সেউজীয়াৰ নিমিত্তে ব’লা যাওঁ আগুৱাই
ছাঁৰ পিছে পিছে ঘূৰিছোঁ
যায় গুচি প্ৰখৰ বেগে
ৰিবৰিব মলয়া পৱন
যিয়ে তাৰ শব্দবোৰ লুকাই থয়
কোনোবা অজান ঠাইত
কিনকিনিয়া বৰষুণজাক
যিয়ে তাৰ কথাবোৰ সোমাই থয়
qw মেঘমালাৰ খোৰোঙত৷
সেই তাহানিৰ শস্য শ্যামলা পথাৰখন
ইটাভাটাৰ ধোৱাত মৰহি গ’ল
মেচিনৰ আৱাজ
সকলোতে অপূৰ্ব সাজ
সেউজ পিন্ধা সেই পাহাৰবোৰ
নঙঠা হৈ কি বিচাৰিছে?
ৰাস্তাৰ কাষে কাষে হাঁহি থকা
সেই আলফুলীয়া বিৰিখবোৰ
আজিকালি নিধান হৈছে
হত্যা কৰি কৰি সিহঁতক
শুকান চামৰাৰ সমুদ্ৰ সজাইছে৷
দূৰৈৰ পৰা দেখা যায়
ওখ ওখ কংক্ৰিটৰ দেৱালবোৰ
যিবোৰে ৰিঙিয়াই মাতে প্ৰতিনিয়তে
হাবিবোৰ আঘাতপ্ৰাপ্ত হ’ল
নিতৌ শুনা যায়
নীৰস কান্দোনৰ শব্দ
আধুনিকতাৰ আগ্ৰাসন
চৌপাশে যানবাহন৷
বনৰীয়া জীৱ–জন্তুয়ে কাণে কাণে
ফুচফুচাই ক’লে–
সিহঁতবোৰ হেনো বৰ বিপদত
কৰ্কশ আজি
পখীৰ কলৰোল,
অজন স্তৰৰ ফাঁট মেলিলে
সূৰুযৰ খং বাঢ়িলে
মৌনতা জানো সমাধানৰ পথ?
ধৰিত্ৰীৰ কপালত যেন লিখা আছে
কুৰি শতিকাৰ সাৱধান বাণী
‘জীৱশ্ৰেষ্ঠৰ ভয়ানক কৰ্মফল’
সেউজীয়াৰ নিমিত্তে ব’লা যাওঁ আগুৱাই৷