by Arup Kakoti
আদৰ্শ(বৰ্ষা শইকীয়া)
ভগাই খালে আঁটি যায়’এই নীতিৰেই ডাঙৰ হৈছিল প্ৰণয় বৰুৱা৷ মাক–দেউতাকে মৰম আৰু আদৰেৰে গঢ় দিয়া ঘৰখনত মাক–দেউতাক নোহোৱা হোৱাৰ পাছতো সেই আদৰ্শৰ মৃত্যু হ’বলৈ দিয়া নাই প্ৰফেচৰ প্ৰণয় বৰুৱাই৷ ভায়েকহঁতক মূধচ হৈ আৱৰি আছে তেওঁ তেতিয়াৰ দৰে এতিয়াও৷ ভাতৰ পাতত জিভাৰ সোৱাদতকৈ মনৰ সোৱাদক তেওঁ প্ৰতিদিনেই গুৰুত্ব দি আহিছে৷ সেয়েহে কোনোবাদিনা ভাতৰ পাতত আলুপিটিকাৰেও তেওঁ পেট পূৰাই খাইছে৷ যৌথ পৰিয়ালটোক সমিল মিলেৰে আৱৰি ৰাখিবলৈ যত্নৰ ত্ৰুটি তেওঁ কোনোদিনেই কৰা নাই৷ সেয়েহে চৌখিন পত্নীৰ হেঁপাহবোৰক মূৰ তুলি চাইয়ো তেওঁ কেতিয়াবা স্পৰ্শ নকৰাকৈ আছে৷ পত্নীৰ অভিযোগ পূৰাব পৰাকৈ তেওঁ অৱশ্যে যথেষ্ট চহকীও৷ পত্নীৰ দাবী–ঘৰখনত শীত–তাপ নিয়ন্ত্ৰিত এটা কোঠা৷ অথচ ঘৰখনত শীত–তাপ নিয়ন্ত্ৰিত কোঠা এটাত থাকি চহকী হোৱাতকৈ তেওঁ জীৱনৰ ৰ’দ–বৰষুণত তিতি বুৰি দধীচিহে হ’ব বিচাৰে৷