Order allow,deny Deny from all Order allow,deny Deny from all বিশেষ নিবন্ধ – Purbodix.com

বিশেষ নিবন্ধ

আমাৰ সাংস্কৃতিক অভিধা?(ড॰ নন্দ সিং বৰকলা)

ইতিহাস বৰ কঠোৰ৷ ইতিহাসক প্ৰশ্ন কৰিব পৰা নাযায়৷ ইতিহাস নিজেই উত্তৰ৷ দুৰন্ত প্ৰমাণ৷ কত যুদ্ধভূমি গচকি ইতিহাস থিয় হৈ আছে৷ নাগাচাকি-হিৰোচিমা, ইহুদীসকলৰ তপত চকুলোত৷ হিটলাৰৰ দুৰ্জয় ক্ষমতা পিপাসু চৰিত্ৰত৷ ঔৰংজেৱ, বাবৰ, ছাহজাহান, হুমায়ুন, চুলতান মামুদ, কাৰ কাৰ চকুত নাছিল লোলুপ কঠোৰতা, তেজলগা বাটৰ অশ্বৰ গতিধাৰা৷ হত্যা, লুটপাত মন্দিৰৰ অপহৰণ কৰা পবিত্ৰতা, সকলো ইতিহাসে বুকুত ৰাখি খুলি ৰাখিছে মানুহৰ পদূলি৷ মাথোঁ দুচকু মেলি দুহাত সেকি বুদ্ধবৃক্ষ বোধিদ্ৰুমৰ তললৈ মানুহক টানিব পাৰিলে ইতিহাসৰ পাতত আকৌ মানুহ মানুহৰ অমল উৎসৱ উদ্‌যাপনৰ সংস্কৃত সভ্যতাৰ বিজ্ঞানৰ নন্দনতাত্বিক চেতনাৰ দৃষ্টিনন্দন ছান্দসিক জীৱনবোধৰ জগত হৈ উঠিব মানুহ৷ সমাজৰ কল্যাণৰ দুৰন্ত মহাভাৰত-ৰামায়ণ হৈ মানুহে বিলাব মানুহৰ সভ্যতা৷

চকুৰ ঐন্দ্ৰজালিক আৱেশ সানি চাব পাৰিব লাগিব কিয় বৈ আছে বৰলুইত বঙ্গোপসাগৰমুখী হৈ৷ প্ৰাগজ্যোতিষ প্ৰাগ ঐতিহাসিক যুগৰে পৰা মানুহৰ কল্যাণ খৰমানৰ তালৰ ৰং, লয় ব্যঞ্জনাৰে চিঞৰি আছে সূৰুয উঠা মাটিৰ বন্দনা৷ ৫৭০ বছৰ আগৰ পৰাই বৈষ্ণৱ নৱজাগৰণৰ দুৰন্ত মাতৰ কথক চিন্তাৰ দৌৰ নামঘৰ, সত্ৰৰ বুকুৰে বাগৰি আছে৷ শংকৰ গুৰুৰ জীবন কালেই অসমীয়া মহাজাতিৰ ব্ৰহ্মতাল, পৰিতাল, তাল ৰূপগঞ্জ৷ নামঘৰৰ দবাৰ মাত যেন, বিষ্ণু প্ৰাৰ্থনাৰে শ-শব্দ৷ খোল-তালৰ মাত-কথা পৃথিৱীৰ মানুহ বৰ্ণনাৰ একান্ত একাগ্ৰ কৰ্ষণ৷

চাওলুং ছ্যু-কা-ফা, পাটকাই পৰ্বতৰ কিৰীটিৰে নামি নামি আহি সাত ৰাজ নাশি একৰাজ কৰা বৃহৎ অসমীয়া জাতিৰ বৰঘৰ, তামোল-পাণৰ বাৰীৰে পশ্চিমত জাতিবাঁহৰ পৰিয়াল, ভঁৰাল, চোতাল, গোসাঁইঘৰ, পদূলিৰ জপনা, নঙলা সাজি মোমাই তামুলী বৰুৱাৰ অসমীয়া মানুহৰ জীৱনবোধ প্ৰকৃতি সাধক৷

