আবিৰৰ নানা ৰং(ৰীমা দুৱৰা) – Purbodix.com

আবিৰৰ নানা ৰং(ৰীমা দুৱৰা)

মানে ৰঙা, সেমানে সেউজীয়া বুলি চিঞৰি চিঞৰি পঢ়াহে মনত আছে তাইৰ৷ যি সময়ত ৰংসমূহ চুই চুই চাই, শিকাৰ বয়স সেই সময়কণ কেতিয়ানো চকুৰ আগৰপৰা পাৰ হৈ গমকে নাপালে৷ ৰঙৰ গভীৰতালৈ যাবলৈ এইটো জীৱনত সুযোগ নহ তাইৰ৷ বৰ দুখেৰে কৈছিলতুলীয়ে সেইদিনা সেই কথাকেইবাৰ৷ মই অবাক হৈ শুনি গৈছিলোঁ তাইৰ কথাবোৰ৷ অজানিতে মোৰ হাতৰ মুঠিৰপৰা ফাকুগুড়িবোৰ সৰি পৰিছিল তাইৰ চোতালত৷ ভাব হৈছিলভুল কৰিলোঁ নেকি মই৷ দুখেৰে কৈছিলোঁ৷মাফ কৰিবা তুলচি, মই একেবাৰে নাজানো তোমাৰ কথা৷ ভাবিছিলোঁ অকলে থাকা, কাৰ লগতনো ফাকু খেলিবা৷ সেয়েহে মই অকণমান ফাকু তোমাৰ গালত সানো বুলি আহিছিলোঁ৷’’

নাই নাই ৰঞ্জন৷ মই একো বেয়া পোৱা নাই৷ আৰু এইটো মোৰ বাবে একো নতুন কথাও নহয়৷ সাত বছৰ বয়সৰপৰাই মই এই সকলোবোৰ হজম কৰি আহিছোঁ৷ প্ৰতিবাৰেই বুজাই আহিছোঁ সকলোকেযে মই আবিৰৰ যোগ্য নহয়৷ আবিৰক ভাল পালেও ভয় কৰোঁ৷’’

মন নাযায় নে তোমাৰ আবিৰবোৰক চুবলৈ?’’

যায় কিয় নাযাব৷ কিন্তু ভয় সোমাই , সেয়েহে আঁতৰত থাকোঁ৷ বাৰু বাদ দিয়া সেইবোৰ কথা৷ প্ৰথমবাৰ আহিছা আমাৰ ঘৰলৈ৷ আহা৷ ভিতৰলৈ, আমাৰ মাৰ লগত চিনাকি বা৷ মোৰ লগত মোৰ মা আৰু মোৰ ভনী এজনী থাকে৷ তাই পিছে এতিয়া ঘৰত নাই, অলপ ওলাই গৈছে৷ আহানা ভিতৰলৈ৷’’

নাই নাই এনেকৈ ভিতৰলৈ নোসোমাওঁ৷ তোমাৰ ধুনীয়া ঘৰখনত মোৰ গাৰপৰা ৰংবোৰ পৰি লেতেৰা হৈ যাব৷ পিছত কেতিয়াবা আহিম দিয়া৷ ’’ 

পিছত নহয়! আজিয়ে আহা৷ যোৱা অলপ ফ্ৰেচ হৈ আহাগৈ৷ তাৰ পিছত একেলগে চাহ একাপ খাম৷ মায়েও ভাল পাব৷’’

আহিম, কিন্তু চাহ খাবলৈ নহয়৷ কোৱা তুমি তোমাৰ জীৱনৰ কথাবোৰ মোৰ আগত বুলি৷’’

‘‘কে বাবা, যোবা৷  “সেয়া আছিল তুলচিৰ লগত মোৰ কথোপকথন৷ সৌসিদিনাখনৰহে কথা যেন৷ ভাবিলেই আচৰিত লাগে৷’’ কে বাবা, যোবা৷ একো শুনিবলগীয়া কাহিনী নহয়৷ আহাগৈ এজনী লাহী, বগী, ধুনীয়া, টনা টনা চকুৰে মৰম লগা ছোৱালী তুলচি৷ ৰুগীয়া মাক আৰু এজনী ভনীয়েকক পোহপাল দিয়া৷ মোৰ ঘৰৰপৰা এক ফাৰ্লং আঁতৰত তাইৰ ঘৰ৷ প্ৰথম চিনাকি চাকৰি সূত্ৰে৷ আমাৰ দুয়োৰে কৰ্মস্থান একে আছিল৷ সাধাৰণ চিনাকিৰপৰা অন্তৰংগ বন্ধুলৈ আমি আগবাঢ়ি গৈছিলোঁ৷ একোৱে নাজানিছিলোঁ তাইৰ ব্যক্তিগত জীৱনৰ কথা৷ যিদিনা প্ৰথম ফাকু দিবলৈ গৈছিলোঁ, সেইদিনাখনহে বহুখিনি বুজি পাইছিলোঁ ছোৱালীজনীক৷ তাই কি জাতৰ ছোৱালী, তাইৰ মাতৃভাষা কি কোনেও তাইক দেখিলে বা তাইৰ কথা শুনিলে অনুমান কৰিব পৰা নাছিল৷

তাই নিমন্ত্ৰণ কৰাৰ বাবেই মই গা ধুই ততাতৈয়াকৈ তাইৰ ঘৰ পাইছিলোঁগৈ৷ তাইৰ বিষয়ে কিছু জনাৰ বাবে মই উত্ৰাবল হৈ পৰিছিলোঁ৷ কিয় লে তেনেকৈ৷

অকণমানো সংকোচ, আবেগ, অভিমান আৰু আক্ষেপ নাছিল তাইৰ কথাৰ মাজত৷ মাথোঁ সলসলীয়াকৈ তাই কৈ গৈছিল তাইৰ জীৱনৰ এক কৰুণ অধ্যায়৷

জঁপিয়াই জঁপিয়াই নাচিবাগি খেলা দিন আছিল মোৰ৷ হঠাৎ প্ৰশ্ন কৰিছিল তাই– “বাৰু, তুমি মোক কি ছোৱালী বুলি ভাবা ৰঞ্জন?’’

নাজানো৷ ধৰিব নোৱাৰোঁ তোমাক৷ কোৱা, শুনিম বুলিয়ে আহিছোঁ আজি৷’’

আমি ৰাজস্থানী জানা? তাহানিতে ককাহঁত অসমলৈ আহিছিল৷ সেই যি অহা, কাহানিও ৰাজস্থান পিছে গৈ পোৱা নাই মই৷ তথাপি শৰীৰত এতিয়াও ৰাজপুতৰ তেজ আছে, কিন্তু নিজকে প্ৰশ্ন কৰোঁ৷ মোৰ জাত কি? তেতিয়া লেউত্তৰ আহে মই এজনী সাধাৰণ ছোৱালী৷ মোৰ জাতপাত একো নাই৷ শৈশব, কৈশোৰ, যৌৱনত মই ৰাজপুতৰ তেজতেই ডাঙৰ লোঁ; কিন্তু এতিয়া মই সেই সকলোবোৰ ত্যাগ কৰিব বিচাৰিছোঁ৷ মোৰ বাবে পৃথিৱীত দুটাই জাতি আছেপুৰুষ আৰু নাৰী৷’’

ব৷ কোৱা তোমাৰ বাজস্থানী কৈশোৰযৌৱনৰ কথা৷’’

তেনেতে তাইৰ মাক ওলাই আহিল ৰুমৰপৰা৷

কি বা আৰু তাইৰ কথা? যিদৰে কয় যেন তাই পঞ্চাশ বছৰীয়া মহিলাহে৷ তাইক একো বুজাব নোৱাৰোঁ জানা৷ বন্ধু হিচাপে তুমিয়ে বুজাবাচোন জীৱনটোৰ কথা৷’’

মাক পুনৰ আঁতৰি আমাৰ কাষৰপৰা এটা শোকৰ ছায়ামূৰ্তি হৈ৷ জঁপিয়াই জঁপিয়াই খেলি আছিলোঁ সেইদিনাও৷ আমাৰ মানুহবোৰৰ ঘৰৰ চোতালবোৰো কোনেও নেদেখাকৈ আবৰি ৰখা হয়৷ আজিও ভাবি আচৰিত লাগে সিদিনা হঠাৎ মায়ে মোক হাতত ধৰি কাষলৈ আনি কৈছিল– “আজিৰ পৰা তই বাহিৰলৈ খেলিবলৈ নাযাবি৷ এতিয়া তই ডাঙৰ ছোৱালীৰ দৰে ঘৰৰ ভিতৰত থাকিবি৷ আৰু বীৰেন্দ্ৰক দেখিলে হাঁহিধেমালি কৰি কথা নাপাতিবি, পাৰিলে তাক নামাতিবি৷’’ মই প্ৰতিবাদ কৰি কৈছিলোঁ– “কিয় নামাতিম? বীৰেন্দ্ৰই আকৌ কি কৰিলে? সি যে মোৰ ভাল বন্ধু৷’’

