June 7, 2024June 7, 2024 by Arup Kakoti কলা জামুৰ কুলফি গায়ত্ৰী পাঠক দাস উপকৰণ ঃ ৰ৷ কলা জামু–ৰবাটি ২৷ গাখীৰ– ২ কাপ ৩৷ চেনি– ৪ চামুচ ৪৷ আমুল মিঠাই মেট– ২ চামুচ প্ত৷ কৰ্ণ ফ্লোৰ– ১ চামুচ ৬৷ ভেনিলা এচেঞ্চ– ১ চামুচ জ্জ৷ সজাবলৈ চকো চিপচ কেইটামান প্ৰণালী ঃ প্ৰথমে জামুকেইটা ধুই গুটিবোৰ গুচাই কাটি লৈ মিক্সিত গুৰি কৰি ল’লো৷ এতিয়া গাখীৰখিনি এটা চচপেনত গৰম হ’বলৈ দিলোঁ৷ গৰম হোৱাত চেনিখিনি দি দিলোঁ৷ চেনি গলি যোৱাত কৰ্ণফ্লোৰ চামুচ কুহুমীয়া গাখীৰৰ লগত গুলি মিলাই দি অলপ সময় লৰাই থাকি ভেনিলা এচেঞ্চ দি লৰাই থাকি অলপ ঘন হ’লে নমাই ঠাণ্ডা হ’বলৈ দিলো৷ গাখীৰ ঠাণ্ডা হোৱাত জামুৰ পেষ্টখিনি আৰু মিঠাই মেট দি গাখীৰৰ লগত ভালকৈ ফেটি ল’লো৷ এতিয়া জামুৰ কুলফিৰ মিশ্ৰণখিনি কফি কাপত ঢালি ফইল পেপাৰেৰে ঢাকি আইসক্ৰিম ষ্টিক দাল ফইল পেপাৰৰ মাজখিনি সৰুকৈ কাটি সুমোৱাই দি ফ্ৰিজত জ্ঝ–১০ ঘণ্টাৰ বাবে থৈ দিলোঁ৷ জ্ঝ–১০ ঘণ্টাৰ পিছত কলা জামুৰ কুলফিবোৰ উলিয়াই আনি প্লেটত চকো চিপচ্ৰে ধুনীয়াকৈ সজাই দিলোঁ৷ লেচুৰ পুডিং লেচু– ১২ টা গাখীৰ– ৩য৪ কাপ কৰ্ণ ফ্লৰ– ৩ চামুচ ইলাচি গুৰি ১ চামুচ চেনি– ৪ চামুচ (সোৱাদ অনুসৰি) প্ৰথমে লেচু কেইটা বাকলি গুচাই গুটি উলিয়াই মিক্সিত মাৰি চেকনিৰে চেকি ৰস উলিয়াই ল’লো৷ এতিয়া গেছত এখন পেনত লেচুৰ ৰসখিনি দি অলপ গৰম হ’লে চেনিখিনি দি লৰাই থাকিলোঁ৷ চেনি গলি যোৱাত গাখীৰ দি অলপ সময় লৰাই থাকি কৰ্ণফ্লৰ ৩ চামুচ পানীত গুলি লৈ দি দিলো৷ গোটেই মিশ্ৰণখিনি ঘন হৈ অহাত ইলাচি গুৰি দি নমাই থলোঁ৷ অলপ ঠাণ্ডা হোৱাত কাছৰ বাটিত ঢালি ফইল পেপাৰেৰে ঢাকি ফ্ৰিজত ২ ঘণ্টাৰ বাবে থৈ দিলোঁ৷ ২ ঘণ্টা পিছত সজাই পৰিৱেশন কৰিলোঁ৷ Share on FacebookTweetFollow us