সখিৰো বাৰ্তা চিকৰাৰ চিপৰাং লৈ কোটি টকীয়া সপোনৰ যাত্ৰা…

গাখীৰপতি নক্ষত্ৰলোকৰ ক্ষীৰ সাগৰৰ মহাকুম্ভ য’ত অমৃত মন্থন হৈছিল হেনো দেবাসুৰৰ৷ তাৰেই বুকুত অমৃত কলহৰ ধাৰেৰে চিটিকি গৈ পৰি ৰৈছিল এটুপি সাইলাখ সেঙুন ৰূপী কামধেনু গাইৰ গাখীৰৰ ফেন৷ সেই ফেন খাইয়েই হেনো মহাফটুৱা কলি যুগত জন্ম লৈছিল কেৰেলুৱাৰ মহাদেশ৷ কালৰো কাল বিপৰীত কাল বোলে ওলোটা পাকত ঘূৰ ঘূৰি তথা গাড়ী, এৰোপ্লেনৰ দৰে বাহনক শহুৰৰ ঘৰৰ পেলনীয়া তামোল ঢকুৱাত পৰিণত কৰা কেৰেলুৱাই বোলে প্ৰযুক্তি নামৰ গৱেষণাৰ দোকানত আৱিষ্কাৰ কৰা মিচাইলৰ পিঠি–নেগুৰতে উঠি শহুৰ– শাহুৰ, মিতা, বিয়ৈ–বিয়নি, শালপতি, খুলশালী, জেঠেৰী, প্ৰেয়সী আনকি সাত শতৰুৰ ঘৰতো মন গ’লেই সাউতকৈ পলকতে গৈ ন–খোৱা, তোলনী বিয়া, ডাঙৰীয়াৰ সকাম, শনি চাউল, আই সকাম, অখণ্ড হৰি নাম, পাল নাম, বাৰ্থ দে, খ্ৰীষ্টমাচ, বৰালি মাছ আদি খাই আহিব পাৰে৷ আমিহে ভূ ভূ, পেত পেত কাণ–তাল মাৰি থকা মাটিত চলা ঢেঁকুৰা গাড়ীত উঠি যাওঁতে কেতিয়াবা ভোজৰ গৰম দানা পানী কণ নেপাওঁগেই বা পালেগৈয়ো ভেনামাখিয়ে সোৱাদ লৈ চেঁচা কৰা দানাৰ পাত্ৰৰ ৰচমালাইনো কি খাবা? শেহান্তৰত ঘূৰি গেলাৰ আড্ডাতেই ঠেলি–হেঁচি গিলি বাৰ ঘণ্টা মান পিছত ধলং পলংকৈ এই বোলে নিজৰনে আনৰ ঘৰ ক’ব নোৱাৰাকৈয়ে দীঘল৷ পিছদিনা ৰাতিপুৱাতে আকৌ চিক্না চিকৰা পণ্ডিতৰ পৰিবাৰ সেই চেপেতিৰ মহাভাৰত– এখন বিয়নি মেলৰ কেইগৰাকীমান চিকৰা গোপ–গোপিনীৰ আলোচনাহে এয়া৷
উহ্ পাই আৰু নহ’ব৷ চান্স পাওঁতেই পোৰা ইমান পৰে মনে মনে কথা শুনি থকা চিকৌ কটা এটা চকু কেৰা চিক্না চিকৰা পণ্ডিত জাপ মাৰি উঠিল কথাটো শুনি৷ জাপ মাৰিবইতো৷ বি এ পাচ কৰি আছে৷ চাকৰি বিচাৰি হায়ৰাণ৷ চাকৰি নাই৷ ইফালে প্ৰেমৰ জালাত চিক্নি চেপেতীৰ লগত ফচি মায়াৰ সংসাৰখন গঢ়ি এতিয়াহে শৰাইঘাটৰ যুদ্ধই দাওঁদাওঁকৈ জলাইছে হেনো সিহঁতক দিনে–ৰাতিয়ে৷ আগৰ সেই মৰমৰ জান সোণাইৰ সৰগীয় মাত কেইষাৰ বোলে পাহৰণিৰ পাকচক্ৰত পৰি জ্বালা যন্ত্ৰণাই চিকাৰ গাতত পৰি কাহানিবাই পোতা গ’ল৷
বাতৰিটো শুনি ল’৷ কেৰেলুৱাৰ দেশত দিন হাজিৰা কৰা লাখ লাখ চাকৰ লাগে৷ আমাৰ দেশৰ পৰা যাব৷ তোৰ নামটো পাৰ্টীৰ ফালৰ পৰা ভৰাই দিছে হেনো৷ বি এ পাচ বুলি এনেই লিডাৰ চুটাই মিটিং কৰি গপত গংগাটোপ হৈ বহি থাকিলে কোনে খাবলৈ দিব হা? –চিক্নি চেপেতিয়ে হাতত ঠেৰুৱা বেঙেনা আৰু ধাৰহীন নেলোৱা কটাৰীখন লৈ চিক্নাৰ কাষতে বহি ল’লে আৰু দুই মতা–মাইকীৰ কথাৰ কটাকটি চলিল৷
–এহ হয়নে? তই কি মই মৰিলে ভাল পাওঁ নেকি?
– অ’ হয়নে মতা গোঁসাই, চাকৰি কৰিব গ’লে কি মৰে নেকি?
– কিয় নমৰিব? লাখে লাখে মৰিয়ে আছে৷ কেৰেলুৱাৰ দেশত কাষৰে চেলা–চামুণ্ডা দেশৰ আক্ৰমণ চলিছে৷ গম নেপাওঁ তই কিমান চেলা চামুণ্ডাৰ লগত লাখে লাখে কেৰেলুৱাও মৰিছে৷

– হ’ব দে, চাকৰিৰ আশাত সেপ্ গিলি থকাতকৈ চিকৰাহৈ কেৰেলুৱাৰ দেশত গৈ গাঁত খান্দি মৰা চেলা–চামুণ্ডা আৰু কেৰেলুৱাৰ ডেডবডী পোতাৰ চাকৰি কৰিলেও লাখ টকা পাবি৷ কেৰেলুৱাৰ দেশত হেনো চাকৰি কৰিলে কোটিত দৰমহা আৰু চাকৰ কৰিলে বোলে লাখত হাজিৰা পায়৷ কোনে জানে ৫ য১০ বছৰমান চাকৰ খাটি চেলাৰ কামোৰত নমৰি জীয়াই থাকিলে চাকৰৰ পৰা কোটিত মাল খোৱা চাকৰিলৈ প্ৰমোচন পাওৱেই৷ তাতে তই আকৌ লিডাৰ চেলাও৷ তোৰ মালিকক ফিটিং কৰি কামটো কৰিব নোৱাৰিবি নে?
– এহ এই ক’ত চিকৰাৰ দেশ আৰু ক’ত কেৰেলুৱাৰ দেশ, একোতেই নিমিলেচোন৷ তালৈ এবাৰ যোৱাৰ পিছত বোলে এইবোৰ ফিটিং–চিটিং নচলে নহয়৷
– নচলিলেও নাই৷ এইবাৰ ঘৰত থাকিব নেপাও৷ সাজু হ’৷ কাইলৈকে বোলে প্ৰথম এহেজাৰ আমাৰ চিকৰা চাকৰ এৰোপ্লেনত উঠি কেৰেলুৱাৰ দেশলৈ যাবই৷ তোৰ নামটো ওলাইছে হেনো প্ৰথম লিষ্টত৷ চাওঁ পাই কাপোৰ–কানি বান্ধি ৰেডি হ’বলৈ হ’লেই৷
– এহ মৰিমেই নেকি?
– এনেই মৰিব নালাগে৷ উগ্ৰপন্থীৰ গুলি–বোমাত মৰিলেতো ভালেই৷ কমেও ১৫ লাখ টকা পালোহেঁতেন৷ দেখা নাই নেকি তোৰ পাৰ্টীৰে এক্টিভ মেম্বাৰ আছিল যে সৌ লেংটি চুকৰ লিপং চিঙা আগৰ বছৰ বোমা ফুটি মৰাৰ পিছত তাৰ তিৰিয়ে ৩০ লাখ পালে আৰু এতিয়া ছয়খন গাড়ী–বাইক আৰু ক’ত যে আছে তাৰ তিৰি–ল’ৰাৰ লগত৷
– তাতে কি হ’লনো? সিটো মৰি একো নেপালে৷
– নেপালে কি হ’ল? তিৰি–ল’ৰাই পালে যে৷ তইতো এদিন মৰিবিয়ে, আগত মৰা পিছত মৰা, মৰা মৰাই৷ কিন্তু যি মৰাত টকা পায় সেইটোৱেই ভাল৷ হুহ আনৰ মতা মৰিছে টকা পাইছে৷ মোৰ মতাৰ কাম নাই, নমৰেও আৰু টকাও নাই৷
– হয়নে চেপেতি, মোক নমৰা কাৰণেহে গালি পাৰিছ?
– পাৰিমতো, ইমান মতা গুলিত মৰিলে, বোম ফুটি মৰিলে তইটো কোনোবা এটা বোমৰ আগত জাপ মাৰি দিব পাৰিলিহেঁতেন৷ কাইলৈ কেৰুলুৱাৰ দেশ যাবই লাগিব৷ তাত লাখত হাজিৰা পাবি৷ কেনেবাকৈ চেলাই যুঁজত মৰিলে কেইবা কোটি পাম৷
– চেহ পাই৷
– কিহৰ চেহ পাই৷ চবকা সাথ ক’তনো কেনেকৈ হ’ল বিকাশ? যদি চাকৰ খাটিবলৈ কেৰেলুৱাৰ লাখটকীয়া মৃত্যুৰ দেশলৈ যাবই লাগে? এইবোৰ ফটামুখৰ লেকচাৰহে চিকৰা বীৰ৷ তই যদি চিকৰা গুচি বিকাশ হ’লি হয় এনে অবস্থা আমাৰ হ’লহেঁতেন নে? এতিয়া চাকৰি নকৰি কেৰেলুৱাৰ দেশত চাকৰ খাটগৈ যা৷ টিকট আহিয়ে আছে৷ তই জীয়াই থাকিলে পাছে পৰে ময়ো যাম৷ চাকৰণী কৰিম কেৰেলুৱাৰ দেচত৷