তেতিয়া লে শুন তই৷ তোৰ বাবা আৰু বীৰেন্দ্ৰৰ বাবাই আগেয়ে কথা পাতি থৈছিল, তোক বীৰেন্দ্ৰৰ লগত ছাদি কৰাই বহু বনাই নিব বুলি৷ এতিয়া বীৰেন্দ্ৰৰ নানা মৰিল৷ সেইবাবে তেওঁলোক অসমৰপৰা একেবাৰে ৰাজস্থানলৈ গুচি যাব৷ বাবাক জনাইছে যোৱাৰ আগেয়ে বীৰেন্দ্ৰৰ লগত তোকে ছাদি পাতি যেতিয়া তই শান্তি বি তেতিয়া তোক সিহঁতৰ ঘৰলৈ লৈ যাব৷’’

নাই মা মই কেতিয়াও ছাদিত নবহোঁ৷ মই স্কুল পঢ়িম৷ বীৰেন্দ্ৰৰ আগত সেইবোৰ কথা কেতিয়াও নকবা৷ আৰু সি এইবোৰ কথা শুনিলে বেয়া পাব৷’’

কান্দি কান্দি মই বলিয়া হৈ পৰিছিলোঁ৷ নাই মোক কোনেও বুজিবলৈ চেষ্টা নকৰিলে৷ তেতিয়াৰপৰা মোক ঘৰৰপৰা বাহিৰ বলৈ নিদিলে৷ তাৰ অলপ দিনৰ পিছত বীৰেন্দ্ৰ আহিছিল বেণ্ড পাৰ্টী বজাই দৰা সাজি আমাৰ ঘৰলৈ৷ ধুনীয়া কাপোৰ, অলংকাৰ দেখি ময়ো পাহৰি গৈছিলোঁ ক্ষন্তেকৰ বাবে৷ সকলোৰে মৰম, গুৰুত্ব, হেঁপাহ দেখি দুদিনৰ বাবে ৰাজৰাণী হৈ পৰিছিলোঁ দেউতাৰ ঘৰত৷ তাৰ কেইদিনমানৰ পাছত বীৰেন্দ্ৰহঁত গুচি গৈছিল বাজস্থানলৈ৷

আমনি পাইছা নেকি বাৰু মোৰ কথাবোৰ শুনি?

