সাৰাংশ(
মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা…
নীলাম্বৰে তাৰ ওচৰলৈ গৈ আগফালৰ পৰা পিছফাললৈকে গোটেই মটৰ চাইকেলখন ভালকৈ চাই ইন্দ্ৰমণিক সুধিলে, “কিনিলি নেকি?”
ঃ এইখন কৰুণাকাৰৰ৷ ভাল লাগিছে নে? ময়ো এনেকুৱা ৰঙৰে এখন কিনিম বুলি ভাবিছোঁ৷ আচ্ছা শুন, আজি গধূলি কলা নিকেতনৰ ফালে পাক এটা মাৰিবি৷ অলপ আৰ্জেণ্ট আছে৷ তোৰেই কাম বুলি ধৰি ল৷
ঃ কি কাম, ক’চোন!
ঃ হাটৰ মাজত হেনো ব্ৰহ্মজ্ঞানৰ চৰ্চা কৰিবলৈ পায়৷ মই যাওঁ এতিয়া৷ তই নহাকৈ নাথাকিবি খালি৷
ভট ভট শব্দ কৰি মটৰ চাইকেল উৰুৱাই ইন্দ্ৰমণি গুচি গ’ল৷ এবাৰো সি ৰমাকান্তৰ ফালে ঘূৰি নাচালে, যেন ইটোৱে সিটোক চিনিহে নাপায়৷
নীলাম্বৰ এইবাৰ দোধোৰ–মোধোৰত পৰিল৷ এফালে চাকৰি, আনফালে প্ৰেম! হায়ৰে কপাল!
ৰমাকান্তৰ কথা শুনি মালতী অবাক হৈ পৰিল৷ কিছু সময় তাই কি ক’ব ভাবি পোৱা নাছিল৷ তাইৰ লাগিল যেন, ককায়েকে তাইৰ আৰু শুভেন্দুৰ কথা কাৰোবাৰ মুখত শুনি আহিছে৷ নহ’লে হঠাৎ তাইক কটক পঠিওৱাৰ কথা কিয় উলিয়ালে হয়? সিহঁতৰ পাটপুৰ গাওঁখন নিচেই এখন সৰু গাওঁ৷ ইয়াত কিবা এটা হ’লে, এখন ঘৰৰ পৰা আনখন ঘৰ গৈ পাওঁতে বৰ বেছি সময় নালাগে৷ সেইদিনা কলা–নিকেতনৰ পিছফালে শুভেন্দু আৰু তাইৰ সেই অন্তৰংগ মুহূৰ্তখিনি কাৰোবাৰ নজৰত পৰিল নেকি! কথাটো মনলৈ অহাৰ লগে লগে ভয়তে মালতীৰ হাত–ভৰি পেটত সোমোৱাৰ অৱস্থা হ’ল৷ মূৰৰ পৰা ভৰি লৈ ঘাম বৈ আহিল, ডিঙি শুকাই গ’ল৷ কোন হ’ব পাৰে? বাসন্তী নে কৰুণাকাৰ? নীলাম্বৰো হ’ব পাৰে! কেইদিনমান আগত সি তাহাঁতৰ ঘৰলৈ আহিছিল৷ এনেও নীলাম্বৰৰ নজৰ অনবৰতে তাইৰ ওপৰতেই৷ তাই য’লৈকে যায়, তাৰ চকুও তাইৰ পিছে পিছে ফুৰে৷ শুভেন্দুৰ ওপৰতো তাৰ চকু পৰিছে চাগে৷
মালতীৰ মূৰটোৱে কাম নকৰা হ’ল৷
এফালে শুভেন্দুৰ কাৰণে তাই অধীৰ হৈ পৰিছে যদি, আনফালে ঘৰৰ মানুহৰ ভয়ত হাত–ভৰি সোমাইছে৷ ঘৰৰ চাৰি বেৰৰ মাজত কেৱল শুভেন্দুকেই দেখা পায়৷ তাৰ বলিষ্ঠ চেহেৰাৰ কথা কোৱা চকু দুটাই বাৰে বাৰে আহি তাইক আমনি কৰেহি৷ সি যোৱাৰ পৰা প্ৰতিটো দিনেই তাইৰ কাৰণে এটা এটা যুগ হৈ পৰিছে৷ তিনি সপ্তাহ পাৰ হৈ গ’ল৷ কেতিয়া যে আহিব শুভেন্দু?
