সাৰাংশ
মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত

যোৱা সংখ্যাৰ পিছৰ পৰা…
মালতীৰ কথা শুনি সনাতন দাসে থতমত খালে৷ জীয়েকৰ মুখত উদ্ধৱ মহান্তিৰ কথা! তেওঁ লগে লগে ক’লে, “অকল লোহাৰ কাৰখানাই নহয়, তাৰ লগতে এন.টি.পি.চিৰ এটা ডাঙৰ পাৱাৰ গ্ৰীড ষ্টেচনো বহুৱা হ’ব আমাৰ গাঁৱত৷ আৰু সেইটো বহুৱালে ইয়াত যে আৰু মানুহে থাকিব পাৰিব সন্দেহ৷ ইতিমধ্যে মই সকলো খবৰে লৈছোঁ৷ পিচে তোৰ মুকলি আলোচনাৰ কথাটো একেবাৰে নুই কৰিবও নোৱাৰি৷ ভাবিছোঁ এই কথাটো গাঁৱৰ মানুহখিনিক মাতি এদিন ক’ব লাগিব, আৰু যদি তাৰ পিছতো ৰাইজে কয় বোলে উদ্ধৱ মহান্তি, নৰোত্তম মণ্ডলৰ কথাই কথা, তেতিয়াহ’লে আৰু মোৰ ক’ব লগা একো নাই৷
“ৰমাকান্ত, তই মোক মিছাতে সন্দেহ কৰিছ৷ তই কি কি কৰি ব লাগে সেইয়া আগে ক৷ মই সদায় তোৰ লগত আছোঁ৷”- নীলাম্বৰে ক’লে৷
ঃ ইন্দ্ৰমণিয়ে যি শিক্ষা দিলে, এতিয়া আৰু মই ভৰসা কৰা বাদেই দিছোঁ৷ মাত্ৰ এটা কথাই মনত ৰাখিবি, মোৰ দৰে তহঁতো এইখন গাঁৱৰেই ল’ৰা৷ এই পাটপুৰ অকল মোৰেই নহয়৷ য’ত আজি আমাৰ এই গাওঁখনক নিৰ্মূল কৰি সাগৰলৈ দলিয়াই দিয়াৰ ষড়যন্ত্ৰ চলাইছোঁ, তাত আমাৰ মানুহখিনিয়ে ভাং খাই পৰি আছে৷ এই কাগজখিনি তই লৈ গৈ ঘৰত এবাৰ পঢ়ি চাবি৷ তাৰ পিছত তোৰ মনে যিটো কৰা উচিত বুলি ভাবে, তাকেই কৰিবি৷ ৰমাকান্তই ফাইল এটা আনি নীলাম্বৰক দিলে৷
“উৱা এই ল’ৰাটো অহাৰ ইমান পৰ হ’বৰ হ’ল, তাক চাহ একাপ দিলি জানো মালতী? যা, যা আগে চাহ একাপ কৰি আন গৈ৷” – ৰমাকান্তৰ মাকে মাজতে আহি ক’লে৷
ভৰ দুপৰীয়া গেলা গৰমত চাহ খোৱাৰ ইচ্ছা নাথাকিলেও, মালতীক ওচৰৰ পৰা এবাৰ চাই যোৱাৰ আশাতে নীলাম্বৰে “নালাগে” বুলি কোৱাৰ সলনি, হাঁহি হাঁহি ৰমাকান্তৰ মাকৰ কথাত সন্মতি জনালে৷
“কিন্তু তিনি পক্ষৰ মাজত আলোচনা হোৱাৰ আগতে এবাৰ মন্দিৰতে গাঁৱৰ মানুহখিনিক মাতি কথাটো ভালদৰে বুজাই তেওঁলোকৰ মত লোৱাটো ভাল হ’ব৷” – সনাতন দাসে ক’লে৷
ঃ থিক কথা কৈছে – নীলাম্বৰেও হয়ভৰ দিলে৷
ঃ ৰাস্তা সাজিব বিচাৰিছে যদি সাজক৷ ইতিমধ্যে পাহাৰটো ভঙা হৈ গৈছেই৷ কিন্তু নুৱা নদীৰ ওপৰত যেতিয়ালৈকে দলং নহ’ব, সেই পাহাৰৰ ফালৰ পৰা অহা ৰাস্তাটো ঘাটতে আহি ৰৈ যাব৷ তেতিয়া লাভটো কি হ’ব? – ৰমাকান্তই সুধিলে৷
ঃ কিন্তু তাতো বহুখিনিয়েই লাভ হ’ব৷ গাঁৱলৈ গাড়ী–মটৰ চলিব, বিজুলীৰ পৰা আৰম্ভ কৰি মোবাইল ফোন, টেলিফোন এই সকলোবোৰ সুবিধাই গাওঁখনে পাব৷ – নীলাম্বৰে ক’লে৷
ঃ জান নীলাম্বৰ, কেতিয়াবা ভাবতকৈ অভাৱত থকাটোহে ভাল৷ যি লাভে, আমাৰ গাঁৱৰ অস্তিত্বকেই নোহোৱা কৰি পেলাব পাৰে, তেনে লাভ হোৱাতকৈ নোহোৱাটোৱেই সকলোৰে কাৰণে মংগল৷ মইতো ক’ম সদায়েই এই গাওঁখনত কিবা নহয়, কিবা এটা অভাৱ থাকক৷ এই অভাৱৰ কাৰণেই আজি আমাৰ গাঁৱৰ মানুহখিনিৰ মাজত ঐক্য অক্ষুণ্ণ হৈ আছে৷ – সনাতন দাসে ক’লে৷
সনাতন দাসৰ কথাখিনিৰ গুৰুত্ব নীলাম্বৰে বুজি পাইছিল৷ সেই কাৰণে সি লগে লগে ক’লে, “হ’ব বাৰু, আপুনি মানুহখিনি ক মতাৰ কাৰণে দিন–বাৰ ঠিক কৰক৷ মোৰ বিশ্বাস, আমাৰ মানুহখিনিয়ে সঠিক সিদ্ধান্তই ল’ব৷”
নীলাম্বৰৰ কথাখিনি শুনি সনাতন দাসৰ ভাল লাগিল৷
“আমি সেইদিনাখন এখন দৰ্খাস্ত লিখি, তাত গাঁৱৰ মানুহৰ চহী লৈ কালেক্টৰেট অফিচত গৈ দি আহিব লাগিব৷ দৰকাৰ হ’লে আমি ৰাস্তা নিৰ্মাণৰ কাম বন্ধ কৰাব লাগিব৷ গাঁৱৰ মানুহখিনি যদি এক হৈ থাকে, তেতিয়া উদ্ধৱ মহান্তি কি নৰোত্তম মণ্ডলেও একো কৰিব নোৱাৰে৷” ৰমাকান্তই ক’লে৷
মালতীয়ে একাপ চাহ আনি নীলাম্বৰৰ আগত থ’লে৷
নীলাম্বৰে লাহেকৈ মূৰ তুলি তাইলৈ চালে৷ তাইৰ যেন মনটো আগতকৈ মৰা৷
ঠিক সেই সময়ত ৰমাকান্তৰ মাক আহি নীলাম্বৰৰ লগত কথা পাতিবলৈ বহিলে, “মাৰ খবৰ কেনেকুৱা? দেউতাৰাৰ একা? আৰুনো কিমান এনেকৈ দাং বৰলা হৈ ঘূৰি ফুৰিবি বোপা? আমি বুঢ়ী মাকবোৰে কি আজীৱন এনেকৈয়েই চৌকাৰ গুৰিতে বহি বহি কটাব লাগিবনে?”
নীলাম্বৰৰ মুখত হাঁহি বিৰিঙি উঠিল৷ সি মনৰ ভিতৰতেই ক’লে, “তাৰ সমাধান আপোনাৰ ঘৰতেই আছে৷” মাত্ৰ মুখ খুলি কথাষাৰ ক’বহে নোৱাৰিলে৷ তাৰ সলনি সি সেই দায়িত্ব তাৰ দেউতাকৰ ওপৰতে এৰি দিয়া বুলি কৈ থৈ দিলে৷
ঃ শুনিলি, আমাৰ নীলৰ কথা, শুনিলিনে? ৰমাকান্তৰ মাকে ৰমাকান্তৰ ফালে চাই ক’লে, “আমাৰ ইয়াক আকৌ বিয়া পতাৰ কথা ক’লে, বনৰীয়া ম’হটোৰ দৰে ফচফচাই উঠে৷ মাজতে ক’ৰ পৰানো ছোৱালী এজনী উঠাই লৈ আহিলে, গোটেইখনকে জবাব দিব লগা হ’ল৷ নাজানো আৰn ে¸মাৰ কপালত কি লিখা আছে!”
ৰমাকান্তই মাকৰ কথাৰ কোনো উত্তৰ নিদি নীলাম্বৰৰ ফালে চাই ক’লে, “ব’ল নীলাম্বৰ, ওলাই যাওঁ৷ ইয়াত আৰn দৰকাৰী কথা আলোচনা কৰিব নিদিব৷ সব সময়তে অকল বিয়াৰে কথা৷”
তাৰ পিছত সি মাকক ক’লে, “আগে তই তোৰ ছোৱালীৰ কথা চিন্তা কৰ৷ মই নিজৰ কথা নিজেই ভাবি লম৷”
মালতীয়ে সেমেকা হাঁহি এটা মাৰি তাৰ পৰা গুছি গ’ল৷ সেই হাঁহিৰ মাজত যেন কিছুমান কথা লুকাই আছিল, নীলাম্বৰৰ তেনেকুৱা লাগিল৷
ৰমাকান্তৰ মাকে ক’লে, “নীল, এই আমাৰ মালতীৰ কাৰণে ভাল ল’ৰা এটা চাবিচোন৷ জানই নহয়, বাপেকজন শুই থকা বিষ্ণু৷ পিচে মামাকৰ ঘৰত চোৱা–মেলা কৰি আছে৷ নহ’লে মই অকলে মাইকী মানুহজনীয়েনো কিটো কৰিব পাৰোঁ? এই আহাৰত তাই বাইছত ভৰি দিব৷ এনেকৈ আৰn ¸কিমান দিন ছোৱালীজনীক ঘৰতে বহুৱাই থ’ম?”
নীলাম্বৰৰ মুখৰ আগত কিমান যে ক’বলগীয়া কথা আহি ৰৈ গৈছিল৷ সি যদি তাৰ মনৰ কথাখিনি মালতীৰ আগত এবাৰ খুলি ক’ব পাৰিলে হয়? হয়তো তাৰ বহুখিনি কামেই সহজ হৈ পৰিলহেঁতেন৷ মনৰ কথা মনৰ ভিতৰতে থৈ, বহাৰ পৰা লাহেকৈ উঠি নীলাম্বৰে ক’লে, “খুৰী আপুনি ইমানকৈ চিন্তা কিয় কৰিছে? তাইৰ নিচিনা ছোৱালী এজনীৰ কাৰণে ভাল ল’ৰাৰ অভাৱ কেতিয়াও নহব৷”
ঃ তোৰ কথাত মৌ বৰষক নীল৷
নীলাম্বৰ আৰু ৰমাকান্ত ওলাই গুছি গ’ল৷ সিহঁত গুছি যোৱাৰ পিছত মালতীয়ে আহি মাকক ধৰিলে, “বেলেগ মানুহৰ আগত এইবোৰ কথা কিয় উলিয়াই থাক? মোক শাক–পাচলি বুলি ভাবিছ নে পুখুৰীৰ পৰা অনা মাছ, যে বেছিদিন থাকিলে গেলি পচি যাম? মোক এই ঘৰখনৰ পৰা উলিয়াই দিবলৈ তোৰ বৰ উৎপাত লাগিছে নহয়? চাই থাকিবি, মোক নিবলৈ এদিন সঁচাকৈয়ে ৰাজকুমাৰ আহিব৷ তই মোৰ চিন্তা এৰি আগে নিজৰ গুণী ল’ৰাটোৰ কথা চিন্তা কৰ৷ ঘৰৰ কামবোৰত অতদিনে তোক সহায় কৰি আহিছোঁ৷ মই গুছি গ’লে অকলে অকলে তোৰহে কষ্ট হ’ব৷ আগে বোৱাৰী আন৷ বোৱাৰীৰ হাতত তোক গতাই দিহে মই এইখন ঘৰৰ পৰা যাম৷”
মালতীৰ মাকে জীয়েকৰ কথা শুনি ক’লে, “এনেকৈনো ক’ব লাগেনে? তোক খেদি দিম বুলিনো কোনে ক’লে? ছোৱালী ডাঙৰ হ’লে, এদিনতো আন এঘৰলৈ উলিয়াই দিবই লাগিব – সংসাৰৰ নিয়মেই সেইয়া৷ বাৰু দেখা যাওক কাৰ বিয়াৰ যুগ আগতে আহে৷”
সনাতন দাসে ইমান পৰে নিজৰ ছোৱালীজনীৰ মুখলৈকে চাই আছিল৷ ইমান সোনকালে ডাঙৰ হৈ গ’ল৷ কিমান যে কথা চিন্তা কৰিব পৰা হৈ গ’ল তাই৷ তেওঁ হাঁহি হাঁহি নিজৰ মানুহজনীক ক’লে, “ছোৱালীৰ কথা শুনিলা নহয়? লখিমী হয় তাই আমাৰ ঘৰৰ৷ নকৈছোঁ, তাই গুছি গ’লে, তুমিয়েই বেছিকৈ মনত পেলাই পেলাই কান্দিবা৷”
