পৰীক্ষা ঃ এতিয়া আৰু নাই টেনশ্যন(ৰাজীৱ কলিতা)
পৰীক্ষা! পৰীক্ষা বুলি ক’লে এক মহা টেনশ্বন৷ ছাত্ৰ–ছাত্ৰী, অভিভাৱক সকলোৰে এক ভয় আৰু ত্ৰাসৰ কাৰণ৷ আজিকালি পৰীক্ষা বুলি কলে শিক্ষক, প্ৰধান শিক্ষক, অধ্যক্ষ তেখেতসকলো টেনশ্যনৰ কবলত কবকবাই থাকে৷ যদিহে স্কুল, মহাবিদ্যালয়ৰ আজিৰ ফলাফল বেয়া হয় অভিভাৱক, সামাজিক মাধ্যম, মিডিয়া আৰু চৰকাৰৰ বোষত পৰাতো খাটাং৷ মুঠতে পৰীক্ষাৰ আতংকই কাকো সুদাই নেৰে৷ চুবুৰীয়াৰ বাবে আকৌ এক বিশেষ টেনশ্যন৷ তেওঁলোকৰ সন্তানটি যাতে চুবুৰীয়াৰ সন্তানটিতকৈ ভাল ফল দেখুৱাব পাৰে সেইটো টেনশ্যন৷ যদি ওচৰ ঘৰীয়াৰ ফলাফল ভাল হয় তেওঁলোকৰ ঘৰত অশান্তিয়ে বাঁহ লয়৷
দিগন্ত বৰুৱা৷ সমাজৰ এজন খ্যাতিসম্পন্ন লোক! তেওঁলোকৰ একমাত্ৰ সন্তানটিয়ে মেট্ৰিক দিব৷ কিন্তু মানুহজন অকণো চিন্তিত নহয়৷ সাধাৰণ জীৱন কটাই আছে৷ তাকে দেখি চুবুৰীয়াৰ টেনশ্যন৷ মানুহজনৰ সন্তানে যদি ফাল ফল দেখুৱাব নোৱাৰে তেন্তে তেওঁ সমাজত মুখ উলিয়াব কেনেকৈ? তেখেতৰ সকলো সম্মান পানী হৈ পৰিব৷ চুবুৰীয়াজনে মনে মনে দিগন্ত বৰুৱাক লক্ষ্য কৰি থাকিল৷ এদিন তেওঁ দিগন্ত বৰুৱাক পৰীক্ষাৰ পাছত দোহাই দি লাজত পেলাবলৈ বুদ্ধি পাতি থাকিল৷
মেট্ৰিক পৰীক্ষাৰ আগদিনা চুবুৰীয়া বৰুৱাৰ ঘৰ পালেগৈ৷ ল’ৰা পঢ়াত ব্যস্ত যদিও মেট্ৰিক পৰীক্ষাৰ্থী যেন নালাগিল৷ মাকজনী চাপমুক্ত৷ তেওঁলোকৰ পৰিয়ালত নাই কোনো চাপ, নাই কোনো ভয়৷ নাই কোনো উৎকণ্ঠা৷ চুবুৰীয়া হতচকিত৷ তেনেতে দিগন্ত বৰুৱা সোমাই আহিল৷ ল’ৰাই পঢ়ি আছে৷ বৰুৱাই মিউজিক চিষ্টেমটো অন কৰি দিলে৷ এক জনপ্ৰিয় গীতে পৰিৱেশটো ৰোমাঞ্চিত কৰি তুলিলে৷ পৰিয়ালৰ আটাইকেইজন নচাত ব্যস্ত৷ চুবুৰীয়া হায়ৰান৷ পিছদিনা পুতেকৰ মেট্ৰিক নহয় যেন বৈবাহিক অনুষ্ঠান হে আছে, তেনেকুৱা অনুভৱ কৰিলে চুবুৰীয়াই৷ লাহেকৈ তেখেত তাৰ পৰা উঠি ঘৰ অভিমুৱা হ’ল৷ ৰাস্তাত চুবুৰীয়াই ভাবিলে দিগন্ত বৰুৱা চাগৈ বলিয়া হ’বলৈ গৈ আছে৷
পাছদিনা পুৱা৷ মেট্ৰিক! চুবুৰীয়াই দৃষ্টি ৰাখিলে বৰুৱা পৰিয়ালৰ ওপৰত৷ আকৌ তেওঁ হতচকিত হোৱাৰ পাল৷ দিগন্ত বৰুৱাই তেখেতৰ ল’ৰাক চাৰিচকীয়া গাড়ীত উচ্চস্বৰত মিউজিক চিষ্টেম বজাই পৰীক্ষা কেন্দ্ৰলৈ লৈ গ’ল৷ পৰীক্ষা মানে ভয়৷ তাতে আৰু মেট্ৰিক৷ অইন অভিভাৱকে ছমাহ আগৰ পৰাই সন্তানক বিহু, পূজা, সভা আদিৰ পৰা দূৰত ৰাখে৷ চুবুৰীয়াই ৰৈ নাথাকি বৰুৱাক চিধাচিধি প্ৰশ্ন কৰাৰ সিদ্ধান্ত কৰিলে৷

দিগন্ত বৰুৱাই চুবুৰীয়াৰ প্ৰশ্নত বেছ আমোদ পালে৷ প্ৰাণ খুলি হাঁহি চুবুৰীয়াক বুজালে৷ জীৱন মানুহৰ দুদিনীয়া৷ তাতে আৰু আজি কালিৰ শৈশৱ যান্ত্ৰিকতাৰে ভৰা৷ আমাৰ বাবে আছিল মুকলি পথাৰ, পুখুৰী, আম–জামৰ গছ আৰু কত যে কি? এতিয়া সেই সুখ আছে জানো? মোবাইল, টিভি, ভিডিঅ’ গেমতে আজিৰ শৈশৱ৷ আমাৰ দিনত একোখনকৈ প্ৰতিঘৰতে চোতাল আছিল৷ সেই চোতালে আমাক বহু সুখ দিছিল৷ নগা ঢাৰিত বহি ককা–আইতাৰ পৰা সাধু শুনি সংস্কাৰো শিকিছিলোঁ৷ এতিয়া আহো মোৰ জীৱনলৈ৷ মোৰ জীৱনটো আছিল অলপমান বেলেগ৷ আমাৰ দেউতা আছিল অলপ কাঢ়া প্ৰকৃতিৰ মানুহ৷ সদায়ে মোৰ ভাল ফলাফলৰ ওপৰত নজৰ ৰাখিছিল৷ অকণমান কম নম্বৰ পালেই ঘৰখনত হাঁহাকাৰ৷ পঢ়াৰ নামত বহু দুখ, কষ্ট আৰু যাতনা ত্যাগ কৰি আজি মই এজন উচ্চ পদস্থ বিষয়া৷ এটা সময়ত ভাবিছিলোঁ মেট্ৰিকৰ ভালফলে জীৱনত সুখ দিব৷ ভাল ফল কৰিলোঁ৷ আকৌ এইবাৰ মূৰত সোমাল হায়াৰ ছেকেণ্ডাৰীৰ চিন্তা৷ পলে পলে ভয়৷ ঘৰৰ ভয়, সমাজৰ ভয় আৰু কেৰিয়াৰ গঢ়াৰ ভয়৷ এদিন হায়াৰ চেকেণ্ডাৰীতো উজলি উঠিলোঁ৷ তেনেদৰে এটাৰ পিছত আন এটা পৰীক্ষা অতিক্ৰম কৰিলোঁ৷ কেৱল টেনশ্যন আৰু টেনশান৷ বৰ্তমান মই এজন উচ্চ পদস্থ বিষয়া৷ বাহিৰৰ পৰা দেখিবলৈ শুৱনি, কিন্তু বাস্তৱত? তাতো যথেষ্ট টেনশ্যন৷ সেই টেনশ্যন দিয়া মানুহখিনি কোন জানানে? সেই যে আমি পঢ়াকালত ভালদৰে ক্লাছ নকৰি ৰিঙিয়াই ঘূৰি ফুৰিছিল৷ বিয়া সভা খাই ঘূৰি ফুৰিছিল৷ স্কুলত যে ছাৰহঁতৰ গালি খাই বেঞ্চৰ ওপৰত থিয় হৈ আছিল৷ ৰচীদ বহী লৈ দল–সংগঠন কৰিছিল৷ সিহঁতে কেতিয়াও পৰীক্ষা লৈ টেনশ্যন লোৱা নাছিল৷ আজি সিহঁতৰ কিছু মন্ত্ৰী–বিধায়ক হ’ল৷ পাছ বেঞ্চৰ ছাত্ৰই বাস্তৱ জীৱনত আগ বেঞ্চৰ বিদ্যাৰ্থীক শাসন কৰিব পৰা হ’ল৷ সেই কথাবোবে মোক বহু কথাই শিকালে৷ দুটামান নম্বৰৰ বাবে মই মোৰ ল’ৰাজনক টেনশ্যন দিব খোজা নাই৷ দুটামান ভাল নম্বৰ পালে দুখনমান গামোচা পায়৷ সেই গামোচা পোৱা মানুহখিনিয়ে কিবা ভুল কৰিলেই সমাজ জাঙুৰ খাই উঠে৷ বহু ভাল নম্বৰ পোৱা ছাত্ৰ–ছাত্ৰী আজি হৈছে বেকাৰ৷ সিহঁতে সৰু– সুৰা কাম কৰিব নোৱাৰে৷ সিহঁতৰ মনে সৰু কাম কৰিবলৈ অনুমতি নিদিয়ে নাইবা কৰিব খুজিলেও সমাজৰ ৰোষত পৰে৷ হতাশা, অনি(য়তা আৰু কিবা এটা কৰিব নোৱাৰা দুখে সিহঁতক দুখত বাখে৷ সেই চোকা ছাত্ৰ–ছাত্ৰীখিনিৰ খৱৰ কোনোবাই ৰাখিছে নে? সিহঁত আজি কেনে আছে?
আকৌ সেই টেনশ্যন নোলোৱাখিনিয়ে সমাজত যিকোনো কামেই কৰি চলি যাব পাৰে৷ পৰীক্ষা মানে হ’ল জীৱনত কিবা এটা হ’ব পৰা প্ৰক্ৰিয়া৷ সেই প্ৰক্ৰিয়াত সফল হ’ব পৰা মানে জীৱনলৈ সাৰ্থকতা আহে৷ পৰীক্ষাৰ অন্তৰালত থাকে মহান উদ্দেশ্য৷ কিছুমান অৰ্থহীন অনুষ্ঠানত মানুহে জীৱনটো নাচি–বাগি উদ্যাপন কৰে৷ পৰীক্ষাৰ নামত অনাহকত ভয় আৰু শংকা লৈ দুই একে আত্মহত্যাও কৰে৷ গতিকে আমি যদি সন্তানক পৰীক্ষাক বোজা বুলি নেদেখুৱাই আনন্দৰ ৰাস্তা বুলি পৰিচয় কৰাই দিওঁ সেয়া জানো ভুল হ’ব? পৰীক্ষাৰ টেনশ্যনে জীবন নগঢ়ে৷ প্ৰকৃত লক্ষ্যই জীবন গঢ়ে৷ পৰীক্ষাৰ নামত অনাহকত টেনশ্যন লৈ ছাত্ৰ জীবনতো দুৰ্বল কৰাৰ কোনো যুক্তি নাথাকে৷ কিয়নো ভাল নম্বৰ পোৱাৰ পাছতো ভবিষ্যত জীৱন সুৰক্ষিত নহয়৷ উদাহৰণ–লাখ লাখ নিবনুৱা৷ চুবুৰীয়াই বৰুৱাৰ কথা যেন বুজি পালে৷ তেওঁ আৰু পৰীক্ষা বুলি টেনশ্যন নলয় বুলি বৰুৱাক প্ৰতিশ্ৰুতি দি গুছি গ’ল৷