আৰু প্ৰবীণ ক্ৰীড়া সন্থাৰ ভূমিকা(ডাঃ গোলাপ ডেকা)
জন্ম ল’লে এদিন সকলো বৃদ্ধ হ’বই৷ ইয়াক কোনেও ৰুধিব নোৱাৰে৷ এই বৃদ্ধ অৱস্থাৰ গতিবেগ বেলেগ বেলেগ হ’ব পাৰে–অৰ্থ্যাৎ বয়স বাঢ়িলেও বৃদ্ধ অৱস্থাৰ গতি মন্থৰ কৰিব পাৰি৷ অন্যহাতেদি অতি কম বয়সত মানুহ বৃদ্ধ হৈ ৰুগীয়া হ’ব পাৰে৷ ইয়াৰ মূল কাৰণটোৱেই হ’ল শাৰীৰিক পৰিশ্ৰম বা শাৰীৰিক ব্যায়াম৷ ‘আৰাম হাৰাম হায়’ অৰ্থাৎ যিমান আৰামত থাকিব সিমান সোনকালে ৰুগীয়া হয় আৰু সিমান সোনকালে বৃদ্ধাৱস্থা প্ৰাপ্ত হয়৷ অন্যহাতেদি শৈশৱৰ পৰা বৃদ্ধ অৱস্থালৈ নিতৌ নিয়মিত শাৰীৰিক পৰিশ্ৰম তথা ব্যায়াম কৰিব পাৰিলে নিৰোগী হৈ সুস্বাস্থ্যৰে সৱল–শক্তিশালী হৈ দীৰ্ঘদিন জীৱন উপভোগ কৰিব পাৰি আৰু প্ৰকৃত বয়সতকৈ বহু ডেকা হৈ থাকিব পাৰি৷
প্ৰবীণ ক্ৰীড়া সন্থাৰ পৰা দেশৰ তথা নাগৰিকৰ কেনেধৰণৰ উপকাৰ হয়–
(ৰ) প্ৰথম কথা, প্ৰবীণসকলৰ শাৰীৰিক ব্যায়ামৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৰ পৰে নতুন প্ৰজন্মৰ ওপৰত৷ উপদেশতকৈ আহি শ্ৰেষ্ঠ, সেয়ে যেতিয়া উঠি অহা ল’ৰা–ছোৱালীহঁতে দেখে যে সুস্বাস্থ্যৰ বাবে শাৰীৰিক পৰিশ্ৰম অপৰিহাৰ্য, যাৰ কাৰণে তেওঁলোকৰ পিতৃ–মাতৃসকলে শৰীৰ চৰ্চা কৰে, তেতিয়া তেওঁলোকেও এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰে৷ সৰুৰে পৰাই শৰীৰ চৰ্চা অভ্যাসত পৰিণত কৰিব পাৰিলে আসক্তি বাঢ়িব আৰু ইয়াৰ প্ৰকৃত গুণাগুণ উপলব্ধ হ’ব৷ বৰ্তমান সময়ত নতুন প্ৰজন্মৰ মাজত মেদবহূলতাই এক সংক্ৰামক ব্যাধিৰ ৰূপ লৈছে যাৰ কাৰণে শৰীৰ চৰ্চাৰ গুৰুত্ব বিশেষভাবে বৃদ্ধি পাইছে৷ সচেতনতাৰ বৃদ্ধি ঘটিছে৷

(২) দ্বিতীয়তে, সমগ্ৰ বিশ্বতে মানৱ সম্পদৰ শতকৰা ৫০ শতাংশ কৰ্মশক্তিৰ হানি ঘাটছে একমাত্ৰ শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ বাবে৷ ই মানৱ সম্পদৰ এক বিৰাট ক্ষতি৷ শৰীৰ চৰ্চাৰ ফলত আমি আটিল শৰীৰৰ গৰাকী হ’ব পাৰোঁ৷ শৰীৰৰ মাংসপেশী হাড়, দাঁত, ছাল, শৰীৰৰ জোৰাসমূহ, অস্থিসমূহ বিভিন্ন তন্ত্ৰসমূহ, হাওঁফাওঁ, কলিজা আদি শক্তিশালী হয়, ফলত শৰীৰৰ কৰ্মশক্তি বৃদ্ধি পোৱাৰ বাবে আমাৰ অজানিতে সমাজৰ, দেশৰ তথা বিশ্বৰ উন্নয়ন বৃদ্ধি হৈ প্ৰগতি হয়৷ (