বাপেকৰ কথাত লাজ পাই মালতী আঁতৰি গুছি আহিল তাৰ পৰা৷ তাই যোৱাৰ পিছত সনাতন দাসে মনতে ভাবিলে, “মালতীৰ মাকে কোৱা কথাখিনিও মিছা নহয়৷ গাঁৱৰ অৱস্থা বেয়ালৈ যোৱাৰ আগতেই মালতীৰ বিয়াখন পাতি দিব পৰা হ’লে ভাল আছিল৷” পিচে তেওঁ এই কথাটো মানুহগৰাকীক নকৈ আন কিবাহে ক’লে, “দুখন তামোল বান্ধি দেচোন৷ মই অলপ লুলু বিশ্বৱালৰ ঘৰৰ পৰা আহোগৈ৷”
মাক–দেউতাকৰ ওচৰৰ পৰা আহি মালতী আমতল পালেহি৷ ডাল–পাতেৰে ভৰি হৈ থকা ডাঙৰ আম গছ এজোপাৰ তলতে বহি নাটকৰ দিনৰ কথা তাই ভাবিবলৈ ধৰিলে৷ তাই নাটকৰ কাৰণে সাজু হৈ থাকোঁতেই শুভেন্দু গৈ কলা নিকেতন পাইছিল৷ মাত্ৰ ধোৱাৰে কলিয়া হৈ পৰা জলি থকা লেম এটাৰ বাদে সেই ঘৰটোত তেতিয়া তাইৰ ওচৰে –পাজৰে আন কোনোৱে নাছিল৷ সেই সুযোগতে, মালতীক শুভেন্দুৱে কলা নিকেতনৰ পিছফালে টানি নি বহু সময় নিজৰ বুকুৰ মাজত ধৰি ৰাখিছিল৷ সেইদিনাখনেই তাই প্ৰথমবাৰলৈ পাইছিল এজন পুৰুষৰ স্পৰ্শ, আৰু লগতে দেহৰ সুখ৷ গভীৰ অন্ধকাৰৰ মাজত শৰীৰে শৰীৰ খেল খেলি গৈছিল৷ কলানিকেতনৰ পেট্ৰমাস্ক লাইটবোৰ জ্বলি উঠাৰ আগতেই জানি শুনিয়েই সেইদিনা ঘৰৰ পৰা আগতীয়াকৈ ওলাই আহিছিল৷ কিন্তু তাৰ এদিন পিছতেই একো নোকোৱা নেমেলাকৈ হঠাৎ শুভেন্দু পাটপুৰৰ পৰা নোহোৱা হৈ গ’ল? এতিয়া প্ৰায় তিনি সপ্তাহেই হ’বৰ হ’ল৷ শুভেন্দুৰ কোনো খবৰ নাই৷ এবাৰ কোৱা মনত পৰে, সি হেনো নিজৰ নিৰাপত্তাৰ কাৰণে পাহাৰৰ সিপাৰে থকা কোম্পানীৰ কেম্পত কেইদিনমান থাকিবগৈ৷ কিন্তু এতিয়াতো পাহাৰৰ ফালৰ পৰা অহা ৰাস্তাটো খোল খাই গ’ল৷ ইচ্ছা কৰিলে সি মটৰ চাইকেল এখনেৰে পাটপুৰলৈ আহি তাইক এবাৰ অন্ততঃ দেখা কৰি যাব পাৰিলে হয়৷ মালতীৰ মনটোৱে কেৱল শুভেন্দুকেই বিচাৰি ফুৰিছিল৷ ইফালে গাঁৱৰ পৰিস্থিতিও সলনি হৈ আহিছে৷ হঠাত কি হৈ যায়, কোনেও একো ক’ব নোৱাৰে৷ তাৰ মাজতে তাইৰ মনত পৰিছিল শুভেন্দুৰ সেই আলিংগন, শিহৰণ তোলা তাৰ সেই স্পৰ্শ আৰু মৰম সনা কথাবোৰ৷ তাইৰ ইচ্ছা হৈছিল ৰাতিৰ অন্ধকাৰৰ মাজত সোণপাহাৰৰ সিপাৰে থকা কেম্পলৈ গৈ তাক এবাৰ চাই আহিবলৈ৷ ৰাতিৰ অন্ধকাৰত শুভেন্দুৰ স্পৰ্শৰ আমেজ ল’বলৈ৷ তাই বিচাৰিছে শুভেন্দুৰ সেই মতলীয়া কৰা আলিংগন আৰু চুম্বন৷ তাই যেন বাৰিষাৰ এটোপাল পানীৰ কাৰণে ব্যাকুল হৈ পৰা এডোখৰা শুকান মাটি, যাক প্ৰয়োজন শাওণৰ এজাক বাৰিষাৰ৷ অহৰহ বৰষি থাকক কেৱল তাইৰ দেহত দিনৰ পিছত দিন ধৰি, যিয়ে শাম কটাৰ কেতিয়াও নাম নলয়৷
চিঠি এখন লিখাৰ কথা চিন্তা কৰিলে মালতীয়ে৷ কিন্তু লিখিলেই জানো হ’ব? চিঠিখন শুভেন্দুৰ হাতত গৈ পৰিবও লাগিব৷ কিন্তু কেনেকৈ? বাটতে সেইখন যদি গৈ আন কাৰোবাৰ হাতত পৰেগৈ, তেতিয়া হ’লেতো ডাঙৰ কথা হ’ব! ককায়েকেতো তাইক মাৰিয়েই পেলাব৷ তাতকৈ শুভেন্দুৱেই গাঁৱলৈ অহা হ’লে! উস! কেতিয়া যে সি আহিব?
