আধুনিক বিজ্ঞানে পৃথিৱীখনৰ প্ৰতিটো বস্তুৱেই একেবাৰে ওচৰৰ পৰা চাবলৈ আমাক সুবিধা কৰি দিছে৷ প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীখনক নিজৰ সুবিধাৰে নিয়ন্ত্ৰণ কৰি জীৱন–যাপন কৰিবলৈ উপায় দিলেও এই নিয়ন্ত্ৰণৰ বাবে আমাৰ নতুন নতুন অসুবিধাও আহি পৰিছে৷ বিশেষকৈ যুৱ–প্ৰজন্মই এই সুযোগ গ্ৰহণ কৰি প্ৰতিদিনে (কিছু সংখ্যকে) নিজৰ অপকাৰ কৰিবলৈ যেন অগ্ৰসৰ হৈছে৷ গোলকীকৰণে পৃথিৱীখনক এখন গাঁৱলৈ যেন ৰূপান্তৰিত কৰিছে৷
আজিৰ যুৱ–প্ৰজন্মই যেনেকৈ পৃথিৱীৰ বিভিন্ন উদ্ভাৱনৰ ভূ–ৰাখি নতুন নতুন কাম কৰিবলৈ সক্ষম হৈছে, ঠিক তেনেকৈ নতুন নতুন নিচাযুক্ত দ্ৰব্যৰ প্ৰতিও আকৰ্ষিত হৈছে৷ এই যুৱচামৰ মাজত প্ৰসাৰিতহোৱা নিচাযুক্ত দ্ৰব্যৰ অপ–ব্যৱহাৰে সমাজত কু–প্ৰভাৱ পেলাইছে৷ যুৱ–প্ৰজন্মৰ এনে নৈতিক স্খলনে সমাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
বৰ্তমান সমাজৰ যুৱ–প্ৰজন্মৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে মাদকদ্ৰব্য আৰু ধঁপাত জাতীয় নিচাযুক্ত সামগ্ৰীৰ সেৱনৰ প্ৰৱণতা? মাদকদ্ৰব্য বুলি ক’লে আমি বহুতেই মদৰ কথাটো বুজো৷ মদ এবিধ বিশেষ পানীয়৷ বিভিন্ন ঠাইত আৰু বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত ভিন্ন নামেৰে পৰিচিত আৰু প্ৰস্তুতিৰ পদ্ধতি তথা কেঁচামাল বেলেগ হ’লেও ইয়াৰ উপাদান হ’ল ইথানন বা ইথাইল এলকহল আৰু পানী৷ ইথাইন এলকহলৰ ৰাসায়নিক সংকেত ট্১২ণ্ড্১৫OH৷ ই কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেনৰ এবিধ বিশেষ যৌগ৷ সংস্কৃত ‘মদ্যম’ শব্দৰ পৰা ‘মদ’ শব্দ আহিছে৷ অতি প্ৰাচীন কালৰে পৰা মানুহৰ মাজত মদ বা সুৰা প্ৰস্তুতি আৰু সেৱনৰ পৰম্পৰা প্ৰচলিত আছিল৷ চীনত প্ৰথমে চাউল আৰু কণী ধানৰ পৰা কিম্বন (Fermentation) প্ৰণালীৰে টেচু (Techoo) প্ৰস্তুত কৰা হয়৷ এই টেচুৰ পাতন ঘটাই চাউটচ্ নামৰ পাতিত মদ প্ৰস্তুত কৰা হৈছিল৷ খ্ৰী.পৃ. ৮০০ বছৰ আগতে৷ শ্ৰীলঙ্কা আৰু ভাৰতবৰ্ষত চাউল আৰু গুৰ বা তাল আৰু খেজুৰ গছৰ ৰসৰ পৰা কিম্বন প্ৰণালীৰে তাড়ি প্ৰস্তুত কৰা হৈছিল৷ তাড়িৰ পাতাল ঘটাই ‘আৰক’ নামৰ পাতিত মদ প্ৰস্তুত কৰা হৈছিল৷

পূৰ্বৰে পৰা প্ৰচলিত মদ মাদক দ্ৰব্য যদিও প্ৰাচীন কালৰে পৰা সমাজত বিভিন্ন উৎসৱ–পাৰ্বনত ইয়াৰ ব্যৱহাৰ কাৰ্যই এই দ্ৰব্য বিধক লোক–পৰম্পৰাৰ দ্ৰব্য হিচাপে চিহ্নিত কৰা হৈ আহিছে৷ মদৰ প্ৰস্তুতি আৰু ব্যৱসায় সকলো দেশতে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়৷ চৰকাৰে ইয়াৰ ওপৰত কৰ আৰোপ কৰি যথেষ্ট পৰিমাণে ৰাজহ উপাৰ্জন কৰে৷
পৃথিৱীৰ বিভিন্ন ঠাইত সুৰাপান আৰু ধূমপান সংস্কৃতিৰ উপাদান হিচাপেও গণ্য কৰা হয়৷ এই কথা ঠিক এই দুয়োবিধ দ্ৰব্যই স্বাস্থ্যৰ পক্ষে অত্যন্ত হানিকাৰক আৰু এনে দ্ৰব্য কোনো পৰিস্থিতিতে ব্যৱহাৰ নকৰিবলৈ চিকিৎসক তথা সমাজ সচেতক ব্যক্তিসকলে সদায় সকিয়াই থকাটো আমাৰ দৃষ্টিগোচৰ হৈছে৷
বিশ্বস্ত সূত্ৰে জনা যায় ছাৰ ফ্ৰান্সিছ ডাংকে পোন প্ৰথমে ১৮৮৫ চনত ইংলেণ্ডৰ পৰা ভাৰতলৈ ধঁপাত আনিছিল আৰু তাৰ পিছৰ পৰাই ক্ৰমাৎ ইয়াৰ ব্যৱহাৰ ভাৰতত বিয়পি পৰিল৷ ভাৰতৰ বিভিন্ন ঠাইত ইয়াৰ খেতিও কৰিবলৈ লোৱা হৈছিল৷ ইয়াৰ পিছত সাধাৰণ লোকৰ মাজত ধঁপাত সেৱনৰ অভ্যাস গঢ় লৈ উঠে৷ ধঁপাতত প্ৰধানকৈ এমোনিয়া (NH৩), কাৰ্বন ডাই অক্সাইড (CO২), এলডি হাইড (CHত্থ), কিটন (–ট্ৰঞ্চত্থ), টবেবটাৰা আৰু নিক’টিন থাকে৷ চিগাৰেট ধঁপাত নাইবা খৈণী – যি ৰূপতে সেৱন নকৰক লাগে, ধঁপাতত থকা নিক’টিন শৰীৰত প্ৰৱেশ কৰে আৰু বিভিন্ন প্ৰকাৰে শৰীৰৰ অনিষ্ট সাধন কৰে৷ বিভিন্ন গৱেষণাৰ পৰা এইটো প্ৰমাণিত হৈছে যে নিক’টিনে ভিটামিন B১২ ধ্বংস কৰাৰ উপৰিও Bৰ, আৰু B৬ক ধ্বংস কৰে৷ এনেধৰণৰ দ্ৰব্য গ্ৰহণৰ পিছত মগজুৰ স্নায়ুবোৰ উত্তেজিত হয় আৰু তেতিয়াই মানুহৰ নিচা লাগে৷ ১৯৮৮ চনত ইংলেণ্ডত চলোৱা এক সমীক্ষা মতে চিগাৰেটৰ ধোঁৱাৰ পৰা মগজু উত্তেজিত হ’লে মগজুৰ পৰা ‘Acetylechline’ নামৰ এবিধ পদাৰ্থ নিৰ্গত হয় আৰু তাৰ প্ৰভাৱত হূদপিণ্ডৰ স্পন্দন দ্ৰুততৰ হয়৷ এনে হোৱাৰ ফলত মানুহৰ হূদযন্ত্ৰ ক্ৰমে দুৰ্বল হৈ পৰে আৰু কম দিনৰ ভিতৰতে ধূমপান সেৱন কৰা লোকজন মৃত্যুমুখত পৰে৷
বিপজ্জনক মাদক দ্ৰব্য সেৱনৰ পৰা নৱপ্ৰজন্মই এক নিচাত নিমগ্ন হয়৷ এই নিচা কিমান বিপদজনক সেয়া অলপতে ‘CHEB’ নামৰ প্ৰতিষ্ঠান এটিয়ে চলোৱা পৰীক্ষণৰ পৰা জানিব পৰা গৈছে যে নিচাযুক্ত দ্ৰব্য সেৱন কৰি পৃথিৱীত ৩০ লাখৰো অধিক লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ ভিতৰত ২০ শতাংশ লোক হূদৰোগত, ৪৫ শতাংশ লোক হাওঁফাওঁ কেন্সাৰত, ৩৫ শতাংশ লোক খাদ্যনলীৰ কেন্সাৰত মৃত্যু হৈছে বুলি ওপৰত উল্লেখ কৰা সমীক্ষাটোত কোৱা হৈছে৷

নিচাযুক্ত দ্ৰব্য বিভিন্ন প্ৰকাৰৰ আছে৷ অসমীয়া সমাজত কানি বৰবিহৰ, প্ৰচলনৰ কথা আমি জানোঁ৷ তাহানি হেমচন্দ্ৰ বৰুৱাই ‘কানিয়াৰ কীৰ্তন’ নাটকেৰে ১৯ শতিকাৰ (১৮০০ চনত) শেষভাগতেই এই নিচাযুক্ত দ্ৰব্য সেৱন কৰি অসমীয়া মানুহ যে কানিয়া হে গৈছিল, সেই কথা উল্লেখ কৰি গৈছে৷ নিচাযুক্ত দ্ৰব্যসমূহৰ ভিতৰত অসমীয়া সমাজ–সংস্কৃতিৰ অন্যতম সম্পদ তামোল–পাণো অন্তৰ্ভূক্ত৷ তামোল–পাণ অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা সম্পদ৷ বিয়া–বাৰু, সকাম–নিকাম আদিত তামোল পাণ নহ’লেই নহয়৷ ঘৰলৈ আলহী আহিলে প্ৰথমে তামোল পাণেৰেই অসমীয়া মানুহে সন্মান যাঁচে৷ এই তামোল–পাণো স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ৷ তামোলত ‘Arocaline’ নামৰ এবিধ বিষাক্ত ক্ষাৰযুক্ত ‘এলকেলয়ড’ থাকে৷ তামোলৰ লগত খোৱা চুণ আৰু ধঁপাতৰ মিশ্ৰণে মুখ গহ৩১ত ঘাঁৰ সৃষ্টি কৰিব পাৰে আৰু দাঁতৰ গুৰি নষ্ট কৰে৷ তামোলৰ লগত খোৱা ধপাতৰ নিকটিনো পেটলৈ যোৱাৰ ফলত পেটৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয়৷ জৰ্দাপাণ, মিঠাপাণ আদিত লগোৱা ‘কামা’ হ’ল এক ‘ৰেজিনিক’ পদাৰ্থ৷ এই পদাৰ্থবিধো শৰীৰৰ বাবে খুবেই অপকাৰী৷
যুৱ–প্ৰজন্মৰ মাজত (যুৱকেই হওক অথবা যুৱতীয়েই হওক) এটা বদ্ধমূল ধাৰণা কিবা এটা নিচাযুক্ত নাখালে যেন যুৱকেই নহয়৷ বহু যুৱকে আকৌ ভাৱে নিচাযুক্ত দ্ৰব্য খালে একান্ত মনে অধ্যয়নত মনোযোগ দিব পাৰি৷ এয়া সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা৷
বাতৰি কাকতত পোৱা এটি তথ্য অনুসৰি বৰ্তমান গুৱাহাটীত পাণ, (মিঠাপাণ, জৰ্দ্দাপাণ, তামোল) আৰু গুটখা বিক্ৰী কৰা দোকানৰ সংখ্যা হেনো ১২ হাজাৰতকৈও বেছি৷ বিভিন্ন ধৰণৰ পাণ–মছলা যেনে– ত্ৰিৰংগা, শিখৰ, ৰজনীগন্ধা আদি পেকেটসমূহে সমগ্ৰ দেশতে মৃত্যুৰ দূত হিচাপে ছানি ধৰিছে৷ কাৰণ স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক কিছুমান উপাদানেৰে তৈয়াৰ কৰা এনে নিচাযুক্ত গুটখাৰ প্ৰচলনে কম বয়সীয়া ছাত্ৰ–ছাত্ৰীৰ পৰা আৰম্ভ কৰি পৌঢ় ব্যক্তিলৈকে এনে দ্ৰব্যৰ প্ৰতি আসক্ত কৰি তুলিছে৷ নষ্ট হোৱা চুপাৰীৰ সৈতে ৰাসায়নিক দ্ৰব্য, নিচাযুক্ত চাধা আদি মিহলি কৰি গুটখাৰ পেকেটবোৰ প্ৰস্তুত কৰা হয়৷ এনে পেকেট সমূহৰ ওপৰত পেকেট কৰাৰ তাৰিখ আৰু ম্যাদ উকলাৰ তাৰিখ নথকাৰ বাবে অতি পুৰণি পেকেটো মানুহে বিনাদ্বিধাই খায়৷ এইবিলাক নিচাযুক্ত দ্ৰব্য এনেয়ে, বিষাক্ত, তাতে আকৌ পুৰণি হ’লে শৰীৰ ক্ষতিৰ মাত্ৰা অত্যাধিক হয়গৈ৷
যুৱ–প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্য অপব্যৱহাৰ হোৱা এবিধ দ্ৰব্য হ’ল সুৰাপান৷ আজিকালি সুৰাৰ বিক্ৰীৰ মাত্ৰা অতিমাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে৷ বয়স অনুসৰি এই সুৰাপানে মানৱ দেহত বিভিন্ন ধৰণৰ ক্ৰিয়া কৰে৷ বিভিন্ন প্ৰকাৰৰ সুৰাত বিভিন্ন মাত্ৰাত এলকহল থাকে৷ বৈজ্ঞানিক পদ্ধতিৰে যি সুৰা প্ৰস্তুত কৰা হয় তাত বহু প্ৰকাৰৰ ৰাসায়নিক মিশ্ৰণ থাকে৷ এলকহলৰ তেজত খুব সোনকালে মিহলি হয়, আৰু সমগ্ৰ শৰীৰত ক্ষন্তেকতে বিয়পি পৰে৷ এলকহলৰ কণাবোৰ যকৃতত প্ৰৱেশ কৰাৰ পিছত ‘এচিটেল ডিহাইড’ নামৰ এবিধ বিষাক্ত পদাৰ্থৰ সৃষ্টি হয়৷ সুৰা পানে মগজুৰ স্নায়ুবোৰ খুব খৰ–ধৰকৈ উত্তেজিত কৰি তোলে৷ যাৰ কাৰণে মানুহে মদ খালে বেছিকৈ কথা কয় বা অস্বাভাৱিক আচৰণ কৰে৷ অত্যাধিক পৰিমাণে মদ খালে মানুহজন সংজ্ঞাহীন হৈ পৰিব পাৰে আৰু এনে অৱস্থাত মানুহজনৰ মৃত্যুও হ’ব পাৰে৷ এলকহলৰ কণাবোৰ Inhibitory আৰু Excitatery নামৰ স্নায়ুত ক্ৰিয়া কৰাৰ বাবেই অত্যাধিক সুৰাপান কৰিলে মানুহৰ কথা–বতৰা আৰু আচৰণৰ পৰিৱৰ্তন হয়৷
সাম্প্ৰতিক কালত অকল যুৱ–প্ৰজন্মই নহয় সকলো শ্ৰেণীৰ লোকৰ মাজতেই নিচাযুক্ত সেৱন কৰা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ আনকি স্কুলীয়া ছাত্ৰ–ছাত্ৰীয়েও ‘ডেনড্ৰাইড’ৰ দৰে বিষাক্ত আঠাবিধো খাবলৈ লৈছে৷ এইবোৰ সেৱনৰ ফলতেই বিশেষকৈ ছাত্ৰ–ছাত্ৰীৰ স্মৃতিশক্তি বহুখিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ চিগাৰেটৰ পেকেট অথবা সুৰাৰ বটলত ‘স্বাস্থ্যৰ পক্ষে হানিকৰ’ বুলি লিখা সত্বেও জনসাধাৰণে এই সতৰ্কীকৰণলৈ গুৰুত্ব নিদিয়াটো পৰিতাপৰ কথা৷ নৱ–প্ৰজন্মৰ কিছুমানৰ বাবেতো চিগাৰেট আৰু মদ খোৱা, বাৰলৈ যোৱা এক প্ৰকাৰ ফেচনৰ দৰেই হৈছে৷ এইবিলাক সেৱন নকৰিলে আজিৰ যুগৰ যেন যুৱক–যুৱতীয়েই নহয়– তেনে মনোবৃত্তিয়ে সমাজত উচ্ছৃংখলতা বঢ়াইছে৷ এনেক্ষেত্ৰত অভিভাৱক সকলো সচেতন হোৱা দৰকাৰ৷ নৱ–প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ কু–প্ৰভাৱ দূৰীকৰণৰ বাবে চৰকাৰেও কিছু পদক্ষেপ লোৱা উচিত৷ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰশাসনেও কঠোৰ ব্যৱস্থা হাতত লৈ মদ, ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰীৰ ওপৰত নিষেধাÊজ্ঞা আৰোপ কৰা উচিত৷ শিৱৰাত্ৰিৰ দৰে ধৰ্মীয় উৎসৱতো যেন নিচাযুক্ত দ্ৰব্য আৰু ভাং আদিৰ প্ৰচলন অকল ধৰ্মীয় সংক্ৰান্ততহে থাকে তেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ কু–প্ৰভাৱ সম্পৰ্কে বিদ্যালয়–মহাবিদ্যালয়ত বিদ্যায়তনিক দিশতো চৰকাৰে মনোযোগ দিব লাগে৷ চৰকাৰী প্ৰচাৰ মাধ্যম আৰু স্বেচ্ছাসেবী সংগঠনে এই সম্পৰ্কে আৰু অধিক সজাগতামূলক অনুষ্ঠান–সভা–সমিতি পাতি যুব–প্ৰজন্মক ইয়াৰ কু–প্ৰভাৱৰ বিষয়ে আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়া উচিত৷