ভাৰতীয় সংগীত ক্ষেত্ৰৰ অপৰিহাৰ্য বাদ্য তবলা(দৰ্শনা বৰুৱা) – Purbodix.com

ভাৰতীয় সংগীত ক্ষেত্ৰৰ অপৰিহাৰ্য বাদ্য তবলা(দৰ্শনা বৰুৱা)

ভাৰতৰ সংগীতৰ ক্ষেত্ৰখনত এবিধ অপৰিহাৰ্য বাদ্য হৈছেতবলা৷ তবলা যুৰীয়া বাদ্য৷ ১৮শতিকাৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতত তবলাৰ অপৰিহাৰ্য ব্যৱহাৰ চলি আহিছে৷ ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় থলুৱা বাদ্য তবলা ফোঁপোলা কাঠ, বোকা নাইবা ধাতুৰে তৈয়াৰ কৰা হয়৷ হাতৰে বজোৱা বাবে ইয়াক হেণ্ডড্ৰাম বুলিও পাৰি৷ ছাগলীৰ বা উটৰ গাৰ ছালৰ পৰা তবলাৰ কিছু অংশ তৈয়াৰ কৰা হয়৷

তবলা সাধাৰণতে এককভাৱে বজোৱা হয় যদিও সংগীত আৰু নৃত্যত আন বাদ্যৰ লগতো তবলা বজোৱা হয়৷ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, নেপালত জনপ্ৰিয় গীত আৰু লোকসংগীতৰ লগত তবলা এক উল্লেখযোগ্য বাদ্য৷

ভক্তিগীতৰ জগতখনতো তবলা এক অপৰিহাৰ্য বাদ্য৷ ভক্তিৰসৰে পৰিপূৰ্ণ হিন্দুসকলৰ ভজনকীৰ্তনত তবলাৰ বহুল ব্যৱহাৰ হয়৷ চুফী সংগীতৰ ক্ষেত্ৰতো তবলাৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈ আহিছে৷

তবলা কিছু পৃথক যদিও ড্ৰামৰ দৰেই এবিধ বাদ্য তথাপি ইয়াৰ আকাৰ আৰু আয়তনত কিছু পাৰ্থক্য আছে৷ এটা ডাঙৰ (বায়া/ডাগা) আৰু এটা সৰু ড্ৰামৰে (ডায়ান) যুৰীয়া তবলা হাতৰ আঙুলি আৰু তলুৱাৰে বজোৱা হয়৷ বিভিন্ন কৌশলৰে তবলাত বহল পৰিসৰত শব্দ আৰু তালৰ সৃষ্টি কৰা হয়৷ তবলা শব্দটো মূল আৰৱীয় শব্দতবল পৰা উৎপত্তি হৈছে যাক ড্ৰাম বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল৷

তবলা অবিহনে ভাৰতীয় সংগীত আধৰুৱা৷ ইয়াৰ জনপ্ৰিয়তা তাহানিৰে পৰা একেই আছে৷ সম্ৰাট আকবৰৰ দিনৰ বাদ্যযন্ত্ৰী সুধাৰ খাঁ (সিদ্ধাৰ খাঁ) তবলাৰ জনক বুলি জনা যায় যদিও তেওঁৰ নামটো লৈ মতভেদ আছে৷

ভাৰতীয় তালশ্ৰয়ী বাদ্যৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত বাদ্য তবলাৰ বায়াঁ বা ডুগী, ডাঁয়া নামৰ দুটা ভাগ আছে৷

তবলাৰ সুৰ বন্ধাৰ কেইবাটাও নিয়ম আছে৷ তবলাৰ জগতখনত দিল্লী, লক্ষ্ণৌ, বেনাৰস, পঞ্জাৱ, ফাৰুখাবাদ আৰু অজৰাড়া নামৰ ৬টা ঘৰাণা আছে৷ ঘাইকৈ উত্তৰ ভাৰতত তবলা বজোৱা হৈছিল৷ শাস্ত্ৰীয় সংগীত, ভক্তিগীত আৰু আঞ্চলিক গীতত তবলাৰ বহুল ব্যৱহাৰ হৈছিল৷ তবলাত হাতৰ আঙুলি আৰু তলুৱাৰ যৌথ সহযোগত তালৰ সৃষ্টি কৰা হয়৷

হাজী বিলায়েত খান আছিল ফাৰুখাবাদ ঘৰাণাৰ প্ৰতিষ্ঠাতা৷

 সাধাৰণতে আমাৰ তবলবাদকৰ কথা ওলালে ভাৰতৰ ওস্তাদ জাকিৰ হুছেইনৰ ছবিখনেই প্ৰথমে মনলৈ আহে৷

তবলাবাদনৰ বহুকেইটা স্বাস্থ্যজনিত সুফল আছে৷

 

তবলা বজোৱাত দেহৰ বাহুৰ পৰা আঙুলি, তলুৱালৈকে যি সঞ্চালন হয় সেয়া দেহৰ বাবে উপকাৰী৷ তবলা বাদনত আমাৰ মগজুৰ সোঁ আৰু বাওঁফালৰ স্নায়ুতন্ত্ৰ সক্ৰিয় হৈ উঠে৷ তবলা বাদনে দেহৰ ভাৰসাম্য আৰু সহযোগিতা বৃদ্ধি কৰে৷ লগতে শ্বাসপ্ৰশ্বাসৰ প্ৰণালী আৰু হৃদযন্ত্ৰও শক্তিশালী কৰে৷ মনঃসংযোগ বৃদ্ধি কৰি মানসিক চাপৰ পৰা সকাহ প্ৰদান কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *