প্ৰত্যয়ৰ দোমোজাত জন্মৰপৰা মৃত্যুলৈকে এগৰাকী নাৰীয়ে কি বিচাৰে জীৱনটোত? ক’ব পাৰিবনে কোনোবাই? এখন ধুনীয়া সংসাৰ? ধন–সম্পত্তি, এটা ধুনীয়া ঘৰ?
সঁচাকৈ এইটো এটা বৰ জটিল প্ৰশ্ন৷ উত্তৰটোক লৈ, কিন্তু কোনেও বেছি চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰে৷ কাৰণ নাৰী হ’ল কৰ্তব্যৰ এপাট চাবি–কাঠী৷
এগৰাকী নাৰীৰ আত্মকথাঃ
মই এগৰাকী ভাল মাক হ’বলৈ শিকিছোঁ৷ পাৰিছোঁ নে নাই সেইটো মাথোঁ মোৰ সন্তানেহে এদিন ক’ব আৰু সেইদিনা মই সুখী হ’বলৈ চেষ্টা কৰিম আৰু নিজকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ ধৰিম৷ কোনোবা এটা বিশেষ দিনত দেউতা–মাৰ চোতালত কেইটামান আখৈ ছটিয়াই মই ভাল ছোৱালীৰ পৰা এজনী ভাল বোৱাৰী হ’বলৈ স্বামীৰ চোতালত ভৰি দিছিলোঁহি৷
ভাল ছোৱালী হ’বলৈ বা ভাল বোৱাৰী হ’বলৈ বৰকৈ কষ্ট হোৱা নাছিল, কাৰণ জ্যেষ্ঠজনৰ বাবে কৰি গৈছিলোঁ বাবেই মনত শান্তি পাইছিলোঁ৷ নাৰীৰ ধৰ্ম বুলিয়ে নীৰৱে মানি লৈছিলোঁ; কিন্তু ভাল মাক হ’বলৈ কিয় জানো বাৰে বাৰে হৃদয়খনক কষ্ট দিব লগা হয়, বাৰে বাৰে যেন উজুটি খাব খোজোঁ৷
যৌথ পৰিয়ালৰপৰা লৈ অহা ঘৰুৱা শিক্ষাবোৰৰ যোগেদিয়ে স্বামীৰ পৰিয়ালৰ সকলোকে আঁকোৱালি লৈছিলোঁ আৰু পাৰিছিলোঁ বুলি ভাবি লৈ শান্তি লভিছিলোঁ৷
এদিন মোৰ গৰ্ভত মোৰ প্ৰথম সন্তানে থিতাপি লৈছিলহি৷ শিহৰিত হৈ পৰিছিলোঁ৷ ভাল লাগিছিল– মই মাক হ’বলৈ ওলাইছোঁ৷ ভয় লাগিছিল– মই ভাল মাক হ’বলৈ পাৰিমনে নাই বাৰু? সন্তান গৰ্ভত থকাৰেপৰা সেই চিন্তাই মোক ব্যতিব্যস্ত কৰি তুলিছিল৷ কাৰণ মনটোৱে কয়– সন্তান ভাল মানুহ হ’বলৈ লাগিব৷ কিয়নো ময়ো এদিন ভাল হ’বলৈ চেষ্টা কৰিছিলোঁ ঘৰখনৰ বাবে৷ দেউতা–মাৰ বাবে৷ ঠিক সেইদৰে দেউতা–মায়েও আমাৰ যত্ন লৈছিল৷ দেউতা–মাৰ সেই ত্যাগ কাহানিও পাহৰিব নোৱাৰোঁ বাবেই উলিয়াই দিয়া ছোৱালী যদিও কাহানিও ভাল ছোৱালীৰ দায়িত্ববোৰ আওকাণ কৰা নাছিলোঁ৷
এদিন সন্তানটি পৃথিৱীলৈ আহিছিল৷ সুস্থ–সৱল সন্তানটিক দেখি ঘৰখনত আনন্দৰ জোঁৱাৰ উঠিছিল৷ দেউতাকে আনন্দেৰে কৈছিল– “গৌৰৱ ৰাখিম ইয়াৰ নাম৷’’
মই ব্যস্ত হৈ পৰিছিলোঁ গৌৰৱক লৈ৷ মা, বৰমা, শাহু সকলোৰেপৰা শিকা নিয়ম–নীতিৰ মাজেদি মই তাক ভাল মানুহ গঢ়াত উঠি পৰি লাগিছিলোঁ৷ তাৰ তিনি বছৰৰ পিছতে পুনৰ আমাৰ সংসাৰখনলৈ আহিছিল দ্বিতীয় পুত্ৰ৷ দেউতাকে নাম ৰাখিছিল তাৰ সৌৰভ৷
গৌৰৱ–সৌৰভক লৈ দেউতাক, ককাক আদি কৰি ঘৰখনৰ সকলোৱে সদায় আশা কৰিছিল– দুয়োটা ল’ৰাই এদিন ভাল হ’ব৷ সকলোৱে গৌৰৱ কৰিব, সকলোৱে শান্তি পাব৷
শহুৰে গৌৰৱেৰে কৈছিল– “যি মূলা বাঢ়ে দুপাততে চিন৷ ইহঁতে এদিন নাম উজলাব বংশৰ৷ তহঁতে মাথোঁ পথ দেখুৱাই যা৷’’ এদিন শহুৰ দেউতাই আমাক বুজাইছিল– “ময়ো অলপ সহায় কৰিম৷ গাঁৱত মাটি–বাৰী বহুত আছে৷ আধা বিক্ৰী কৰি তহঁতে চহৰতে মাটি অলপ কিনি তালৈকে গুচি যা৷ কাৰণ গাঁৱত থাকি ভাল মানুহ কৰি গঢ়ি তুলিবলৈ অলপ অসুবিধা পাবি৷ সিহঁতৰ পঢ়া–শুনাকে আদি কৰি সকলোখিনি কাষতে পোৱাকৈ তহঁতে চহৰতে ঘৰ এটা সাজি লগৈ৷’’

সেইমতে আমি চহৰৰ মাজ মজিয়াত সুন্দৰকৈ ঘৰ এটা সাজি গৌৰৱ আৰু সৌৰভক ভাল স্কুলত নাম লগাই দিছিলোঁ৷
দুখ নাছিল আমাৰ৷ ভৱিষ্যতৰ বহুতো সপোন দেখি স্বামীয়ে কম সময়তে বৃহৎ অট্টালিকাটো সাজি সুখী হৈ পৰিছিল৷ আশা ৰাখিছিল– ভবিষ্যতে পো–বোৱাৰী, নাতি–নাতিনীৰ সৈতে একেলগে উমলিব পাৰিব সেই ঘৰতে৷ সপোন কিন্তু মই দেখাতকৈ সন্তানক দেখুৱাইছিলোঁ৷
কেনেকৈ সিহঁতে কেৰিয়াৰ গঢ়িবলৈকে গাঁৱৰপৰা চহৰলৈ আহিব লগা হ’ল৷ বুজাইছিলোঁ, ভাল মানুহ তহঁত হ’বই লাগিব৷ দেউতাৰ নিচিনাকৈ তহতি ডাঙৰ ডাঙৰ ঘৰ সাজিব পৰাকৈ চাকৰি কৰিব লাগিব৷ এদিন বিদেশলৈয়ো যাব পৰাকৈ উপযুক্ত হ’ব লাগিব৷ সকলোৱে তহঁতৰ নাম ক’লেই চিনি পাব লাগিব৷ উহঃ– কত যে সপোন দেখুৱালোঁ মই সেই ফুলকুমলীয়া কলিজাদুখনক৷
এদিন সঁচাকৈ গৌৰৱে সকলোকে দেখুৱাই দিলে তাৰ প্ৰতিভা৷ মেট্ৰিকত ষ্টেণ্ড কৰি সি অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিলে৷
