LoA“মা ——— মা———’’
“অ’ ক’চোন সোণ!’’
“মা তোমাৰ এটা পাৰ্চেল আহিছিল৷ তুমি দুপৰীয়া নামঘৰলৈ যাওঁতে ময়ে ৰাখি থ’লোঁ৷’’
“অ’ ভালেই কৰিলি সোণ৷ চাওঁ চাওঁ ক’ত আছে পাৰ্চেলটো?’’
“ৰ’বা মা —— চাবা চাবা ———— কিন্তু মা ————!’’
“কিহৰ কিন্তু সোণ! দে আকৌ মোৰ পাৰ্চেলটো!’’
“কিন্তু মা, তোমাৰ এই বয়সত ————?’’
“আৰে সোণ তই দেখোন বৰ প্ৰশ্ন কৰি আছ’ মোৰ পাৰ্চেলটোৰ ওপৰত!’’
“হয় আচলতে মা, মই আচৰিত/ ইমান দামী পাৰ্চেল এটা এই বয়সত তোমাৰ?’’
“ কি ক’লি সোণ? মোৰ পাৰ্চেলটোৰ ওপৰত তোৰ কিহৰ ইমান আপত্তি?’’
“হয় মা, ৫০০০ হাজাৰ টকাৰ শাৰী! তোমাৰ এই সময়ত কিহৰ প্ৰয়োজন? তাতোকৈ ইমানখিনি টকা ঘৰৰ বাবে কিবা এটা ডাঙৰ কামত লগোৱা হ’লেই বহুত ভাল হ’লহেঁতেন মা৷’’
“বাঃ সোণ বঢ়িয়া৷ তই মোৰ পেটৰ পোৱালি হৈয়ো মোৰ শাৰীখন কিনাৰ বাবে তোৰ ইমান আপত্তি!’’
“এটকা—দুটকা নহয় ন মা! সম্পূৰ্ণ ৫ হেজাৰ টকা৷’’
“হয় দে মই বৰ ভাগ্যৱান অ’৷ মোৰ পেঞ্চনৰ টকাৰে নিজৰ বাবে শাৰী এখন লওঁতেই তোৰ ইমান আপত্তি! আচলতে মোৰ বোৱাৰী অৰ্থাৎ তোৰ পত্নীৰ পছন্দৰ আছিল শাৰীখন৷ ফেচবুকত এডভাৰ্টাইজ পালোঁ ৫০ণ অফ৷ গতিকে বোৱাৰীৰ ওপজা দিনটো আহি আছে বাবে তাইলৈকে অনলাইন অৰ্দাৰ কৰিলোঁ৷ মোৰ বাবে নহয় অ সোণ৷’’
“অ’ হয় নেকি মা? Soooo sorry মা৷’’
আৰু এটা কথা মনত ৰাখিবি, সৰুৰেপৰা তোৰ সুখৰ বাবে ঘৰখনৰ দায়িত্বৰ বাবে নিজৰ প্ৰয়োজনীয়খিনিও পাহৰি পেলালোঁ৷ সৰুতে যেতিয়া তই এখন চাইকেলৰ বাবে হাঁহাকাৰ কৰিছিলি, তোৰ দেউতাৰাৰ আপত্তি সত্বেও মই মোৰ মাহেকীয়া দৰমহা পোৱাৰ দিনাই তোৰ বাবে চাইকেলখন কিনি আনি তোৰ হাতত দিছিলোঁ আৰু সেইদিনা তোৰ দেউতাৰাই যেতিয়া ৰুদ্ৰমূৰ্ত্তি ধৰি গালিৰ কোবত মোক থকা–সৰকা কৰিছিল আৰু মই কান্দি কান্দি ভাত নোখোৱাকৈ শুই পৰিছিলোঁ, মোৰ সেই চেক্ৰিফাইচবোৰ ক’ত গ’ল সোণ! তোৰ দেউতা নোহোৱাৰ পিছৰে পৰা তোমাৰ স্কুল–কলেজ নাইবা হোষ্টেলৰ খৰচ বহন কৰোঁতে যেতিয়া মোৰ দৰমহা টকাকেইটা শেষ কৰি মাহটো চলিবলৈ যেতিয়া আনৰ ওচৰত হাত পাতোঁ, মোৰ সেই চেক্ৰিফাইচবোৰ ক’ত গ’ল? তই কেনেকৈ বুজিবি এগৰাকী মাকে চেক্ৰিফাইচ কেনেকৈ কৰিবলগীয়া হয়, তই কেতিয়াও নুবুজিবি৷ এতিয়াও মই নিজৰ স্বাৰ্থ ত্যাগ কৰি তহঁতৰ সংসাৰখন যাতে সুখেৰে পাৰ কৰিব পাৰো তাৰেই চিন্তাত থাকোঁ বুজিছ’ সোণ!’’
“মই বুজিছোঁ৷ মোক ক্ষমা কৰি দিয়া মা৷ মোৰ দৰে মুৰ্খ সন্তান এটা পোৱাটো তোমাৰ বাবে দূৰ্ভাগ্যজনক মা৷ আজিৰপৰা এনে ভুলৰ কেতিয়াও পুনৰাবৃত্তি নহয় মা৷ মই তোমাক কথা দিলোঁ৷ মোক তুমি ক্ষমা কৰি দিবানে মা?’’
“সন্তানৰ প্ৰতি মাকৰ অন্তৰত কেতিয়াও বেয়া ভাব থাকিব নোৱাৰে সোণ৷ আচলতে এগৰাকী মাকে নিজৰ সন্তানৰ বাবে সকলো চেক্ৰিফাইচ কৰিব পাৰে, কিন্তু সন্তানেহে মাকৰ আদৰবোৰ নেওচিব পাৰে কিন্তু এগৰাকী মাকে কেতিয়াও নোৱাৰে সোণ মনত ৰাখিবি৷’’
“আৰু একো নক’বা মা, মোক ক্ষমা কৰি দিয়া, মাথোঁ মোক ক্ষমা কৰি দিয়া মা?’’
“তই যে মোৰ অন্তৰৰ কথাবোৰ বুজিব পাৰিছ’ সেয়াই মোৰ বাবে যথেষ্ট৷ আৰু একো নালাগে সোণ৷ কুশলে থাক ——কুশলে থাক৷’’