পাকঘৰ – Purbodix.com

পাকঘৰ

শুকান আমৰ চৰবত

নিতুমণি দাস শৰ্মা

কেঁচা আম কাটি ৰদত ভালকৈ শুকুৱাই সংৰক্ষণ কৰি থৈ আমি বিবিধ ব্যঞ্জন বনাই খাব পাৰোঁ৷ মাছৰ টেঙা, দাইলত দি আনকি চৰবত প্ৰস্তুত কৰিও ইয়াৰ সোৱাদ লব পাৰি লগতে এই চৰবতৰ উপকাৰিতাও আছে৷

উপকৰণ দুজনৰ বাবে

কেঁচা আম কাটি শুকুৱাই থোৱা জ্জ্ব-জ্ঝ টুকুৰা

গুৰ ৰুকি লোৱা ২ চাহ চামুচ

নিমখ সামান্য

চাটমছলা অলপ

পানী দুগিলাছ৷ ঠাণ্ডা পানীও লব পাৰে৷

প্ৰণালী শুকান আমখিনি ভালকৈ ধুই আধা কাপ পানীত ১ ঘণ্টাৰ বাবে তিঁয়াই ৰাখিব৷

তাৰ পিছত বাতি এটাত পানীৰ লগত আমখিনি ঢালি দিব আৰু তাৰ লগত নিমখ, চাটমছলা আৰু গুৰ দি হাতেৰে ভাল কৈ সানি লব৷ আৰু আইনাৰ গিলাচত চেকি লব৷ পেটৰ বাবে খুবেই উপকাৰী এই চৰবত বিধ৷ 

জবা ফুলৰ লগত ডালিমৰ পাতৰ চৰবত

জবা ফুলৰ বহু গুণ আছে৷ এই ফুলক আমি তেল চাবোন বনোৱাত ব্যৱহাৰ কৰি আহিছো যদিও খাদ্য প্ৰস্তুত কৰাত এই ফুল আজি কালি ব্যৱহাৰ কৰা দেখা যায়৷ ইয়াক প্ৰাকৃতিক ৰঙা ৰং টোৱে খাদ্য আৰু শীতল পানীয়ৰ শোভা বঢ়োৱাৰ লগতে ইয়াৰ ঔষধি গুণো যথেষ্ট আছে৷

উপকৰণ দুজনৰ বাবে

জবা ফুল ৬টা, ডালিমৰ পাত এমুঠি , মৌ পাঁচ চাহ চামুচ , কলা নিমখ এচিকুট , নেমুৰ ৰস ৩ চাহ চামুচ, ঠাণ্ডা পানী ২ গিলাচ, আগত কিউব ৪যপ্ত ডোখৰ

 প্ৰণালী ঃ  প্ৰথমতে ফুল আৰু ডালিমৰ পাত ভালকৈ পৰিষ্কাৰ কৰি ধুই লব৷ আৰু এটি চচপেনত দুকাপ পানীত ফুলৰ পাহিবোৰ আৰু ডালিমৰ পাতবোৰ দি উতলাই লব কমেও ১০ মিনিট কম জুইত৷ যেতিয়া ফুলৰ পাহিৰ ৰং ওলাই পাহিবোৰ বগা হব তেতিয়া নমাই ঠাণ্ডা হব দিব৷

  কিছু দেৰিৰ পিছত ঠাণ্ডা পানীত চেকি লব৷ আৰু লগতে মৌ, কলা নিমখ, নেমুৰ ৰখ মিহলাই আইচ কিউব দি ঠাণ্ডাই ঠাণ্ডাই পৰিৱেশন কৰিব৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *