নতুনকৈ বলৱৎ হোৱা ভাৰতীয় ন্যায় ব্যৱস্থা ঃএটি সমীক্ষা(নাছিৰ আহমেদ) – Purbodix.com

নতুনকৈ বলৱৎ হোৱা ভাৰতীয় ন্যায় ব্যৱস্থা ঃএটি সমীক্ষা(নাছিৰ আহমেদ)

এটি সমীক্ষা

সাম্ৰাজ্যবাদী তথা ঔপনিৱেশবাদী ব্ৰিটিছ চৰকাৰে পৰাধীন ভাৰতত সাম্ৰাজ্যবাদী আৰু ঔপনিৱেশিক শাসন আৰু শোষণ কাৰ্য সুকলমে চলাই নিয়াৰ স্বাৰ্থত ১৮৬০ চনৰ দণ্ড বিধি আইন (CrPc) প্ৰণয়ন কৰিছিল৷

আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ছয় সত্তৰ বছৰ পিছতহে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ আগষ্ট মাহত দেশত প্ৰচলিত হৈ থকা ভাৰতীয় ন্যায় ব্যৱস্থাক সংশোধিত বা পৰিৱৰ্তিত ৰূপত এখন বিধেয়ক লোকসভাত দাঙি ধৰে৷ সাংসদ সকলৰ মাজত বিভিন্ন তৰ্কবিতৰ্ক আৰু আলোচনাৰ অন্তত এই বিধেয়কখন গৃহীত হয়৷ তাৰ পিছত ৰাজ্যসভাতো এই বিধেয়কখন গৃহীত হোৱাৰ পাছত ২০২৩ চনৰ ডিচেম্বৰ মাহত মাননীয় ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে এই বিধেয়কখন আইনত পৰিণত হয় আৰু এই ভাৰতীয় ন্যায় ব্যৱস্থাৰ সংশোধিত বা পৰিৱৰ্তিত ৰূপত গৃহীত হোৱা আইনখন জুলাই ২০২৪ চনৰ পৰা দেশত বলৱৎ হয়৷

তলত এই আইন খনৰ সংশোধিত বা পৰিৱৰ্তিত ৰূপ দাঙি ধৰা ল৷

ভাৰতীয় ন্যায় ব্যৱস্থাক (Indian Jusdicial System)

ইণ্ডিয়ান পেনেল , IPC ভাৰতীয় ন্যায় সংহিতা (BNS), অফ ক্ৰিমিনেল প্ৰচিডিয়ৰ, Cr Pc ভাৰতীয় নাগৰিক সুৰক্ষা (BNSত্ৰ) আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, IEA ভাৰতীয় সাক্ষ্য অভিনিয়ম (BSA) নামেৰে প্ৰয়োগ কৰা হয়৷

ভাৰতীয় ন্যায় সংহিতাৰ দ্বাৰা চাইবাৰ ক্ৰাইম, সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু সংগঠিত ৰূপত কৰা অপৰাধৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলিব৷

 ইয়াৰ জৰিয়তে দক্ষতা আৰু কাৰ্যকৰী সুৰক্ষা প্ৰদান কৰা প্ৰক্ৰিয়াৰে তদন্ত চলাই যোৱা আৰু বিচাৰ কাৰ্য চলি থকাৰ সুব্যৱস্থা কৰা ব৷

অভিযোগকাৰী আৰু সাক্ষীৰ সকলো অধিকাৰ আৰু সুৰক্ষা প্ৰদান কৰা ব৷

৫১১ ধাৰাক ৩৫৮ ধাৰালৈ অনা হৈছে৷

কিছুমান জঘন্য অপৰাধ যেনে, ঘৃণাৰ বাতাবৰণ সৃষ্টিত অৰিহণা যোগোৱাৰ অপৰাধ, দলৱদ্ধভাবে কৰা ধ্বংসাত্মক কাৰ্য, আৰু ঘৃণনীয় বক্তব্যৰ বাবে এই আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰা ব৷

ব্যাপকভাবে কৰা ধ্বংসাত্মক কাৰ্যক ভাৰতৰ জাতীয় ঐক্য আৰু সংহতিৰ বিনষ্টকাৰী হিচাপে ধৰা ব৷

চৌৰ্য কাৰ্যত জড়িত অপৰাধীৰ বিভিন্ন ডাটা আৰু আপত্তিজনক বস্তুক সাক্ষ্য হিচাপে গণ্য কৰা ব৷

ভাৰতীয় নাগৰিক সুৰক্ষা আইন অনুসৰি (BNSত্ৰ ) অভিযোগ উত্থাপিত কৰা অভিযোগকাৰীৰ ওপৰত ভিত্তি কৰি বিচাৰ প্ৰক্ৰিয়া চলিব৷ তাৰ কাৰণে অপৰাধীক আগৰ পুলিচৰ জিম্মাত ১৫ দিনৰ পৰিৱৰ্তে ৯০ দিন ৰাখি পুলিচে তদন্ত চলাই যাব পাৰিব৷

এই আইনৰ জৰিয়তে ইলেকট্ৰনিকছ আৰু ডিজিটেল পদ্ধতিৰে অভিযোগকাৰীয়ে অপৰাধীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা কৰিলে তেওঁৰ অবৰ্তমানত অন লাইনৰ দ্বাৰা বিচাৰ, সাক্ষ্য আদি প্ৰক্ৰিয়া চলি থাকিব৷

ভাৰতীয় সাক্ষ্য অভিনিয়ম (BSA) মতে ইলেকট্ৰনিক্ আৰু ডিজিটেল পদ্ধতিৰে লাভ কৰা তথ্য, সমল আৰু কণ্ঠ ৰেকৰ্ডিঙক পূৰ্ণ সাক্ষ্য হিচাপে পৰিগণিত ব৷

ভাৰতীয় ন্যায় সংহিতাৰ দ্বাৰা বিশেষভাবে শিশু আৰু নাৰীৰ ওপৰত কৰা যৌন নিৰ্যাতন বা শাৰীৰিক আৰু মানসিক নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ হাতেৰে শাস্তি বিহিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছে৷ এই নতুন আইনখনৰ জৰিয়তে যি কোনো ভুক্তভোগীয়ে যি কোনো ঠাইৰ পৰা আৰক্ষীক অন লাইন পদ্ধতিতো অভিযোগ দিব পাৰিব৷ গুৰুতৰ অপৰাধৰ তদন্ত কৰোঁতে ভিডিঅগ্ৰাফি কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে৷

ড্ৰাগছ সম্পৰ্কীয় অপৰাধী বা সাক্ষীৰ জবানবন্দী আদিও ভিডিঅগ্ৰাফি কৰি বিচাৰ প্ৰক্ৰিয়াত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই অপৰাধ সংক্ৰান্তৰ তদন্ত প্ৰতিবেদন পূৰ্বৰ ৯০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে৷ শিশু অপহৰণ বা শিশুক যৌন আতিশয্য কৰা অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগী শিশুটি ৰাই হওক বা ছোৱালীয়ে হওক অপৰাধীয়ে একে শাস্তি পাব৷ ভুক্তভোগী বা অভিযোগকাৰীক তদন্তৰ প্ৰতিবেদন প্ৰদান কৰা, কিছুমান অপৰাধৰ কাৰণে দোষীক সমাজ সেৱামূলক শাস্তি প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷

মুঠতে, অত্যাধুনিক টেকন্লজিৰ (Technology) জৰিয়তে বৰ্তমান ভাৰতীয় সমাজ ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰাকৈ ভাৰতীয় ন্যায় ব্যৱস্থাক সংশোধিত বা পৰিৱৰ্তিত ৰূপত গৃহীত কৰা হৈছে৷

এতিয়া আমি, এই ভাৰতীয় ন্যায় ব্যৱস্থাৰ লাভালাভ বা ক্ষতিকাৰক দিশৰ ওপৰত বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিম৷

লাভালাভ

ৰ৷ জঘন্যতম অপৰাধ মূলক কাৰ্যত জড়িত অপৰাধীক ধৰা পেলাবলৈ অপৰাধ আইন (Criminal laws) সমূহক আন্তৰ্জাতিক মানৰ কৰিবলৈ আৰু সেইবোৰক উৎকৃষ্টভাৱে প্ৰয়োগ কৰিবলৈ সংশোধন কৰা হৈছে৷

২৷  ভুক্তভোগী কেন্দ্ৰিক পৰিচালনা কৰা৷  BNSত্ৰ অৰ্থাৎ ভাৰতীয় নাগৰিক সুৰক্ষা আইন মতে ভুক্তভোগী বা অভিযোগকাৰীক সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰি তেওঁলোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা ব৷

৩৷ আগৰ সূত্ৰসমূহ সম্প্ৰসাৰণ কৰি নতুন নতুন অপৰাধমূলক কাৰ্য, যেনে, ঘৃণনীয় বক্তব্যৰ দ্বাৰা অপৰাধ কাৰ্য বিয়পাই দিয়া, দলৱদ্ধভাবে ধ্বংসাত্মক কাৰ্য সংঘটিত কৰা, সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু ঘৃণনীয় বক্তব্য আদিক দেশৰ ঐক্য আৰু সংহতিৰ বিনষ্টকাৰী হিচাপে ধৰি এইবোৰৰ বিৰুদ্ধে কঠোৰ হাতেৰে শাস্তি প্ৰদান কৰাৰ বাবে আইনসমূহ সাজু কৰা হৈছে৷

৪৷ হত্যা, ধৰ্ষণ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ শাস্তি আৰু ব্যাপক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে৷

প্ত৷ জঘন্যতম অপৰাধৰ বাবে ফৰেনছিক তদন্তৰ জৰিয়তে অপৰাধীয়ে কৰা অপৰাধসমূহক ধৰা পেলাই আইনী প্ৰক্ৰিয়া চলাই যোৱা ব৷

৬৷ শূন্য এফ আৰ আৰ (FIR) অৰ্থাৎ এফ আৰ আই ব্যৱস্থা নথকাৰ ফলত দুখীয়া বা অসহায় ভুক্তভোগী শ্ৰেণীটোৱে লাভৱান পাৰে৷

জ্জ৷ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে ভুক্তভোগী, সাক্ষীদাতা আৰু অপৰাধীৰ অনুপস্থিতিত ইলেকট্ৰনিক্ আৰু ডিজিটেল পদ্ধতিৰে বা ভিডিঅগ্ৰাফীৰ জৰিয়তে অপৰাধমূলক কেছ তীব্ৰভাবে আগবঢ়াই লৈ যোৱা ব৷

 এই ভাৰতীয় ন্যায় ব্যৱস্থাৰ লোকচানসমূহ

ৰ৷ কিছুমান ধাৰা, যেনেপুলিচৰ জিম্মাত বেছিদিনলৈ ৰাখি তদন্ত প্ৰক্ৰিয়া চলাই যোৱাৰ ফলত অপৰাধীৰ ব্যক্তিগত স্বাধীনতা খৰ্ব পাৰে৷ তাৰ উপৰিও অপৰাধীৰ অনুপস্থিতিত কেছ বা ন্যায় ব্যৱস্থা চলাই গলে অপৰাধীয়ে কোনো প্ৰতিৰোধ কৰিব নোৱাৰাৰ ফলত সংবিধান প্ৰদত্ত মৌলিক অধিকাৰসমূহ ক্ষুণ্ণ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷

২৷ দলৱদ্ধ ভাবে কৰা ধ্বংসাত্মক কাৰ্য, দলীয় হিংসাত্মক ঘটনা, ঘৃণনীয় বক্তব্য আদিক বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ৰাজনীতিকৰণ কৰি বিৰোধী দলসমূহৰ নেতাসকলক, ধৰ্মীয় সংখ্যালঘু আৰু দলিত, হৰিজন বা নিম্ন বৰ্ণৰ জনজাতীয় লোকসকলক এই আইনৰ জৰিয়তে হাৰাশাস্তি কৰাৰ সম্ভাৱনা আছে৷

৩৷ ন্যায়ালয়সমূহত কেছৰ অত্যধিক বোজা বাঢ়িব পাৰে৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত এতিয়াও লাখ লাখ কেছৰ ফাইল ভৰ্তি হৈ আছে৷ দহ বছৰেও অসংখ্য ফৌজদাৰী মোকৰ্দমা এতিয়াও মীমাংসা কৰা পৰিলক্ষিত হোৱা নাই৷ তাতে আকৌ নতুন নতুন অপৰাধমূলক কেছৰ ধাৰা আৰু শাস্তিমূলক কাৰ্য তীব্ৰভাৱে বৃদ্ধি পালে ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত কামৰ হেঁচা বহুত বাঢ়ি যাব৷

৪৷ নতুন ভাৰতীয় ন্যায় ব্যৱস্থাৰ বিষয়ে পুলিচ প্ৰশাসনত যথেষ্ট প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ উপৰিও বিভিন্ন আৰক্ষী চকী আৰু থানা সমূহক অত্যাধুনিক গৃহ নিৰ্মাণ কৰাৰ দৰকাৰ৷ আৰু পুলিচ প্ৰশাসনক সম্পূৰ্ণ নিৰাপত্তা দিবলৈ অত্যাধুনিক অস্ত্ৰসমূহ মজুত কৰা দৰকাৰ৷ বাস্তবিকতে এইবোৰ এতিয়াও দিঠকত পৰিণত হোৱা নাই৷

প্ত৷ কিছুমান অপৰাধমূলক কাৰ্য, যেনেপ্ৰধানকৈ ঘৃণনীয় বক্তব্যৰ প্ৰকৃত সংজ্ঞা নিৰ্ধাৰণ হোৱা নাই৷ যাৰ ফলত, শাসকীয় দলে গণ আন্দোলন বা বিপ্লৱ ভাৱাপন্ন বক্তব্যক ঘৃণনীয় বক্তব্য বুলি প্ৰতিপন্ন কৰি পুলিচ প্ৰশাসনৰ দ্বাৰা  জাতীয় আন্দোলনক মষিমূৰ কৰিবলৈ বদ্ধপৰিকৰ ; যাৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত গঢ়ি উঠা গণতান্ত্ৰিক আন্দোলনসমূহ চৰকাৰে ষড়যন্ত্ৰ কৰি ধ্বংস কৰিব পাৰে৷

৬৷ এই ভাৰতীয় ন্যায় ব্যৱস্থাই দেশৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক স্বাধীনতা উত্তৰোত্তৰ সমৃদ্ধি সাধন কৰাৰ পৰিৱৰ্তে এক অৰাজক, স্বৈৰাচাৰী শাসন ব্যৱস্থাই দেশৰ সকলো জনগোষ্ঠীৰ আশাআকাংক্ষ¸াক কলিতে ধ্বংসপ্ৰাপ্ত কৰাৰ এক অশুভ পৰিৱেশ সৃষ্টি পাৰে৷ ইতিমধ্যে আমাৰ দেশত তাৰ লক্ষণ ফুটি উঠিছে যেন লাগে৷

আগৰ আইনসমূহৰ নাম সলনি কৰি আধুনিক মানসিকতাৰ পৰিৱৰ্তে বৈদিক যুগৰ পুৰণি নাম সমূহ প্ৰচলন কৰাৰ ফলত আমাৰ দেশখন সংবিধানত সন্নিৱিষ্ট ধৰ্মীয় নিৰপেক্ষতা, সমাজবাদ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ পৰিবৰ্তে উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক আদৰ্শৰ ভিত্তিত এই আইনসমূহৰ নাম প্ৰচলন কৰা কিমান গ্ৰহণযোগ্য

Leave a Reply

Your email address will not be published. Required fields are marked *