তবলাৰ যাদুকৰ নৱজ্যোতি দুৱৰা(ৰঞ্জন শৰ্মা) – Purbodix.com

তবলাৰ যাদুকৰ নৱজ্যোতি দুৱৰা(ৰঞ্জন শৰ্মা)

নৱজ্যোতি দুৱৰাই সাত বছৰ বয়সতে ১৯৭৪ চনত শাস্ত্ৰীয় সংগীত জগতত প্ৰৱেশ কৰিছিল গোলাঘাটৰ প্ৰয়াত গুৰু নগেন চাংমাই, প্ৰয়াত গুৰু হিমেন দাস আৰু গুৰু মানিক বৰাৰ তত্বাৱধানত তবলা বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি৷ পৰৱৰ্তী সময়ত তেখেতে লক্ষ্ণৌ ঘৰাণাৰ ওস্তাত মুন্নে খান, কলকাতাৰ ফাৰাখাবাদ ঘৰাণাৰ পণ্ডিত শংকৰ ঘোষৰ পৰা তবলা বাদনৰ অধিক বিশেষ প্ৰশিক্ষণ গ্ৰহণৰ পাছত চূড়ান্ত পৰ্যায়ত পঞ্জাৱ ঘৰাণাৰ বিশ্বপ্ৰসিদ্ধ তবলা বিশাৰদ শিল্পী ওস্তাদ জাকিৰ হুছেইনৰ তত্ত্বাৱধানত তবলাত শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷

১৯৮৬ চনত নৱজ্যোতি দুৱৰাই লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা আৰু ১৯৮৭ চনত কলকাতাৰ সৰ্বভাৰতীয় সংগীত সংস্কৃতি পৰিষদৰ পৰা তবলা শাস্ত্ৰীয় সংগীতৰ সংগীত বিশাৰদ গ্ৰহণ কৰে৷

তবলা শাস্ত্ৰীয় সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেখেতৰ অৱদানৰ বাবে ২০১২ চনৰ ফেব্ৰুৱাৰীত অসম সংগীত অনবদ্য সন্মিলনীৰ তৰফৰ পৰা সন্মান আগবঢ়োৱা হয়৷তবলা শিল্পীৰূপে নৱজ্যোতি দুৱৰাৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয় ১৯৮০ চনত অসম সংগীত অধিৱেশনত তেখেতে প্ৰথম স্থান লাভ কৰাৰ পাছত৷ এইকৃতিত্বৰ কিছুদিন পাছতেই ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় যুৱ মহোৎসৱত তবলা শাস্ত্ৰীয় সংগীতত শীৰ্ষস্থান লাভ কৰাৰ গৌৰৱ তথা কৃতিত্ব অৰ্জন কৰে৷ নৱজ্যোতি দুৱৰাই এক নতুন কৃতিত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডিউৰত ২০১১ চনৰ অক্টোবৰত একক তবলা শাস্ত্ৰীয় সংগীতৰ এলবাম ‘Tablestro Part-ৰক্স ২০২০ চনৰ ১১ অক্টোবৰত ডিৱাই৩৬৫ চেটেলাইট চেনেলত Tablestro part- আৰু ২০২২ চনৰ ১৫ এপ্ৰিলত ত্ৰিপুৰাৰ নিউচিকন চেনেলত Teblestro part- উন্মোচন কৰি৷ পেছাত ৰসায়ন আভিযান্ত্ৰিকত (Chemical Engineering) স্নাতক অনাৰ্চ আৰু পেট্ৰলিয়াম প্ৰযুক্তিত স্নাতকোত্তৰ ডিপ্লমাৰ (PGD) অধিকাৰী নৱজ্যোতি দুৱৰাই সম্প্ৰতি কলকাতাত পেছাগতভাৱে গেইল ইণ্ডিয়া লিমিটেডত উপ মহাপ্ৰৱন্ধক ৰূপে কৰ্মৰত হৈ আছে৷ চাকৰি জীৱনৰ কৰ্মৰ হেঁচা আৰু ব্যস্ততাৰ মাজতো সংগীত ক্ষেত্ৰখনৰ বাবে তেখেতে সদায় সময় উলিয়াই লয়৷ পেছাগত কৰ্মদক্ষতাৰ বাবে তেখেতে ২০০৭ চনত নতুন দিল্লীস্থ গেইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট কাৰ্যালয়ৰ গেইল আইডল সন্মান লাভ কৰিবলৈও সক্ষম হৈছে৷

অল ইণ্ডিয়া ৰেডিঅডিব্ৰুগড় আৰু গুৱাহাটীৰ অংশকালীন (casual) শিল্পী নৱজ্যোতি দুৱৰাই স্পিক মেকে (Society for promotion of Indian Classical music গু culture among the youths) লগত আশীৰ পৰা নব্বৈ দশকলৈ নিবিড়ভাৱে জড়িত আছিল আৰু তেখেতে দেশৰ বহুতো নামজ্বলা শিল্পীৰ সৈতে বহু অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷ তেখেতৰ একক তবলা সংগীতানুষ্ঠানৰ উল্লেখযোগ্য কৃতিত্বসমূহ হৈছে লক্ষ্ণৌ সংগীত সন্মিলন, দিল্লী মিউজিকেল ছাইটি, কলকাতা শাস্ত্ৰীয় মহোৎসৱ, হায়দৰাবাদ ক্লাছিকেল কনফাৰেন্স, বাংগালৰু মিউজিকেল ছাইটি, ডিমাপুৰ ক্লাছিকেল মিউজিক ফেষ্টিভেল, শ্বিলং ফেষ্টিভেল, গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজিত আছাম ইঞ্জিনিয়াৰিং কলেদৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন চহৰত আয়োজিত সংগীতানুষ্ঠান তথা সাংস্কৃতিক মহোৎসৱত পৰিৱেশিত তবলাৰ একক শাস্ত্ৰীয় অনুষ্ঠান আদি৷

Leave a Reply

Your email address will not be published. Required fields are marked *