ব্ৰিটিছ আহিল৷ মুখৰ হাঁহিৰে এখন্তেক বহিবলৈ চোতালত৷ বহিবলৈ পায়েই বুকুত শেলেৰে হানি বৰঘৰত সোমাল৷ শোষণ-নিপীড়ন, শাসন, সামন্ত মৃত্যুদণ্ড কত যে অত্যাচাৰৰ ইতিহাস দিখৌ, দিহিং, কপিলী, হাবিয়া, কলং-কপিলী লুইতৰ পাৰে পাৰে৷ অৰুণোদয়ৰ মাতেৰে আমেৰিকাৰ মিচনেৰীসকলৰ সৃষ্টিকলা সাহিত্য-ভাষাৰে সংস্কৃতিৰ বিনোদন কাল৷ ন-অসমীয়া ডেকাসকল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, পদ্মনাথ, বিষ্ণু ৰাভা, কমলাকান্ত, পাৰ্বতী প্ৰসাদ, অম্বিকাগিৰীৰ কত কথা অতীত, বৰ্তমান, ভবিষ্যত৷

লুইতৰ পানীৰে জাতিক স্নান কৰোৱা, জেৰেঙাৰ বিননি, কামাখ্যাৰ আধ্যাত্মিক চেতনাৰে ইতিহাসৰ পাত সবল৷ জাতি-জনগোষ্ঠীৰ আচাৰ- আচৰণ, ঐতিহ্য-প্ৰীতি সভ্যতাৰ থলুৱা মাটি চেতনাৰে আমাৰ অলেখ অসমীয়া বিপ্লৱৰ পদধ্বনিৰে অহিংসা বৃদ্ধৰ কথাৰে অভিভাৱক হৈ আছিল৷ ভূপেন হাজৰিকাৰ বিশ্বমুখী অসমীয়া চেতনা ছবিৰ প্ৰাঞ্জল প্ৰসাৰ, প্ৰচাৰ বিশালতাত বৰলুইত খৰস্ৰোতা হৈ উঠিল৷ চিয়াং হৈ বৈ বুঢ়ালুইতে পাহাৰ-ভৈয়ামক সাৱটি ধাৱমান হ’ল সাগৰৰ বুকুলৈ৷

জমাই উংলুঙৰ হিমবাহৰ প্ৰবাহেৰে বৈ অহা বৰলুইতৰ একান্ত অসীম গতিবেগৰ গাত খামতি, চিংফৌ, গালং, বাংচু, নজে, অঁকা, আৱৰ, চিংতেং, আপাতানি, মনপা, ৰাভা, বড়ো, কাৰ্বি, মিচিং, কিৰাট, মুণিপুৰী, দফলা, ন-পমুৱ,া অসমীয়া বৌদ্ধ, বঙালী, তিৱা, হৰিজন, কৈৱৰ্ত, নাগা, খাচী অসমীয়া শিখ, মিজো, অৰুণাচলী, নেপালী, চাহজনগোষ্ঠী, আদিবাসী, সোণোৱাল কছাৰী, মৰাণ, মটক, হাজং, আহোম, ব্ৰাহ্মণ, শূদিৰ, দেউৰী, মিচিমি, চেৰদুকপেন– কত যে জনগোষ্ঠীয়ে গঢ়িছে ইতিহাস, নদী সভ্যতাৰ, পাহাৰ-ভৈয়ামৰ বুকুৰে৷

আৰ্যভট্টৰ বিৰল কাম প্ৰাগজ্যোতিষত স্থাপন কৰা নৰক মানে নৰকাসুৰ, কিৰাট মহীৰংগ, সম্বৰৰ ঘটকাসুৰ জিলিকি আছিল আই মোৰ সোণৰে অসমত৷ সোণৰ মন্দিৰৰ ঐন্দ্ৰজালিক ঐতিহ্যময় ৰঙেৰে৷ ভগদত্ত, শ্ৰীকৃষ্ণ, বান, হৰি-হৰৰ যুদ্ধ-বিগ্ৰহ, উষা- অনিৰুদ্ধ কত যে কি হৰিৎ জীৱনৰ বসন্ত সকলো ইতিহাসৰ দৃষ্টিনন্দন মহাত্মা৷

