বিশেষ নিবন্ধ – Purbodix.com

বিশেষ নিবন্ধ

বৰ্তমান সময়ত সতাঁৰ মাধ্যমেৰে প্ৰচলিত হোৱা জুৱা(চন্দ্ৰ শেখৰ পৰাজুলী)

সতাঁৰ মাধ্যম বুলি লে প্ৰায়ভাগ মানুহৰে বুজিবলৈ হয়তো কিছু অসুবিধাৰ সম্মুখীন হৈছে নহয়নে? আচলতে বৰ্তমান সময়ত চৌদিশে বহুলভাৰে প্ৰচলিত হোৱা ইংৰাজীৰ (online) শব্দটোৰ অসমীয়া শব্দ সতাঁৰ এতিয়া কথা বৰ্তমান সময়ত সতাঁৰ মাধ্যমেৰে প্ৰচলিত হোৱা জুৱা, যেনে ধৰক spin, slots, casino খেলৰ পৰা আদি কৰি fantasy খেলৰ বিজ্ঞাপনবোৰ এতিয়া বহুল মাত্ৰাত প্ৰচলিত বলৈ ধৰিছে৷ ইয়াৰ উপৰিও বৰ্তমান সময়ত অসমৰ চৌদিশে কেবল লটাৰি টিকটৰ ব্যৱসায়, লটাৰি পোৱাৰ প্ৰলোভন অধিক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কিন্তু ইয়াৰ পৰিণতি কিমান ভয়াৱহ পাৰে লাহে লাহে কৰি কেৱল ভুক্তভোগীসকলেহে গম পাবলৈ ধৰিছে৷ এতিয়া আমি সৰু এটি শিশুৰ পৰা আৰম্ভ কৰি একেবাৰে বয়সস্থ মানুহলৈকে মোবাইল ফোন বা সতাঁৰ মাধ্যমৰ লগত আমি গম নোপোৱাকৈ অধীন বা জড়িত হৈ পৰিছোঁ আৰু ইয়াৰ সলনি বিকল্প কোনো ব্যবস্থা নাইকীয়া হৈ পৰাৰ নিচিনা হৈছে নহয়নে? গতিকে আমি হয়তো নিজৰ ভালৰ কাৰণে প্ৰয়োগত লোৱা সতাঁৰ মাধ্যমত যদি আমাৰ অনিচ্ছাকৃত ভাবেও দিনে, ৰাতিয়ে যদি কেৱল চৌদিশে জুৱাৰে বিজ্ঞাপন দেখিবলৈ পাওঁ তেন্তে কিছুদিন বাগৰি যোৱাৰ পিছত সৰু এটি শিশুৰ পৰা আৰম্ভ কৰি একেবাৰে বয়জেষ্ঠ মানুহেও পিছলি গৈ জুৱাৰ অধীন বলৈ বাধ্য হৈ পৰা বহু উদাহৰণ আমাৰ ওচৰেপাজৰে বিৰাজমান হৈ আছে৷ এতিয়া কথা সতাঁৰ জুৱাৰ পৰা আৰম্ভ কৰি লটাৰি খেলৰ ওপৰত প্ৰতিৱন্ধকতা লগাব লাগে নে নালাগে? যদি জুৱা খেলৰ একেবাৰে উপকাৰিতা নাই তেন্তে আমাক সতাঁৰ মাধ্যমেৰে দিনে, ৰাতিয়ে বিজ্ঞাপন প্ৰচলন কৰি কিহৰ ইংগিত দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? জুৱা খেলৰ অপকাৰীতাবোৰ যদি আমি সামান্য মানুহে অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ, তেন্তে ক্ষমতাত অধিষ্ঠিত ব্যাক্তিসকলে এই বিষয়ে কিয় কাণসাৰ দিয়াগৈ নাই৷ নে ক্ষমতা সম্পন্ন আৰু পুঁজিপতি ব্যক্তিসকলে আমি সামান্য মানুহক জুৱাৰ প্ৰতি আকৰ্ষিত কৰি নিজে লাভান্বিত হৈ আছে৷ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ কেবল ময়ে নহয় সকলোবোৰ ভুক্তভোগীয়ে লাহে লাহে কৰি উত্থাপন কৰিবলৈ ধৰিছে৷ গতিকে মোৰ দৰে একেবাৰে সামান্যতম সকলোবোৰ মানুহৰ সপক্ষে থিয় দি নিজ দেশৰ অনাগত ভবিষ্যতৰ বিষয়ে হয়তো সঠিক আলোচনাত অংশগ্ৰহণ কৰিছোঁ৷ কিন্তু এইখিনিতে কথা এটা উল্লেখ কৰিব বিচাৰিছোঁ যে, বৰ্তমান সময়ত চৰকাৰে প্ৰত্যক্ষভাৱে বহু ৰাজ্যতে জুৱা খেলবোৰৰ ওপৰত প্ৰতিবন্ধকতা নলগোৱাও নহয়৷ তথাপিও এতিয়া সতাঁৰ মাধ্যমেৰে তৃতীয় পক্ষৰ জৰিয়তে প্ৰচলিত জুৱাৰ ওপৰত সম্পূৰ্ণৰূপে প্ৰতিবন্ধকতা লগাবলৈ সক্ষম হোৱাগৈ নাই৷ সেয়েহে ক্ষমতাসম্পন্ন, পুঁজিপতি আৰু শাসনৰ গাদিত অধিষ্ঠিত চৰকাৰে আমাৰ অনাগত ভবিষ্যতৰ কথা চিন্তা কৰি সতাঁৰ মাধ্যমৰ লগতে আমাৰ সমাজৰ বাবে ভাবুকিৰ সৃষ্টি কৰা সকলোবোৰ বেয়া দিশৰ ওপৰত লাহে লাহে কৰি প্ৰতিবন্ধকতা লগাই দিয়াটো উচিত ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *