প্ৰেতাত্মাৰ কাজিয়া(ৰঞ্জিত দত্ত)

২০ বছৰ আগৰ কথাঃ কাৰ্বি আংলং Journey – (Second part)
ডকাইত কেইটাক থানাত গতাই, পূনৰ আমি সকলো শিল্পী কাৰ্বি আংলং পেণ্ডেলটোলৈ যাত্ৰা কৰিলোঁ৷ গৈ পোৱাৰ পিছত শিল্পীসকল ৰূমে ৰূমে গ’ল৷ পাহাৰীয়া ঠাই৷ ঘনবসতি বহুত সেৰেঙা৷ মোকো দুই কিঃমিঃ মান দূৰত থাকিবলৈ দিলে৷ পুহ মাহৰ কথা৷ সন্ধিয়া নাটক আৰম্ভ কৰিলোঁ৷ সাজ–সজ্জা (Green room) ১ কাষতে জুই একুৰা জ্বলাই বহি আছোঁ৷ বহুত ঠাণ্ডা৷ কুঁৱলি পৰিছে৷ কিছু সময়ৰ পিছতে সমিতিৰ বিষয়ববীয়া এজনে ক’লেহি– দত্ত দা দিনত যে কৈছিলোঁ– বস্তুটো লৈ আহিছোঁ৷ এইটো গেলান আৰু এই শুকান মাছখিনি বিলাই দিয়ক খাবলৈ সকলোকে৷ আমাৰ ইয়াত মেলেৰিয়া–কলেৰা আদি বেমাৰৰ পৰা বাছি থাকিবলৈ হ’লে মদ আৰু শুকান মাছ খাবই লাগিব৷ পাহাৰৰ নিজৰাৰ পানী খোৱাৰ অভ্যাস আপোনালোকৰ নাই যেতিয়া হ’ব৷ বহুত বহুত ধন্যবাদ৷
নাটক শেষ হ’ল৷ দৰ্শক ওলাই গৈ আছে৷ সমিতিৰ বিষয়ববীয়া কেইজন মানে আৰু এটা গেলান লৈ মোৰ কাষত বহি ল’লে৷ এজনে ক’লে ঘৰত বনোৱা চুলাই৷ বহুত কাঢ়া দেই দত্তদা৷ বাটি এটাতে মদ আৰু তৰা পাতত শুকান মাছৰ চাটনি, শুকুৱাই থোৱা গাহৰি মাংসৰ ভাজি মোৰ ফালে চাই আগবঢ়াই দিলে৷ অভ্যাস নাই যদিও ৰৈ নাথাকিলোঁ৷ বস্তুবিধ খোৱাৰ পৰিমাণ বাঢ়ি গৈ আছে৷ বিভিন্ন কথোপকথন৷ তাৰ মাজৰে এজনে সুধিলে? দত্ত যাব পাৰিবনে? মই বোলো কিয়? নিচা লাগিছে বুলি ভাবিছা নেকি? ফিতাহি মাৰি বেছি বেছিকৈ কৈ দিলোঁ মই৷ দুই, তিনি কিঃমিঃহে দূৰ-? বাদ দিয়াহেঁ? দহ–বাৰ কিঃমিঃ যাব পাৰিম৷ কিমান নো খাইছোঁ? আৰু খাব পাৰিম৷ কিয় সুধিলে? নহয় মানে পাহাৰীয়া ঠাই যে, বাঘ ওলাই কেতিয়াবা৷ সেই কাৰণে সুধিলোঁ৷ হয় নেকি? এইখন, পিঠিত কি দেখিছা? তিনিহতীয়া একেঘাপে–৷ ইমান ভয়াতুৰ নহয় মই৷ বাঘৰ পিঠিত উঠি নেগুৰেৰে কাণ খজোৱা মানুহ মই৷
এজন এজন কৈ মোৰ কাষৰ পৰা গ’ল গৈ৷ ময়ো গেলানত থকা মদখিনি বটল এটাত ভৰাই আগবাঢ়িলোঁ৷ টৰ্চ লাইটটো ডিঙিত ওলমাই লৈ জ্বলাই চাওঁতে মাত্ৰ তাৰকেইডালহে জ্বলিছে৷ ধুৰন্ধৰ কেইটাই বেটাৰী কেইটা বদলি কৰি লৈ গ’ল৷ অৱশ্যে আজি পূৰ্ণিমাৰ নিশাৰ জোনৰ পোহৰ আছে৷ ঢলং পলং কৈ গৈ থাকোঁতে হঠাৎ মনত পৰিল– এই জহি–খহি যোৱা FORESথ্ব গেটৰ পিছফালে থকা কোৱাৰ্টাৰ কেইটাতে আমাৰ কৰ্মীসকলক থাকিবলৈ দিয়াৰ কথা৷ কাৰণ বাছত আহি থাকোঁতে দেখি আহিছোঁ নহয় বেডিং নি থকা৷ ভালেই হ’ব ইমান দূৰ যোৱাতকৈ ইহঁতৰ লগতেই থাকি দিও আজি৷ অ’ ল’ৰাহঁত, দৰ্জাখন দুৱাৰ খোল মই দত্ত দা আহিছোঁ কেইবাবাৰো মাতিলো৷ নোখোলাত মোৰ খং উঠিলত দৰ্জাখনত গোৰ মাৰি দিওঁতে খোলখাই হামখুৰি খাই পৰিলোঁ৷ তাৰমানে খিলি মৰাই নাছিল৷
ভিতৰত সোমাই গ’লো৷ আন্ধাৰ যদিও জোনৰ পোহৰত খিৰিকি আৰু ventilator ১ ফাঁকেৰে অলপ–চলপ পোহৰ পৰিছে৷ কিন্তু আমাৰ ল’ৰা কেইটাই মই অহা দেখি ভিতৰৰ ৰূম এটালে দৌৰ মাৰিলে৷ মই পিছে পিছে গ’লোঁ– সিহঁতে অন্য এটা ৰূমলৈ গুচি যাই৷ কিবা এষাৰ গুণ গুণাই৷ এনেকৈয়ে ইটোৰ পৰা সিটো ৰূমলৈ ঘূৰি ফুৰোঁতে মোৰ খং উঠিল৷ তহঁতি মোক খং উঠাই নলবি দেই–কিহৰ ধেমালি কৰি আছ? কাইলে কিন্তু গম পাই যাবি৷
মনতে ভাবিলোঁ এই কেইটাই মদ খাই আছে৷ সেই কাৰণে মোৰ ওচবলৈ অহা নাই৷ কিজানিবা গোন্ধ পাওঁ মই৷ এহ যোৱাগৈয়ে ভাল হ’ব বুলি ভাবি, ভিতৰত ঘুৰি ফুৰোতে দৰ্জাখন বিচাৰি নোপোৱা হ’লো৷ সম্পূৰ্ণ আন্ধাৰ হৈ গ’ল৷ জোনটো মেঘৰ মাজত সোমাই গ’ল৷ দৰ্জাখন বিচাৰি নাপাই বেৰখনতে ধৰি খেপিয়াই খেপিয়াই খিৰিকি এখন পাই ভাবিলো৷ লোহা কেইডাল বেকা কৰি যাব পাৰিম নেকি? সেইবুলি বেকা কৰি থাকোঁতেই তিনি–চাৰি ডালমান Frame ১ পৰা ওলাই পৰিল৷ মই বোলো বাচিলোঁ৷ যাব পাৰিম এতিয়া৷ এটা ভৰি পাৰ কৰিলোঁ৷ ইটো ভৰি পাৰ কৰিব লওঁতেই খিৰিকিৰ ফ্ৰেমটো বেৰ খনৰ পৰা ওলাই পৰিল– লগেলগে ধুপুচ্ অথাৎ তলত পৰিলোহি৷ ভাগ্য ভাল একো নহ’ল৷ বহু পূৰণি ঘৰ আছিল৷ পিছফালে দেখা পালো আৰু দুটা কোৱাৰ্টাৰ আছে৷ ধেৎতেৰি এনেই এইটো ঘৰত সোমালোঁ৷ আমাৰ ল’ৰাকেইটা পিছফালৰ এই ঘৰটোত হে আছে– বাৰান্দাত কাপোৰ নে প্লাচটিকৰ কিবা এখন মেলি থোৱা আছে৷ এনেই গালি পাৰিলোঁ ইহঁতক৷ মোৰ বুটজোটাযোৰৰ হে শব্দ হৈছিল চাগৈ৷ পিছফালৰ কোৱাৰ্টাৰটো পালোঁহি৷ কথাপাতি থকাৰ শব্দ৷ এইকেইটাই এতিয়ালৈকে শোৱা নাই? টাচ, জুৱা