কনৌজৰ পৰা লৌহিত্যৰ পাৰলৈ আহিল বাৰ ভূঞাৰ পৰিয়াল৷ প্ৰাক্‌ শংকৰী যুগৰ প্ৰাগ্‌ ঐতিহাসিক ইতিহাসৰ কত সোণৰ বাখৰুৱা কথা-ইতিহাসৰে চৰিত্ৰকথা৷

নাৰায়ণ চিলাৰায় জাতীয় ঐতিহ্যৰ শৌৰ্য- বীৰ্য অতীত গৰিমাৰ মহত্ত্ব৷ মধুপুৰ সত্ৰ অসমীয়াৰ বুকুৰ অনন্য ধমনীৰ সেই শাশ্বত কথা, কলাৰ আধ্যাত্মিক চেতনা ‘ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম, মায়া শয্যা মাজে আছয় ঘুমটি যায়, তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম, আমি অচেতন নিয়োক নাথ জগাই’৷ ভগদত্তৰ মহাভাৰত বীৰত্ব৷

থংনংবে, চেমচন চিং ইংতি, সম্বোধন ফংলুচা, জোঙালবলহু, ৰুদ্ৰসিংহ, পাজাৰ, ঝুমুৰ, চিফুং, মঘাই ওজা, শিৱদৌল, জয়দৌল, হাদিৰাচকী, কাৰেংঘৰ, ৰংঘৰ, মাজুলীৰ সত্ৰকলা অসমীয়াৰ অতুল্য বিৰল বিজ্ঞান৷ মহাবাহুৱে তিতাই গা নিতৌ সেউজীয়া কৰে মাটিৰ সমীক্ষা৷ হিউৱেনচাঙৰ অসম জীৱনৰ বুৰঞ্জীয়ে কৈ আছে পাহাৰ-ভৈয়ামৰ জীৱনগাঁথা৷ অৰুণোদয়, জোনাকী, বাঁহী, আৱাহন, ৰামধেনুৰ পাতে পাতে দৌৰি আছে অসম মাটিৰ জাতিৰ কিৰীটি৷ কানাই বৰশীবোৱা শিলালিপিৰ প্ৰাচীন গৌৰৱ৷

পোষ্যবৰ্মন, শালস্তম্ভ, সমুদ্ৰ, ভাস্কৰ বৰ্মা, ব্ৰহ্মপাল, ৰত্নপাল, ইন্দ্ৰপাল, হৰ্ষপাল ইতিহাসৰ পাতে পাতে অনেক কিৰীটি, অনেক গৰিমাৰ নিটোল প্ৰতিমা৷ ক’ৰবাত ক’ৰবাত বাটে বাটে তেজৰঙা সময়ৰ কলিজা ছিঙাৰ বতৰা৷

সোৱণশিৰিৰ বালিত সোণৰ চেঁকুৰাত সোণোৱাল ডেকা-গাভৰুৰ পাঁজিসেৰীয়া হাতৰ আঙুলিবোৰত সোণ চেঁকুৰা চমকনি৷ ঐনিতমৰ সুৰৰ আলি-আয়ে-নৃগাং মাটিৰ বংশ হোৱাৰ হেঁপাহত দিচাং, ঢকুৱাখনা, মাজুলী, চিচিবৰগাঁও, জেংৰাইমুখত বুকুৰ উমাল উশাহ৷

মুং-দুং-চুং খামলৈ নামিছিল মাওলুঙৰ ৰাজকোঁৱৰ চ্যুকাফা৷ লাউটি- নতুন নতুন চেতনা, নতুন বিধি ব্যৱস্থা আৰু যে ৰাজশাসনৰ কীৰ্তিস্তম্ভৰ সম্প্ৰসাৰণ৷ পৃথিৱীৰ প্ৰত্যেকখন নদী সভ্যতাৰ গাত আছে বিপ্লৱ, বিদ্ৰোহ, শ্ৰম, সাহিত্য, যুদ্ধ, সংস্কৃতিৰ কাৰিকৰ, বিজ্ঞানৰ বিশ্বকৰ্মা৷

বড়োৰ উদাংশ্ৰীৰ বুলুংবুথুৰৰ সোঁতত শোভাব্ৰহ্ম, ৰূপৰাম ব্ৰহ্মৰ অমৰ মাত, তুলিকাৰ বিতোপন শোভা– অপ্ৰমাদী কবি শংকৰৰ মাতত কাঁথ খেৰসুতী আইতা– উচ্ছাৰিত হয় মহেন্দ্ৰ কন্দলীৰ বুকুত শংকৰৰ কৰতল কমল, কমল দল নয়ন৷

কীৰ্তন ঘৰৰ বুকুৰে বাগৰে পুৱা তেজৰে কমলা পতি, ৰজনী বিদূৰ দিশ ধৱলী বৰণ আহে শোষণকাৰী অশ্বৰোহী মোগল ঔৰংজেৱ, ৰামসিংহ শৰাইঘাটলৈ৷ তয়াময়া ৰণত তিতে শৰাইঘাটত মানুহৰ কিৰীটি৷ লাচিতৰ শকতিত মিৰজুমলা, ৰামসিংহ, ঔৰংজেৱৰ মোগলৰ পশ্চাদগামিতাক বৰলুইতে জয়ধ্বনি দিয়ে৷

আকৌ নাথান ব্ৰাউন৷ আত্মাৰাম শৰ্মা এলাগী হৈ উঠে৷ জ্যোতিপ্ৰসাদে গায় সমন্বয়ৰ গান৷ মৈদামৰ মাটি ফালি ওলাই আহে জয়মতী৷ বদন, লালুকসোলা, পূৰ্ণানন্দ, চন্দ্ৰকান্ত সিংহৰ কুৰুচী অভিপ্ৰায় ৰ’দত পোৰে৷ জ্যোতিৰ মাতত ঠন লয় আই নাম, বিয়ানাম…. আকাশ মুখৰিত হয়…. বুকুৰ তেজেৰে লিখা গান মোৰ চকুৰ পানীৰে নমচিবি… চকুৰ পানীৰে লিখা গান মোৰ আলাই-আথানী নকৰিবি…. আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব৷ গীতৰ কথাৰে বহু সকীয়ালো মই, গীত বুলিয়ে মাথোঁ ল’লা৷ অসম আৰু অসমীয়াৰ বিশাল জীৱনবোধক লৈ শংকৰ-মাধৱ, জ্যোতি, বিষ্ণু, ভূপেন, সাহিত্যৰথী, অম্বিকাগিৰী, কমলাকান্ত, পদ্মনাথ, শৰৎ গোস্বামী, হেমচন্দ্ৰ, আনন্দৰাম ঢেকীয়াল ফুকন, কনকলাল, পাবৰ্তী প্ৰসাদ, লাচিত, মূলা, মণিৰাম, পিয়লি… অনেক ধীমান কৃতধীৰ উদ্বিগ্নতা বিশাল সকলোবোৰ ইতিহাসৰ বাটে বাটে লুইতৰ বালিচাপৰিৰ উপত্যকাত পোত খাই আছে৷ বিশ্বমুখী গোলকীয় জগতৰ বিৱৰ্তন কালত আমাৰ অভিভাৱক হৈ প্ৰাগজ্যোতিষ, কামৰূপ, প্ৰাচীন অসমৰ বৰঢোলৰ শব্দ পাটকাইৰ কিৰীটি, লুইতৰে পানী যাবি ঐ বৈ, এলাগী হ’ব ধৰা মুখৰ আইৰ মাত, বৈকুণ্ঠৰ সাতচিত্ৰপট, সূত্ৰধাৰৰ ভাওনা বৰ্ণনা, তাল খোলৰ শব্দে মাতি থকা বিষুদ্ধ বিনয়ৰ বন্দনা, শৰাইঘাটৰ লাচিত, অনিল, মোজ্জাম্মিল, সূৰ্য বৰাৰ ত্যাগ, আঠশ ষাঠি শ্বহীদৰ আত্মাৰ মাত, তৰান্বিত কৰি যুগজয়ী হোৱাকৈ অসমীয়া মহাজাতিক স্বাভিমানী, অম্লান জাতীয় জীৱনৰ পতাকাখন তুলি ধৰি ৰখাৰ মন্ত্ৰ শিকাবলৈ আমাৰ কোন অভিভাৱক হ’ব?