(৩)) ৩৫ বছৰৰ উৰ্দ্ধৰ পুৰুষ–মহিলাসকলে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবৰ বাবে দীৰ্ঘদিন অনুশীলন কৰিব লগা হয়, যাৰ ফলত তেওঁলোকৰ শাৰীৰিক–মানসিক উৎকৰ্ষ সাধন হয়, প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি উঠে৷ অতীতৰ শৈশৱৰ সোণোৱালী দিনবোৰলৈ মন উৰা মাৰি অতীত স্মৃতি ৰোমন্থন কৰি শিহৰিত হয়, ইয়াৰো শৰীৰ আৰু মনৰ ওপৰত এক সুকীয়া প্ৰভাব পৰে৷ ৩৫ বছৰৰ পৰা ৯০–৯৫ বয়সৰ পুৰুষ–মহিলাৰ ক্ৰীড়াৰ প্ৰীতি দেখি তবধ মানিব লাগে৷

(৪) শৰীৰৰ কষ্টসহিষ্ণু গুণ বৃদ্ধি পায় শৰীৰ চৰ্চাৰ ফলত৷ ব্যায়াম কৰাৰ ফলত আমাৰ মগজুত ‘এন্দৰফিন’ (Endorphin) নামৰ এক হৰমোন নিঃসৰণ হয়৷ ‘মৰফিন’ নামৰ ঔষধৰ অন্য এক নামান্তৰ এই এন্দৰফিন৷ ইয়াৰ অন্য এক নাম Feel Good Factor (FGণ্ঠ) বা মন ভাল লাগি থকা উপাদান৷ অৰ্থাৎ কমেও আধা ঘণ্টা ব্যায়াম কৰাৰ ফলত আমাৰ শৰীৰত আমি যি পৰিমাণৰ FGণ্ঠ আহৰণ কৰো ইয়েই গোটেই দিনটো আমাৰ শৰীৰ আৰু মন ভাল লগাই বা আনন্দিত কৰি বাখে, যিদৰে মৰফিন’ নামৰ ঔষধে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বিষ উপশম কৰে৷ জীৱনৰ সকলো দুখ–বেদনা দূৰ কৰি, অৱসাদ আঁতৰ কৰি, উদ্বিগ্নতা আঁতৰ কৰি নিৰুদ্বেগ জীবন উপভোগ কৰিবলৈ দিয়ে, সেই একেদৰেই অন্দৰফিনেও একেই কাম কৰে৷ হতাশা, নিৰাশা দূৰ কৰি, দেহ–মন সতেজ কৰি ৰাখি, মেদবহুলতা, উচ্চ ৰক্তচাপ, গাঁঠিৰ বিষ, নিদ্ৰাহীনতা, বদহজম আদিৰ পৰা ৰক্ষা কৰে৷ ১৯৭২ চনত এই ‘ভাগ মিলখা ভাগ’ নামৰ কথাছবিখন যিসকলে চাইছে তেওঁলোকে নি(য় উপলব্ধি কৰিব যে এজন দৌৰবিদৰ শৰীৰত কষ্ট সহিব পৰা ক্ষমতা কিমান থাকিন পাৰে৷ ইয়াকে ‘এন্দৰযিন হাই’ বুলি কোৱা হয়৷ তলত উল্লেখ কৰা উপায়সমূহ অৱলম্বন কৰি আমি শৰীৰত এন্দৰফিনৰ নিঃসৰণ বৃদ্ধি কৰিব পাৰোঁহক–
(ক) প্ৰাণ খুলি হাঁহিলে (কমেও১৩ মিনিট)
(খ) শাৰীৰিক ব্যায়াম (কমেও আঘাঘণ্টা)
(গ) চ’কলেট, জালুক, জলকীয়া, মছলা, ওবাইন, কফি সেৱন কৰি
(ঘ) সুখী আৰু আনন্দিত হৈ থাকিলে
(ঙ) নিৰুদ্বেগ জীৱন শৈলীৰ দ্বাৰা
(চ) সংগীত, নাচ–গান, অভিনয়, বিহু আদিৰ দ্বাৰা
(ছ) সামাজিক কাৰ্যৰ দ্বাৰা
(জ) যৌন সংগমৰ দ্বাৰা
