যুগনায়ক
(সবিতা বেগম)
“বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’’
“বিষ্ণুৰাভা পুনৰ আহিব উভতি৷’’
ভাৰতৰত্ন যুগনায়ক
মুক্তি যুঁজাৰু, মহা সংগ্ৰামী
তুমি মহামানৱ বিশ্ব শিল্পী
তমনাম গুঞ্জৰিত আকাশজুৰি
হে প্ৰজ্ঞাৰ সাধক জ্ঞানৰ বাতি৷
তাণ্ডৱ নৃত্যকৰ কালজয়ী যুগ সাক্ষী,
উজ্জ্বল নক্ষত্ৰ অসমীয়াৰ সংস্কৃতি৷
অনবদ্য সুগন্ধি সুন্দৰৰ পূজাৰী,
আজিও তোমাৰ নামত –
“বিলতে হালিছে ধুনীয়া পুদুমী৷’’
তুমি ত্যাগী মহাবীৰ আRUতি
দেশৰ হকে পৰাধীনতাৰ শিকলি ছিঙি,
বাৰে বাৰে খাটিলা তুমি জেল বন্দী৷
জন হেনৰিৰ হাতুৰীৰ কথা কৈ তুমি,
কৃষক শ্ৰমিকৰ মন কৰিলা শান্তি৷
মহাকাশ জুৰি তোমাৰ সৃষ্টি,
তুমি অনন্যা দীপ্তি জগত কৃষ্টি৷
১৯৬৯ চনৰ শয্যাধাৰী শেষ সৃষ্টি—
“এয়ে মোৰ শেষ গান’’ জগত সুৰভি৷
তেজপুৰ মহাবাহুৰ পাৰত
ভৈৰৱী মন্দিৰৰ কাষত
উদিত ‘স্মৃতি উদ্যান’ত
খোদিত অলেখ কৰ্মৰাজি
পুষ্পউদ্যানৰ বৃক্ষত আছে জিলিকি
তোমাৰ পবিত্ৰ সমাধি৷
প্ৰতীক্ষাত শুনিবলৈ তোমাৰ পদধ্বনি,
বৰ অসমৰ ভয়ানক পৰিণতি৷
“বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’’
“বিষ্ণুৰাভা পুনৰ আহিব উভতি৷’’