হিয়াত এজাক প্ৰেমৰ বৰষুণ…(ইন্দিৰা দেৱী)
মাজনিশাৰ বৰষুণজাকৰ টোপালবোৰ গছ–পাতত
পৰি কি যে মায়াময় ঝঙ্কাৰ/
মই শুনা সুৰটো
তুমিও বাৰু শুনিছানেকি?
তোমাত লুকাই থকা আৱেগখিনি
কোনেও গম নোপোৱাকৈ
মোলৈ কঢ়িয়াই লৈ আনিছে/
কাণপাতি শুনা৷ মইও শুনিছোঁ৷৷
উফ্ / নিমাওমাও নিশাবোৰো যে কি উমাল/
সুলকি পৰিব খোজা মেৰপাকবোৰৰ বেহু ফালি৷
অৰ্থহীন শব্দৰ সমাহাৰেৰে পৰিপুষ্ট
অৰ্থপূৰ্ণ ভাৱবোৰক টলবল বাৰিষাৰ ঢৌবোৰে
বঠাবিহীন নৌকাৰ দৰে উটুৱাই বুৰাই পেলাবলৈ
কিমান পৰ?
এইয়া.. তুমি কাষতে আছা/
প্ৰতি খোজত, সোঁৱে–বাঁৱে, আনন্দত অথবা বিষাদত৷
অনুভৱি হৃদয়ত প্ৰতিধবনিত হয়
তোমাৰ পৰশৰ অনুভূতি৷
প্ৰকাশিতবা অপ্ৰকাশিত৷
অপ্ৰাপ্তিবেৰে খুন্দিয়াই খুন্দিয়াই উপলুঙা কৰিলেও
প্ৰাপ্তিৰ তাগিদাত, আশাৰ আৱেষ্টনীত বন্দী মই৷
বাহিৰৰ পৰা আহি আলনাত ওলোমাই থোৱা
ফুটফুটীয়া বগা চোলাটোৰ গোন্ধটো
দীঘলকৈ উশাহ টানি
এবাৰ লৈ লওঁ, নাকত ৰৈ যোৱাকৈ৷
ফুল–ধূপ–চন্দন আৰু সুগন্ধিৰে চৌপাশ
আমোলমোলাই থকাৰ মাজতো,
মোক চোলাটোৰ গোন্ধটোৱে
বৰকৈ আমনি কৰি থকাকৈ…৷৷