খেলি আছে৷ মই আজি খোৱা বুলি গম পাবই৷ তাতে যদি মদৰ বটলটো দেখা পায় বৰ বেয়া কথা হ’ব৷ কি কৰা যাই৷ বাবান্দাৰ চুকৰ খুটাটোতে আউজি খাই থাকোঁতে চিলমিলকৈ টোপনি গ’লো৷ কোৱাৰ্টাৰটোৰ ভিতৰত বিভৎস্য চিঞৰ–বাখৰ, মাৰপিট, কন্দা–কটা, হুলস্থূল, মোক বচা মোক নামাৰিবি– মই চক্ খাই চিঞৰি দিলোঁ৷ কিহৰ কাজিয়া লাগিছ বুলি, পিঠিৰ পৰা দীঘল মিতদাখন উলিয়াই লওঁতেই দেখা পালো, মোৰ সম্মুখত দুটা বাঘৰ পোৱালি৷ চকুকেইটা পেঞ্চিল বেটাৰীৰ টৰ্চ লাইটটোৰ দৰে৷ মোলৈ চাই চাই জংঘলৰ ফালে দৌৰ মাৰিলে৷ মাকজনীও নি(য় আশে–পাশে আছে? ভিতৰলৈ যোৱাই ভাল হ’ব৷ ইহঁতৰ কাজিয়াখন ভাঙি, বুজাই–পৰাই শুই থকাই ভাল হ’ব৷ নিচাও বহুত লাগিছে৷
দৰ্জাখনৰ ওচৰ পাওঁতেই মাইকী মানুহ এজনীয়ে কিবা এষাৰ কৈ উলাই গ’ল৷ কোন এইজনী? আমাৰ কোনোবা হ’ব নেকি? নে নাটক চাবলৈ আহা কোনোবা তিৰোতা? মই পিছ ললোঁ অ’ বাইদেউ, অ’ বাইদেউ ৰ’বচোন ৰ’ব৷ নাই নৰয় মই যিমানেই ওচৰ পাওঁগৈ সিমানেই তাই দৌৰ মাৰে– হঠাৎ পিছফালে চাই দেখা পালো ১০–১২ বছৰীয়া ছোৱালী এজনীয়েও ফেঁকুৰি ফেঁকুৰি কান্দি কান্দি আহি আছে৷ মানুহগৰাকীৰে জীয়েক হ’ব চাগৈ? সম্পূৰ্ণ স্কুল Uniform ত৷ মই তাইৰ কাষলৈ আগুৱাই গলো৷ অ’ ভণ্টি, অ’ মাইনা, কিয় কান্দিছা? মায়ে এৰি গ’ল নেকি? ইমান ঠাণ্ডাত কাপোৰ এখনো দিয়া নাই? ৰাতিখন এৰি থৈ গৈছে কেনেকুৱা মাক এইজনী৷ আহা মই লৈ যাম৷ ভয় নকৰিবা দেই৷ সেইবুলি ইফাল–সিফাল কৰোঁতে দেখা পালো তাই মাকৰ ওচৰ পালেগৈ৷ বা–এইজনীও কম নহয়৷ কোন তলকত দৌৰ মাৰিলে গমেই নাপালো৷ অ’ বাইদেউ, অ’ বাইদেউ বুলি মই খৰকৈ আগুৱাই গ’লোঁ৷ দুয়োজনীয়ে মোলৈ অলপ সময় থৰ্ লাগি চাই ওখ গছজোপাৰ তললৈ বিকট বিকট চিঞৰ দুটা মাৰি নামি গ’ল৷ মই বোলো হলৌকুট পিন্ধা অচিনাকি দেখি ভয় কৰিলি৷ যা ক’ত মৰ মৰগৈ৷ পুনৰ ৰূমলৈ যাব বিচাৰোতে মনলৈ আহিল কোন দিশে যাওঁ এতিয়া-? কোনফালে আহিছিলোঁ পাহৰিয়ে থাকিলোঁ নহয়? মই অহা পথটো এইটো নহয়– কোৱাৰ্টাৰটো বা কেনি আছিল? তালৈ গ’লেও কিজানি বাঘৰ পোৱালিকেইটাৰ মাকজনীক লগ পাওঁ৷ যি হয় হ’ব বুলি আগুৱাই গলোঁ জংঘলৰ মাজৰ পথটোৱেদি৷ অলপ দূৰ যোৱাৰ পিছত ৰিণিকি ৰিণিকি পোহৰ এটা দেখা পাই ভাল লাগিল৷ হেঁচাক লাইট (মেন্থল গেচলাইট) এটা জ্বলি আছে৷ বাৰাণ্ডাতে কাৰ্বি বুঢ়া তিনিজনে জুই জ্বলাই শুই আছে৷ মই কিবা সুধিলে ভিতৰলৈ দেখুৱাই দিয়ে৷ অসমীয়া বুজি নাপায়৷ ময়ো অৱশ্যে তেখেতসকলৰ কথা বুজি পোৱা নাই৷ ভিতৰলৈ সোমাই দেখা পালোঁ বিছনা তিনিখন আছে৷ এজন শুই আছে৷ মোক কোনোবা উগ্ৰপন্থী বুলি ভাবিছে চাগে৷ জোতাযোৰ খুলি শুই থকাজনৰ ভৰি শিতানৰ পৰা এৰী চাদৰ এখন টান মাৰি আনি শুই থাকিলোঁ৷ বৰ ভাল মানুহ৷ পুৱা ছয় মান বাজিছিল নেকি? হঠাৎ সাৰপাই গলোঁ৷ হাত ভৰি আৰু চকু বান্ধি গাড়ীত ভৰাই লৈ আনিল থানালৈ৷ লক্আপত ভৰাই দিলে৷ কাৰ্বি বুঢ়া কেইটাই গাঁওবুঢ়াক খবৰ দি দিলে৷ পিঠিত লৈ থকা মিতদাখন বন্ধুক লৈ অহা বুলি৷
মই থিয়েটাৰৰ বুলি সম্পূৰ্ণ কৈ ক’ব নাপাওঁতেই চৰ লগাই দিয়ে৷ মই থি–য়ে–৷ একো ক’ব নিদিয়ে৷ হিন্দীতে পাতি থকা শুনা পাইছোঁ৷ মোক ইয়াৰ পৰা লৈ যাব– কোনোবা ডাঙৰ officer আহিব এতিয়া৷ হে’ ভগৱান ক’ত কি জগৰ লগালোঁ মই৷ অলপ সময়ৰ পিছত সমিতি আৰু আমাৰ মানুহ আহিলত মোক ক্ষমা খুজি এৰি দিয়ে৷ সকলো কথা বিৱৰী কোৱাতহে আচল কথা গম পালোঁ৷ কি আচৰিত ঘটনা– সেই Forest কোৱাৰ্টাৰ কেইটাত আমাৰ কৰ্মীসকল দিনতে থাকিব নোৱাৰি ওলাই গৈছিল৷ প্ৰেতাত্মাৰ বাসস্থল হে আছিল ঘৰটো৷ আত্মা বিলাকে কান্দি থাকে৷ বিভিন্ন শব্দ হয়৷ আত্মাই বিচৰণ কৰি থাকে৷ সেই ঠাইখিনিত প্ৰায় দুৰ্ঘটনা হৈ মানুহৰ মৃত্যু হয়৷ এখন বাছৰ যাত্ৰী সম্পূৰ্ণ মৃত্যু হৈছিল, এই forest গেটখনত খুণ্ডা মাৰি–৷ এই অঞ্চলটোত মানুহ থাকিব নোৱাৰে৷ দিনতেই মানুহক আমনি কৰে৷ কোৱাৰ্টাৰটোৰ ভিতৰত এজন forest ৰে নিজৰ পৰিবাৰ আৰু খুলশালিয়েকক মাৰি ভিতৰতে পুতি থৈছিল৷ অলপ দিনৰ পিছত তেওঁ নিজেও তাতেই আত্মহত্যা কৰিছিল৷ কি ভয়ানক দিন আছিল৷ আৰু মই সেই কাৰ্বি বুঢ়া ঘৰত এৰী কাপোৰখন টানি আনি শুই থাকোঁতে মোৰ কাষত থকাজন এটা মৃতদেহ আছিল৷ হে ভগবান–আৰু ধৈৰ্য নাই৷ কোৱাৰ্টাৰটোত দেখা পোৱা বাঘৰ পোৱালি দুটা আচলতে মেকুৰী ৰূপত প্ৰেতাত্মাহে আছিল//