মনৰ ব্যাকুলতাতকৈ তাইক বেছিকৈ অধীৰ কৰি তুলিছিল বৰ্তমানৰ পৰিস্থিতিয়ে৷
কিহৰ দোহাই দি তাই কটকলৈ যাব নোৱাৰে বুলি ককায়েকক বুজাব? মাক–দেউতাকে তাইৰ কথা বুজিব নে? হ’ব নে তাইৰ কথাত একমত? কোম্পানিৰ যিজন মানুহক তাইৰ ঘৰখনে শত্ৰুৰ চকুৰে চাই, হেয় জ্ঞান কৰে, তেওঁক জীয়েকে ভাল পাই বুলিয়েই, ঘৰৰ মানুহে গ্ৰহণ কৰি ল’বনে? উথল–পাথল লাগি যাব সিহঁতৰ ঘৰখনত, আৰু এই সকলোবোৰৰ কাৰণে জগৰীয়া কৰিব তাইৰ মাকক৷ মানুহজনৰ ককৰ্থনা আৰু পুতেকৰ অনেক অভিযোগেৰে নিৰ্যাতিত হ’ব এই বুঢ়ী মানুহগৰাকী৷ কোনোদিনে দেউতাকৰ আগত কথা এষাৰ ডাঙৰকৈ কৈ নোপোৱা তাই মাকে–জীয়েকৰ ভালপোৱাৰ সপক্ষে জানো মাত মাতিব পাৰিব?
কথাবোৰ যিমানেই এটাৰ পিছত এটাকৈ মনলৈ আহিব ধৰিছে, সিমানেই তাই ঠৰঙা লাগি আহিল৷ তাইৰ হাতত জানো কিবা আছে? ভালপোৱাৰ সময়ত এইবোৰ কথাটো মনলৈ অহা নাছিল৷ তীব্ৰ সোঁতত পৰি ভাহি যোৱা শুকান পাত এখিলাৰ দৰে মাত্ৰ তাই শুভেন্দুৰ প্ৰেমত উটি গৈছিল৷ ককায়েকে তাইক মামাকৰ ঘৰলৈ পঠিওৱাৰ কথা কৈছে৷ সঁচাকৈ যদি যাব লগা হয়, তেনেহ’লে কি কৰিব তাই? তাই কটকত, শুভেন্দু পাটপুৰত! নাই এইয়া একেবাৰেই অসম্ভৱ কথা৷ এনেকৈ তাই শুভেন্দুৰ পৰা আঁতৰি থাকিব নোৱাৰে৷ মামাকৰ ঘৰত থাকিলেও, তাই কোনো পধ্যেই নিজৰ পঢ়াশুনাত মন দিব নোৱাৰে? আচলতে সেইয়া ককায়েকৰ এক ষড়যন্ত্ৰ হে৷ মামাকৰ ঘৰত তাইক নজৰবন্দী কৰি, মামাকৰ ছোৱালী চন্দনাৰ পৰা মনে মনে গম লৈ থাকিব৷ পঢ়িবলৈ পঠিওৱাটো এটা বাহানা হে৷
মালতীয়ে নিজৰ মনটোক ডাঠ কৰি ল’লে৷ এদিন নহয় এদিনটো মুখামুখি হ’বই লাগিব৷ সেইয়া আজিয়েই হওক, বা কালি৷ কথাটো শুনি ঘৰৰ মানুহে তাইক যদি মাৰিও পেলাব বিচাৰে, কোনো কথা নাই৷ তাই হাঁহি হাঁহিয়েই সকলো সহি যাব৷ কিন্তু নিজৰ হাতেৰে তাইৰ ভালপোৱাক কোনো পধ্যেই মোচৰি পেলাব নোৱাৰে৷