(৫) ব্যায়ামে মেদবহুলতা প্ৰতিৰোধ কৰে৷ ব্যায়ামে কেল’ৰি জ্বলাই অধিক চৰ্বি জমা হোৱাত বাধা দিয়ে৷ মেদবহুলতা বৰ্তমান সময়ত সমাজত এক মাৰাত্মক সংক্ৰামক ব্যাধিত পৰিণত হৈছে৷ কিয়নো মেদবহুলতাৰ পৰাই শৰীৰত অনেক ৰোগৰ সৃষ্টি হয় যেনে ডায়েবেটিচ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, গাঁঠিৰ বিষ, নিদ্ৰাহীনতা, মানসিক ৰোগ ইত্যাদি ইত্যাদি৷ আনকি ব্যায়ামে কেন্সাৰ ৰোগো প্ৰতিৰোধ কৰে৷
(৬) বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰৰ মাংসপেশী, লিগামেণ্ট, টেনন্দন আদিৰ ইলাষ্টিচিটি কমিবলৈ ধৰে, হাড়বোৰ ঠুনুকা হ’বলৈ ধৰে যাৰ ফলত বয়সস্থ লোকসকলে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত ব্যৰ্থ হৈ বিভিন্ন ধৰণৰ আকস্মিক দুৰ্ঘটনাৰ সম্মুখীন হৈ হাড় ভাঙি কষ্ট ভোগ কৰিব লাগে৷ দৈনিক এঘণ্টা ব্যায়াম কৰিব পাৰিলে মাংসপেশী, লিগামেণ্ট, টেনদন, জইণ্ট, হাড় আদি সবল হয়, ইলাষ্টিচিটি বৃদ্ধি পায় আৰু শৰীৰৰ ভাৰসাম্য বৃদ্ধ বয়সতে সুন্দৰভাৱে ৰক্ষা কৰিব পাৰি৷
(৭) ব্যায়ামৰ ফলত দেহত উপকাৰী ক’লেষ্টেৰেলৰ পৰিমাণ বৃদ্ধি পায় (HDL), অপকাৰী বা হানিকাৰক ক’লেষ্টেৰেল ট্ৰাইগ্লিচাৰাইড আদি কমি যায়, যাৰ ফলত শৰীৰৰ শিৰা–উপশিৰা, ধমনী আদিত চৰ্বিৰ চামনি আঁতৰ হৈ সুন্দৰকৈ বক্ত সঞ্চালন হয়৷ হৃদযন্ত্ৰ শক্তিশালী কৰি হৃদযন্ত্ৰৰ ৰোগসমূহ প্ৰতিহত কৰে৷
(৮) আপুনি নিদ্ৰাহীনতাত ভুগিছে নেকি৷ চিন্তা নাই আজিৰ পৰাই দৈনিক এঘণ্টাকৈ শাৰীৰিক পৰিশ্ৰম কৰক আৰু ৰাতি সুন্দৰকৈ নিশ্চিতভাবে নাক বজাই টোপনি যাওক আৰু পাছদিনা পুৱাই পুনৰ সতেজ হৈ উঠক৷ মাত্ৰ ৰাতি শোৱাৰ আগতে কেতিয়াও ব্যায়াম নকৰিব, কিয়নো ব্যায়ামে শৰীৰত কিছুমান হৰমোন নিঃসৰণ কৰে যাৰফলত লগে লগে টোপনি অহাৰ পৰিবৰ্তে শৰীৰত বেছি শক্তিশালী অনুভৱৰ সৃষ্টি হয়৷
(৯) যৌন জীৱনৰ একমাত্ৰ উৎকৃষ্ট ঔষধ৷ ব্যায়াম শৰীৰ সুঠাম, শক্তিশালী হয়, আটিল হয়, দুখ– ভাগৰ আঁতৰ হয়৷ দেখাত সুন্দৰতা ফুটি উঠে৷ পুৰুষেই হওক, মহিলাই হওক দেহত যৌন হৰমোনসমূহৰ নিঃসৰণ বৃদ্ধি হৈ যৌন জীৱন উপভোগ কৰাত, যৌন সংগম সফলভাৱে সমাপন কৰাত সহায়ক হয়৷
(১০) দৈনিক, নিয়মিতভাৱে কৰা শাৰীৰিক ব্যায়ামৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাংঘাতিকভাৱে বৃদ্ধি পায় যাৰ ফলত এনে লোকৰ জ্বৰ, কাহ, পানীলগা, নিউমোনিয়া গেষ্ট্ৰিক, বদহজম আদি কমেই হয়৷ অৱশ্যে এটা কথা ঠিক যে পুৱা ৪–প্ত বজাত ঠাণ্ডাত, নিয়ৰ, কুঁৱলীৰ মাজেৰে খোজকাঢ়িব বা জগিং কৰিব লাগে বুলি কথা নাই৷ আপুনি আপোনাৰ সুবিধা মতে ৰুটিন বনাই লৈ দিনটোৰ যিকোনো সময়তে ব্যায়াম কৰিব পাৰে মাথোঁ মনত ৰাখিব পেট ভৰাই আহাৰ খোৱাৰ পাছত ব্যায়াম কৰা উচিত নহয়৷

(ৰৰ) আপুনি জানি আচৰিত হ’ব যে চিকিৎসা বিজ্ঞানৰ গৱেষণাত অলপতে (Telegraph Dec. ৰst/ ২০১৪) প্ৰকাশ পাইছে ব্যায়ামৰ ফলত শৰীৰৰত ৰক্ত সঞ্চালন উন্নত হয়, ফলত শৰীৰৰ কোষবোৰে উচিত পৰিমাণৰ অক্সিজেন যোগান পায়, যাৰ বাবে মগজুৰ স্মৃতিশক্তিও বৃদ্ধি পায়৷ বৃদ্ধজনৰ কথা পাহৰা প্ৰতিৰোধ কৰে, চিনাইল ডিমেন্চিয়া, এলজেইমাৰ ৰোগ প্ৰতিৰোধ কৰে– ই অতি আচৰিত আৱিষ্কাৰ৷
আজিকালি জীৱনশৈলী সলনি হৈছে৷ ছাত্ৰ–ছাত্ৰীৰ পৰা আৰম্ভ কৰি চাকৰিয়াল, ব্যৱসায়ী সকলোৱে বেছিভাগ সময় বহি বহি কাম কৰিব লগা হয়৷ টি.ভি (মুৰ্খৰ বাকচ)ৰ বা লেপ্টপ, কম্পিউটাৰৰ সন্মুখ¸ত, পঢ়া টেবুলত বাহি বহি শৰীৰত চৰ্বি জমা হৈ মেদবহুলতাৰ সৃষ্টি হয়৷ নিদ্ৰাহীনতা, হতাশা, মানসিক দুঃচিন্তা, ডায়েবেটিচ, উচ্চ ৰক্তচাপ, হৃদৰোগ, গাঁঠিৰ বিষ আদিৰ আৰম্ভ হয়, সহজে ভাগৰ লাগে৷ ফলত খুব সহজে অকাল বাৰ্দ্ধক্য আহি পৰে৷
শাৰীৰিক পৰিশ্ৰমক জীৱন বীমা বা ক্ষুদ্ৰ সঞ্চায়ৰ লগত তুলনা কৰিব পাৰি৷ ক্ষুদ্ৰ সঞ্চয় আঁচনিত যিদৰে অলপ অলপকৈ ধন জমা কৰি এসময়ত সুদে–মূলে বহু ধন পাব পাৰি সেইদৰে দৈনিক এঘণ্টাকৈ ব্যায়াম কৰি ৰোগৰ পৰা হাত সাৰি লাখ লাখ টকা খৰচৰ পৰা হাত সাৰি থাকি, অমূল্য সম্পদ দেহাটো সতেজ, তজবজীয়া কৰি দুখ–ভাগৰ নোহোৱাকৈ পূৰ্ণ যৌৱনপ্ৰাপ্ত হৈ এটি সুন্দৰ, সুঠাম, শক্তিশালী দেহৰ অধিকাৰী হৈ জীৱনটো উপভোগ কৰিব পাৰি৷
সেয়ে, আহক আমি সকলোৱে জাতি, বৰ্ণ, ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰবীণ ক্ৰীড়া সস্থাত যোগ দি দেশ তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত প্ৰবীণৰ প্ৰতিভা উজলাই উঠি অহা নৱপ্ৰজন্মক উৎসাহিত কৰি মানৱ জাতিৰ উপকাৰ সাধি দেশৰ উন্নয়নত অৰিহণা যোগাওঁহক৷