কোনোবাই তাইক কোৱা হ’লে? তাৰ উত্তৰ চাগে অকল উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলেহে দিব পাৰিব৷ কিন্তু সেই দুজনক জানো তাই এই কথাটো সুধিব পাৰিব?
অকস্মাৎ মালতীৰ নীলাম্বৰৰ কথা মনত পৰিল৷ সিয়েই একমাত্ৰ মানুহ যি তাইক এই ক্ষেত্ৰত সহায় কৰিব পাৰিব৷ নীলাম্বৰৰ, ইন্দ্ৰমণিৰ লগতো ভাল৷ সি কথাটো ইন্দ্ৰমণিৰ পৰা উলিয়াব পাৰিব৷ নীলাম্বৰৰ কথা মনত পৰাৰ লগে লগে মালতীৰ হাঁহি উঠিল৷ সদায় সি তাইক আঁৰ চকুৰে চায়৷ ইমান লাজকুৰীয়া মানুহেটা৷ যিটো মানুহৰ কথা এপদ কোৱাৰ সাহস নাই, সেই মানুহেটাৱে জানো কাৰোবাক ভাল পাব পাৰিব?
আম গছজোপাৰ কোনোবা ডাল এটাত বহি কুলি চৰাই এটাই কুউ কুউ কৈ মাতি আছিল৷ সঁচাকৈ এই কুলি চৰাইটোৰহে ভাগ্য৷ অন্ততঃ মন খুলি বিচৰাজনক মাতিব পাৰিছে, প্ৰেম নিবেদন কৰিব পাৰিছে৷ মন গ’লেই নিজৰ প্ৰেমিকাৰ কাষলৈ উৰি যাব পাৰিছে৷ কিন্তু মানুহৰ? মানুহৰ না সেই স্বাধীনতা আছে, না সামৰ্থ্য৷ মালতীয়ে শুভেন্দুৰ মুখত শুনি অহা কথাবোৰকে পাগুলি আছিল৷ সেই কথাবোৰৰ ওপৰতে ভৰসা কৰিয়েই তাই সপোন দেখিবলৈ আৰম্ভ কৰিছে এতিয়া৷ এইখন গাঁৱতে হ’ব শুভেন্দুহঁতৰ কাৰখানা৷ তাতেই তাইৰ ককায়েকৰ এটা ভাল চাকৰি হ’ব আৰু মালতীয়েও পাব এক সুযোগ্য বৰ৷ এইখন গাঁৱতেই তাইৰ সপোনবোৰ দিঠক হ’ব৷ যিমানেই এই কথাবোৰ মনলৈ আহিছিল, সিমানেই তাইৰ মনটো আনন্দ আৰু উত্তেজনাৰে ভৰি পৰিছিল৷ বাৰে বাৰে তাইৰ সেই সন্ধিয়াৰ কথা মনত পৰিছিল৷ কেনেকৈ শুভেন্দুৱে তাইৰ গালে, ওঁঠে চুমাৰে উপচাই দিছিল৷ কেনেকৈ তাইৰ কৰঙন আৰু উঠন বুকু স্পৰ্শ কৰি তাইক অস্থিৰ কৰি তুলিছিল৷ সেই প্ৰেমৰ চিহ্নবোৰ আনৰ পৰা লুকুৱাই ৰাখিবলৈ সেইদিনা তাই কত কি যে নকৰিছিল৷
মালতীয়ে নিজৰ মনটোক ডাঠ কৰিলে৷ নাই, যিমান যি নহওক, তাই আৰু শুভেন্দুক এৰাৰ কথা ভাবিব নোৱাৰে৷ ইতিমধ্যে তাই তাক নিজৰ স্বামী ৰূপে গ্ৰহণ কৰিছেই৷ তাই সেই সকলোখিনি কৰি পেলাইছে যি এগৰাকী পত্নীয়ে কেৱল নিজৰ স্বামীৰ সৈতেহে কৰিব পাৰে৷ গতিকে এতিয়া আৰু পিছুৱাই অহাৰ কোনো যুক্তি নাই৷ যদি প্ৰয়োজন হয়, তাই নিজৰ ঘৰ এৰিবলৈও সাজু৷ আনকি শুভেন্দুও ৰাজি৷ সি নিজেই কৈছিল, প্ৰয়োজন হ’লে মালতীৰ কাৰণে সি এই কোম্পানিটো এৰি আন কোম্পানিলৈও গুছি যাব৷
কিন্তু আজি সেই মানুহেটাৰেই যে কোনো দেখা–দেখি নাই? ক’লৈ গ’ল শুভেন্দু! তাৰ অবিহনে তাইৰ কি অৱস্থা হৈছে, সেই কথা এবাৰো ভাবি চোৱা নাইনে?
মালতী বহি থকা ঠাইডোখৰৰ পৰাই চাৰিওফালে এবাৰ চকু ফুৰালে৷ তাই ঠিক কৰিলে যে, কাইলৈ তাই এবাৰ নীলাম্বৰৰ ঘৰলৈ যাব৷ তাইক দেখিলেতো সি ভালেই পাব, আৰn সেই সুযোগতেই তাই শুভেন্দু গাঁৱলৈ কেতিয়া আহিব কথাটো সুধি পেলাব৷ আৰু এনেকৈ কোনো সিদ্ধান্ত নোলোৱাকৈ ৰৈ থাকিব নোৱাৰি৷ বহুত পলম হৈ যাব নহ’লে৷ শুভেন্দুক কিবা কৰি হ’লেও তাইৰ ঘৰলৈ মাতি সিহঁতৰ বিয়াৰ কথা উলিয়াবলৈ বাধ্য কৰিব লাগিব৷ তাৰ পিছৰখিনি বাৰু তাই নিজে চম্ভালি ল’ব৷ দেউতাকক তাই নিজে বুজাব৷ মাকেও খুব সম্ভৱ না বুলি নক’ব৷ কথাখিনি চিন্তা কৰি তাই নিজকে নিজেই সান্তনা দিলে৷ ক’ৰবাত তাই পঢ়িছিল, প্ৰেমে হেনো নাৰীক লোহাৰ দৰে মজবুত আৰু শক্তিশালী কৰি তোলে৷
ঃ মালতী! মালতী! ক’লৈ গলিনো অ’?
মাকৰ মাতষাৰ শুনাৰ লগে লগে মালতীৰ চিন্তা ধোঁৱা হৈ কোনোবাফালে উৰি গ’ল৷ তাই কোনোমতে চিঞৰি ক’লে, “ইয়াত আছোঁ! আম দুটা লৈ গৈ আছোঁ ৰ’৷”
ৰমাকান্তই ক’লে, “নীলাম্বৰ আমি এখন দীঘলীয়া যুঁজৰ কাৰণে নিজকে সাজু কৰিব লাগিব, বুজিছ৷ সমুখত আছে চৰকাৰ আৰু কোম্পানি৷ তাৰ বিৰnে¸দ্ধ আছোঁ আমি সাধাৰণ গাওঁবাসীবোৰ৷ গতিকে দৰকাৰ হ’লে আমি মহিলা, ল’ৰা–ছোৱালীৰো সহায় ল’ব লগা হ’ব পাৰে, আৰু এইখিনিতেই মোক তোৰ সহায়ৰ প্ৰয়োজন৷
নীলাম্বৰে কথাখিনি শুনি অলপ থতমত খালে৷
আকৌ ৰমাকান্তই ক’লে, “মই কাৰখানা পতাৰ বিৰোধিতা নকৰোঁ৷ কিন্তু সেই ইস্পাত কোম্পানিৰ পৰা আমাৰ কিবা লাভটো হ’ব লাগিব৷ যদি কাৰখানা বহুৱাবই বিচাৰিছে, তেতিয়াহ’লে সৰু সৰn বা মধ্যমীয়া কাৰখানাবোৰ বহুৱাওক, য’ৰ পৰা না কাৰোবাৰ হাতৰ পৰা মাটি যাব, না কোনোবাই নিজৰ ভেটি মাটি এৰি উঠি যাব লগা হ’ব৷ ইমান প্ৰকাণ্ড কাৰখানাৰ বদলি আমি আন মধ্যমীয়া কাৰখানা কিয় পাতিব নোৱাৰোঁ? মানে এই ধৰক পশুখাদ্য কাৰখানা, বা কুকুৰা ফাৰ্মৰ নিচিনা৷ আচাৰ, বিস্কুটৰ কাৰখানা৷ তাৰ সলনি যদি গাঁৱত এই ইস্পাত কাৰখানা বা পাৱাৰ গ্ৰীড ষ্টেচন বহুৱা হয়, আমাৰ গাঁৱৰ মাটি শুকাই যোৱাৰ লগতে গোটেই গাওঁ ছাৰখাৰ হৈ যাব৷ গতিকে আমি যিকোনো উপায়েৰে ইয়াৰ বিৰোধিতা কৰিবই লাগিব৷”
“ কিন্তু তাৰ আগতে গাঁৱৰ মানুহখিনিক একগোট কৰিব লাগিব৷ ইন্দ্ৰমণি ল’ৰাটো বেয়া নহয়৷ তাৰ মূৰত এই সভাপতিয়েহে কথাবোৰ সুমুৱাই দিছে৷ মই তাক বুজাম ৰ৷”- নীলাম্বৰে ক’লে৷
ঃ কিয় জানো মোৰ আৰn ¸ভৰসা নোহোৱা হৈ গ’ল৷ সভাপতিয়েতো সপ্তাহে সপ্তাহে গাঁৱৰ মানুহক মাতি ভোজ–ভাত খুৱাই
ফুৰিছে৷ আমাৰ জানো সেই সামৰ্থ্য আছে? বাৰু, আমি অহা ৰবিবাৰটো এৰি তাৰ পিছৰ ৰবিবাৰে মহাদেৱ মন্দিৰত আকৌ সভা পাতি গোটেই গাঁৱৰ মানুহখিনি আকৌ এবাৰ লগ হ’ম৷ তই এই ফাইলটো এবাৰ পঢ়ি চাবি৷ পঢ়ি উঠি আবেদন দিব পৰাকৈ এখন দৰ্খাস্ত লিখিবি৷ তাত গাঁৱৰ সকলোৰে চহী লৈ উঠাৰ পিছত কালেক্টৰেট অফিচলৈ গৈ মই নিজে দি থৈ আহিম৷
নীলাম্বৰৰ ভিতৰি ভিতৰি মন গৈছিল ৰমাকান্তৰ লগত মালতীৰ বিষয়ে কথা পাতিবলৈ৷ কিন্তু কোৱাৰ সাহসকনহে সি গোটাব নোৱাৰিলে৷
নীলাম্বৰ কিছুপৰ মনে মনে থকা দেখি ৰমাকান্তই সুধিলে, “কি হ’ল? অন্যমনস্ক হৈ পৰিলি যে? অস্থায়ী চাকৰিটো হাতৰ পৰা গুছি যাব বুলি ভয় খাইছ নেকি? চিন্তা নকৰিবি, একো নহয়৷ পাটপুৰত উদ্ধৱ মহান্তিক সমৰ্থন কৰা মানুহনো কেইটা আছে? চাবিচোন, অহাবাৰ নিৰ্বাচনত গাধ হাৰণ দিব সি৷ তই ইমানকৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই৷ মই এখন ডাঙৰকৈ ফাৰ্ম খোলাৰ কথা ভাবিছেঁে৷ কুকুৰা ফাৰ্ম৷ ৰাস্তাটো হোৱালৈ মাত্ৰ বাট চাই আছোঁ৷ আৰু কিবা কৰি হ’লেও এই বছৰতেই গাঁৱলৈ বিজুলী আহিব, তাত কোনেও বাধা দিব নোৱাৰে, মনত ৰাখ৷”
নীলাম্বৰে অন্যমনস্ক হৈ উত্তৰ দিলে, “উম”৷
প্ৰসংগ সলনি কৰি হঠাৎ ৰমাকান্তই সুধিলে, “আচ্ছা তোৰ মালতীৰ বিষয়ে ধাৰণা কি?”
উচপ খাই উঠিল নীলাম্বৰ৷ আগ নাই পিছ নাই, ই হঠাতে মালতীৰ কথা উলিয়ালে যে? সন্দেহ কৰা নাইতো ৰমাকান্তই? ৰমাকান্তক সি ভালকৈ চিনি পায়৷ যিমান আত্মবিশ্বাসী, সিমান বুদ্ধিমানো৷ তাৰ চোকা নজৰত নীলাম্বৰ ধৰাই পৰিল চাগে!
সেপ ঢুকি নীলাম্বৰে লাহেকৈ ক’লে, “মালতী ভালেই ছোৱালী৷ কিয় সুধিলি বাৰু?”
ঃ নাই, বৌতিহঁতৰ তাইকলৈ বৰ চিন্তা৷ –ৰমাকান্তই ক’লে৷
“চিন্তা নকৰিবি, তাইৰ নিচিনা ছোৱালীয়ে দৰা বিচাৰি হাবাথুৰি খাব লগা নহ’ব৷” – সোণপাহাৰৰ ফালে চাই নীলাম্বৰে ক’লে৷
ঃ মোৰ কিন্তু বেলেগ কথা এটাক লৈহে চিন্তা হৈছে৷
নীলাম্বৰ আকৌ উচপ খাই উঠিল৷ যি ক’ব লগা আছে, ই চিধা–চিধি নকয় কিয়? সি তাৰ ধৈৰ্যৰ পৰীক্ষা লৈছে নেকি? নীলাম্বৰে মুখেৰে একো নামাতিলে৷
“মোৰ লাগিছে, ইন্দ্ৰমণিয়ে তাইৰ মূৰতো এইবোৰ সুমুৱাই দিছে৷ দেখা নাছিলি, আজি তাই কেনেকৈ কাৰখানাৰ কথাক লৈ আমাৰ আগত ওকালতি কৰি আছিল৷”- ৰমাকান্তই ক’লে৷
ঃ অহ, সেইটো কথা! মই আকৌ ভাবিলোঁ…৷
ঃ মই বিচাৰিছিলোঁ, তাই এম. এটো কৰি কলেজতে চাকৰি এটা কৰক৷ কিন্তু তাই নপঢ়িলে৷ নহ’লে অন্ততঃ উৰিষ্যা প্ৰশাসন সেৱাৰ পৰীক্ষাকে দিয়ক!
