
২৫ জুন ১৯৮৩ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটত দলটোৱে সমগ্ৰ দেশবাসীক বিশ্ব ক্ৰিকেটত বিশ্ব বিজয়ী হোৱাৰ যি সোৱাদ সেয়া প্ৰদান কৰিছিল৷ এই দিনটোত আৰম্ভণি হোৱা ভাৰতীয় ক্ৰিকেটৰ সোণোৱালী যাত্ৰা অবিৰতভাৱে আজিও গতি কৰি আছে৷ ভাৰতে বিশ্ব ক্ৰিকেটক প্ৰদান কৰিছে বহু কেইগৰাকী কিংবদন্তি ক্ৰিকেট খেলুৱৈ৷ ক্ৰিকেট খেলৰ জন্ম যদিও ইংলেণ্ডত হৈছিল তথাপিও কিন্তু ভাৰতীয় ক্ৰিকেট দলে প্ৰতিটো দশকতে নিজৰ আধিপত্য বিশ্ব ক্ৰিকেটত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈ আহিছে৷ যদিও ভাৰতীয় ক্ৰিকেট খেলুৱৈসকলে নিজৰ প্ৰতিভাৰে বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তথাপিও কিন্তু ভাৰতীয় ক্ৰিকেট দলটোৱে দ্বিতীয় বাৰ বিশ্বকাপৰ ট্ৰফী জিকিবলৈ প্ৰায় ২৪ বছৰ অপেক্ষা কৰিবলৈ বাধ্য হৈছিল৷ ২০০৭ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে ভাৰতবাসীৰ সেই আশাৰ অন্ত পৰিছিল৷ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা টি টুৱেণ্টি বিশ্বকাপৰ প্ৰথম সংস্কৰণত ভাৰতীয় দলে বিজয়ী হ’বলৈ সক্ষম হয়৷ ইয়াৰ পিছত পুনৰ এবাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে ২০১১ চনৰ ২ এপ্ৰিল তাৰিখে গৃহভূমিত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপ জয়ী হ’বলৈ সক্ষম হয়৷ ইয়াৰ পিছত ভাৰতীয় ক্ৰিকেট দলে বাৰে বাৰে ট্ৰফীৰ ওচৰলৈ আহিও পৰাজয় স্বীকাৰ কৰি সুদা হাতে উভতি আহিবলৈ বাধ্য হৈছিল৷
অৱশেষত ২০২৪ চনৰ ২৯ জুন তাৰিখে প্ৰায় ১৩ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট দলটোৱে পুনৰ এবাৰ বিশ্ব বিজয়ী হিচাপে বিশ্ব ক্ৰিকেটত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ কিন্তু পূৰ্বে বিজয়ী হোৱা বিশ্বকাপ সমূহৰ তুলনাত এইবাৰৰ বিশ্বকাপ ভাৰতীয় ক্ৰিকেটৰ বাবে এক বিশেষ বিশ্বকাপ হিচাপে বিবেচিত হৈছে৷ ২০২৪ চনৰ ২ জুন তাৰিখৰ পৰা আৰম্ভ হোৱা এই টি টুৱেণ্টি বিশ্বকাপৰ প্ৰতি প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীৰে এক বিশেষ আকাংক্ষা আৰু প্ৰত্যাশা আছিল৷ কিন্তু যেতিয়াই এই বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলে বিজয়ী হয় আৰু সমাপ্ত হয় তাৰ লগে লগে কিন্তু প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগী আবেগিক হৈ পৰিছে৷ ভাৰতীয় দলৰ কিংবদন্তি ক্ৰিকেট খেলুৱৈ বিৰাট কোহলিয়ে বিশ্বকাপৰ প্ৰায় কোনো এখন খেলতে উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়৷ ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল৷ কিন্তু বিশ্বকাপৰ চূড়ান্ত খেলখনত ভাৰতীয় দল বিজয়ী হ’ব পৰাকৈ বিৰাট কোহলিয়ে এক গুৰুত্বপূৰ্ণ ইনিংছ দেশবাসীক উপহাৰ দিয়ে৷ কোহলিৰ উপৰিও দলৰ প্ৰতিগৰাকী খেলুৱৈৰ যি প্ৰদৰ্শন সেয়া আছিল অতি উন্নত মানদণ্ডৰ৷ উন্নত প্ৰদৰ্শনৰ বাবে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বঁটা গ্ৰহণ কৰিয়ে বিৰাট কোহলিয়ে ঘোষণা কৰে যে বিশ্বকাপৰ চূড়ান্ত খেলখনেই হ’ব তেওঁৰ জীৱনৰ টি টুৱেণ্টি সংস্কৰণৰ অন্তিমখন খেল৷ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ পোছাকত টি টুৱেণ্টি সংস্কৰণত আৰু দেখা নাপাব কিংবদন্তি ক্ৰিকেট খেলুৱৈ বিৰাট কোহলিক৷ ইয়াৰ কিছু সময় পিছতে সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা বিশ্ব ক্ৰিকেটৰ বিস্ফোৰক বেটাৰ হিচাপে স্বীকৃতি লাভ কৰা ৰোহিত শৰ্মাইও টি টুৱেণ্টি সংস্কৰণত নেখেলাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ ইয়াৰ উপৰিও বিশ্বকাপ বিজয়ী দলটোৰ আন এগৰাকী তাৰকা খেলুৱৈ ৰবীন্দ্ৰ জাদেজাইও টি টুৱেণ্টি ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ইনষ্টাগ্ৰাম যোগে ৰাজহুৱা কৰে৷ বিশ্ব ক্ৰিকেটৰ অতিকৈ জনপ্ৰিয় এটা সংস্কৰণত একেলগে তিনিগৰাকীকৈ তাৰকা কিংবদন্তি ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰা ঘটনা হয়তো এইয়াই প্ৰথম৷ একেলগে তিনিগৰাকী অতি জনপ্ৰিয় ক্ৰিকেটাৰে টি টুৱেণ্টি সংস্কৰণক বিদায় জনোৱা খবৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলক সম্পূৰ্ণৰূপে আবেগিক কৰি তুলিছে৷ বিশ্ব ক্ৰিকেটত নিজৰ যি আধিপত্য সেয়া ম্লান হোৱাৰ আগতে টি টুৱেণ্টি সংস্কৰণৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তই এটা কথা প্ৰমাণ কৰিছে যে এগৰাকী সাধাৰণ ক্ৰিকেট খেলুৱৈ আৰু এগৰাকী তাৰকা কিংবদন্তি ক্ৰিকেটাৰৰ মাজত বহুত বেছি পাৰ্থক্য থাকে৷

দেশৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলে যাতে দেশক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়ি আহিব পাৰে সেই কথা চিন্তা কৰিয়ে নিজৰ স্থান উদীয়মান খেলুৱৈৰ বাবে এৰি দিয়াৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে জ্যেষ্ঠ খেলুৱৈসকলে৷ কিংবদন্তি ক্ৰিকেট খেলুৱৈসকলে দেশবাসীক গৌৰৱ অনুভৱ কৰিবলৈ যি সুযোগ প্ৰদান কৰিলে সেয়া সদায় ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ বিশ্ব ক্ৰিকেটত ভাৰতক শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰাৰ বাবে এই খেলুৱৈসকলৰ যি অৰিহণা তাৰ বাবে দেশৰ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী খেলুৱৈসকলৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিব৷ ভাৰতীয় ক্ৰিকেট দলে ২০২৪ চনৰ বিশ্বকাপত এখনো খেলত পৰাজয় বৰণ নকৰাকৈ অপৰাজিত দল হিচাপে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ টি টুৱেণ্টি বিশ্বকাপত অপৰাজেয় দল হিচাপে খিতাপ দখল কৰা ভাৰতীয় দলে এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ কিন্তু এনে বহুত দলীয় আৰু ব্যক্তিগত অভিলেখ সৃষ্টি হোৱাৰ পিছতো কিন্তু ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ আবেগ পৰিস্ফুট হোৱা পৰিলক্ষিত হৈছে৷ যি আবেগে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে প্ৰাপ্তিৰ পিছতো নিজৰ নিজৰ পছন্দৰ খেলুৱৈসকলৰ সিদ্ধান্তই অনুৰাগী সকলক যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে৷ বিশ্বকাপ ট্ৰফী লৈ ভাৰতীয় ক্ৰিকেট দল যেতিয়া গৃহভূমিত উপস্থিত হয় ইয়াৰ লগে লগে খেলুৱৈসকলক আদৰি আনিবলৈ বিমানকোঠৰ পৰা আৰম্ভ কৰি সকলোতে অনুৰাগীৰ ভিৰ আৰম্ভ হয়৷ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়েও বিশ্বকাপ বিজয়ী খেলুৱৈসকলক উষ্ম আদৰণি জনায়৷ গৃহভূমিত বিশ্বকাপ বিজয় উদ্যাপন কৰিবলৈ ভাৰতীয় ক্ৰিকেট বৰ্ডে মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত অনুৰাগীসকলক উপস্থিত হ’বলৈ বাৰ্তা প্ৰেৰণ কৰিছিল৷ এই বাৰ্তা পোৱা মাত্ৰকে ষ্টেডিয়ামলৈ অনুৰাগীৰ সোঁত ববলৈ আৰম্ভ হয়৷ যেন সমগ্ৰ মুম্বাই কিছু মুহূৰ্তৰ বাবে স্তব্ধ হৈ পৰে৷ জনসমূদ্ৰৰ মাজেৰে বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটো ষ্টেডিয়ামলৈ ৰাওনা হোৱা দৃশ্যই এটা কথাৰ প্ৰমাণ দিলে যে ভাৰতত ক্ৰিকেটৰ প্ৰতি সাধাৰণ মানুহৰ কিমান আন্তৰিকতা আছে৷ প্ৰতিগৰাকী ব্যক্তিক একত্ৰিত কৰি ৰখাত যে বিশেষ ভূমিকা পালন কৰে মুম্বাই চহৰ তাৰ জ্বলন্ত সাক্ষী৷