মহিলাৰ ক্ষেত্ৰত চাইবাৰ সুৰক্ষা আৰু অইন(বৰষা কাশ্যপ)

মোবাইল ফোনৰ পৰা আৰম্ভ কৰি লেপ্টপলৈকে আমি সকলোৱে এতিয়া ভাৰ্চুৱেল জগতৰ সৈতি জড়িত হৈ পৰিছোঁ৷ সকলো ক্ষেত্ৰতে ভাল আৰু বেয়া দুয়োটাই থকাৰ দৰে ভাৰ্চুৱেল জগতখনতো আছে৷ আজিকালি আমি প্ৰায়ে শুনো চাইবাৰ ক্ৰাইমৰ কথা৷ চাইবাৰ অপৰাধীসকলে সুবিধা বুজি নানা জঘন্য কাৰ্য কৰি অহা কথা আমি সকলোৱে জানো৷ এনে কাৰ্যৰ পাকচক্ৰত পৰি কিমান যে মানুহ আজি সৰ্বস্বান্ত হ’ব লগা হৈছে বা মান–সম্মান হেৰুৱাই নগুৰ–নাকটি হ’ব লগা হৈছে, সেয়া শুনিলে গাৰ নোম শিয়ৰি উঠে৷ বিশেষকৈ মহিলাসকল এনে অপৰাধৰ বলি হোৱা ঘটনা বৃদ্ধি পাইছে৷ তেনে ক্ষেত্ৰত মহিলাসকলৰ কৰণীয় কি? তেওঁলোকে কি কৰা উচিত৷ কোনটো উপায়েৰে আইনী সহায় লাভ কৰিব পাৰি?
আহক, আজি তাৰেই আলোচনা কৰোঁ৷
চাইবাৰ সুৰক্ষাৰ বাবে দেশৰ আইন
তথ্য প্ৰযুক্তি আইন ২০০০ এই আইনখনে যিকোনো ধৰণৰ পৰ্ণগ্ৰাফী আৰু অশ্লীল দৃশ্য তথা কাৰ্যকলাপক অপৰাধমূলক বুলি গণ্য কৰে৷ ভাৰ্চুৱেল জগতত মহিলা বা শিশুৰ কোনো আপত্তিজনক দৃশ্য আপলোড কৰিলে, কাৰোবাক ব্লেকমেইল কৰিলে বা আন এজনলৈ শ্বেয়াৰ কৰিলে ভুক্তভোগীয়ে এই আইনৰ জৰিয়তে গোচৰ ৰুজু কৰিব পাৰে৷ কোনো ব্যক্তিৰ ব্যক্তিগত অংগৰ ছবি ইণ্টাৰনেট বা ছ’চিয়েল মিডিয়াত অনুমতি অবিহনে পোষ্ট কৰাটোও এই আইনৰ অধীনত অপৰাধ বুলি গণ্য কৰা হয়৷ ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ড সামৰি লোৱা হৈছে, যেনে–
ধাৰা ৪৩ ঃ অনুমতি অবিহনে কাৰোবাৰ ব্যক্তিগত বৈদ্যুতিক গেজেট্ কম্পিউটাৰ, মোবাইলত শাৰীৰিক বা ভাৰ্চুৱেলভাবে প্ৰবেশ কৰাটোও শাস্তিযোগ্য অপৰাধ৷
ধাৰা ৬৬ (ক) ঃ অনুমতি অবিহনে কাৰোবাৰ গেজেটত প্ৰবেশ কৰা (ধাৰা ৪৩) আৰু ভুক্তভোগীৰ কোনো ধৰণৰ ক্ষতি কৰাৰ ক্ষেত্ৰত সৰ্বাধিক তিনি বছৰৰ কাৰাদণ্ড বা সৰ্বাধিক পাঁচ লাখ পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা আছে৷
ধাৰা ৬৬ (খ) ঃ পুৰণি বিক্ৰী হোৱা ডিভাইচৰ পৰা ব্যক্তিগত তথ্য আহৰণ কৰি অসৎ কামত ব্যৱহাৰ কৰা বাক্তিক এক লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে৷
ইণ্ডিয়ান পেনেল কোড ঃ মহিলাক যৌন নিৰ্যাতন আৰু অপৰাধমূলক কাৰ্যকলাপৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰা সংশোধন কৰা হৈছে৷ ইয়াৰে তিনিটাই ভাৰ্চুবেল অপৰাধৰ পৰা মহিলাক সুৰক্ষা প্ৰদান কৰে–
৩৫৪ (ক) ঃ যদি কোনোবাই যৌন নিৰ্যাতনমূলক কাৰ্যকলাপত লিপ্ত হয় (Explicit sexual behaviour), যৌন অনুগ্ৰহ বিচাৰে বা পৰ্ণগ্ৰাফী দেখুৱায়, তাইৰ বিষয়ে কোনো যৌনগন্ধী মন্তব্য কৰে (sexually coloured remarks) তেন্তে ৩ বছৰৰ কাৰাদণ্ড, জৰিমনা বা দুয়োটাই হ’ব পাৰে৷