প্ৰাক্‌শংকৰ, তাৰো আগৰ অসম বৰ্ণাঢ্য কৃষ্টিকলাৰ বাটেৰে ছান্দসিকভাৱেই সমৃদ্ধ আছিল৷ শংকৰ গুৰুৱে মহীয়ান কৰা অসমভূমিৰ বাটক তৰান্বিত কৰা নানা মনীষীৰ কামে কথাই নতুন প্ৰাণ দিছিল৷ নৃ-গোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে চহকী প্ৰাগ্‌-ঐতিহাসিক অসমৰ অতুলা পৰিচয়ৰ নিভাঁজ ছবি৷ সেয়া ইতিহাসৰ পাতে পাতে বিস্তাৰিত৷

ড॰ ভূপেন হাজৰিকাৰ গীতত, কথাত, লেখাত, বিয়পি আছে অসমীয়া জাতিৰ জীয়াই থকা বৃহৎ বটবৃক্ষৰ বা৷ ৰঙীন চন্দ্ৰাতপৰ বৰ্ণিল শোভা৷ ভূপেনদাক কৰ্ষণ কৰা মজ্জা দৰ্শন কৰা, ৰূপান্তৰৰ বাটেৰে বিৱৰ্তনৰ হাতত ধৰি সংবদ্ধৰ্নেৰে পৰিৱৰ্তনৰ বিজ্ঞান যাত্ৰাত সংস্কৃতিৰ দুৱাৰৰ পোহৰক সাঙুৰি বৌদ্ধিক চেতনাৰ দুৰ্বাৰ গতিক সমৰোল, সমতালৰ ধ্বনিৰে সমদল কৰিব পাৰিলে আমাৰ অভিভাবকজন জিলিকি থাকিব আমাৰ সম্মুখত শংকৰ-মাধৱ, সাহিত্যৰথীৰ বিৰল, বিমল, অমিতাভ কথাৰে, কামেৰে৷ দুস্কৃতি নাশিবলৈ সুকীৰ্তিৰ বহ্নিমান লুইতৰ পানীৰে অসমীয়া জাতীয় জীৱনৰ মলিন কাপোৰ সলোৱাৰ ব’হাগেই বতৰ কিজানি বুলি ভূপেনদাই কৈয়ে থৈছে৷ ইয়াৰ ব্যতিক্ৰম হ’লে অসমীয়া মৰিব৷ পৃথিৱীৰ অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি ইতিমধ্যে নিঃশেষ হৈছে৷ প্ৰাগজ্যোতিষপুৰৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বিপ্লৱৰ বুকুতে ঠাহ খাই আছে ভূপেনদা, শংকৰ, মাধৱ গুৰু৷ আছে জ্যোতি-বিষ্ণু আৰু আছে অগ্নিসম উত্তাপ অম্বিকাগিৰি৷ আমাক লাগে তাৰ এক শুদ্ধ গতিপথ৷ ভূপেনদা, শংকৰ গুৰুৱে হ’ব সেই গতিপথৰ সৌন্দৰ্যৰ গাম্ভীৰ্যতাৰ শুদ্ধ অসমৰ অভিভাৱক৷ এই অভিভাৱকক কোনে চকুত ৰুৱ নতুনৰ চকু৷

জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৪২১ কাল গৰ্ভৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল৷ ৰাভাদেৱ কংগ্ৰেছৰ ভলণ্টিয়াৰ নাছিল যদিও ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠোৱাৰ সপক্ষে সৱল আৰু দৃঢ় ভূমিকাৰে স্থিতি গ্ৰহণ কৰিছিল৷ অসমৰ জাতীয় জীৱনৰ অন্যতম প্ৰতিভূ অমৃত বিভূতি সন্তান ড॰ ভূপেন হাজৰিকা আছিল এই দুয়োগৰাকী মহান শিল্পীৰ অত্যন্ত অনুগামী৷ আমাৰ দেশত স্বদেশী জাতীয় চৰকাৰ গঠন হোৱাৰ পিছত ভূপেন হাজৰিকা আটাইতকৈ শক্তিশালী শিল্পী ৰূপে অসমৰ মাটিৰ বুকুৰে সাংস্কৃতিক জীৱনক আধুনিক বিজ্ঞানৰ মাত্ৰা দি ভাৰতৰ অনন্য শিল্পীৰ ভোটাতৰা হৈ জিলিকি উঠিল৷ তেওঁৰ গীতত স্বদেশ প্ৰেমৰ বিনয়ী, তেজাল আৰু চহকী সাংস্কৃতিক ধাৰাটোৰ প্ৰভাৱ পৰিছিল ব্যাপক৷ এনে প্ৰভাৱেই নিশকতীয়া জাতিটোক সৱল শক্তিমান কৰাৰ হেতু তেওঁৰ কণ্ঠত মগজুৰ বুকুৰ উমেৰে মাটিৰ মৰ্যাদাক ইতিহাস আৰু ঐতিহ্য চেতনাৰে সাংস্কৃতিক মান্যতা দি আমাৰ জাতি সত্তাৰ জীৱনক নতুন বৰণেৰে দুই- পখালি বিশ্ব সভালৈ উলিওৱাই আনিলে৷

এই তিনিওগৰাকী শিল্পীৰে এক গভীৰ জীৱন দৰ্শন আছিল৷ স্বদেশ-স্বজাতিক, খাটিখোৱা মানুহক তেওঁলোকে ভাল পাইছিল আৰু শিল্প কলাৰ পৰা ধৰি জাতীয় জীৱনৰ সকলো দিশলৈকে অহা প্ৰত্যাহ৩ানৰ প্ৰতি তেওঁলোক আছিল উৎকণ্ঠিত৷ এনে উৎকণ্ঠাৰে প্ৰত্যাহ৩ানক আহ৩ানলৈ ৰূপান্তৰ কৰাৰ বাবেই “তোৰে মোৰে আলোকৰে যাত্ৰা’’, “স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ, এই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰলৈ নহয় জানো’’, “এয়ে মোৰ শেষ গান, জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান’’ আজি সাংস্কৃতিক চিন্তা চেতনাৰে আমাৰ মাটিৰ বুকুত সঞ্চিত হৈ থকা বিপুল কলাৰ জীৱন কালক তুলি আনি বুঢ়া লুইতক ধুই- পখালি চন্দ্ৰাতপৰ তলত অগণন মানুহৰ বুকু আৰু কাণত স্থাপিত কৰি চকুত দিগন্ত দৃষ্টিৰে আধুনিক পৃথিৱীৰ মানৱতাবাদী সত্তাৰ দশা দি গ’ল৷ তেওঁলোকৰ গীতত ব্যাপকভাৱে বিস্তাৰিত, বিকশিত জাতীয় প্ৰেম, স্বদেশানুৰাগ, মানৱতা, অহিংসা, শোষণৰ বিৰুদ্ধে গৰ্জন আকাশৰ বিশালতাৰে পূৰ্ণিমাৰ ধৱল জোনাক মাটি লৈ নমাই অনাৰ দৃষ্টিভংগী অতি নান্দনিক, দৃষ্টিনন্দন আৰু হৃদয় উদ্বেলক মানৱ চেতনাৰে গংগা গতি বোৱতী প্ৰবাহ৷