মালতীৰ মাকে চাউল বাছি আছিল৷ দেউতাকে অলপ আঁতৰত পুৰণি কাগজ এখনৰ ওপৰত চকু ফুৰাই আছিল৷ ৰমাকান্তই তাই কিবা কোৱালৈ ৰৈ আছিল৷ বেলি মাৰ যাবলৈ আৰু মাত্ৰ কিছুপৰ হে বাকী৷ জহকালিৰ ভৰ দুপৰীয়াৰ উত্তাপ কমাৰ নামেই নোলোৱা হৈছে৷
সনাতন দাসে চাই থকা কাগজখনৰ পৰা মূৰ তুলি জীয়েকক বুজালে, “ ককায়েৰে যি কৈছে, থিকেই কৈছে বুজিছ৷ সিটো চাকৰি নকৰোঁ বুলি কৈয়েই দিছে৷ গাঁৱতে থাকি ইয়াৰ সমস্যাৰ কথা বুজিব বুলি পণ লৈছে৷ কিন্তু তইতো পঢ়াত খুবেই ভাল৷ গতিকে গাঁৱত থাকি সময় নষ্ট কৰাতকৈ মোমায়েৰৰ ঘৰতে থাকি এম.এটো কৰি ল৷ আজিকালিতো ছোৱালীবোৰে বিয়াৰ পিছতো পঢ়াশুনা কৰি, চাকৰি কৰিছে৷ আৰ্থিক দিশৰ পৰা নিজৰ ভৰিত নিজে থিয় হৈছে৷ গতিকে তয়ো ভাবি–চিন্তি কিবা এটা সিদ্ধান্ত ল৷”
মাকেও চাউল বছা এৰি দেউতাকৰ কথাতে একমত দি ক’লে, “তই আকৌ মোৰ কথা ভাবি নাযাও বুলি নক’বি৷ মাৰাই ঘৰৰ কামবোৰ অকলে কেনেকৈ কৰিব বুলি ভাবি থাকিলে জানো হ’ব? এনেও ছোৱালী মানুহ! সদায় জানো থাকিবি? আজি আছ, কালি নাই৷ গতিকে মোৰ কথা চিন্তা নকৰিবি৷ সমুখত তোৰ দীঘলীয়া জীৱন এটা পৰি আছে৷ ”
মালতীৰ মূৰটো টিং টিং কৈ বিন্ধিবলৈ ধৰিল৷ তাই মাক–দেউতাকক এতিয়া বুজাই নো কেনেকৈ যে আচলতে শুভেন্দুক এৰি হে তাই যাব বিচৰা নাই! আৰু মাত্ৰ অলপ দিনৰ কথা৷ শুভেন্দুৱে নিজেই আহি সিহঁতৰ ঘৰত বিয়াৰ প্ৰস্তাব দিবহি৷ এতিয়া আৰু তাই মাকৰ ঘৰৰ ছোৱালী হৈ থকা নাই৷ এই সময়ত পঢ়াৰ কথা, চাকৰি কৰাৰ কথা কোৱা মানে তাইক বৰ্তমানৰ পৰা অতীতলৈ ঠেলি দিয়া৷ এনেও শুভেন্দু খুবেই ভাল ল’ৰা৷ সম্ভ্ৰান্ত পৰিয়ালৰ৷ তাৰ নিজৰে এটা ভাল চাকৰি আছে৷ গাঁৱৰ অধিকাংশ মানুহেই তাক ভাল পায়৷ বেছি ভাগ মানুহেই বিচাৰিছে গাঁৱত কাৰখানা পতা হওক৷ আনকি মালতীয়েও বিচাৰে৷ হয়তো কাৰখানা বহাৰ পিছত সিহঁতৰ গাঁৱৰ নক্সাই বদলি যাব৷ শুভেন্দুৱে আনকি এইয়াও কৈছিল যে, এবাৰ কাৰখানা পাটপুৰত হৈ গ’লে, তাইৰ ককায়েকৰ কাৰণেও ভাল