কৈ যোৱাচোন তুমি৷ মাজত প্ৰশ্ন নকৰিবা৷

সিদিনা আছিল ফাগুন মাহৰ তিনি তাৰিখ৷ পুৱাই মোৰ শৰীৰটোৱে থেকেৰানিয়ে দিছিল মই যে গাভৰু হৈছিলোঁ৷ খুব ভয় খাইছিলোঁ৷ মোক বাৰু এতিয়াই বীৰেন্দ্ৰৰ ঘৰত থৈ আহিব নেকি? কাকো একো বুজাব নোৱাৰি কান্দিছিলো৷ প্ৰথমে নীৰৱে পিছলৈ চিঞৰি চিঞৰি৷ এটা সময়ত মাৰ চকুত ধৰা পৰিছিলোঁ৷ বুজাইছিল মায়েআজিয়েই তোক থৈ নাহো নহয়৷ আমি সকলোৱে কথা পাতি থৈছোঁ৷ দুটা বছৰ তই আমাৰ লগত থাকিবি৷ ওহ্ তেতিয়াহে মোৰ উশাহবোৰ মুকলি হৈছিল; কিন্তু দুখৰ কথা সেই মাহৰ ফাগুনৰ প্ৰথম বৰষুণজাকে উটুৱাই লৈ গৈছিল মোৰ জীৱনৰ সকলোবোৰ ৰঙা, নীলা, সেউজীয়া ৰং৷ থৈ গৈছিল অকল বগা আৰু লা৷ দিনটো ফাকু খেলি বীৰেন্দ্ৰৰ সেইদিনা খুব জ্বৰ হৈছিল৷ সেই সাধাৰণ জ্বৰেই কাল হৈ পৰিছিল আমাৰ মাজত৷ বীৰেন্দ্ৰৰ প্ৰতি মোৰ কাহানিও ভালপোৱাৰ উদয় হোৱা নাছিল৷ অথচ তাক মই কাহানিও বেয়া পোৱা¸ নাছিলোঁ৷ অন্তৰংগ বন্ধুৰ বেমাৰ লে যেনেকৈ বেয়া লাগে৷ ঠিক তেনেদৰে তাৰ অসুখতো মোৰ মনটো যেয়া হৈ পৰিছিল৷ সেইকেইদিন মনটো মোৰ¸ অনবৰতে সেমেকি আছিল৷ মায়ে পুৱাই গাটো ধুৱাই মোৰ কপালত সেন্দূৰকণ বহলকৈ আঁকি দি কৈছিলএই সেন্দূৰ বলৈ কেতিয়াও এলাহ নকৰিবি৷ তোৰ¸ ইয়াতেই বীৰেন্দ্ৰৰ আয়ুস আছে৷ আৰু সদায়ে তাৰ কাৰণে ভগৱানৰ ওচৰত ধূপ এডাল জ্বলাবি৷

এদিন ৰাজস্থানৰপৰা খবৰ আহিল৷ বীৰেন্দ্ৰৰ অবস্থা একেবাৰে বেয়া ফালে গতি কৰিছে৷ বাবামাহঁত যাবলৈ ওলাইছিল তাৰ ঘৰলৈ৷ ময়ো যাবলৈ খুব ইচ্ছা কৰিছিলোঁ৷ মায়ে লে– “তই এই সময়ত তাৰ মুখ চাব নাপায়৷ অলপ দিনৰ পিছত একেবাৰে তোক থৈ আহিম৷’’ সিদিনা সেইষাৰ কথা শুনি মই কন্দা নাছিলোঁ৷ কিবা এটা শোকে মোক খুন্দা মাৰি ধৰিছিল৷ গুচি গৈছিল বাবামা ৰাজস্থানলৈ৷ ডাঙৰ চাচাৰ পি এন টি ফোনটোৰ যোগেদি খবৰবোৰ পাই আছিলোঁ৷ মই আৰু ভনীজনী চাচাচাচী, বৰমাবৰপাপাহঁতৰ তত্ত্বাৱধানত আছিলোঁ৷ পুৱাই চাচাই জনাইছিলবীৰেন্দ্ৰৰ গা সেইদিনা বহুত বেয়া৷ মই ততাতৈয়াকৈ গা ধোৱা ঘৰত সোমাইছিলোঁগৈ৷ ভাবিছিলোঁ গা ধুই উঠি কপালত সেন্দূৰকণ লৈ তাৰ নামত ধূপ এডাল জ্বলাম৷ মোৰ সেন্দূৰকণতেই যদি তাৰ আয়ুস তেতিয়া লে দেৰি কৰো কিয়? গা ধোৱা ঘৰৰ দুৱাৰত ঢকিয়াই চাচীয়ে কৈছিল– “বেগেতে ওলা৷ বীৰেন্দ্ৰৰ গা বহুত বেয়া৷ আধা তিতা গাৰে সেন্দূৰকণ কপালত খোজোঁতেই বৰমায়ে মোৰ হাতখন থাপ মাৰি ধৰি কৈছিল– “নলবি আৰু এই ফোঁট৷’’ চাচীয়ে হেঁচা মাৰি দুহাতৰ ৰংবিৰঙৰ খাৰুবোৰ খুলি পেলাইছিল৷ আৰু আন কোনোবাই ভৰিৰ জুনুকাযোৰ৷ একোৱে যেন বুজা নাছিলোঁ৷ বগা কাপোৰ এখনেৰে মোক মোৰিয়াই পেলাইছিল মোৰ জ্যেষ্ঠসকলে৷ খাবলৈ পানী আৰু দুটামান ফলৰ বাহিৰে একো দিয়া নাছিল৷ ভনীজনীয়ে অবাক হৈ চাই ৰৈছিল মোৰ ফালে৷ ঘূৰি আহিছিল বাবামা৷ সেই যন্ত্ৰণা হয়তো সহিব নোৱাৰি দেউতাই এদিন আমাক নিথৰুৱা কৰি গুচি বীৰেন্দ্ৰৰ কাষলৈ৷ লাবগা হৈ ৰৈ লোঁ মা আৰু মই৷ মাথো দুখন ডাঙৰ ৰঙীন ফটো সাক্ষী হৈ , দেউতামা, মোৰ আৰু বীৰেন্দ্ৰৰ৷ মা অকলশৰীয়া হৈ পৰিল৷ লাহে লাহে বৰপাপা, চাচাহঁতৰ ওচৰত আমি বোজা হৈ পৰিলোঁ৷ যিমান জমীন আছিল সকলো তেওঁলোকৰ নামত কৰি মাক সিহঁতৰ চাকৰ কৰি লৈছিল৷ বহু সংঘাত, যন্ত্ৰণাৰ মাজত মই অসমীয়া মিডিয়ামত ঘৰতেই প্ৰাইভেটকৈ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ৷ ভণ্টিক ঘৰৰ ওচৰৰ অসমীয়া স্কুল এখনত নাম লগাই দিছিলোঁ৷ মোৰ ওপৰত তেতিয়াও সকলোৰে তীক্ষ্ণ দৃষ্টি আঁতৰা নাছিল৷ খোজে প্ৰতি মোক জ্যেষ্ঠসকলে সঁকিয়াই আছিল– “ৰঙৰ সৈতে নসজাবি৷ অলংকাৰেৰে নিজক নসজাবি৷’’

এটা সময়ত মই সেই সকলোবোৰ সহিব নোৱাৰি মা আৰু ভণ্টিক লৈ আঁতৰি আহিছিলোঁ সেই ঘোঁকট ঠাইকণৰপৰা৷ ভাবিছিলোঁ নহলে মোৰ লগতে মা আৰু ভণ্টিৰ জীৱনটোও শেষ হৈ যাব৷ বৰপাপাই ভণ্টিৰ বাবেও বয়সীয়াল পুৰুষ এজনক ঠিক কৰিছিল বিয়া দিবলৈ৷ যাৰ প্ৰথমা পত্নী ঢুকোৱাৰ পিছত দুটা সন্তান আছিল৷ মই চাই থাকিব নোৱাৰিলোঁ সেইবোৰ৷ বাতৰি কাগজত সেই সময়ত বিজ্ঞাপন দেখি আবেদন কৰিলোঁ৷ ভগবানে লগ দিলে, পাই লোঁ৷ তাৰ পিছতেহে মই প্ৰাইভেটকৈ বি, পাছ কৰিলোঁ৷ এতিয়া সুখেৰে মা আৰু ভণ্টিৰ লগত দিন পাৰ কৰিছোঁ৷ এয়াই মোৰ জীৱনৰ কাহিনী৷ শুনি শান্তি পালা? সাত বছৰ বয়সতে জীৱনৰ সকলো ৰং হেৰুৱাই আকৌ কিদৰে আদৰে কোৱা ৰঞ্জন?

যদি কওঁ, ইচ্ছা কৰিলে সকলো কৰিব পাৰি তেতিয়া হয়তো তুমি মোক বেয়া পাবা৷ তুমি নামানিবা৷ সেইবাবে মই একো নকওঁ৷

তুলচিয়ে মিহি হাঁহি এটা মাৰি সম্মুখৰ কাপপ্লেটবোৰ লৈ আঁতৰি গৈছিল৷

এখোজদুখোজকৈ মাক পুনৰ ওলাই আহি কৈছিল– “ভাল লাগিছে তাই তোমাৰ লগত মুকলিকৈ কথাবোৰ পতা দেখি৷ তাইৰ ভাগ্যখন আমিয়ে গঢ়ি আমিয়ে ভাঙিলো বেচেৰীৰনো কি দোষ আছিল৷ বুজাবাচোন তুমিয়ে ভাইক৷ এতিয়াও গোটেই জীৱন পৰি আছে৷ মাথোঁ ২১টা বসন্ত পাৰ কৰিছে তাই৷ কোনোবা ৰাজস্থানী ৰা নোলাবনে তাইৰ বাবে বেটা৷’’