৩৫৪ (গ) ঃ যদি কোনো মহিলাৰ ব্যক্তিগত কাম–কাজৰ অডিও’-ভিডিঅ’ কোনো ব্যক্তিয়ে তেওঁৰ অজ্ঞাতে ৰেকৰ্ড কৰি ব্ৰেকমেইল কৰে তেন্তে ইয়াক ভয়ৰিজম (Voyeurism) বোলা হয়৷ ঘটনাৰ গুৰুত্ব বিবেচনা কৰি তেনে ব্যক্তিক জেল বা জৰিমনা বিহা হ’ব পাবে৷
৩৫৪ (ঘ) ঃ এই ধাৰা অনুসৰি কোনো অচিনাক্ত বাক্তিয়ে যদি এগৰাকী মহিলাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি ভাৰ্চুৱেল বা ছ’চিয়েল চাইটত দীৰ্ঘদিন ধৰি অনুসৰণ কৰে তেন্তে সেয়া শাস্তি যোগ্য অপৰাধ৷ যদিহে নিৰ্দিষ্ট মহিলাগৰাকীয়ে নিজৰ অসন্মতি প্ৰকাশ কৰে আৰু তাৰ পিছতো বিভিন্ন ছ’চিয়েল চাইটত একে কাৰ্যৰে পুনৰাবৃত্তি হয় তেন্তে ব্যক্তিগৰাকীয়ে জৰিমনা, পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড বা দুয়োটাৰে সন্মুখীন হ’ব পাবে৷
ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইন, ২০২৩
শেহতীয়াকৈ ভাৰতত ব্যক্তিগত তথ্য সুৰক্ষিত কৰাৰ বাবে আন এখন নতুন আইন প্ৰণয়ন কৰা হৈছে৷ এতিয়ালৈকে এজন ব্যক্তিৰ তথ্য অনলাইনত কি কামত ব্যৱহাৰ কৰা হৈছে, আৰু কেতিয়া ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে কোনো স্পষ্ট নিয়ম নাছিল৷ সেইটোৱেই হৈছে ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইনত দিয়া ধাৰণা৷ যদি অনুমতি অবিহনে ব্যক্তিগত তথ্য (ফটো, কণ্ঠ, বেংকিং পৰিসংখ্যা) ব্যৱহাৰ কৰা হয়, তেন্তে থানাত অভিযোগ দাখিল কৰিব পৰিব৷ ইয়াৰ উপৰিও ‘Data Board’ নামৰ এটা প্লেটফৰ্ম তৈয়াৰ কৰা হৈছে, তাতো যিকোনো ধৰণৰ জালিয়াতিৰ খবৰ দিব পাৰিব৷ যদি কৰ্প’ৰেট পৰ্যায়ত ব্যক্তিগত তথ্যৰ বৃহৎ হেতালি খেলা হয়, তেন্তে অভিযুক্ত সংস্থাটোৱে দোষী সাব্যস্ত হ’লে দুশ কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব৷ এই ক্ষেত্ৰত যদি চৰকাৰৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ উত্থাপন হয়, তেন্তে চৰকাৰৰ বিৰুদ্ধেও গোচৰ ৰুজু হ’ব পাৰে৷

সাৱধানতা ঃ
প্ৰথমতে এটা কথা মনত ৰখা উচিত যে, আজিৰ প্ৰযুক্তিৰ যুগত কেৱল ভৌতিক সুৰক্ষাই নহয়, ভাৰ্চুৱেল জগতখনত নিজকে সুৰক্ষিত ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ৷ আৰু তাতেই আহিছে ডাটা চিকিউৰিটিৰ বিষয়টো৷ শেহতীয়াকৈ ডিপফেক কাণ্ডই স্পষ্টভাৱে দেখুৱাইছে যে, মহিলাসকলে নিজৰ ভাৰ্চুৱেল ডাটা সুৰক্ষিত ৰখাটো অতি গুৰুত্বপূৰ্ণ৷ দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত চাইবাৰ অপৰাধৰ আটাইতকৈ বেছি বলি হয় মহিলাসকল৷ গতিকে চাইবাৰ অপৰাধ কেনেকৈ হ’ব পাৰে সেই বিষয়ে তেওঁলোকৰ এটা স্পষ্ট ধাৰণা থাকিব লাগে৷ আপুনি যেনেকৈ এটা আলমাৰীত আপোনাৰ মূল্যৱান সামগ্ৰী তলা মাৰি থয়, ঠিক তেনেকৈ ভাৰ্চুৱেল জগতখনতো আপোনাৰ ব্যক্তিগত তথ্য তলা মাৰি ৰখা প্ৰয়োজন৷ প্ৰশ্ন হয়, আচলতে সেয়া কেনেকৈ সম্ভৱ?
ইয়াত কেইটামান টিপচ্ দিয়া হ’ল–
ৰ) সঠিক পৰীক্ষণ অবিহনে কোনোবাই বিচাৰিলে বুলিয়ে কোনো লোকৰ লগত নিজৰ তথ্য শ্বেয়াৰ নকৰিব৷
২) এতিয়া সংঘটিত হৈ থকা আটাইতকৈ সাধাৰণ অপৰাধৰ ধৰণটো হ’ল মহিলাৰ বিকৃত ছবি আপলোড কৰা বা এমএমএছৰ জৰিয়তে ব্লেকমেইল কৰা৷ গতিকে কোনো অচিনাকি ব্যক্তিৰ পৰা Social media friend request গ্ৰহণ নকৰিব৷ অচিনাকি মানুহৰ পৰা ভিডিঅ’ কল ল’ব নালাগে৷
৩) নিজৰ প্ৰফাইল পিকচাৰ, ব্যক্তিগত ছবি, ভিডিঅ’ ছচিয়েল মিডিয়াত লক্ কৰি ৰাখিব লাগে৷
৪) কোনো গোপন ফটো এবাৰ ভাইৰেল হোৱাৰ পিছত তাক ডিলিট কৰিলেও যিকোনো ব্যক্তিয়ে ক্ষতিকাৰক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে৷ গতিকে এনেধৰণৰ ছবি সতৰ্কতাৰে ছ’চিয়েল মিডিয়াত আপলোড কৰা উচিত৷
প্ত) বহু যুৱতী–মহিলাৰে কৌতূহলবশতঃ নিজৰ শৰীৰৰ উলঙ্গ ফটো বা ভিডিঅ’ বনাই নিজে চোৱা অভ্যাস থাকে৷ তেনে কৰোঁতে অত্যন্ত সতৰ্ক হোৱা উচিত কিয়নো প্ৰপাৰলী ডিলিট কৰিব নাজানিলে সাধাৰণভাবে ডিলিট কৰাৰ পিছতো ই ডিভাইচত ৰৈ যায় যিয়ে পিছত বিপদত পেলাব পাৰে৷
৬) বহু বিবাহিতা মহিলাই কৰ্মৰ খাতিৰত দূৰত থকা স্বামীৰ অনুৰোধত নিজৰ গোপন ফটো বা ভিডিঅ’ স্বামীলৈ প্ৰেৰণ কৰে৷ বিশেষ সাৱধানতা অৱলম্বন নকৰিলে ইয়াৰ পৰাও বিপদ ঘটিব পাৰে৷
৭) বয়ফ্ৰেণ্ডৰ অনুৰোধ ৰক্ষা কৰোঁতেও লক্ষণ ৰেখা অতিক্ৰম কৰা অনুচিত৷
৮) বিক্ৰী কৰাৰ আগত ফোনটো সম্পূৰ্ণৰূপে ফৰ্মেট মাৰক৷ যদি ফোনত কোনো গোপনীয় তথ্য থাকে, তেন্তে ইউএছবি কানেক্টৰৰ জৰিয়তে আন এটা ডিভাইচলৈ ট্ৰেন্সফাৰ কৰি ফোনটোৰ পৰা সম্পূৰ্ণৰূপে ডিলিট কৰি পেলাওক৷ দোকানত ফোনটো মেৰামতি কৰিব দিয়াৰ পিছতো মানুহৰ ব্যক্তিগত তথ্য চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছে৷ গতিকে এইবোৰ বিষয়ত অতিৰিক্ত সাবধানতা অবলম্বন কৰক৷
বিজ্ঞান–প্ৰযুক্তি যিদৰে আগবাঢ়িছে, সেইদৰে ভবিষ্যতে আৰু অধিক চাইবাৰ অপৰাধৰ আশংকাও বাঢ়ি গৈছে৷ বিশেষকৈ ডিপফেকৰ দৰে ঘটনাই সাধাৰণ মানুহৰ গোপনীয়তাত প্ৰত্যাহ৩ান হৈ ঠিয় দিছে৷ কৃত্ৰিম বুদ্ধিমত্তা (Artificial Inteligency) ই এনে এটা পৰ্যায় পাইছেগৈ যে, ই এতিয়া প্ৰায় মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত৷ ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ইণ্টাৰনেট ব্যৱহাৰকাৰী দেশ আৰু ইয়াত প্ৰতিদিনে মহিলাসকল অপৰাধৰ বলি হয়৷ সেয়েহে চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে নতুন আইন প্ৰণয়নৰ প্ৰয়োজন৷ অৱশ্যে দেশৰ চাইবাৰ নিৰাপত্তা অধিক শক্তিশালী হৈ পৰিছে৷ তথাপি প্ৰশ্ন হয়, বিজ্ঞান–প্ৰযুক্তিৰ এই সম্প্ৰসাৰণ প্ৰকৃততে এখন সুস্থ আৰু সুৰক্ষিত সমাজৰ বাবে কিমান আশীৰ্বাদ স্বৰূপ? কিন্তু এটা কথা ঠিক যে, নিজৰ সজাগতাই নিজৰ সুৰক্ষা৷