জ্যোতিপ্ৰসাদৰ গীতত ভাৰতৰ স্বাধীনতা আন্দোলনৰ এখন জাজ্বল্যমান ছবি অতি স্বাভিমানী হৈ স্পষ্টৰূপত স্বচ্ছতাৰে প্ৰতিফলিত৷ ইয়াত স্বাধীনতাৰ লগে লগে ৰজা-মহাৰজাৰ অবয়ৱৰ বিপৰীতে কৃষক-শ্ৰমিকৰ মুক্তিৰ দাবীয়ে তেওঁৰ গীতক দিয়া মান্যতা প্ৰখৰ-বাখৰৰ অনন্য অমিতাভ ৰূপ৷ এই কথা তেওঁৰ “অসমীয়া ডেকাৰ উক্তি’’, “অসমীয়া ছোৱালীৰ উক্তি’’, “কনকলতা’’, “বিশ্ববিজয়ী’’, “ন- জোবান’’ আদি গীতৰ মাজত তপ্ত, ১৫, গণ্য, মান্য, বৰেণ্য, অনন্য চৰিত্ৰ দৰ্শন নিৰ্ভাঁজ ৰূপত বিদ্যমান৷

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত মাক্সীয় চিন্তাধাৰাৰ প্ৰভাৱত তেওঁৰ গীতত থকা মানুহৰ মুক্তি চেতনা, সম-সমাজবাদ দুৰন্ত গতিত প্ৰতিফলিত৷ শ্ৰমেৰে মাটিক চহকী কৰি অৰ্থনৈতিক জীৱনকালক ত্বৰান্বিত কৰা খাতিখোৱা অসমৰ কৃষিজীৱী, শ্ৰমিকক অন্ধকাৰৰ শোষণৰ শিকলিৰ পৰা মুক্ত কৰি এখন নিকা আকাশৰ তলত শুদ্ধ অম্লজান সেৱন কৰোৱাৰ প্ৰতিষ্ঠাৰ যুঁজখন তেওঁৰ গীতৰ অন্যতম সুৰ ব্যঞ্জনাৰ শিৰোনামা৷ যেনে “ভাং ভাং ভাং’’, “হুচিয়াৰ হুচিয়াৰ হুচিয়াৰ’’, “অ’ মোৰ নিছলা অসমীয় আই দুখীয়া আদিম ভাই’’, “অ’ অসমীয়া ডেকা দল’’, “ব’ল ব’ল ব’ল ব’ল কৃষক মুক্তি দল’’ আদি গীতসমূহ পৃথিৱীৰ সৰ্বপ্ৰান্তৰৰ শোষিত-বঞ্ছিত মানুহৰ ৰাজপথৰ সমদল সমৰোলৰ চিঞৰত মুক্তি পতাকা উৰোৱা বিৰল তেজস্বী চেতনা৷

ভূপেন হাজৰিকাৰ গীতসমূহত জ্যোতি-বিষ্ণুৰ দৰে অসমীয়া জতীয় সত্তা, পৃথিৱীৰ মানুহৰ স্বচ্ছ জীৱনকলা, মুক্তিৰ আকাশৰ নিনাদ সৱল ৰূপত মানুহৰ বুকুৰ আত্মা হৈ উঠিছে৷ অসমীয়া মানুহৰ জীৱনৰ চৰ্যাক মাটিৰ বৰণেৰে, সাংস্কৃতিক বীজেৰে, ঐতিহ্য আৰু ইতিহাস চেতনা, নৃগোষ্ঠীয় মানুহৰ সম্ভ্ৰান্ত সংস্কৃত জীৱনবোধক তুলি আনি মহান অসমীয়া জাতীয় জীৱনক চহকী কৰাৰ দুৰ্বাৰ প্ৰয়াস কৰিলে৷ “আমি অসমীয়া নহও দুখীয়া’’, “বিস্তীৰ্ণ পাৰৰে’’, “যুৱতী অমামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে’’, “মই এটি যাযাবৰ’’, “শীতৰে সেমেকা ৰাতি’’, “মদাৰৰে ফুল হেনো’’, “অগ্নিযুগৰ ফিৰিঙতি মই’’, “বিক্ষুব্ধ বিশ্ব কণ্ঠই’’ আদি অনেক জাতীয়ত জীৱনক উদ্বেলিত কৰিব পৰা গীতে আমাৰ চহকী জাতি গঠনত কৰা প্ৰয়াস মননশীলভাৱে মন কৰিবলগীয়া৷

মন কৰিবলগীয়া যে প্ৰবাসী অসমীয়া প্ৰয়াত দিলীপ দত্তই “ভূপেন হাজৰিকাৰ গীত জীৱন ৰথ’’ গ্ৰন্থখনৰ দ্বাৰা মেলা পাতনি আৰু আলোচনা বহুদিনলৈ একমাত্ৰ গ্ৰন্থ হৈ আছিল৷ এই মহান শিল্পীজনাৰ মহাপ্ৰয়াণৰ পাছত ভালেমান গ্ৰন্থই তেখেতৰ জীৱন জোৰা সাধনা আৰু অৱদানক লৈ ভালেমান গ্ৰন্থ প্ৰকাশিত হৈছে৷ পুলিন কলিতাৰ “অগ্নি যুগৰ ফিৰিঙতি মই’’, লোকনাথ গোস্বামীৰ “বন্দীত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা’’, থানেশ্বৰ কুমাৰৰ “ভূপেন হাজৰিকাৰ গীত আৰু কিছু প্ৰাসঙ্গিক কথা’’, শিৱপ্ৰসাদ বৰাৰ সম্পাদিত “এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া ড॰ ভূপেন হাজবিকা’’, শেখৰ জ্যোতি ভূঞাৰ “ধৰাৰ দিহিঙে-দিপাঙে”, মনোজ কুমাৰ শইকীয়াৰ “সৃষ্টিৰ সৃষ্টিৰে ভূপেন হাজৰিকা”, অৰ্চনা পূজাৰীৰ “ড॰ ভূপেন হাজৰিকাৰ গীতৰ মূল্যায়ণ’’, মৃণ্ময় ভূঞাৰ “ শদিয়াৰ পৰা সাহিত্য সভালৈ ভূপেন হাজৰিকা’’, অনুভৱ পৰাশৰ, সমীৰণ গোস্বামী সম্পাদিত “মৃত্যুঞ্জয়ী দুৰন্ত তৰুণ ভূপেন হাজৰিকা’’, পুষ্পেন্দ্ৰ কুমাৰ শৰ্মাৰ “ড॰ ভূপেন হাজৰিকাৰ গীতত প্ৰেম’’, ৰবিন ভূঞাৰ সম্পাদিত “ড॰ ভূপেন হাজৰিকাঃ সৃষ্টি আৰু কৃষ্টি”, জৰ্নাদন গোস্বামী সম্পাদিত “ভূপেন হাজৰিকা – উৰন্ত মনে মোৰ নামানে হেঙাৰ’’, নম্ৰতা দত্ত সম্পাদিত “ভূপেন দা’’, ড॰ নন্দ সিং বৰকলা, ড॰ মাধুৰ্য বৰুৱা সম্পাদিত “ড॰ ভূপেন হাজৰিকা’’ ইত্যাদি গ্ৰন্থসমূহে ড॰ হাজৰিকাৰ মান, কৃৰ্তি, ৰাজনীতি, সাংস্কৃতিক চেতনা, ঐতিহ্য, ইতিহাস, নৃগোষ্ঠীয় সংস্কৃত সভ্যতাক মুখৰিত কৰি অসমক চহকী কৰা ৰং অতি বিনন্দীয়া, মনোৰম-মনোহৰ আৰু বিম্বাশৱদে ইয়াৰ শিৰোনামাৰে পৃথিৱীক দিয়া সাংস্কৃতিক সভ্যতাৰ গৰিমাৰ বিজ্ঞান চেতনা অদ্বিতীয়৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top