তুলচিয়ে বটা এটাত মছলা কেইটামান লৈ নিজেও চোবাই চোবাই মাকৰ কথাত সুৰ মিলাই কৈছিল মা৷ মোৰ বাবে আৰু ৰাজস্থানী দৰা বিচৰাৰ কথা নকবা৷ মই গোটেই জীৱন তোমাৰ কাষতেই থাকিম৷ ৰঞ্জনক কোৱাপাৰে যদি নেইনাকে বিচাৰি দিয়ক ভাল চাই ৰা এটা, যি আমাৰ তিনিওৰে মৰমৰ ব৷ তাইৰ বাবে আকৌ ৰাজস্থানী ৰা নাচাবা দেই৷ তাই দেখিব নোৱাৰে ৰাজস্থানী মানুহ৷’’

এই কি কৱ এইবোৰ? এই খানদানত আজিলৈকে কোনেও বেলেগ জাতিৰ লগত বিয়া হৈ পোৱা নাই৷ ৰাজপুত আমি৷ ইমান সহজে নিজৰতো ত্যাগ কৰিব নোৱাৰোঁ৷ মুখত আহিলেই বুলিয়েই যাতা কথা নকবি৷ তাইক মই নিজৰ জাতিৰ ৰাৰ লগতেই বিয়া দিম আৰু অলপ পঢ়ি লওক তাই৷

তুলচিৰ বাবে কি ৰা চাম মা?

তাইৰ কথা তাইক সোধা৷ তাই মাথোঁ সুখেৰে থাকক৷ মই মৰাৰ আগতেই তাইৰ কাষত ভাল ব্যক্তি এজন ৰাখি যাব পাৰিলেই ল৷ মনৰ পৰাতো মই ৰাজস্থানী ৰায়ে বিচাৰোঁ৷

মই যাওঁবুলি মাত লগাওঁতেই ঘৰৰ সম্মুখত টো এখন ৰোৱা যেন পালোঁ৷

বা অলপ, নেইনা আহিছে চাগৈ৷ তাইৰ সৈতেও চিনাকি হৈ যোৱা৷

ঠিক সেই সময়তে মাক উঠি গৈছিল ভিতৰলৈ৷ তুলচিয়ে মোৰ চকুলৈ চাই হাঁহি মাৰি কৈছিল– “এই শুনা, মোৰ ভণ্টি কিন্তু মোৰ নিচিনা নহয়৷ একদম অপজিট তাই৷ বৰ মৰমিয়াল; কিন্তু খাৰাংখাচ স্বভাৱৰ ছোৱালী৷ পাৰিলে পতাই লোৱা৷ তায়ো তোমাক ভাল পাব৷ অসমীয়াৰ প্ৰতি তাইৰ দুৰ্বলতা আছেই৷’’

আৰু তোমাৰ? তোমাৰ অসমীয়াৰ প্ৰতি দুৰ্বলতা আছে নে নাই?

তেনেতে দুৱাৰখন খুলি নেইনা সোমাই আহিল৷

নানু৷ এয়া মোৰ বন্ধু বঞ্জন৷

শুনিছো বাৰ মুখত আপোনাৰ নাম৷ যাবলৈ ওলালেই নেকি? আজি ফাকু খেলা নাই?

যাবলৈ ওলালোঁৱেই৷ বহু পৰ অহা৷ পুৱাই তোমাৰ বাক ফাকু দিবলৈ আহিছিলোঁ৷ খেদাই দিলে৷ আকৌ ঘৰলৈ গৈ গাপা ধুই আহিলোঁগৈ৷ ঠিক আছে আজিলৈ আহোঁ৷

ঠিক আছে৷ ফাকুৱা কাইলেও আছে নহয়/ আহিব, খেলিম একেলগে৷

চকুত মিচিকিয়া এটা মিঠা হাঁহি নাইনাৰ৷ সঁচাকৈ বৰ মৰমলগা ছোৱালীজনী৷ দেখাত কিন্তু তুলচিতকৈ ডাঙৰ যেনহে লাগে৷ বেছ স্মাৰ্ট৷ চকুজুৰিয়ে তাইৰ কথা কয়৷ কি কৈছিল বাক তাইৰ চকুৰে মোক/ যেন বুজিও বুজি পোৱা নাছিলোঁ৷ সোমাই গৈছিল তাই ভিতৰলৈ৷

যাওঁ তেন্তে তুলচি৷ মাক বা৷ নকলা যে অসমীয়াৰ প্ৰতি তোমা১…?

মোৰ একো জাতৰে প্ৰতি দুৰ্বলতা নাই ৰঞ্জন৷ মোৰ মতে জাতি মাথোঁ দুটাই পুৰুষ আৰু নাৰী৷ গতিকে মোৰ মনো নাই সেইবিলাকত সোমাবলৈ৷ মায়ে যাকে পায় তাকে কয় মোৰ কথা৷ তুমি মাৰ কথাত ছিৰিয়াছ নহবা৷ মই এনেদৰেই থাকি ভাল পাইছোঁ৷

কে৷ বাই৷ গুডনাইট৷

ঘৰলৈ আহি মই বাৰে বাৰে তুলচিৰ কথাবোৰকে ভাবি থাকিলোঁ৷ কি আছে তাইৰ বুকুৰ ভিতৰখনত৷ ভাল নাপায় নে তাই ৰঙা, নীলা, সেউজীয়া৷ গোটেই নিশাই তাইৰ মুখখনে মোক শুবলৈ নিদিলে৷ অনুভব হয় তাই যেন নিচেই কাষত৷ সকলো ৰঙেৰে যেন মই তাইক ওপচাই পেলাইছোঁ৷ যি হয় বুলি পিছদিনা পুনৰ গৈছিলোঁ তাহাঁতৰ ঘৰলৈ৷ ৰঙা, নীলা, সেউজীয়া এসোপা আবিৰ লৈ৷ গেটৰ মুখতেই ৰৈ আছিল নেইনা৷ চিনিবই পৰা নাছিলোঁ৷ গোটেইজনী ৰঙেৰে ৰঙীন হৈ আছিল৷ চকু দুটাইহে মোক বুজাই দিছিল তাই যে নেইনা৷

বাপ্ৰে, ইমান বং তোমাৰ শৰীৰত? কোনে সানিলে৷

কোনে সানিব৷ মোক ভালপোৱা মোৰ বন্ধুসকলে আহি সানি মোৰ সৰ্বশৰীৰত এই ৰংবোৰ৷

তাই মোৰ দুগালতো সানি দিছিল এসোপা ফাকু৷

লক এতিয়া আপোনাৰ বন্ধুক ৰং সানো৷ চাম কিমান সাহস আছে আপোনাৰ৷ বাৰ গালত যদি এচিকুট ৰং সানিব পাৰে, তেতিয়া বুজিম আপোনাৰ বন্ধুত্বৰ গভীৰতা কিমান৷ লগতে বুজিম আপুনি যে এজন সাহসী মানুহ৷

মই এক দৃষ্টিৰে চাই ঘৰৰ বাৰাণ্ডাত থিয় হৈ থকা তুলচিৰ ফালে আগুৱাই গৈ আছিলোঁ৷ কাষত নেইনাই তাইৰ মনৰ কথাবোৰ গাই আছিল৷ কিছু সোমাইছিল মোৰ কাণত কিছু উফৰি গৈছিল৷ দীঘল পদূলিটোৰে মই আগুৱাই গৈ গৈ থিয় দিছিলোঁ তুলচিৰ সন্মুখত৷ আগবঢ়াই দিছিলোঁ এখিনি নীলা ৰং তাইৰ বাঁও গাল দুখনলৈ বুলি৷ আৰু নিচেই কাষলৈ গৈ গুণগুণাই কৈছিলোঁ তাইক৷

নীলা ৰং প্ৰেমৰ ৰং৷ প্ৰেমহীন জীৱনত নিজা ৰং নাথাকে৷ সেই জীৱন আৰু নকঢ়িয়াবা৷ ৰঙে তোমাক আৰু ধুনীয়া কৰি তুলিছে৷ একেথৰে তুলচিয়ে মোৰ মুখলৈ চাই ৰৈছিল, শিলপৰা কপৌৰ দৰে৷

তুলচিদি/ ৰঞ্জনদাক ৰঙেৰে বুলাই দে৷ ৰঞ্জনদা মই বহু দিনৰপৰা এনে এজন ৰঙীন হৃদয়ৰ পুৰুষকে বিচাৰি আছিলোঁ যি তুলচিদিক ৰঙীন কৰিব পাবে৷ দিদি, কি ভেবা লাগি চাই আছ? ৰঞ্জনদাক ৰং সান৷