সেইদিনা মই প্ৰশ্ন কৰিছিলোঁ নিজকে– মই বাৰু সফল মাতৃ হ’ব পাৰিছোঁ নেকি? নাই, বেছি ভাবিবলৈ সময় নাছিল মোৰ৷
তাৰ হায়াৰ ছেকেণ্ডাৰী আৰু সৌৰভৰ মেট্ৰিকলৈ বুলি পুনৰ ব্যস্ত হৈ পৰিছিলোঁ৷ দেউতাকে বৰকৈ ল’ৰা দুটাৰ লগত লাগি নাথাকে৷ ধেমালি কৰি কয়– “মই টকা ঘটা মেচিন, তুমি মানুহ গঢ়া মেচিন৷ হ’ব দিয়া, এদিন জিৰণি ল’ম সিহঁতৰ ছাঁতে৷’’ গৌৰৱে এদিন সুখ্যাতিৰে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল৷ সি তাৰ ইচ্ছামতে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বাবে দিল্লীলৈ উৰা মাৰিছিল৷ সেইদিনা মোৰ বুকুখন খুব উকা উকা লাগিছিল৷ দুটা ল’ৰাৰ লগত ইমান ব্যস্ত আছিলোঁ মই! বহু কথা ভাবিবলৈ সময়ে পোৱা নাছিলোঁ৷ গৌৰৱৰ দিল্লীৰ সংবাদটোত মই বেয়াকৈ ভাঙি পৰিছিলোঁ৷
দেউতাকে বুজাইছিল বাৰে বাৰে– “সিহঁতৰ ভালৰ বাবে আমি বহু ত্যাগ কৰিবই লাগিব৷ এদিনটো উভতি আহিব সিহঁত৷ বেছি নাভাবিবা৷’’ মই মাথোঁ উচুপিছিলোঁ নীৰৱে৷
বুজিছিলোঁ, নভবা হৈছিলোঁ৷ দুখবোৰ গিলি পেলাইছিলোঁ৷ সৌৰভক লৈ ব্যস্ত হৈ পৰিছিলোঁ৷ সৌৰভেও সুখ্যাতিৰে আগবাঢ়ি গৈছিল৷ সিয়ো ককায়েকক অনুসৰণ কৰিবলৈ লৈছিল৷ অসমত মেডিকেলৰ ছিট নাপাই সি পোনছাটেই ককায়েক আৰু দেউতাকৰ দিহা মতে কেলিফৰ্নিয়া যাবলৈ ওলাল৷ গুচি গৈছিল সিয়ো এদিন৷ সেইদিনা মই উচুপি কন্দা নাছিলোঁ, চিঞৰি কান্দিছিলোঁ৷ স্বামীয়ে মোক বুকুৰ মাজত সুমুৱাই বুজাইছিল৷ পুনৰ নকৈ মোক সপোন দেখুৱাইছিল৷
ঃ চোৱা, আমাৰ দুটা ল’ৰা ভাল হ’ল৷ তীক্ষ্ণ বুদ্ধিৰ ল’ৰা সিহঁত৷ গতিকে দুখ ক’ত! আৰু এদিনটো সিহঁত আমাৰ কাষলৈকে উভতি আহিব৷ এই অট্টালিকা সিহঁতৰ বাবেই সাজিছোঁ৷ জানে সিহঁতে৷ চাবা আহিবই এদিন৷
পুনৰ মৌন হৈ ৰৈছিলোঁ মই৷ মোৰ সন্তান সঁচাকৈয়ে তীক্ষ্ণ বুদ্ধিৰ হ’বই! গৰ্ভৰপৰাই জানো মই তাকে বিচৰা নাছিলোঁ৷ দুখ মাথোঁ এটাই৷ যিমানেই সিহঁতৰ মগজু তীক্ষ্ণ হৈ গৈ আছে সিমানেই মোৰপৰা সিহঁত আঁতৰি গৈ আছে৷
গৌৰৱক আমন্ত্ৰণ জনাইছিল ইউ এছ এৰপৰা এজন উপযুক্ত মেকানিকেল ইঞ্জিনিয়াৰৰ পদত৷ উৰা মাৰিছিল সি৷ হাঁহি হাঁহি বিদায় লৈছিল৷ দুখ নাছিল সিহঁতৰ৷ উভতিও চোৱা নাছিল, কাৰণ সিহঁতৰ মগজু যে তীক্ষ্ণ আছিল৷ মাথোঁ লগত নাছিল সিহঁতৰ আবেগ–অনুভূতিৰ দৰে দুৰ্বল শব্দবোৰ৷ দিন–ৰাতি ছেদ–ভেদ নোহোৱা ঠাইত আছিল মোৰ সন্তান৷ যাৰ বাবে মই মন গ’লেই ফোন এটাও কৰিব নোৱাৰিছিলোঁ৷ বাৰে বাৰে ভুলকে কৰিছিলোঁ৷ যেতিয়া মই আজৰি হ’ল বুলি ফোনটো লগাই দিওঁ, তেতিয়া সি লালকাল টোপনিত থাকে৷ সেয়েহে মোক বুজাইছিল– “ফোন তুমি কৰিব নালাগে, ময়ে কৰিম৷ মোক কোম্পানীয়ে ফোন দিয়ে তোমালোকলৈ ফোন কৰিবলৈ৷’’ সি তাৰ সুবিধা মতে আমাৰ খবৰ ৰাখিছিল৷
আজি অলপ দিনৰ আগেয়ে তাৰ জন্মদিন আছিল৷ সেইদিনা মই তাৰ বাধা নামানি ফোন কৰিছিলোঁ৷ সি ফোন ধৰি হাঁহি মাৰি কৈছিল৷ Ê
ঃ মা, আজি যে একেবাৰে ভাল সময়ত ফোন কৰিলা৷
ঃ আজি যে তোৰ জন্মদিন সেয়ে বহুত ভাবি–গুণি সময় মিলাই ফোন কৰিলোঁ৷ – সি কিন্তু আচৰিত হৈ কৈছিল৷
ঃ অ’ মা; মই পাহৰি গৈছিলোঁ৷ আচলতে কথাটো কি জানা মা; মোৰ অৰিজিনেল জন্মদিনটো অকল তোমালোকৰ মাজতে থাকি গ’ল৷ মোৰ ইয়াৰ চাৰ্টিফিকেট মতে আৰু দুমাহৰ পিছতহে মোৰ জন্মদিন৷ কিয়, মোৰ স্কুলৰ চাৰ্টিফিকেটখন জানো দেউতাই পিছত সলনি কৰি বনোৱা নাছিল দুমাহ নিমিলাৰ বাবে৷ এতিয়া মোৰ সেইখনৰ মতেহে জন্মদিন৷ সেই বাবেই মন গ’লেও কাকো চাহ একাপো খুৱাব নোৱাৰোঁ৷ অ’কে মা, একো নাই তোমালোকে পাতা মই পিছত ফোন কৰিম৷
ফোন কাটি দিছিল সি৷ সম্ভব সময়ৰ অভাৱ ঘটিল তাৰ৷
মই পুৱাই গোসাঁই থাপনাত শৰাই এখন আগবঢ়াই, সন্ধ্যা তাৰ লগৰ ল’ৰা দহটামানক মাতি সন্ধিয়াৰ ভাত এসাঁজ খুৱালোঁ৷ চুই চুই মৰম কৰিছিলোঁ সিহঁতক৷ আৱেগিক মনটোৱে যেন সিহঁতৰ মাজতে বিচাৰি পাইছিলোঁ নোপোৱাবোৰ৷
ফোন কৰিছিল দুটা ল’ৰাই সিহঁতৰ সুবিধা মতে দুদিন, তিনিদিন, চাৰিদিনৰ মূৰে মূৰে৷ দেউতাকে সদায় সন্ধিয়া মোক সোধে পুতেৰহঁতৰ খবৰ পাইছা নে? মই উৎসাহেৰে কওঁ– ওঁ, সিহঁতে সদায় মোলৈ ফোন কৰে৷ তুমি ব্যস্ত থাকা বুলি ভাবি মোকে সকলো খা–খবৰ দিয়ে৷
মোৰ মিছাবোৰত দেউতাক সুধী হয়৷
সৌৰভে ফোন কৰে ঘনাই যেতিয়া তাক টকাৰ প্ৰয়োজন বেছি হয়৷ মই তাক বুজাও– সোণ, কেতিয়াবা দেউতাৰলৈ এনেও ফোন এটা কৰিবিচোন৷ মোক বাৰু নকৰিলেও হ’ব৷ তেওঁ তহঁতক বিচাৰে অ’ দিনটোত এবাৰ হ’লেও৷ পাৰ যদি দুদিন–তিনি দিনৰ মুৰত খবৰ এটাকে ল’বি৷ কথাষাৰ মনত থকালৈকে সি দেউতাকলৈ ফোন কৰে৷ তেতিয়াই দেউতাকৰ মুখত হাঁহি বিৰিঙি উঠে৷ এদিন গৌৰৱে মোক ফোন কৰি কৈছিল–
ঃ মা, সৌৰভে মোক ফোন কৰি কি কৈছে জানা– “দাদা, দেউতা– মালৈ ফোন কৰি থাকিবি৷’’ মোৰ হাঁহি উঠি গ’ল– সি যে মোক মনত পেলাই দিয়ে তোমালোকলৈ ফোন কৰিবলৈ৷ আচলতে মা আমি তোমালোকক এখন্তেকে নাপাহৰোঁ জানা, সময়ৰ অভাৱতে খবৰ লৈ থাকিব নোৱাৰোঁ, ৰ’বা এটা ভাল দিন আহিব, সৌৰভ নহ’লেও দেউতা তুমি মোৰ লগতে থাকিবলৈ পাবা৷
কিন্তু মা, মই তোমাক লৈ সঁচাই বহুত সুখী৷ তুমি সঁচাই এগৰাকী ভাল মা৷ নিজৰ কথা অকণো নাভাবি, অকল আমাৰ কথাকেই চিন্তা কৰিলা গোটেই জীবন৷ তথাপি আজি তুমি আমাক ফ্ৰীকে কামবোৰ কৰিবলৈ এৰি দিছা৷ বেছি ভাল লাগে কেতিয়া জানা? মোৰ লগৰ ৰাজীৱৰ মাকে তাক দিনটোত তিনি–চাৰিবাৰ ফোন কৰি পাগল কৰি দিয়ে৷ বাৰে বাৰে তাক মিছ কৰিছোঁ বুলি কয়৷ আৰে মা, ইমান যদি এৰিবই নোৱাৰে পঠিয়াবই নালাগিছিল৷ হয় নে নহয় কোৱা? সি মোক কয়, তোৰ গাৰ্জেণ্টেই ভাল৷ দেখা নাই কেতিয়াও তোক অশান্তি কৰা৷ সেয়েহে সঁচায়ে তুমি ভাল মা জানা৷
মই সুখী হৈছিলোঁ তাৰ মুখত মই ভাল মা বুলি শুনি৷ কেনেকৈ কওঁ, মই সেই ভাল মাজনী হ’বলৈ যে মোৰ বুকুৱেও কত ধান বানিব লগা হৈছে, নক’লো৷ নিজৰ বুকুত বাঁওহাতখনেৰে হেঁচা মাৰি ধৰিলোঁ৷ কলিজাটোৰ ধপ ধপ শব্দৰে হাতৰ তলুৱাখনক বুজাই কৈছিল–
ঃ কিয় ইমান আবেগিক হৈ পৰ৷ সিহঁতৰ লগত আবেগ লৈ নেখেলিবি; ইণ্টাৰনেটৰ যুগৰ সন্তান সিহঁত, ধৈৰ্য ধৰ৷ নানা কথা ভাবি কাষত থকা শেৱালি খুড়ীৰ ঘৰলৈ বুলি ওলাই গ’লো৷
– অ’ দীপ্তি, বহুত দিনৰ মূৰত আহিলি, আগতেতো ঘৰৰ পৰা ওলাবলৈ সময়ে নাপাইছিলি৷ এতিয়ানো কি কৰ ঘৰখনতে অকলে অকলে?
– নাই খুড়ী, ঘৰখন জানো কমখন, চাফা কৰোতেই এবেলা যায়৷ তাকে খংহে উঠে কেতিয়াবা, কিয়নো ইমান ডাঙৰকৈ ঘৰখন সাজিলে বুলি৷ বাৰু ইহঁত ৰাজু, বিজুু বোৱাৰীহঁত নাই নেকি?
– অ’ আছে আছে, বোৱাৰীহঁত ব্যস্ত নিজ নিজ কামত৷ ৰাজু খুড়াক লৈ ডাক্তৰৰ কাষলৈ গৈছে৷ খুড়াৰ অলপ পানীলগা জ্বৰ হৈছে৷ বিজুৱে হেনো আজি আমাৰ সকলোকে মূৰ্গীৰ জালুকীয়া বনাই খুৱাব৷ মুৰ্গী আনিবলৈ গৈছে৷
খুড়ীৰ মুখত তৃপ্তিৰ হাঁহিটো দেখি ভাবিছিলোঁ দুটা ল’ৰা, দুজনী বোৱাৰী–নাতিসহ খুডী. সুখী নে বিদেশত থকা ডাক্তৰ–ইঞ্জিনিয়াৰ দুটা ল’ৰাৰ মাক মই সুখী? খুড়ীয়ে সম্ভৱ সপোন দেখুওৱা নাছিল সন্তানক৷ সেয়েহে খুড়ীৰ হৃদয়খনে কষ্ট নাপালে৷
আজি অলপ দিনৰপৰা তলপেটটো খোচ মাৰি উশাহ ল’ব নোৱৰাকৈ বিষ এটা হয়৷ ধৈৰ্য ধৰি এদিন লগৰ গাইনীৰ ডাক্তৰ ৰেজিনাৰ কাম চাপিছিলোঁ৷
তোৰ গৰ্ভাশয়ত এটা ডাঙৰ টিউমাৰ দেখা গৈছে৷ অপাৰেশন কৰিবই লাগিব৷ ঘৰত বা স্বামীৰ সৈতে আলোচনা কৰসে৷ চিত্তা নকৰিবি মই অপাৰেশ্বন কৰি দিম৷ ৰেজিনাই কোৱা কথাবোৰ স্বামীৰ সৈতে আলোচনা কৰগৈ৷ চিন্তা নকৰিবি মই অপাৰেচন কৰি দিম৷
ৰেজিনাই কোৱা কথাবোৰ স্বামীৰ সৈতে আলোচনা কৰি নানা চিন্তা কৰি থাকোঁতেই হঠাতে অহা গৌৰবৰ ফোনটোৱে বাৰুকৈয়ে জোকাৰি থৈ গ’ল৷
– মা, মই এটা ফ্লেট কিনিলোঁ৷ তোমালোকক চাৰপ্ৰাইজ দিম বুলি আগে কোৱা নাছিলোঁ৷ ঘৰ লোৱা পাতিম তোমালোক আহিবা৷ মই দুটা টিকট কাটি দিম৷
কথাষাৰ শুনি মই শিলপৰা কপৌৰ দৰে থৰ লাগিলোঁ৷ তথাপি সুধিলোঁ তাক– “কেতিয়া, কেনেকুৱা ঘৰ? সদায় তাত থাকিবি নেকি? ইয়ালৈ নাহিবিয়ে নেকি?’’ – একে উশাহতে সুধিছিলোঁ তাক৷
ঃ এহ, কি যে কোৱা মা৷ ঘৰ সকলোতে থাকিব পাবে৷ থাকিম আৰু সময়ে য’ত যেতিয়া, যেনেকৈ মিলায়, এতিয়া সুবিধা পাওঁতেই লৈ থৈছোঁ৷ তোমালোক কিন্তু আহিবাই৷
ঃ হ’ব বাৰু, কেতিয়াকৈ ক’বি৷
সি যিটো তাৰিখ ক’লে শুনি মই কোঁচ খাই গ’লোঁ৷ কাৰণ সেইটো দিনতে তাৰ অতিকৈ আপোন তাৰ হৃৎপিণ্ডৰ প্ৰথম ধপধপনিৰ ঘৰখনকে যে ৰেজিনাই ভাঙি–ছিঙি চুৰমাৰ কৰিব৷ নক’লোঁ তাক একোৱেই, জানিবলৈ নিদিলোঁ৷ মাথোঁ ক’লোঁ– “সোণ এনেকৈ যাওঁ বুলি ক’লেই হঠাৎ যাব নোৱাৰোঁ নহয়৷ ককাৰো গাটো ভাল নহয়, ইমান দূৰ বাট কেইবাদিনো থকাকে যাবলৈ এতিয়া অসুবিধা হ’ব৷ তয়ে লৈ ল৷ পাৰ যদি ভায়েৰাকে মাতি লবি৷’’
আপত্তি নকৰিলে সি, মই জানো আপত্তি নকৰে সিহঁতে একোতেই৷ কাৰণ সিহঁত মোৰ ভাল ল’ৰা৷ আৱেগ–অনুভূতিবিহীন মোৰ উপযুক্ত সন্তান৷ তাৰ কোনো দুখ নাই৷ দুখ মোৰ অন্তৰখনৰ৷
মোক তৈয়াৰ কৰিছিল বলি দিবলৈ সাজু কৰা পঠাটোৰ দৰে৷ কাৰণ আজি মোৰ গৰ্ভাশয়টো উঠাই পেলাব৷ ভয়ত মোৰ হৃদয় ভাগি পৰিছে৷ উসঃ কি যে যন্ত্ৰণা! এটা অংশ কাটি পেলাব শৰীৰৰ পৰা৷
লাহে লাহে ট্ৰ’লীখনেৰে নিবলৈ ধৰোঁতেই স্বামীৰ ফোনটো বাজি উঠিছিল, বুজিবলৈ অসুবিধা নহ’ল সেইটো যে গৌৰৱৰ পৰা অহা ফোন৷
স্বামীয়ে ট্ৰ’লীখনক ৰ’বলৈ ইংগিত দি ফোনটো ধৰিছিল৷ স্পীকাৰত ফোনটো দি মোৰ কাষ চাপি স্বামীয়ে কথা পাতিছিল৷ সিমূৰৰ পৰা ভাঁহি আহিছিল সোণটোৰ মাত৷
ঃ হেল্ল’, পাপা আজি মোৰ ঘৰ লোৱা কামবোৰ চলি আছে৷ মাৰ ফোনটো অফ পালোঁ, তুমি ব্যস্ত নেকি? মা ক’ত? Ê
ঃ নাই, নহয় ক, সকলো ঠিকে ঠাকে হৈছে নে? Ê
ঃ অ’ পাপা, মোৰ লগৰ ৰাজীৱৰ খুড়াক আহি আছিলহি৷ তেখেতেই সকলো আয়োজন কৰি দিছে৷ তোমালোকে শুনা এতিয়া মোৰ ইউ এছ এৰ ঘৰ লোৱাৰ মন্ত্ৰ৷ ৰাতি ভিডিঅ’ কল কৰি দেখুৱাম পাপা, শুনাইছিল সি তাৰ ঘৰ লোৱাৰ মন্ত্ৰ৷
লাহে লাহে মোৰ ট্ৰ’লীখন ঠেলি আগুৱাই নিছিল অ’ টিৰ সন্মুখলৈ৷ ফোনত তেতিয়াও বাজি আছিল শংখ, ডবা, উৰুলিৰ শব্দ৷ চকুলো বৈ পৰিছিল দুগালেদি৷ সৌ সিদিনাহে যেন মোৰ তলপেটটোত এটা ধপধপনিয়ে জনাইছিল গৌৰৱৰ আগজাননী৷ আজি সি বিদেশত ঘৰ লোৱা পাতিছে৷ উস কেনেকৈ ব্যস্ততাৰ মাজেদি যে গুচি গ’ল দিনবোৰ গমকে নাপালোঁ৷ দুগালেদি চকুলো বৈ পৰিছিল মোৰ৷ শৰীৰ, মনত কি যে এক শিহৰণ! কাকো খুলি ক’ব নোৱাৰা শিহৰণ৷
স্বামী কাষলৈ আহি চকুপানীখিনি মোহাৰি দিছিলহি৷ কাৰণ মোৰ দুয়োখন হাত বন্দী কাপোৰৰ জাপৰ মাজত৷
ৰেজিনাই মোক জনাইছিল– তোক লোকেল এনাছথেছিয়া দি অপাৰেশ্বন কৰিম৷ দেখি থাকিবি৷ তই ভয় নাখাৱতো? মই ভয় খাইছিলোঁ৷ তাই হাঁহি মাৰি সাহস দি বুজাইছিল মোক৷
– আজিকালি এইবোৰ সাধাৰণ অপাৰেশ্বচন৷ তই চিন্তাই নকৰিবি, একো গমকেই নাপাবি৷ চকু মুদি পৰি থাক৷
– ঠিক আছে বাৰু, কিন্তু তই মোক টিউমাৰটো দেখুৱাবিচোন পাৰিলে, বৰ কষ্ট দি আছিল আজি ভালেমান দিনৰপৰা৷ চাম কিমান ডাঙৰ টিউমাৰ৷
এটা সময়ত ৰেজিনাৰ মাতত মই চক্ খাই উঠিছিলোঁ৷
– ঐ, হৈ গ’ল তোৰ অপাৰেশ্বন৷ এয়া চা তোৰ গৰ্ভাশয়টো– বুলি তাই মোৰ মূৰৰ কাষলৈ তাই গ্লোভছ পিন্ধা হাতখনেৰে তেজেৰে ৰাঙলীকৈ এটুকুৰা কেঁচা মঙহ দাঙি ধৰিছিল৷
উস! এনে লাগিছিল এই টুকুৰা কেঁচা মঙহ নহয়৷ ই, ই মোৰ সন্তানৰ প্ৰথম স্পন্দন৷
কি হ’ল? থৰ লাগি ৰ’লি যে?
মোৰ নাৰীত্বৰ গৌৰৱ৷ মোৰ এনে লাগিছিল তাৰ মাজতেই যেন মোৰ চকুত জিলিকি উঠিছিল মোৰ সোণটোৰ বিলাতত লোৱা নতুন ঘৰখনৰ প্ৰতি২৬বি৷ কাণত আকৌ বাজি উঠিছিল শংখ, ডবা, উৰুলিৰ শব্দ৷ মই চাই থাকোঁতেই তাই আঁতৰাই নিছিল হাতখন মোৰ চকুৰ আগৰপৰা আৰু কেঁচা মঙহটুকুৰা দলিয়াই দিছিল কাষৰ ডাষ্টবিনটোলৈ৷
চকু মুদি দিছিলোঁ৷ কাণত বাজি উঠিছিল শংখ, ডবা, উৰুলিৰ শব্দ বুকুখন খোঁচা–বিন্ধা কৰিছিল, এনে লাগিছিল গৌৰৱেহে যেন মোৰ পিয়াহ দুটা আঁজুৰি পেলাইছিল তাৰ পিয়াহ দূৰ কৰিবলৈ৷ দুখ মোৰ সিহঁতক লৈ কাহানিও নাছিল৷ কিছুমান কথাইহে মোক খুলি খুলি খাইছিল৷ কিয় সিহঁতক মই ইমান ডাঙৰ ডাঙৰ সপোন দেখিবলৈ শিকাইছিলোঁ৷ কিয় মই শেৱালি খুড়ীৰ দৰে হ’ব নোৱাৰিলোঁ৷ স্বামীয়ে ইমান বৃহৎ ঘৰখন সাজিলে কাৰ বাবে? কোন থাকিব তাত? সি যি নহওক অৱশেষত মই এগৰাকী ভাল মাক হ’ব পাৰিলোঁ!
সঁচাই ’গৌৰৱ’ আহিল বংশটোলৈ, শান্তিৰ কথা নাভাবোঁ৷
যিহেতু আজি মই অতি সুখী৷