
সেইদিনাখন বৃহস্পতিবাৰ আছিল৷ মোৰ গন্তব্যস্থান বৃদ্ধাশ্ৰমখনলৈ মই ওলালোঁ৷ মোৰ লগত আমাৰ কন্যা নিয়ৰকণা৷ আবেলি প্ৰায় চাৰিমান বজাত মই মোৰ গন্তব্যস্থানত উপস্থিত হৈছিলোঁ৷ আমি অপেক্ষা কৰিছিলোঁ দুজন বিশেষ ব্যক্তি বৃদ্ধাশ্ৰমখনৰ দুগৰাকী আবাসী৷ প্ৰায় এঘণ্টামানৰ পিছত দুয়ো বৃদ্ধাশ্ৰমখনত উপস্থিত হ’ল৷ মই লক্ষ্য কৰিছিলোঁ দুৰৈৰপৰা৷ মানুহ দুগৰাকীৰ মুখত বিৰিঙি আছিল সুখৰ সান্নিধ্যৰ এটি মিঠা হাঁহি৷ দুয়ো –দুয়োৰে মাজত হোৱা আলোচনাবোৰ মোৰ কৰ্ণস্পৰ্শ হোৱা নাছিল যদিও তেওঁলোকৰ মুখত বিৰিঙি থকা মিঠা হাঁহিটোৱে প্ৰমাণ কৰিছিল যে দুয়ো দুয়োৰে লগত যথেষ্ট সুখী৷ আচলতে সম্বন্ধত দুয়ো পতি–পত্নী৷ দুয়োয়ে এটা মিঠা হাঁহিৰে সম্ভাষণ জনালে৷
“আহিলা তোমালোক৷ আমি দুয়ো অলপ বজাৰৰপৰা আহিলোঁ৷ বৰ ভাল লাগিল তোমালোকক লগ পাই৷ অকণমানি নিয়ৰকণাজনী কিন্ত বেচ মৰমলগা৷’’
ককায়ে কথাখিনি কৈ কৈ নিয়ৰকণাৰ মুৰত হাত ফুৰালে৷ তাৰপিছত তেখেতে আৰম্ভ কৰিলে তেওঁলোকৰ জীৱন যাত্ৰাৰ বহু কথা৷
“বুজিছা আইজনী, এই যে পৃথিৱীৰ মানুহবোৰ দেখিছা এই সকলোবোৰ মোৰ আপোন মানুহ৷ অসমীয়াত এষাৰ কথা আছে নহয় ‘নিজ ভালেই জগত ভাল’ গতিকে আমি মানুহবোৰ সকলো ভাল৷ কিন্ত আমাৰ মনৰ মাজত আছে কিছু বুজা–বুজিৰ অভাৱ৷’’
ককাজন বৰ সৰল মনৰ৷ তেখেতে কোৱা কথাখিনিত আছিল সৰলতা৷ তেখেতে বহুকথাই সেইদিনা কৈ গৈছিল আমাৰ আগত৷ তেখেত আৰম্ভ কৰিছিল কেনেদৰে তেখেতলোক বৃদ্ধাশ্ৰম আবাসী হ’ল —————
“বুজিছা মাজনী, তুমি আমাৰ বিষয়ে লিখিব পাৰিবা; কিন্ত আমাৰ নাম আৰু ঠিকনা প্ৰকাশ নকৰিবা৷ কাৰণ আমাৰ পৰিয়ালৰ মানুহবোৰে আমাক বেয়া পাব পাৰে৷’’
ময়ো তেখেতৰ কথাবোৰ বৰ আগ্ৰহেৰে শুনি গৈছিলোঁ৷
“মই এজন চৰকাৰী বিভাগৰ কৰ্মচাৰী আছিলোঁ৷ মোৰ মা–দেউতা তেতিয়াৰ দিনৰ মানুহ৷ শিক্ষিত নাছিল যদিও বৰ জ্ঞানী মানুহ আছিল দুয়ো৷ আমাৰ ককাই–ভাই পাঁচটা৷ সকলো নিজৰ নিজৰ সংসাৰত ব্যস্ত৷ আমাৰ পৰিয়ালৰ মানুহবোৰৰ মাজত বৰ মিলা–প্ৰীতি আছিল কিন্ত৷ এওঁ মানে মোৰ শ্ৰীমতীক আই–পিতায়ে পছন্দ কৰি আনিছিল৷’’
ককায়ে মুখত মিচিকিয়া হাঁহি এটাৰে কথাখিনি আৰম্ভ কৰিছিল হে মাথোঁ৷ তেনেতে আইতাগৰাকীয়ে ককাৰ মুখৰ কথাখিনি নিজৰ পিনে টানি আনিলে৷
“ বুজিছা আইজনী৷ মই নকৈ শহুৰৰ ঘৰত ভুমূকি মৰাৰে পৰা মই বহুত মৰম পাইছোঁ তেওঁলোকৰপৰা৷ বিশেষকৈ মোৰ শাহু মাগৰাকী বৰ মৰমিয়াল আৰু অমায়িক আছিল৷ মোৰ এনে লাগিছিল যেন তেখেত মোৰ কোনোবা জনমৰ মা আছিল৷ মৰম – আদৰ পাই মই তেনেই মোৰ মানুহজনৰ ঘৰখনত আদৰুৱা হৈ পৰিছিলোঁ৷ কিন্তু বিধিৰ বিধান খণ্ডাব কোনে? মোৰেই ভাগ্য বেয়া যে মই কেতিয়াও মাক হব নোৱাৰিলোঁ৷ মই বহুত চেষ্টা কৰিছিলোঁ জানা, এওঁক মানে মোৰ মানুহজনক দ্বিতীয় বিবাহ কৰাবলৈ, কিন্ত কেতিয়াও সেই কথাত মান্তি হোৱা নাছিল৷
কি যে কথা কোৱা আৰু তুমি? তুমি মোক পিছে বিয়া পাতিবলৈ চেষ্টা কৰিছিলা নে ভৰিত শিকলি লগোৱাৰ কথা ভাবিছিলা?
কথাখিনি কৈ ককায়ে ডাঙৰকৈ হাঁহিছিল৷ তেখেতৰ মুখত কিন্ত কোনো দুখৰ চিন দেখিবলৈ পোৱা নাছিলোঁ মই৷
মনে মনে থাকক হে আপুনি৷ দুখতো হাঁহি আৰু সুখতো হাঁহি মানুহজনৰ মুখত৷
আইতাৰ ধমকিত ককাজনে কিন্ত হাঁহিবলৈ এৰা নাছিল, মাথোঁ কৈছিল তুমি জীৱনটোত মোৰ পৰা কি পাইছা নাজানো কিন্ত তোমাৰপৰা মই সকলো পাইছোঁ৷ সুখ–সমৃদ্ধি সকলো৷ মোৰ ঘৰখনত তুমি খোজ পেলোৱাৰ পিছৰেপৰা মোৰ জীৱনৰ সকলোবোৰ দিশেই ভালৰ ফালে গতি কৰিলে৷ তোমাক বিয়া পাতি অনাৰ পিছতে মোৰ চৰকাৰী চাকৰিটো হ’ল৷ মোৰ ঘৰত তুমি মোতকৈ বেছি আপোন হৈ পৰিলা৷ মোৰ আই–পিতাইৰ মনত তুমি বোৱাৰীতকৈ জীয়েকৰ স্থান দখল কৰিলা৷ মুঠতে মোৰ জীৱনত তুমি সুখেৰে উপচাই পেলালা৷ আৰু শ্ৰীমতী আমাৰ সন্তান এটা থকা হ’লে মোৰ মৰমখিনি ভাগ–বতৰা হ’লহেঁতেন৷ তুমি মোতকৈ আমাৰ সন্তানটিক বেছি মৰম কৰিলাহেঁতেন! সেয়েহে হয়তো ভগৱানে ছাগৈ সন্তান নিদিেল আমাক৷ এইটো কথাক লৈ মই বা আমাৰ ঘৰখনে জানো তোমাক কিবা কষ্ট দিছে কোৱাচোন?
নাই নাই, সেইটো কেতিয়াও হোৱা নাই মোৰ ক্ষেত্ৰত৷ মোৰ মৰম আৰু আদৰ পাইছোঁ মই মোৰ মানুহজনৰ ঘৰত৷ এতিয়াও মৰম আৰু আদৰ পাই আছোঁ জানা মাজনী৷ মোৰ শাহু মা আৰু শহুৰ দেউতা নাই যদিও আমাৰ দাদা–বৌ তথা ভতিজাহতঁৰপৰা বহুত মৰম পাইছোঁ৷
কিন্ত আপোনালোক এনেদৰে কিয় বৃদ্ধাশ্ৰমলৈ আহিল সেইটোহে বুজি নাপালোঁ মই?
ককায়ে মুখত এটা সন্তুষ্টিৰ হাঁহি আঁকি আৰম্ভ কৰিলে৷
আচলতে কি জানা আইজনী৷ আমাৰ নিজৰ ঘৰ–দুৱাৰ সকলো সাজিলোঁ৷ আমাৰ এখন বাজাজ চুপাৰ (স্কুটাৰ) আছিল৷ আমি দুয়ো বজাৰ–সমাৰ, ঘুৰা–ফুৰাৰ লগৰী আছিল সেইখন৷ কিন্ত কিছুদিনৰ পৰা আমাৰ দেহাবোৰ দুৰ্বল হৈ আহিল৷ মই আগৰ দৰে নিজৰ কামবোৰ কৰিব নোৱাৰা হৈ আহিলোঁ৷ স্কুটাৰ চলাবলৈ ভয় লগা হ’ল৷ এবাৰ–দুবাৰ স্কুটাৰৰ এক্সিডেণ্টো হ’ল৷ তেতিয়াৰপৰা আমাৰ বিকি নামৰ ভতিজাটোৱে আমাৰ যত্ন ল’বলৈ ধৰিলে৷ সি আমাৰ দুয়োক ইমানেই ভালপায় যে ক’বলৈ ভাষা নাই মোৰ৷ আনফালে সি চাকৰি কৰা ল’ৰা৷ আমাৰ যত্ন বেছিকৈ লোৱাৰ ফলত তাৰ যে যথেষ্ট কষ্ট হৈছিল সেই কথাটো আমি দুয়ো ভালদৰে উপলব্ধি কৰিছিলোঁ৷ গতিকে আমি নিজৰ ইচ্ছাৰে এই বৃদ্ধাশ্ৰমখনলৈ থাকিবলৈ গুচি আহিলোঁ৷
আপোনালোকৰ ঘৰ–দুৱাৰ কোনে চোৱা–চিতা কৰে? আপোনালোক যায় নে ঘৰলৈ?
উম যাওঁ যাওঁ৷ আমাৰ সা–সম্পত্তিবোৰ সিহঁতেই চোৱাচিতা কৰে৷ এতিয়া ঘৰটো ভাড়ালৈ দি থৈছোঁ৷ ঘৰটোৰ এটা অংশ আমাৰ বাবে ৰাখিছোঁ৷ আমি মাহৰ মূৰত এবাৰকৈ যাওঁ ঘৰলৈ৷ পৰিয়ালৰ মানুহবোৰৰ লগত দেখা–দেখি কৰি আহোঁ৷ বৰ ভাল লাগে জানা তেখেতলোকৰ লগতো সময় অতিবাহিত কৰি৷ আচলতে কি জানা আইজনী আমি কাৰোৰে বাবে বোজা হ’ব নোখোজোঁ৷ পেঞ্চনৰ টকাকেইটাৰে বৃদ্ধাশ্ৰমত অলপমান দিওঁ আৰু বাকীখিনি আমাৰ হাতত ৰৈ যায়৷ আমাৰ চলিবলৈ একো অসুবিধা নহয়৷ ইয়াত থাকি আমি বৰ শান্তি পাইছোঁ৷ আশ্ৰমখনৰ পৰিচালনাৰ দায়িত্বত থকা সকলোৱে যথেষ্ট মৰম আৰু যত্ন লয় আইজনী৷ আমি বৰ্তমান বহুত সুখী আইজনী৷
ককা–আইতাৰ কথাবোৰে মোৰ মনটো একেবাৰে সতেজ কৰি তুলিলে৷ বহুত পজিটিভ চিন্তাৰে ভৰি আছিল তেওঁলোকৰ মনবোৰ৷ সেইবাবেই হয়তো তেওঁলোকৰ বাবে পৃথিৱীৰ সকলো মানুহেই আপোন হ’ব পাৰিছে আৰু সকলো সময়তে নিজকে সুখত ৰাখিব পাৰিছে৷ v