ঃ উম, তাই পালেও হয় কিন্তু৷ কম চোকা জানো তাই৷
ঃ ভাবিছোঁ তাইক কটকলৈকে পঠিয়াই দিওঁ৷ তাত আমাৰ সিদ্ধেশ্বৰ মামাৰ ঘৰতে থাকি নিজকে এই পৰীক্ষাবোৰৰ কাৰণে প্ৰস্তুত কৰক৷ বিয়াতো যেতিয়াই হওঁ বুলি কয়, তেতিয়াই পাতিব পাৰিব৷
নীলাম্বৰ যেন পাহাৰৰ ওপৰৰ পৰা হঠাৎ তললৈ খহি পৰিল! সি কি ভাবিছিল, আৰু এই ৰমাকান্তটোৱে কি ক’ব ধৰিছে! কথাটো বৰ এটা ভাল নাপালেও হঠাৎ ৰমাকান্তক তাইক পঠাব নালাগে বুলি কোৱাটোও ঠিক নহ’ব৷ সেই কাৰণে সি এনেকৈ ক’লে, “ কিন্তু খুৰীৰ জানো অসুবিধা নহ’ব? তয়ো এতিয়ালৈকে বিয়া বাৰু পতা নাই৷”
হাঁহি উঠি গ’ল ৰমাকান্তৰ৷ তলৰ পৰা মাটিৰ লডা এটা উঠাই দূৰলৈ মাৰি পঠিয়াই সি ক’লে, “তহঁতবোৰে স্বাধীন হৈ ঘূৰি ফুৰিবি, আৰু মোক বিয়া পাতি পৰাধীন হ’বলৈ ক’বি৷ বাদ দে সেইবোৰ৷ আগতে তই এই দিয়া কামটো কৰি শেষ কৰ৷ গাঁৱৰ এই বিপদৰ সময়ত মই আৰু বেলেগ কোনো কথাই চিন্তা কৰিব নোৱাৰোঁ৷”
ঃ হ’ব দে৷ – নীলাম্বৰেও উত্তৰটো চমুকৈ দি থৈ দিলে৷
ঃ মাজে মাজে আমাৰ ঘৰলৈ আহি থাকিবি৷ বৌতিয়ে তোক খুব ভাল পায়৷
নীলাম্বৰেও কথাষাৰ শুনি ভালেই পালে৷ সি ক’ব বুলি ভাবিছিল, মালতীকো ইমান দূৰলৈ পঠাব নালাগে দে বুলি৷ ইয়াতে থাকি তাই পঢ়া–শুনা কৰি থাকক৷ কিন্তু আকৌ তাৰ মনলৈ আহিল, যে গোটেইবোৰ কথা একেদিনাই কোৱাটো থিক নহ’ব৷ যদি তাৰ ভালপোৱাত গভীৰ বিশ্বাস আছে, তেতিয়াহ’লে সি এদিন নহয় এদিন প্ৰেমত সফল হ’বই৷
ৰমাকান্তই আৰু কিবা এটা ক’বলৈ লওঁতেই সিফালৰ পৰা অহা মটৰ চাইকেলৰ শব্দ শুনি সি ৰৈ গ’ল৷ মটৰ চাইকেলখন চলাই ইন্দ্ৰমণি অৰ্জুন বাবাজীৰ মঠৰফালে আহি আছিল৷
নীলাম্বৰে ক’লে, “এইটো ইন্দ্ৰমণি যেন লগা নাই নে? কিন্তু সি কাৰ মটৰ চাইকেল চলাই আহিছে? ৰাস্তা নেট হওতেই ই মটৰ চাইকেল কিনিব পৰা হ’ল নে?”
ৰমাকান্তই হা, না একো নক’লে৷
ইতিমধ্যে ইন্দ্ৰমণিও সিহঁত দুয়োটাৰ ওচৰ পাইছিলহি৷ তাক দেখাৰ লগে লগে ৰমাকান্তৰ সেইদিনাৰ গণ্ডগোলৰ কথা মনত পৰি গ’ল৷ লগে লগে সি মুখখন ঘূৰাই দিলে৷
অকণমান দূৰত থিয় হৈ, ইন্দ্ৰমণিয়ে, নীলাম্বৰক কাষলৈ মাতিলে৷
অহা সংখ্যাত…