নাৰীবাদ বনাম কৃত্ৰিম নাৰীবাদ(ভণিতা দেৱী) – Purbodix.com

নাৰীবাদ বনাম কৃত্ৰিম নাৰীবাদ(ভণিতা দেৱী)

বৰ্তমানৰ একবিংশ শতিকাত নাৰী সকলো ক্ষেত্ৰতে আগুৱাই যাবলৈ সক্ষম হৈছে৷ কিন্তু আজিও বহু মহিলা ঘৰত অথবা বাহিৰত ভিন্ন প্ৰকাৰে শোষণৰ বলি হৈ আছে৷ ধৰ্ষণ, হত্যা, শিশু শোষণ, যৌতুক প্ৰথা, নাৰীৰ শাৰীৰিকমানসিক শোষণ আদি ঘটনাৰ বাবে বহু জীৱন ধ্বংস হৈ পৰে৷ কন্যা শিশুৰ পৰা বৃদ্ধ নাৰীলৈ এচাম বিকৃত মানসিকতাৰ লোকৰ বলি হৈ আহিছে৷ নাৰীৰ ওপৰত হোৱা অন্যায়ৰ বাবেই ওঁঠৰ শতিকাতে ইউৰোপত নাৰীবাদৰ সৃষ্টি হৈছিল৷ নাৰীবাদী চিন্তা নাৰীৰ উত্তৰণৰ বাবে প্ৰয়োজনীয়৷ নাৰীবাদ বুলি কোৱাৰ লগে লগে সাধাৰণতে বহু লোকৰ মনলৈ এটাই কথা আহে যে, নাৰীবাদ নাৰীক অধিক প্ৰাধান্য দিব খোজা এক ভাৱধাৰা অথবা মতাদৰ্শ৷ কিন্তু এই ধাৰণা সম্পূৰ্ণৰূপে সত্যও নহয়৷ প্ৰকৃততে, নাৰীবাদে স্ত্ৰী আৰু পুৰুষ উভয় লিংগৰেই সমতাক সূচায়৷ নাৰীবাদে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ব্যক্তিগত সকলো ক্ষেত্ৰতেই পুৰুষ আৰু নাৰী উভয়ৰে সমঅধিকাৰক আৰু সমমৰ্যাদাক সূচায়৷ নাৰীবাদৰ সমৰ্থকসকলে নাৰীৰ প্ৰাপ্যখিনিৰ হকে মাত মাতে৷ নাৰীবাদৰ মতে, নাৰীপুৰুষ সকলোৰে সকলোতে সমঅধিকাৰ আছে৷ নাৰীপুৰুষ দুয়োটা লিংগৰে সমবিকাশৰ জৰিয়তেহে প্ৰকৃতাৰ্থত সমাজৰ বিকাশ সম্ভৱ৷

   কৃত্ৰিম নাৰীবাদ বা Pseudo Feminism নাৰীবাদৰ এক বিপৰীত ধাৰণা৷  কৃত্ৰিম নাৰীবাদে নাৰীক অধিক প্ৰাধান্য অথবা অগ্ৰাধিকাৰ আৰু সন্মান দিয়াৰ পোষকতা কৰে৷ এগৰাকী নাৰীয়ে যেতিয়া জীৱনত কোনো পুৰুষৰ অৱস্থিতি বা প্ৰয়োজনীয়তা অনুভৱ নকৰে আৰু পুৰুষৰ অৱস্থিতি অবিহনেই নিজকে সুখী বুলি ভাৱিবলৈ লয়সাধাৰণ অৰ্থত সেয়াই বিকৃত নাৰীবাদ৷ বিকৃত নাৰীবাদে নাৰীক সদায় আগস্থান দিবলৈ বিচাৰে৷ কিন্তু নাৰীবাদে কেতিয়াও নাৰীক উচ্চ আসনত ৰাখি পুৰুষক নিম্ন আসনত ৰাখিবলৈ নিবিচাৰে; বৰঞ্চ সমঅধিকাৰ আৰু সমমৰ্যাদাহে বিচাৰে৷

 

  আমাৰ সমাজখনত দেখিবলৈ পোৱা কিছুমান সৰুসৰু ঘটনায়ো কেতিয়াবা বিকৃত নাৰীবাদৰ ছবি দাঙি ধৰা যেন অনুভৱ হয়৷  কেতিয়াবা কোনো স্থানত শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ যুৱতী বা মহিলা এগৰাকীৰ সৈতে যদি কোনোবা এগৰাকী বৃদ্ধ লোক বা কোনো অসুস্থ পুৰুষ থাকে, তেতিয়া সেই মুহূৰ্তত মহিলাগৰাকীয়ে বৃদ্ধ লোকজনক নিজৰ বহি থকা আসনখন এৰি দিয়া উচিত৷ কিন্তু তাৰ বিপৰীতে মহিলাগৰাকীয়ে মহিলাই সকলোতে প্ৰথম প্ৰাধান্য পাব লাগে বুলি যদিহে বৃদ্ধ লোক এজনক নিজৰ বহি থকা আসনখনো এৰি দিবলৈ টান পায় বা সাধ্যানুসাৰে সহায় আগনবঢ়ায়, তেনে কাৰ্য নৈতিকভাৱেও গ্ৰহণযোগ্য নহয়৷ কিছুসংখ্যক মহিলাৰ এনেবোৰ আচৰণে সমাজত বিকৃত নাৰীবাদক প্ৰশ্ৰয় দিয়ে৷ বিকৃত নাৰীবাদী কিছুসংখ্যক মহিলাৰ বাবে কেতিয়াবা সৎ চৰিত্ৰৰ ভাল পুৰুষ এজনো অপমানিত বলগীয়া হয়৷

এই বিকৃত নাৰীবাদৰ ধাৰণাৰ সৃষ্টিৰ কাৰণৰ বিষয়ে বিশ্লেষণ কৰিলে দেখা যায় যে, ইয়াৰ বাবে কমবেছি পৰিমাণে পুৰুষতান্ত্ৰিক সমাজখনেই জগৰীয়া৷ পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত মহিলাৰ ওপৰত চলা শোষণ আৰু নিৰ্যাতনৰ বাবে বহু মহিলা পুৰুষ বিদ্বেষী হৈ উঠে৷ কিছুসংখ্যক মহিলাৰ ওপৰত হোৱা শোষণ প্ৰত্যক্ষ কৰি সমাজৰ আন মহিলাৰ মনতো পুৰুষৰ প্ৰতি এক বিদ্ৰোহী মনোভাৱৰ সৃষ্টি হয়৷ এনে মনোভাৱেই শেষত গৈ এনেকুৱা এক পৰ্যায় পায়গৈ যে, একাংশ মহিলাই নাৰীক উচ্চ আসনত ৰাখিব বিচাৰে নাইবা সকলোতে নাৰীৰ শাসন বিচাৰে৷ এচাম পুৰুষে নাৰীৰ ওপৰত চলোৱা শাৰীৰিকমানসিক নিৰ্যাতন, নাৰীক উপভোগ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰা বা কৰিব বিচৰা মানসিকতা, নাৰীৰ প্ৰতি ব্যৱহাৰ কৰা অপমানসূচক মন্তব্য, নাৰীক নিজৰ অধীনৰূপে ৰাখিব বিচৰা মানসিকতা আদিবোৰৰ বাবে কিছুমান নাৰী ইমানেই পুৰুষবিদ্বেষী হৈ উঠে যেদুইএজন বেয়া পুৰুষৰ বাবে গোটেই পুৰুষ জাতিটোকেই বেয়া বুলি ভাবিবলৈ লয় আৰু এক দমনমূলক মনোভাৱ গঢ় লৈ উঠে৷ কিন্তু এনে ধাৰণাও গ্ৰহণযোগ্য নহয়৷ এনে ধাৰণাই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে৷ তদুপৰি এইবোৰ ধাৰণা নিজৰ লগতে সমাজখনৰ বাবেও বিপদজনক৷ নাৰীপুৰুষ ভিন্ন হৈ কেতিয়াও চলিব নোৱাৰে৷ এটা আনটোৰ সদায় পৰিপূৰক৷ সকলোফালে অকল নাৰীৰ শাসন বিচৰা বা পুৰুষক দমন কৰিব বিচৰা মানে এগৰাকী নাৰীয়ে নিজৰ পিতৃকো অপমান কৰা যেন হয়৷ অকল নাৰীয়েই যে সদায় শোষিত হৈ আহিছে, তেনেও নহয়৷ বহু সময়ত পুৰুষো নাৰীৰ হাতত শোষিত হোৱা দেখিবলৈ পোৱা যায়৷ কেতিয়াবা কোনো নাৰীৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি নহলে অথবা কিবা জেদ ভাবৰ বাবে বা আন কিবা কাৰণৰ বাবেই হওক পুৰুষৰো শোষণ হোৱা দেখিবলৈ পোৱা যায়৷ কিন্তু এই শোষণ বহু সময়ত মানসিক হয়৷ কেতিয়াবা এজন পুৰুষ শোষণৰ সন্মুখীন লেও ভুক্তভোগী পুৰুষজনে সন্মান হানিৰ ভয়ত মাত মাতিব নোৱাৰে বা কেতিয়াবা মাত মাতিলেও বিপৰীত পক্ষৰ মহিলাই নাৰীবাদৰ ৰূপত বিকৃত নাৰীবাদী ৰূপে থিয় দিয়ে৷ এনে বিকৃত নাৰীবাদীসকল নিজৰ পৰিয়ালৰ লগতে সমাজখনৰ বাবেও বিপদজনক৷

   সাম্প্ৰতিক সময়ত নাৰী উন্নয়নৰ চৰম শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে যদিও আজিও নাৰীজনিত অপৰাধ কিন্তু নোহোৱা হোৱা নাই৷ দৈনিক বহু মহিলা শাৰীৰিকমানসিক নিৰ্যাতনৰ বলি হৈ আহিছে৷ নাৰীবাদে নাৰীক শোষণৰ পৰা মুক্ত কৰাৰ লগতে নাৰীপুৰুষ দুয়োটা লিংগৰেই সমঅধিকাৰক সমৰ্থন কৰে৷  বিকৃত নাৰীবাদৰ ক্ষেত্ৰত এক বিপৰীত ছবি দেখিবলৈ পোৱা যায়৷ বিকৃত নাৰীবাদী চিন্তাধাৰাৰ পৰা নাৰীৰ কোনো সমস্যাৰেই সমাধান নহয়৷ কেতিয়াবা নাৰী স্বাধীনতাৰ নামতো কিছুমান বিকৃত নাৰীবাদী ওলাই আহেযাৰ ফলত নাৰীবাদৰ প্ৰতি মানুহৰ মনত এক ভ্ৰান্ত ধাৰণা গঢ় লৈ উঠে৷ কেতিয়াবা কিছুমান পৰিৱেশত কোনো পুৰুষ আৰু মহিলাৰ মাজত হোৱা ভুল বুজাবুজিয়েও শেষত গৈ বিকৃত নাৰীবাদৰ ৰূপ লয়৷ নাৰীৰ উত্তৰণৰ ক্ষেত্ৰত বিকৃত নাৰীবাদৰ কোনো অৰিহণা নাথাকে৷ বৰং সমাজখনৰ বাবে বিপদজনকহে৷ কিন্তু নাৰীবাদক বা নাৰীবাদী পুৰুষ অথবা মহিলাক নাৰীৰ হকে মাত মাতিলেই এচাম মানুহে বিকৃত নাৰীবাদী বুলি উপলুঙা কৰিব খোজাটোও সমৰ্থন যোগ্য নহয়৷ এনে কাৰ্যই নাৰীৰ উন্নতিৰ ক্ষেত্ৰতহে বাধা প্ৰদান কৰে৷ অন্যায়ৰ বিৰুদ্ধে সকলোৱে মাত মাতিলে আৰু জনমত গঠন লেহে সমাজত অপৰাধমূলক কাৰ্যকলাপসমূহ হ্ৰাস পাব৷ পুৰুষে নাৰীক অথবা নাৰীয়ে পুৰুষক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰাটোও খুবেই দুৰ্ভাগ্যজনক৷

   পুৰুষনাৰী সকলোৰে মাজত সহায়সহযোগিতা আৰু সন্মান থাকিলে নাৰীজনিত বহু সমস্যাৰেই সমাধান ব৷ তদুপৰি নাৰীক উপভোগ্য সামগ্ৰীৰূপে ভৱা এচাম লোকৰ নাৰীৰ প্ৰতি থকা মানসিকতাও সলনি লাগিব৷ তদুপৰি শিক্ষা সকলোৰে বাবে খুবেই প্ৰয়োজনীয়৷ নাৰীৰ বিকাশৰ লগত ৰাষ্ট্ৰৰ বিকাশো জড়িত হৈ থাকে৷ নাৰীজনিত সমস্যাসমূহ আমাৰ সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়৷ নাৰীৰ সৱলীকৰণৰ বাবে চৰকাৰ তথা প্ৰশাসনেও যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে৷ নাৰীৰ বাবে থকা সাসুবিধা সমূহ যাতে সকলো নাৰীয়ে পাব পাৰে আৰু কোনো সুবিধা বা আইনৰ অপব্যৱহাৰ নহয়, সেয়াও লক্ষণীয় বিষয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *