সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

যি কোনো সমাজত এজন শিল্পীৰ প্ৰভাৱ ৰাজনৈতিক  বা প্ৰবাসী নেতাতকৈ বেছি হয়৷ কাৰণ শিল্পী বাস কৰে সৰ্বসাধাৰণৰ হৃদয়ত৷ শিল্পী আৰু তেওঁৰ শিল্পকৰ্ম সদায় সৰ্বসাধাৰণ মানুহৰ চিন্তাজগতৰ৷ সৰ্বসাধাৰণে নিজৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতো উজ্জীবিত কৰি ৰাখে৷ অকণমান স্বৰ্গীয় আনন্দ বিচাৰি পায় শিল্পীৰ শিল্পকৰ্মৰ মাজতেই৷ সকলো মানুহ শিল্পী নোৱাৰে কিন্তু সকলো মানুহেই শিল্পকৰ্মৰ সোৱাদ সুগন্ধি পাৰে৷

আপুনি হয়তো আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিৰ নাম নাজানেকিন্তু আৰ্জেণ্টিনা বুলি লেই মনলৈ আহে ফুটবলৰ যাদুকৰ মাৰাডনাৰ কথা৷

আপুনি হয়তো কলম্বিয়াৰ প্ৰধানমন্ত্ৰীৰ নাম নাজানেকিন্তু কলম্বিয়াৰ নৃত্য আৰু গায়িকা ছাকিৰাই বহুবাৰ নচুৱাইছে৷

আপুনি হয়তো নাজানিব কৰ্ণাটকৰ এটি প্ৰখ্যাত উদ্যোগ, এখনি প্ৰখ্যাত হস্পিতাল অথবা সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নামকিন্তু আপোনাৰ চিন্তাচেতনা আলোড়িত কৰি ৰাখে এজন শিল্পীৰ সংলাপ আৰু একচনেতেওঁ ৰজনীকান্ত৷

শিল্পী আৰু জনপ্ৰিয়তা এই শব্দ দুটা এটা মুদ্ৰাৰ ইপিঠিসিপিঠি৷ সৰ্বসাধাৰণ লোকৰ মনত, শিল্পীৰ স্থানৰ পাছতেই৷ এজন সাধাৰণ শ্ৰোতা বা দৰ্শকৰ বাবে তেওঁৰ প্ৰিয় শিল্পীগৰাকী হয়তো ঈশ্বৰ সদৃশ৷ হয়তোবা তাতোধিক৷ গতিকে প্ৰতিজন শিল্পীৰ ৰাজহুৱা জীৱন, আচৰণ আৰু ব্যক্তিত্বই বহুতো লোকক প্ৰভাৱিত কৰি ৰাখে৷ কেৱল ৰাজহুৱা জীৱনেই নহয়ব্যক্তিগত জীৱনৰ কাৰ্যকলাপ আৰু জীৱন শৈলীয়েও তেওঁৰ গুণমুগ্ধসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰে৷ এজন শিল্পীৰ গুণমুগ্ধসকলে তেওঁৰ কথাজীৱনশৈলী ইত্যাদিক লৈ অজস্ৰ সপোন ৰচে, কল্পনা কৰে, হুবহু অনুকৰণ কৰেযিবোৰ সেই শিল্পীজনক আৰু জনপ্ৰিয়তাৰ শিখৰলৈ লৈ যায়৷

এক বিশাল প্ৰভিাৰে নিজৰ গুণ গৰিমাৰেনিজৰ জ্ঞান, নিজৰ শিল্পীৰ ব্যুৎপত্তিৰে যদি কোনোবাই জনপ্ৰিয়তা লাভ কৰে সি নি( আদৰণীয়৷ কিন্তু সদ্যহতে সামাজিক মাধ্যমসমূহে যি ধৰণে মানুহৰ জনপ্ৰিয়তাক স্বীকৃতি দিবলৈ ধৰিছে সি কিন্তু আমাৰ ভৱিষ্যতৰ সাহিত্যসংস্কৃতিৰ জগতলৈ অশনি সংকেত৷ সামাজিক মাধ্যমৰ প্ৰভাৱত ৰাইজে কিছুমান এনেকুৱা সস্তীয়া, বেবেৰিবাং আনকি ভালদৰে অভিনয়, নৃত্য আনকি কথা নজনা ব্যক্তিকো জনপ্ৰিয়তাৰ শিখৰলৈ তুলি দিছে যে ভৱিষ্যতৰ প্ৰজন্মই হয়তো এজন প্ৰকৃত শিল্পী বলৈ কি কি গুণৰ প্ৰয়োজন সেইয়া পাহৰি যাব৷ অপ্ৰয়োজনীয় বুলি ভাবিব সাধনা, চেষ্টা, গুণগত আৰু উৎকৃষ্ট সৃষ্টিকৰ্ম৷

আপোনাৰ এটি সাধাৰণ লাইক বা মন্তব্যই আপোনাৰ ব্যক্তিত্বৰ পৰিচয় যি আমাৰ সমাজক প্ৰতিনিধিত্ব কৰে৷

 

ধন্যবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *