বসন্তৰ আগমনে
তৰুলতাক পৰশ দিলে …!
ঠন ধৰি উঠিল বটবৃক্ষই৷
বটবৃক্ষৰ দৰে স্থিত তোমাৰ স্থিতি..!
আকাশ চুবৰ মন বটবৃক্ষৰ
তোমাৰ ছায়াত জিৰণি লৈ বুকু জুৰাই
শান্তিৰ নিশ্বাস লয়
অতীব তোমাৰ শান্তিৰ নিজৰা
য’ত বিবেকেও শান্তিত উপলব্ধ
আকৌ বসন্তই আনি দিয়ে
জীৱনৰ সাৱলীল নিৰুদ্বেগ গতিৰ
সৰ্বাংগীণ সুন্দৰৰ সাধনা
আৰু আনি দিয়ে বসন্তৰ সেই বৰষুণ জাকে
অধিকতৰ উজ্জ্বল কৰে মনৰ স্বচ্ছতাক৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]