পাকিস্তানলৈ এভূমুকি(কেপ্তেইন জুৰি ভূঞা)

জম্মু কাশ্মীৰৰ কুপ্ৱাৰা জিলাৰ অন্তৰ্ভুক্ত আৰু চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ গাতে লাগি থকা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এটা অঞ্চল৷ ওখ ওখ পৰ্বতেৰে আৱৰা এখনি গাঁও ‘তিত্ৱাল’৷ কুপ্ৱাৰা জিলাৰ কুপ্ৱাৰা টাউনৰ পৰা ৭০১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ভাৰতীয় সেনাৰ ঘাটি টাংধৰলৈকে গৈ তাৰ পৰা সীমান্ত লৈ সুকীয়া পাহাৰীয়া অকোৱা–পকোৱা পথেদি গ’লেই তিত্ৱাল অঞ্চল আৰু ভাৰতৰ একেবাৰে শেষ গাঁও সীমাৰি গাঁও অৱস্থিত৷
কুপ্ৱাৰাৰ পৰা তিত্ৱাললৈ যোৱা এই পথচোৱা অতি ৰোমাঞ্চকৰ৷ একোটা প্ৰকাণ্ড পাহাৰ কাটি উলিওৱা ৰাস্তাটোৰ একাষে সেই পাহাৰটো৷ মাটি, শিল, গছ–গছনি আৰু ৰাস্তাটোৰ আনটো পাৰে আন কিছুমান ওখ ওখ পাহাৰ৷ আটাইবোৰ পাহাৰৰ ঢাল বিলাকত দেৱদাৰু গছ, আখৰুট গছকে ধৰি বিভিন্ন তৰহৰ গছ–গছনিৰে আৱৰা হাবি–জঙ্গল৷ তাৰ মাজে মাজে অতি মনোমোহা সৰু সৰু চহৰ৷ থিয় পাহাৰবোৰৰ তলভাগৰ সমান ঠাইবোৰত বিভিন্ন তৰহৰ খেতি–বাতি বিশেষকৈ ধান খেতি হোৱা দেখা যায়৷ এই অঞ্চলতো কাশ্মীৰৰ উৎকৃষ্ট আখৰুটৰ বাবে বিখ্যাত৷ পাহাৰীয়া অঞ্চলৰ মানুহখিনিয়ে খেতি–বাতিৰ উপৰিও পশুপালনৰ লগতো জড়িত৷ সেয়েহে এই অঞ্চলত উৎকৃষ্ট মানদণ্ডৰ ঘিঁউ আৰু মৌৰ উৎপাদনো হয়৷ ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা ৰাস্তাৰে ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ যাওঁতে জুলাই মাহতো আমাক কুঁৱলীয়ে এনেকৈ ঢাকি ধৰিছিল যে সম্মুখৰ ১০ ফুট দূৰত্বতো মাজে মাজে একোকে নেদেখা হৈ গৈছিলোঁ৷ কুঁৱলী আঁতৰি ৰাস্তাতো আকৌ ফৰকাল হৈ পৰে৷ কাষৰীয়া পাহাৰবোৰৰ এঢলীয়া অংশবোৰত থকা বিভিন্ন তৰহৰ সেউজীয়া গছ–গছনি ক’ৰবাত যদি গাঢ় সেউজীয়া৷ কৰবাত আকৌ অলপ পাতল বা মধ্যমীয়া ধৰণৰ সেউজীয়া৷ মুঠতে সেউজীয়া আক সেউজীয়া, ডিঙি বেকা কৰি আৰু ওপৰলৈ চাই পঠিয়ালে অলপ শুকান ধৰণৰ শিলাময় শৃঙ্গবিলাক৷ মুঠতে প্ৰকৃতিৰ মনোমোহা ৰূপ চাই চাই আমি বহুদিনৰ এটা সপোন পুৰা হোৱাৰ দিশে আগবাঢ়িলোঁ৷ মাজতে বহুবাৰ লেণ্ড শ্লাইড হোৱা দেখিলো যদিও চৰকাৰৰ ফালৰ পৰা লগতে বিশেষকৈ প্ৰতিৰক্ষাৰ ফালৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ পথ হোৱাৰ বাবেই হয়তো পথটো লগে লগেই পৰিষ্কাৰ¸ কৰি পেলোৱাৰ বাবে ক’তো ৰ’বলগীয়া নহ’ল৷
আন্তৰ্জাতিক সীমা ৰেখাৰ পিনে যাবলগীয়া হোৱাৰ বাবে তদুপৰি তিত্ৱাল গাঁওখন ভাৰত–পাকিস্তানৰ মাজৰ Loট্ৰ সীমা ৰেখাতে অবস্থিত হোৱা বাবে ইয়ালৈ যাবলৈ বিশেষ পাৰমিচনৰ প্ৰয়োজন৷ ক্ৰালপুৰা নামৰ ঠাইৰ পুলিচ চকীৰ পৰা এই পাৰ্মিচন লেটাৰ লৈ আৰ্মীৰ কেইবাটাও চেক পোষ্ট অত্যন্ত চোকা চেকিং আনকি লগত নিয়া বস্তু–বাহানিও গাড়ীৰ পৰা নমাই চেক কৰাৰ পিছত আৰু ওপৰলৈ উঠি উঠি দহ হাজাৰ ফুট উচ্চতাত থকা শৃঙ্গ “সাধনা পাচ’’ পালোগৈ৷ কুঁৱলীয়ে গোটেইখন আৱৰি ধৰিলে৷ অনন্য সুন্দৰ কাশ্মীৰখন, জন্মভূমি ভাৰতখনৰ মন–প্ৰাণ হৰি নিয়া সৌন্দৰ্যই অন্তৰ ভৰাই পেলালে৷ “মোৰ মহান ভাৰত’’ আকৌ এবাৰ ভাৰতীয় হোৱাৰ গৰ্ব অনুভৱ কৰিলোঁ৷ গাড়ীৰ পৰা নামি চেক্পোষ্টত পুনৰাই গাড়ী আৰু মানুহ সকলো চেক কৰাৰ পিছত আকৌ যাত্ৰা আৰম্ভ হ’ল৷ এইবাৰ পাহাৰৰ নিম্নগামী যাত্ৰা আমাৰ৷ বিভিন্ন পাহাৰ, পাহাৰৰ নামনি অঞ্চলৰ বিভিন্ন খেতি–বাতি বহুতো গাঁও পাৰ হৈ আমি কৰ্ণা অঞ্চলত অবস্থিত টাংধাৰ চহৰ পালোহি৷ তাৰ পৰা সুকীয়া পথেৰে পশ্চিমৰ পাকিস্তান সীমান্তৰ ফালে আহিলোঁ৷ তিত্ৱাল গাঁৱৰ গাতে লাগি থকা এখন ডাঙৰ চহৰ কৰ্ণা, কাশ্মীৰ উপত্যকাৰ ভিতৰত শিক্ষা, কৃষি, ব্যবসায়–বাণিজ্য সকলো ফালৰ পৰা উন্নত এখনি চহৰ৷ ইয়াতে মোৰ NCC ১ সহকৰ্মী কেপ্তেইন ৰিজ্ৱান মিৰৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ লগতে কাশ্মীৰী মানুহৰ অতিথি পৰায়ণতা আৰু সুন্দৰ মনৰ পৰিচয় পালোঁ৷

অৱশেষত বহুদিনৰে পুৰণি এটা সপোন পূৰণ হ’ল৷ কৰ্ণা টাউন পাৰ হৈ আহি থাকোঁতেই দূৰৰ পৰাই দেখা পালোঁ আমি গৈ থকা পাহাৰখনৰ একেবাৰে কাষতে সমান্তৰালকৈ থকা পাহাৰখনেই হেনো পাকিস্তান৷ এসময়ৰ আমাৰে নিজৰ ভূমি৷ মাজত মাথোঁ দুয়োটা পাহাৰৰ মাজেৰে বৈ যোৱা এখন নদী –কিষণগঙ্গা৷
কিষণগঙ্গাৰ পাৰত এফালে আমি ভাৰতীয় আৰু আনফালে আমাৰ সদায় বৈৰী দেশ পাকিস্তান৷ আমি যোৱা পথটোৰ দৰেই একেবাৰে সমান্তৰালকৈ তেওঁলোকৰো পাহাৰীয়া পথ, পথৰ কাষত হোটেল, পথত গাড়ী, অদূৰত গাঁও সকলোখিনি একেবাৰে কাষতে স্পষ্টকৈ দেখা পোৱা যায় যেন একেখন দেশ, একেখন ৰাজ্যৰে নদীখনৰ সিপাৰৰ আন এখন চহৰ, নদীৰ ওপৰত থকা দলংখন পাৰ হ’লেই সিপাৰৰ চহৰখন পাম৷ একে ভৌগোলিক অবস্থান, একে পৰিৱেশ, প্ৰকৃতিও একেই সৌন্দৰ্যৰে আৱৰা কিন্তু ৰাজনৈতিক ভাবে ভাগ হৈ যোৱা দুখন পৃথক দেশ, দুখন বৈৰী ভাবাপন্ন দেশ৷ সুকীয়া ৰাজনৈতিক ব্যৱস্থা, সুকীয়া প্ৰতিৰক্ষা ব্যৱস্থা৷ কিষণগঙ্গাই দুভাগ কৰি পেলোৱা দুখন দেশৰ মাজত বাজনৈতিক আৰু প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা চকুৰে ধৰিব নোৱাৰা আন্তৰ্জাতিক সীমা ৰেখা, Loট্ৰ (লাইন অব কণ্ট্ৰোল ৰেখা), No Man’ব্দ Land, জিৰ’ পইণ্ট আদি বিভিন্ন শব্দৰে জৰ্জড়িত তিত্ৱাল, কিষণগঙ্গা, নীলম উপত্যকা৷ দুটা পাহাৰৰ মাজেৰে, প্ৰকাণ্ড ভূমিভাগক দুখন দেশলৈ পৰিৱৰ্তন কৰোৱা, পাহাৰৰ বহু ওপৰৰ পৰা তললৈ সোঁ–সোঁৱাই শব্দ কৰি বৈ যোৱা চঞ্চলা চপলা গাঢ় নীলা ৰঙৰ পানীৰে আমাৰ কিষণগঙ্গাৰ সিফালে পাকিস্তানত নাম নীলম৷ আমাৰ ফালে আমি লিখিছোঁ I love Kishanganga তেওঁলোকে লিখিছে I love Neelam৷ বুকুখনৰ কোনোবা খিনিত বিষাই যায়৷ ১৮৪৬ চনত কাশ্মীৰৰ সেইসময়ৰ শাসক ডোগ্ৰাসকলে সাম্ৰাজ্য বিস্তাৰ কৰি কাশ্মীৰৰ অন্তৰ্ভুক্ত কৰোৱা বৃহত্তৰ তিত্ৱাল অঞ্চল ১৯৪৭ চনত ভাৰত বিভাজনৰ ফলত দুভাগ হয় এই তিত্ৱাল গাঁও আৰু তাৰ লগে লগে গাঁওখনৰ বিভাজিত পৰিয়ালবোৰৰ অবস্থা কেনে হ’ব তাক সহজেই অনুমেয়৷ দুদিন আগলৈকে একেলগে বাস কৰা একে নামেৰেই পৰিচিত মানুহখিনি দেশ বিভাজনৰ লগে লগেই আগৰ পৰিচয় হেৰুৱাই পাকিস্তানী নাগৰিক হ’ল৷ ফলস্বৰূপে ইয়াৰ বাসিন্দাসকল সামাজিকভাৱে জুৰুলা হোৱাৰ ওপবিও আৰ্থিকভাৱেও মাধমাৰ শোধালে৷ গাঁওখন Loট্ৰ ১ একেবাৰে কাষতে হোৱা হেতু চৰকাৰৰ ফালৰ পৰা উন্নয়নমূলক কোনো ডাঙৰ কনষ্ট্ৰাকচনৰ পৰাও বঞ্চিত হ’ল৷ সিমাৰী হৈছে ভাৰতৰ এই দিশৰ শেষ গাঁও৷ পাহাৰৰ আৰু ওপৰলৈ চকুৰে মণিব পৰা অৱস্থাত আমাক দেখুৱাই দিয়া মতে কিষণগঙ্গা নদী পাকিস্তানৰ ভিতৰৰ পৰা বৈ আহিছে৷ ভাৰত–পাকিস্তানৰ Loট্ৰ লাইন অব কণ্ট্ৰোল ৰেখাৰ জিৰ’ পইণ্টত অবস্থিত এই তিত্ৱাল অঞ্চল৷ ইয়াৰ সিপাৰেই পাকিস্তান অধ্যুষিত আজাদ কাশ্মীৰ অঞ্চল৷ আন্তৰ্জাতিক সীমা ৰেখা আৰু Loট্ৰ ১ মাজত পাৰ্থক্য আছে৷ Loট্ৰ সীমা ৰেখাডাল যুদ্ধ সমাপ্তিৰ পিছত ভাৰত–পাকিস্তান দুয়োপক্ষৰ মিলিটাৰীৰ বুজাবুজিৰ ফলত সৃষ্টি হোৱা এডাল সীমা ৰেখা৷ এই ৰেখাৰ পৰা দুয়ো দেশে ৫০০ য়াৰ্ড দূৰত্বলৈকে কোনো ধৰণৰ কনষ্ট্ৰাকচন কৰিব নোৱাৰিব৷ ইয়াকে No Construction Land অথবা No Man’ব্দ Land বুলি কোৱা হয়৷ আৰু এই ৫০০ য়াৰ্ড দূৰত্বলৈকে দুয়ো দেশে নিজৰ নিজৰ প্ৰতিৰক্ষাৰ সুবিধাৰ বাবে Loট্ৰ ১ জিৰ’ পইণ্টৰ পৰা লেণ্ডমাইন পুতি ৰাখিব পাৰে৷ তদুপৰি আমাৰ দেশ ভাৰতবৰ্ষই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক সষ্টম হ’বৰ অৰ্থে আৰু সীমাৰ সিপাৰৰ যিকোনো অসাধু কাৰ্য আৰু সন্ত্ৰাসবাদ ৰুধিবৰ অৰ্থে Anti Infiltration Obstacle System (AIOS) ব্যৱস্থা স্থাপন কৰে৷ এই ব্যৱস্থা অনুযায়ী সীমান্তৰ প্ৰতিৰক্ষাৰ গুৰুত্ব উপলব্ধি কৰি বায়াৰ সংলগ্ন জোঙা দূতৰপীয়া কাটা তাঁৰৰ বেৰা দিয়া, ইলেকট্ৰিক লাইভ বায়াৰ, চাইৰেণ, চেনচৰ্, ফুট পেট্ৰলিং ব্যবস্থা, ফ্লাড লাইট, মাইন ফিল্ড, থাৰ্মেল ইমেজাৰস আদিৰ অন্তৰ্ভূক্ত কৰা হয়৷ অঞ্চলবাসীৰ মতে এই ব্যৱস্থা প্ৰচলন কৰাৰ পৰা দুষ্কাৰ্য আৰু সন্ত্ৰাসবাদ বহুত কমি গৈছে৷ অহা–যোৱাৰ সুবিধাৰ অৰ্থে তিত্ৱাল, কৰ্ণাৰ বাসিন্দাসকলক ভাৰতীয় সেনাৰ দ্বাৰা একোখন পৰিচয় পত্ৰ দিয়া হয়৷ দেশ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই অঞ্চলৰ নাগৰিকে ভাৰতীয় সেনাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে৷

কিষণগঙ্গাৰ ওপৰত ব্ৰিটিছৰ দিনতে নদীৰ ইটো পাৰলৈ যাবলৈ বনোৱা এখন দলং৷ দেশ বিভাজনৰ পিছতো বহু বছৰলৈকে তিত্ৱাল গাঁৱৰ দুভাগ হৈ পৰা পৰিয়ালবোৰক লগ হ’বৰ বাবে মাহত দুবাৰকৈ সেনাৰ কাঢ়া নজৰত লগ পাবৰ সুবিধা কৰি দিছিল আৰু দলংখনেই যাতায়তৰ প্ৰধান ভূমিকা পালন কৰিছিল৷
দলংখনৰ সোঁমাজতে এডাল বগা চিহ্ন আছে৷ এই চিহ্নলৈকে ভাৰতৰ সীমা, আকৌ চিহ্নটোৰ পৰাই সিটো পাৰে পাকিস্তান৷ চিহ্নটোৰ ওপৰত কোনেও ভবি বাখিব নোৱাৰে৷ দুয়ো দেশৰ নাগৰিক, পৰিয়ালৰ সদস্য, ইষ্ট–কুটুম্ব¤সকলৰ এইটোৱেই মিটিং পইণ্ট৷ কিন্তু যোৱা ২০১১ চনৰ পুলৱামা ঘটনাৰ পিছৰ পৰাই এই দলংখন বন্ধ কৰি দিয়া হৈছে৷ এই দলংখনকে বন্দুকেৰে টোঁৱাই পাকিস্তানী সৈন্যই টোপ লৈ থাকে৷ আমি সেনাবাহিনীৰ স্পেচিয়েল পাৰ্মিচন লৈ এই দলঙতে উঠি মিটিং পইণ্টলৈ যাবলৈ সুবিধা পাইছিলোঁ অৰ্থাৎ ভাৰতবৰ্ষৰ একেবাৰে শেষ সীমাত ভৰি থবলৈ সুবিধা পালোঁ৷ এই অভিজ্ঞতা কেনে ধৰণৰ ৰোমাঞ্চকৰ তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ আন এটা ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিলোঁ আমাৰ কাৰণে ৰাতি থাকিবলৈ ঠিক কৰি দিয়া কিষনগঙ্গাৰ একেবাৰে পাৰতে অৰ্থাৎ পাকিস্তানৰ পৰা মাত্ৰ কেইফুটমান আঁতৰত কাশ্মীৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা ধুনীয়া আহল–বহল গেষ্ট হাউচত৷ গেষ্ট হাউচতো অলপ অকলশৰীয়াকৈ মূল ৰাস্তাৰ পৰা অলপ তললৈ নামি একেবাৰে কিষনগঙ্গাৰ পাৰতে হোৱা হেতুকে ৰাতি গভীৰ হৈ অহাৰ লগে লগে পাহাৰীয়া নদী বৈ যোৱাৰ প্ৰচণ্ড শব্দৰ বাহিৰে আন একো শব্দ কাণত পৰা নাছিল অৱশ্যে এই অঞ্চলতো দেশৰ একেবাৰে শেষ সীমা হোৱা কাৰণেও এই ফালৰ ৰাস্তাতো প্ৰায় জনশূন্য হৈ পৰিছিল৷ ৰাতি খাই বৈ উঠি ১০.৩০যৰৰ মান বজাত গেষ্ট হাউচৰ প্ৰধান দৰ্জাখন খুলি বাহিৰখন আৰু লগতে ৰাতিৰ পাকিস্তানখন চাওঁ বুলি যে দেখো তেওঁলোকৰ ৰাস্তাৰে সঘন গাড়ী চলি আছে৷ আৰু অলপ দূৰৰ গাঁওবোৰ, সম্মুখৰ হোটেলখন লাইটৰ পোহৰেৰে আলোকিত হৈ আছে৷ হঠাৎ এনে লাগিল যেন কোনোবাই আমাক ওপৰৰ পৰা লক্ষ্য কৰি আছে আৰু আমি দিনত দেখা পাকিস্তানী মিলিটেৰীসকলে আমাক অকলশৰীয়াকৈ দেখি টাৰ্গেট কৰি ল’ব৷ অদ্ভুত ধৰণৰ শিহৰণ এটাই গা চুই গ’ল৷ লগে লগেই দৰ্জাখন বন্ধ কৰি দিলোঁ৷ পিছত গম পালো মোৰ লগত যোৱা পৰিয়ালৰ আটাইৰে একেই অভিজ্ঞতা৷ এনে অভিজ্ঞতা জীৱনত প্ৰথমবাৰৰ বাবে লাভ কৰিলোঁ৷ হয়তো সদায়েই শত্ৰু বুলি জানি অহা কাৰণেই এনে অনুভব হ’ল৷
বিভিন্ন ধৰণৰ বাস্তৱ অভিজ্ঞতা, শিক্ষামূলক লগতে ৰোমাঞ্চকৰ অভিজ্ঞতা ভৰা এই তিত্ৱাল যাত্ৰাৰ পৰিকল্পনা লগতে বহুদিন আগৰে পৰাই আমাৰ থকা–খোৱা, তালৈ যোৱাৰ বাবে সেনা বাহিনীৰ Premission উলিওৱা আদি সম্পূৰ্ণ সফল পৰিকল্পনাৰ আঁৰত মানুহজন হ’ল কুপ্ৱাৰা জিলাৰ কাশ্মীৰ পুলিচৰ অফিচাৰ আব্দুল ৰচিদ চ’ফী৷ তেওঁৰ তত্ত্বাৱধানতে আৰু লগতে আমাৰ জিয়ৰীৰ একান্ত ই২৬া আৰু প্ৰচেষ্টাত মোৰ বহুদিনীয়া সপোন এটা বাস্তৱায়িত হ’ল৷ অফিচাৰ ৰচিদকে মুখ্য কৰি কাশ্মীৰ পুলিচৰ আটাইকেইজন অফিচাৰৰ লগতে ভাৰতীয় সেনাৰ অফিচাৰ কেইজন যি কেইজনে এই যাত্ৰাত আমাক সকলো ধৰণেৰে সহায় আগবঢ়ালে, সকলোকে মই ইয়াৰ দ্বাৰাই আন্তৰিক ধন্যবাদ জনাইছো৷
পিচদিনা পুৱা উঠিয়েই দৰ্জাখন খুলিয়েই পাকিস্তান দেখাৰ আনন্দখিনি মনৰ মাজত লৈ কিষণগঙ্গাৰ পাৰৰ ওখ ওখ সেউজীয়া পৰ্বতৰ (শীতকালত সম্পূৰ্ণ বগা পৰ্বতৰ) মাজৰ এই প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সুধা পান কৰিবলৈ আকৌ কেতিয়াবা অহাৰ ইচ্ছা বুকুত বান্ধি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ৷ কৰ্ণাৰ পথৰ কাষত ৰিজ্ৱানে পৰিয়ালৰ সৈতে পুৱাতেই আমাৰ বাবে ৰৈ থাকি আমাক উপহাৰেৰে ভৰাই তুলিলে৷ বাষ্ট্ৰীয় কেডেট ক’ৰ (NCC) ১ অফিচাৰ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কেম্পত যোগদান কৰিছোঁ৷ NCC ১ বিষয়া হিচাপে কেডেটক ৰাষ্ট্ৰীয় ঐক্য বজাই ৰখা আৰু দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়ে জ্ঞাত কৰোৱা এটা প্ৰধান কৰ্তব্য৷ এই যাত্ৰাৰ পৰা মই আমাৰ দেশব বিভিন্ন প্ৰান্তত বাস কৰা ভবিষ্যতৰ নাগৰিক NCC কেডেটসকলক মোৰ এই অভিজ্ঞতাৰ এটি চাক্ষুস বিৱৰণ দাঙি ধৰিব পাৰিম৷ এইবোৰ অঞ্চল শীতকালত নৱেম্বৰ মানৰ পৰাই ডাঠ বৰফৰ বাবে ৰাস্তা বন্ধ হৈ যায়৷ তথাপিও নিজৰ জীবনক তু২৬ কৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাৰতীয় সেনাৰ জোৱান আৰু সীমা সুৰক্ষা জোৱানসকলে অত্যন্ত সাহসেৰে, কঠোৰ পৰিশ্ৰমেৰে দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি থকা এই গোটেই অঞ্চলতে প্ৰতিৰক্ষাৰ খাতিৰতে ৰাস্তাতো খুলি ৰাখিবলৈ লগতে সদা জাগ্ৰত হৈ আমাৰ Loট্ৰ ১ সীমাত কটকটীয়া পহৰা দিয়ে তাক নেদেখিলে বুজিব নোৱাৰি৷ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাত মোৰ মুৰ দো–খাই যায়৷ তিত্ৱাল কৰ্ণা অঞ্চলৰ বাসিন্দাৰ কষ্ট সহিষ্ণুতা আৰু দেশৰ প্ৰতিৰক্ষা জোৱানসকলৰ প্ৰতি কাশ্মিৰী লোকৰ সহযোগিতা দেখি মন ভৰি উঠিল৷ এইসকল কাশ্মিৰী নাগৰিকে ভাৰতীয় সেনাৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই দেশৰ স্বাধীনতা, অখণ্ডতা আৰু ঐক্য বজাই ৰখাৰ বাবে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ সঁচাকৈয়ে আকৌ এবাৰ দোহাৰিলোঁ “মেৰা ভাৰত মহান৷’’
সকলো শান্তিত থকাৰ কামনা কৰি উত্তৰ কাশ্মীৰৰ আন এক সীমামূৰীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ ভঁৰাল– ভূস্বৰ্গ গোৰেজ লৈ বুলি যাত্ৰা কৰিলো৷