হুলস্থূল শুনি মাক বাহিৰলৈ ওলাই আহিছিল৷ আহিয়ে তুলচিক দেখি প্ৰশ্নবোধক চাৱনিৰে এবাৰ ইফালে এবাৰ সিফালে সকলোৰে মুখলৈ চাইছিল৷ মই আগবাঢ়ি গৈ তেওঁৰ ভৰিত ধৰি সেৱা কৰি কৈছিলোঁ

মা ফাকুৱাৰ দিনা আপোনাক কিবা এটা বিচাৰিম, দিবনে?

কি কথা কৈছা তুমি? কি আছে মোৰ তোমাক দিব পৰাকৈ?

মোক তুলচিক আদৰি বলৈ আশীৰ্বাদ দিবনে মা? মই আপোনাৰ পছন্দৰ জোঁৱাই নহলেও তুলচিক তুলসীৰ দৰে মৰম আৰু সন্মানেৰে ৰাখিম৷

মাকে মোৰ মূৰৰ ওপৰত হাতখন থৈ ৰৈ আছিল বহু সময়৷ এটা শব্দ নাই, লৰচৰ নাই৷

আৰে মা ৰঞ্জনদাক কিবা এটা কোৱা আকৌ৷ বেচেৰাই কিমান দেৰি তোমাৰ ভৰিত ধৰি তলমূৰ কৰি থাকিব?

তেতিয়া মাকে মোৰ মূৰৰপৰা হাতখন আঁতৰাই নিছিল৷

বাবা, মই কি ? সঁচা যদি কওঁ তেনে এজন মানুহেই চাগেবিচাৰি আছিল মোৰ অন্তৰে৷

নেইনাই থাল এখনত এসোপা ৰং লৈ তুলচিৰ সন্মুখত ৰৈ পুনৰ কৈছিল– “দিদি, ৰঞ্জনদাক অলপ ৰং সান৷’’

তুলচি তেতিয়াও জথৰ পাই সিহঁত দুজনীৰ কাষলৈ গৈ তুলচিৰ দুয়োখন হাত ৰঙৰ মাজত হেঁচা মাৰি মোৰ দুগালত ঘহি দিছিলোঁ৷ নেইনাই স্ফূৰ্তিতহোলি হো’’ বুলি আমাৰ গালৈ ৰংবোৰ ছটিয়াই দিছিল৷ চলচলীয়া চকু দুটি বেছি জলজলীয়া কৰি তুলচিয়ে মোলৈ চাই ৰৈছিল বহুপৰ৷ সাধাৰণ নিয়ম এটা কৰি আমি সংসাৰ পাতি পেলাইছিলোঁ৷

ৰাম৷ এই ঠাণ্ডাখনত কি ভাবি বহি আছা ইমান পৰ৷ সিহঁত পাবহিয়ে এতিয়া৷ মূৰকপালত অকণমান নীলা ৰং সানি থিয় হৈ থকা তুলচিক দেখিহে মই উভতি আহিছিলোঁ অতীতৰ ৰংবোৰৰ মাজৰপৰা৷ ৰঙৰ থালখনৰ পৰা ৰঙা, নীলা, এমুঠি ফাকুগুড়ি তাইৰ দুগালত সানি মৰমেৰে আঁকোৱালি তাইক বুকুৰ মাজত সুমুৱাই লৈছিলোঁ৷

কি কৰিছা এইবোৰ? সকলোৱে দেখিব এতিয়া সিহঁতবোৰো আহি পাবৰ ল৷

আহক দিয়া যেই আহে আহক৷ এই দিনটো মোৰ নিজা দিন৷ ইয়াত কাৰো অধিকাৰ নাই৷

তেনেকুৱাতেই গেটখন খুলি নেইনা আৰু স্বামী বিজিত সোমাই আহিছিল৷ তাৰ পিছত পোবোৱাৰী, নাতি সকলো আহি ফাকু খেলিলেহি৷ ভগৱানক প্ৰাৰ্থনা কৰোঁএই দিনটো সকলোৰে বাবে মুকলিকৈ ৰাখক৷ ৰং সকলোৰে বাবে, তাৰ বাবে যোগাঅযোগ্য কথা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *