰটোৱে পুৱাটো শীতলাই ৰাখিছে৷ যেন গোটেই পৃথিৱীখনেই আজি শান্তশিষ্ট হৈ পৰিছে৷ গৰম বন্ধৰ পাছত আজি বিদ্যালয়বোৰ প্ৰথম খুলিছে৷ এমাহ দিন চকুৰ পলকতে শেষ হৈ ল৷ কিন্তু এই গ্ৰীষ্মবন্ধই মানকী, নয়নতৰা, আৰু ভায়লিনাক দিলে এটা অভিশপ্ত দিন৷ যি কোনোকালেই নয়নতৰা আৰু মানকীৰ মনমগজুৰ পৰা মচ খাই নাযাব৷ হয়তো সেইদিনা নেদেখাজনৰ কৃপাৰ ফলত কণমানি ভায়লিনা নিজৰে শিক্ষাগুৰু চৰিত্ৰহীন, লম্পট তিলক মাষ্টৰৰ কবলৰ পৰা ধৰ্ষিতা নোহোৱাকৈ কোনোমতে ৰক্ষা পৰিল৷

  ধৰ্ষণ সৰ্বকালৰ সৰ্বলোকৰ বাবে এক অভিশাপ৷ কেৱলমাত্ৰ নাৰীহে পুৰুষৰ দ্বাৰা ধৰ্ষণৰ বলি হয় এনে নহয়৷ কেতিয়াবা নাৰীয়েও নিজৰ ছলনাৰ জালত মেৰিয়াই পুৰুষক ধৰ্ষণ কৰে৷ ধৰ্ষণ কেৱল সামাজিক ব্যাধি নহয়, জঘন্য অপৰাধ৷ ধৰ্ষণকাৰী সকল বা এনে মানসিকতাৰ ব্যক্তিসকল মানসিক ৰোগী৷ তেওঁলোকৰ বাবে কোনো বিশেষ চিকিৎসা নাই৷ সমাজত এনে বহু ৰোগী আছে যাক চিনাক্ত কৰিবলৈ অসুবিধা৷ মুখাৰ আঁৰত তেওঁলোকৰ বিকৃত মানসিকতা অনবৰতে জাগ্ৰত হৈ থাকে৷

  মানকীয়ে যিমান পাৰে সিমান খৰধৰকৈ ঘৰৰ যাবতীয় কামবনবোৰ কৰিছে৷ শ্যামলেও পদূলি মূৰত স্কুল ভানখনৰ বাবে ৰৈ আছে৷ কামৰ মাজতে মানকীয়ে স্কুল ভানখন আহিল নে নাই বুলি পদূলিলৈ দিঙি মেলি চাই পঠিয়াইছে৷ মোবাইলটো বাজি থকা শুনি মানকী খৰ খোজেৰে গৈ মোবাইলটো হাতত তুলি লে৷ কিন্তু তেতিয়ালৈকে মোবাইলৰ ৰিংটোন বাজি শেষ হৈছিল৷ মোবাইলটোৰ স্ক্ৰীনত নয়নতৰা নামটো খন্তেক সময়ৰ বাবে জিলিকি থাকিল৷ হয়তো নয়নতৰাই ফোনটো কাটি দিলে৷ এই সময়ছোৱাত মানকীৰ বৰ খৰধৰ হয় বুলি নয়নতৰাই জানে৷ পলম হোৱা বাবে মানকীয়েও নয়নতৰালৈ বেক নকৰিলে৷ স্কুললৈ গৈ থাকোঁতেই কথাবোৰ পাতি বুলি ভাবিলে৷

  এযোৰ পাতল ৰঙৰ চাদৰমেখেলা পৰিধান কৰি মানকী বিদ্যালয়লৈ যাবলৈ সাজু ল৷ ড্ৰয়িং ৰুমত ওলমি থকা ঘড়ীটোত তেতিয়া সময় প্ৰায় পুৱা বাজি মিনিট হৈছে৷ ৰাজীৱে নিজৰ কম্পিউটাৰত কিবা কৰি আছে৷ ৰাজীৱ মান বজাত অফিচলৈ বুলি ওলাই যায়৷

মানকীয়ে দুৱাৰ মুখৰ পৰা চিঞৰি লাবণ্যপ্ৰভাক লে

মানকী পেহী! মই গৈছোঁ!

মানকীৰ মাত শুনি লাবণ্যপ্ৰভা দীঘল দীঘল খোজেৰে মানকীৰ ওচৰ পালেহি৷

লাবণ্যপ্ৰভা যোৱা মানকী! কিন্তু তুমি যে ছাতি নিয়া নাই? বাৰিষা কাল, কেতিয়া দিয়ে কেতিয়া বৰষুণ দিয়ে একো নোৱাৰি৷ তুমি ছাতিটো লৈ যোৱা মানকী!

এই বুলি কৈ লাবণ্যপ্ৰভাই ভিতৰৰ পৰা ছাতি এটা আনি মানকীৰ হাতত গুজি দিলে৷

মানকী ধন্যবাদ পেহী! বতৰটো ঠাণ্ডা কৰাৰ বাবে মই ছাতিটোৰ কথা পাহৰিছিলোঁ৷

আচলতে মানকীয়ে ছাতি বলৈ আমনি পায়৷ প্ৰকৃতিৰ কাৰুকাৰ্যৰ পৰা বাচিবলৈ কাৰণে নললে নহয় বুলিহে ছাতিটো লৈ যায়৷ ছাতি লৈ নোযোৱাৰ বাবে মানকীয়ে কেইবাদিনো তিতিবলগীয়া হৈছে৷ আজি মানকী অন্যদিনতকৈ সোনকালে স্কুললৈ গৈছে৷ অলপ খৰধৰ হৈছে৷ পোনচাটেই তিলক তামাঙৰ স্কুললৈ যাব লাগিব৷ নয়নতৰা আৰু মানকীৰ সিদ্ধান্ত মৰ্মেই আজি ভায়লিনাৰ চাৰ্টিফিকেটখন আনি মানকীহঁতৰ বিদ্যালয়ত তাইক নাম ভৰ্তি কৰি দিব৷ সেইবাবেই নয়নতৰাই মানকীলৈ ফোন কৰিছিল চাগে৷ এতিয়াৰ পৰা মানকীৰ যেন আৰু কিছু দায়িত্ব বাঢ়িল৷ ভায়লিনাৰ পঢ়া খৰচৰ বাবে মাজেসময়ে নয়নতৰাক সহায় কৰিব লাগিব৷ 

 মানকীহঁতৰ স্কুলখনৰ ওচৰতেই ভায়লিনাই পঢ়া স্কুলখন৷ ইটোসিটো কথা ভাবি গৈ থাকোঁতেই মানকী নিজে পঢ়ুওৱা স্কুলখনৰ সমুখভাগ পালেগৈ৷ নয়নতৰালৈ বেক কৰা নহল৷ ইতিমধ্যে নয়নতৰা আৰু ভায়লিনা তাতে ৰৈ আছিল৷

  অধ্যক্ষ বাইদেউ সদায় সোনকালে স্কুললৈ আহে৷ বৰ কৰ্তব্য পৰায়ণ ব্যক্তি তেখেত৷ ভায়লিনাক অধ্যক্ষ বাইদেউৰ লগত থৈ মানকী আৰু নয়নতৰা ভায়লিনাহঁতৰ স্কুল অভিমুখে খোজ দিলে৷ প্ৰায় জ্জজ্জ্ব মিনিট সময়ৰ বাট৷ গৈ থাকোঁতে মানকীয়ে নয়নতৰাৰ মুখখনত এক অস্থিৰ ভাব লক্ষ্য কৰিছে৷ এই সময়কণ যেন নয়নতৰাৰ বাবে গধূৰ হৈ পৰিছে৷ মানকীয়েও একো মাত মতা নাই৷ দুয়ো মনে মনে গৈ থাকিল৷

   স্কুলৰ ফিল্ডত কণ কণ ৰাছোৱালীবোৰে দৌৰাদৌৰিকৈ খেলি আছে৷ কেইজনমানে দৌৰিছে, কেইজনমানে ৰছী টনা, কেইজনমানে হাতবল খেলিছে৷ মুঠতে এক কোলাহল পূৰ্ণ পৰিৱেশ৷

   হয়তো এয়া শিশু হঁতে নজনাকৈয়ে বাস্তৱ জীৱনৰ বাবে এক আখৰা৷ কত কিমান বাৰ যে জীৱন জীয়াৰ নামত প্ৰতিযোগিতাত নামিব লাগিব, কিমান বাৰ জিকি জিকিও হাৰিব লাগিব, ভাগৰুৱা আত্মাই কিমান কান্দিব! ধুনীয়া পৃথিৱীখন উপভোগ কৰিবলৈ পায় কিমানে! দায়িত্ব, কৰ্তব্য আৰু জীৱন গঢ়াৰ নামত কিমান যে কঠোৰ সংগ্ৰাম! প্ৰেম, বিশ্বাস, নিৰ্যাতন আৰু প্ৰতাৰণাই স্পৰ্শ কৰা হৃদয়জীৱন বুলি আৰু বেলেগকৈ আছেনো কি? হয়তো এয়াই জীৱনমৰণৰ বাবে খেল৷

মানকীয়ে খুউব মৰমেৰে ৰা এটাক ওচৰলৈ মাতিলে৷ ৰাটো মানকীহঁতৰ কাষলৈ দৌৰি আহিল৷

মানকী ভাইটি তোমাৰ নামটো কি? কোন শ্ৰেণীত পঢ়া?

অমল নমস্কাৰ! মোৰ নাম অমল তামাং, মই তৃতীয় শ্ৰেণীত পঢ়ো৷

মানকী তোমালোকৰ হেড ছাৰ স্কুললৈ আহিল নে?

অমল আহিল বাইদেউ! ছাৰ সৌ অফিচ কোঠাতে বহি আছে৷

অমলে এটা বিশেষ কোঠাৰ ফালে আঙুলিয়াই দেখুওৱালে৷

মানকী ঠিক আছে, তুমি বৰ ভাল ৰা দেই! যোৱা এতিয়া৷

মানকী আৰু নয়নতৰা দুয়ো অফিচ কোঠাৰ ফালে খোজ লে৷

তিলক তামাঙে নিজৰ ডাঙৰ হটঙা দেহটো চকী এখনত সম্পূৰ্ণ এৰি দি ভৰি কেইটা দীঘলকৈ মেলি বহি আছিল৷ তেখেতৰ হটঙা দেহৰ ভৰ সহিব নোৱাৰি চকীখন যেন কেকাই আছিল, উশাহনিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল৷ অফিচ কোঠাৰ দুৱাৰ মুখৰ পৰাই মানকীয়ে মাত লগালে

মানকী ছাৰ বহিছে!

হঠাৎ মানকী আৰু নয়নতৰাক দেখি তিলক মাষ্টৰে নিজকে কিছু চম্ভালি পোনহৈ ভালকৈ বহিল৷ নিজকে সহজ কৰিবলৈ চেষ্টা কৰি দুয়োজনীকে উদ্দেশ্যি লে

তিলক মাষ্টৰ দুয়োগৰাকী আহিলা যে? আজি তোমালোকৰ স্কুল খোলা নাই নেকি?

মানকী খুলিছে ছাৰ! আমি কাম এটাৰ বাবে আহিছোঁ৷

তিলক মাষ্টৰক দেখিয়েই নয়নতৰাৰ খং উঠিছিল৷ লেলিহান জুইৰ দৰে জ্বলি আছিল তাইৰ মন মগজু৷ মানকীয়ে পৰিস্থিতিটো বুজি লাহেকৈ নয়নতৰাৰ বাওঁ হাতখনত খামুচি ধৰিলে৷ নয়নতৰাই বুজি পাইছে মানকীয়ে এয়া কিহৰ ইংগিত দিছে৷ নিজকে চম্ভালি নয়নতৰাই লে

নয়নতৰা ভায়লিনাৰ স্কুল চাৰ্টিফিকেটখন লাগে ছাৰ! তাই তপোবন জাতীয় বিদ্যালয়ত পঢ়িব৷

নয়নতৰাৰ কথাৰ সুৰ তিলক মাষ্টৰে ভালকৈয়ে বুজি পাইছিল৷ সেইবাবে কোনো কথাৰ অৱতাৰণা নকৰি চাৰ্টিফিকেটখন লিখি নয়নতৰাৰ হাতত গুজি দিলে৷  মানকীহঁতেও আৰু একো কথা নকৈ চাৰ্টিফিকেটখন লৈ চিধাই নিজৰ বিদ্যালয় অভিমুখে উভতি আহিল৷

বিদ্যালয়ৰ সকলো ছাত্ৰছাত্ৰী সুশৃংখলভাৱে থিয় হৈ প্ৰাৰ্থনা কৰি থকা দেখি মানকী আৰু নয়নতৰা কিছু আঁতৰতে ৰৈ দিলে৷ বিদ্যালয়খনৰ প্ৰাঙ্গনত এক শান্ত, শীতল পৰিৱেশ বিৰাজ কৰিছে৷ এনে লাগিছে যেন স্বৰ্গৰ কৌটি কৌটি দেৱদেৱী আহি পৃথিৱীৰ শান্তিৰ বাবে অমৃত বাণী জপ্ কৰিছে৷

 

প্ৰাৰ্থনা সভা সমাপ্ত হোৱাৰ লগে লগে সকলো ছাত্ৰছাত্ৰী নিজৰ নিজৰ শ্ৰেণী কোঠাত সোমাল গৈ৷ নয়নতৰা আৰু মানকীয়ো অফিচ কোঠা পালেগৈ৷ ভায়লিনা তাতে মাকৰ বাবে অপেক্ষা কৰি আছিল৷ ইতিমধ্যে মানকীয়ে ভায়লিনাক তাতে নাম ভৰ্তি কৰাৰ কথা অধ্যক্ষ বাইদেউৰ লগত পাতি থৈছিল৷ অৱশ্যে ভায়লিনাৰ লগত হোৱা দুৰ্ভাগ্যজনক ঘটনাটো মানকী আৰু নয়নতৰাই কাকো কোৱা নাই৷ নয়নতৰাই ভায়লিনাৰ চাৰ্টিফিকেটখন অধ্যক্ষ বাইদেউৰ হাতত দিলে৷ নয়নতৰা এই বিদ্যালয়তে শিক্ষয়িত্ৰী কৰাৰ বাবে ৫০ক্মশতাংশ ফিজ ৰেহাই পালে৷

   ভায়লিনাৰ নামভৰ্তি হৈ ল৷ মানকীয়ে বৰ মৰমেৰে তাইক তৃতীয় শ্ৰেণীৰ কোঠাত বহাই দিলেগৈ৷ এক নতুন পৰিৱেশত বহু কথা বুজানুবুজাকৈ ভায়লিনাই দিনটো পাৰ কৰিলে৷ অৱশ্যে মাক আৰু জেঠায়েকৰ অৱস্থিতি অনুভৱ কৰি তাইৰ ভয় লগা নাছিল৷ তথাপি এক নতুন পৰিৱেশে তাইৰ কোমল মনটোক কিছু আমনি কৰিছিল৷

 

(অহা সংখ্যাত…)

Leave a Reply

Your email address will not be published. Required fields are marked *