সংগীত আৰু সমাজ(প্ৰকাশ শৰ্মা) – Purbodix.com

সংগীত আৰু সমাজ(প্ৰকাশ শৰ্মা)

সংগীত কলাই সমাজৰ প্ৰকৃত পৰিচয়ৰ দাপোন৷ অজীতৰ পৰাই সংগীতে মানব সমাজত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে৷ মানুহ সমাজ প্ৰিয়৷ গতিকে সামাজিক জীৱন সুখদায়ক আৰু মনোৰম কৰাৰ একমাত্ৰ আহিলাই হৈছে সংগীত৷ জয়মঙ্গলৰ চৌষষ্ঠি কলাৰ ভিতৰত সংগীত কলাৰ স্থান উত্তম আৰু উপাদেয়৷ গীত, বাদ্য আৰু নৃত্য এই তিনি কলাক আমি সংগীত বুলি পুৰণি কালৰে পৰা গ্ৰহণ কৰি আহিছো৷ ইয়াৰ ভিতৰত দেশী আৰু মাৰ্গ এই দুই ধাৰাৰ সংগীত ভাৰতীয় জীৱন ধাৰাত কেতিয়াৰ পৰা আজিলৈকে প্ৰৱহমান হৈ আছে সেইবিলাক তথ্যৰ বিষয়ে গৱেষকে গৱেষণা কৰি আজিও অন্ত কৰিব পৰা নাই৷ পশ্চিমীয়া সংগীতৰ দৰে ভাৰতীয় সংগীত একমাত্ৰ মনোৰঞ্জনৰ আহিলা নহয়৷ ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুবৰ্গ সাধনৰ বিষয় বুলি সংগীত কলাক ভাৰতীয় সমাজত উচ্চ স্থানত প্ৰতিষ্ঠা কৰা হৈছে যুগৰ প্ৰবাহে কিছু হীন দেৰি ঘটালেও সংগীত কলা ভাৰতীয়সকলৰ প্ৰাণৰো প্ৰাণৰ শ্ৰদ্ধাৰ বিষয় বস্তু৷

 

পৃথিবীৰ সকলো ভৌগৌলিক স্থানৰ সমাজতেই সংগীতৰ উচ্চস্থান আছে৷ দেখা যায় যে মানৱ সৃষ্টিৰ প্ৰাথমিক অৱস্থাতেই সংগীতৰো সৃষ্টি হৈছিল৷ মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ গতিধাৰাৰ সমান্তৰালকৈ সংগীতৰ বিৱৰ্তনীয় গতিধাৰাও চলি অহা আমি দেখিবলৈ পাইছো৷ সমাজ সংগঠন, সুস্থ পৰিৱেশ, মানৱীয় মূল্যবোধ গঢ়ি তোলাত এই সংগীত কলাৰ যি কাৰ্যকৰী ভূমিকা আছে, তাক আৰ্থিক মূল্য বোধৰ মাপ কাঠিৰে বিচাৰ কৰা অসম্ভব৷

বাক্তি জীৱনৰ পৰা আৰম্ভ কৰি সমাজ জীৱনলৈকে প্ৰত্যেকটো স্তৰত সংগীতৰ এক সক্ৰিয় অৱদান আছে৷ ইয়াক বাদ দি সুশৃংখল সমাজ জীৱন প্ৰত্যাশা কৰিব পৰা নেযায়৷ সমাজৰ জাতি ভেদ, উচ্চে নীচ শব্দবোৰৰ সমন্বয়ৰ সাঁকোডাল হৈছে সংগীত৷ সমাজৰ প্ৰতিজনকে সংগীতৰ এই অদ্ভুত শক্তিয়ে হহুৱাব পাৰে, কন্দুৱাব পাৰে, দেশ প্ৰেমিক কৰি তুলিব পাৰে৷ নিৰোগী তথা সাহসী কৰি তুলিব পাৰে৷ সমাজ নিকা কৰাৰ মূল বস্তুটো হৈছে সংগীত৷ সমাজৰ দুঃস্কৃতিৰ পৰিৱৰ্তে সুসংস্কৃতি, অনৈক্যৰ বিপৰীতে ঐক্যতাৰ প্ৰতিষ্ঠা সংগীতৰ মাধ্যমেৰেই সম্ভৱ হয়৷ দেখা যায় যে সমাজৰ এক বুজন অংশ সাঙ্গীতিক পৰম্পৰাই অধিকাৰ কৰি আছে৷ একোটা জাতিৰ ইতিহাসো সংৰক্ষিত হৈ থাকে সংগীতৰ মাজেৰে৷ সমাজৰ মনোৰম কাহিনী, ইতিহাস আদি বিভিন্ন গীত পদসমূহৰ মাজত আমি বিচাৰি পাওঁ৷ লোকসংগীত সমূহত সমাজৰ একো একোটা অধ্যায়ৰ সুৰ আৰু ছন্দৰ মধুৰ সমাৱেশ প্ৰকাশ হয়৷ সমাজেও সংগীতক বেদৰ শাৰীত স্থান দি আত্মানুভূতি আৰু মোক্ষ সাধনৰ মাৰ্গ হিচাবে ব্যৱহাৰ কৰিছে৷ সেয়ে সংগীত কলাৰ প্ৰয়োজনীয়তাৰ কথা প্ৰাচীন ভাৰতীয় সমাজে ভালদৰে হৃদয়ঙ্গম কৰিব পাৰিছিল৷ সংগীত অবিহনে সমাজো অসম্পূৰ্ণ৷ এই কথা মানৱ সমাজে যুগ যুগান্তৰ স্বীকাৰ কৰি যাব লাগিব৷ সমাজৰ মানসিক আৰু আধ্যাত্মিত বিকাশ সাধনত সঙ্গীতৰ প্ৰভাৱ অপৰিসীম৷ সমাজৰ চিন্তাশক্তি বিকশিত কৰি তোলাত সঙ্গীতৰ যি অৰিহণা, বিভিন্ন পুৰণি উক্তি সমূহেই ইয়াৰ প্ৰমাণ৷ আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহে সংগীতক এটা পবিত্ৰ আৰু মৰ্য্যদাপূৰ্ণ কলা হিচাবে গণ্য কৰি অহা আমি দেখিবলৈ পাওঁ৷ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে বৰ্তমান সমাজক সংগীতে উন্নত ৰূপত গঢ় লৈছে৷

ভাৰতীয় সমাজত সংগীতৰ প্ৰাচীন ভেটিতেই শিক্ষা দীক্ষা, সাধনা, নন্দনতাত্বিক চেতনা আদিৰ সৌধ নিৰ্মাণ হৈছে৷ আদিম মানৱ সমাজেও আপদ বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ, আনন্দ উল্লাস কৰিবলৈ, ভুত প্ৰেতৰ প্ৰতি থকা বিশ্বাসৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনৰ খাতিৰত গীত, নৃত্য, বাদ্যৰ অনুশীলন কৰিছিল৷ পৰৱৰ্তী সময়ত এই সাংগীতিক প্ৰতিফলনকে উন্নত শিল্পকলা তথা সংগীতৰ মূল উৎস ভূমি হিচাবে সমাজে মানি লৈছে৷ উদাহৰণ হিচাবে জন্ম, সংস্কাৰ, বিবাহ, সামাজিক অনুষ্ঠান, ধৰ্মমূলক অনুষ্ঠান, যুদ্ধ আদিৰ বাবে নৃত্য গীতৰ আয়োজন, সামাজিক কৰ্ম হিচাবে বৰ্তমানেও সমাজত পৰম্পৰাগত ভাৱে চলি অহা আমি দেখিবলৈ পাওঁ৷ সমাজৰ প্ৰতিটো ইতিবাচক দিশৰ প্ৰধান মাধ্যম সংগীত৷ যুদ্ধ বিগ্ৰহ, ধৰ্ম প্ৰচাৰ, সাংস্কৃতিক আদান প্ৰদান এই সকলোবোৰ সংগীতৰ মাধ্যমেৰে বিকাশ হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *