কোনে দিছিল অভিশাপ?
কোনে নাজানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, এইকেইগৰাকী মহাশক্তিৰ কথা, ত্ৰিমূৰ্তিৰ কথা৷ এফালে ব্ৰহ্মাক য’ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়, আনফালে ভগৱান বিষ্ণুক জগতৰ ৰক্ষক বুলি গণ্য কৰা হয়৷
এই তিনি শক্তিৰ ভিতৰত ভগৱান বিষ্ণু আৰু ভগৱান শিৱক সমগ্ৰ বিশ্বতে পূজা কৰা হয়, কিন্তু ব্ৰহ্মাক পৃথিৱীৰ ক’তো পূজা কৰা নহয়৷ কিয় জানেনে?
যদিও পৃথিৱীত ব্ৰহ্মাৰ বহু মন্দিৰ আছে, কিন্তু তাত ব্ৰহ্মাক পূজা কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়৷ পৌৰাণিক কাহিনী অনুসৰি এসময়ত ভগৱান ব্ৰহ্মাই পৃথিৱীৰ মংগলৰ বাবে যজ্ঞ সমাপন কৰাৰ কথা ভাবিছিল৷ এতিয়া যজ্ঞৰ বাবে ঠাই বিচাৰিব লগা হ’ল৷ ইয়াৰ বাবে তেওঁ বাহুৰ পৰা ওলোৱা সুগন্ধি পদুম এপাঁহ পৃথিৱীৰ ফালে পঠিয়াই দিলে৷ কথিত আছে যে,পদ্ম সৰি পৰা ঠাইত ভগৱান ব্ৰহ্মাৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ এই ঠাইখন ৰাজস্থানৰ পুস্কৰ চহৰত, য’ত সেই ফুলৰ এটা অংশ সৰি পৰা আৰু এটা পুখুৰীত গঢ় লৈ উঠিছিল৷
পৌৰাণিক কাহিনী
পৌৰাণিক কাহিনী অনুসৰি ব্ৰহ্মাই যজ্ঞ সমাপন কৰিবলৈ পূষ্কৰ পালেগৈ, কিন্তু তেওঁৰ পত্নী সাবিত্ৰী সময়ত উপস্থিত নহ’ল৷ পূজাৰ শুভ সময় পাৰ হৈ গৈছিল৷ সকলোৱে দেৱ–দেৱীৰ যজ্ঞৰ স্থানত উপস্থিত হৈছিল যদিও সাবিত্ৰীৰ দেখাদেখি নাই৷ ব্ৰহ্মা নিৰুপায়ত পৰিছিল৷ কি কৰিব, পত্নীৰ অনুপস্থিতিত কেনেকৈ যজ্ঞ কৰে৷ কিন্তু যজ্ঞ সমাপন কৰিবই লাগিব৷ যেতিয়াসেই শুভক্ষণৰ উন্মেষ ঘটিবলৈ ধৰিলে তেতিয়া ব্ৰহ্মাই উপায়ন্তৰ হৈ নন্দিনী গৰুৰ মুখৰ পৰা গায়ত্ৰী প্ৰকাশ কৰি বিয়া কৰাই যজ্ঞ সম্পূৰ্ণ কৰিলে৷ সেয়ে সেই যজ্ঞত সতী সাবিত্ৰীৰ কোনো স্থান নাছিল৷

কোৱা হয় যে, যজ্ঞৰ স্থান পাওঁতে সাবিত্ৰীয়ে ব্ৰহ্মাৰ কাষত পত্নীৰ ৰূপত বহি থকা আন এগৰাকী মহিলাক দেখি ভীষণ খং উঠিছিল৷ খঙত অগ্নিশৰ্মা হৈ ব্ৰহ্মাক অভিশাপ দি ক’লে যে, যোৱা এই পৃথিৱীৰ ক’তো তোমাক পূজা কৰা নহ’ব৷
কিন্তু পিছত যেতিয়া তেওঁৰ ক্ৰোধ কমি গ’ল আৰু দেৱতাসকলে তেওঁক সেই অভিশাপ ঘূৰাই ল’বলৈ অনুৰোধ কৰিলে, কাকুতি–মিনতি কৰিলে, তেতিয়া তেওঁ ক’লে যে পৃথিৱীত কেৱল পূষ্কৰেহে ব্ৰহ্মাক পূজা কৰিব৷ ইয়াৰ বাহিৰে আপোনাৰ দ্বিতীয় মন্দিৰ যিয়ে নিৰ্মাণ কৰিব তেওঁ ধবংস হ’ব৷
মাতৃ সাবিত্ৰীৰো আছে যথেষ্ট স্বীকৃতি
পদ্ম পুৰাণৰ মতে ভগৱান ব্ৰহ্মই ১০ হাজাৰ বছৰ পূষ্কৰ এই স্থানত বাস কৰিছিল৷ এই বছৰবোৰত তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল৷ মাতৃ সাবিত্ৰীৰো পূষ্কৰত যথেষ্ট স্বীকৃতি আছে৷ কোৱা হয় যে ক্ৰোধ কমি যোৱাৰ পিছত মাতৃ সাবিত্ৰীয়ে পূষ্কৰৰ ওচৰৰ পাহাৰলৈ গৈ তপস্যাত মগ্ন হৈছিল আৰু তাৰ পিছত তাতেই থাকিছিল৷ বিশ্বাস মতে, আজিও দেৱী ইয়াতে থাকি নিজ ভক্তৰ কল্যাণ কৰে৷ তেওঁক সৌভাগ্যৰ দেৱী বুলি গণ্য কৰা হয়৷
বিশ্বাস কৰা হয় যে, মা সাবিত্ৰীৰ এই মন্দিৰত পূজা কৰিলে বিবাহিতা মহিলাই দীৰ্ঘায়ু লাভ কৰে আৰু আকাংক্ষিত ফলাফল লাভ কৰে৷ ইয়াত অধিকাংশ ভক্তই কেৱল মহিলা আহে আৰু প্ৰসাদ হিচাপে মাতৃক হেনা, বিন্দী আৰু চূড়ি আগবঢ়ায়৷