চাকৰি এটা যোগাৰ কৰি দিব৷ এই সময়তে যদি তাই গাঁৱৰ পৰা গুচি যায়, সব উলট–পালট হৈ যাব৷ শুভেন্দুৱেতো তাইক ঠগিলে বুলিয়ে ভাবিব৷ আজি তাইৰ মৰমেহে তাক ইয়াত বান্ধি ৰাখিছে৷ সিয়ো জানে পাটপুৰৰ কিছুমান মানুহে তাক মাৰিবলৈ কেনেকৈ চল বিচাৰি ফুৰিছে৷ এতিয়া তাই যদি ইয়াৰ পৰা গুচি যায়, শুভেন্দুৱে কিয় নিজৰ জীৱনক বিপদত পেলাই গাওঁখনত পৰি থাকিব? সিয়ো অন্য ঠাইলৈ গুচি যাব৷ মালতীয়ে আৰু চিন্তা কৰিব নোৱাৰা হ’ল৷ তাই গাঁৱৰ মানুহখিনিক হাড়ে হাড়ে চিনি পায়৷ এই মফছলীয় চেহেৰাৰ ভিতৰতে একো একোটা পশু লুকাই আছে৷ গতিকে তাই ইয়াৰ পৰা আঁতৰি গৈ, শুভেন্দুৰ কাৰণে বিপদৰ বাট মুকলি কৰিব কোনোপধ্যে নোৱাৰে!
কিন্তু অত দিন পাৰ হৈ গ’ল, শুভেন্দু গ’ল ক’লৈ? জীৱনৰ এই সন্ধিক্ষণত তাইক পৰামৰ্শ দিবলৈকো সি আজি তাইৰ ওচৰত নাই৷ কৈছিলে খুব সোনকালে উভতি আহিব বুলি৷ কিন্তু ক’তা, আজি তিনি সপ্তাহ পাৰ হৈ গ’ল৷
“আমি নহ’লে পৰহি লৈকে যাওঁ তেনেহ’লে? ”, ৰমাকান্তই আকৌ তাইক সুধিলে৷
ঃ পৰহি লৈ? তই মোক সুধিছ নে হুকুম দিছ? মাজত মাত্ৰ এটা দিন৷ ইমান কম সময়ৰ ভিতৰত কোনোবাই জানো ঘৰ এৰাৰ কথা চিন্তা কৰিব পাৰে? ইমান সোনকালে মই যাব নোৱাৰো?”- মালতীয়ে অলপ কাঢ়াকৈয়ে ক’লে৷
কিন্তু ৰমাকান্তই উত্তৰ দিবলৈ নিজকে প্ৰস্তুত কৰিয়েই ৰাখিছিল, “পৰহিলৈ মই এজন উকীলক লগ ধৰিবলৈ কটকলৈ যাম৷ এখন টেক্সীও বন্দবস্ত কৰিছোঁ৷ লগতে যাব পাৰিলি হয়৷”
দেউতাকেও ক’লে, “কেইযোৰ মান কাপোৰ আৰু তোৰ কিতাপ–পত্ৰবোৰো লৈ যাবি৷ বাকী কিবা থাকি গ’লে তাতেই কিনি ল’ব পাৰিবি, বা পিছত আহি লৈ যাবি৷ মাজনী, এই কেও কিছু নোহোৱা গাওঁখনত পৰি পৰি নিজৰ ভৱিষ্যত নষ্ট নকৰিবি বুজিছ৷ তোৰ মায়েতো তই পঢ়ি শুনি ডাঙৰ মেজিষ্ট্ৰেট হ’বি বুলিয়েই কৈ থাকে৷ গতিকে তই এই বি.এটো কৰিয়ে বহি থাকিবি জানো?”
মালতীৰ মাকৰ চাউল বছা শেষ হৈছিল৷ তেওঁ ডলাখন ওপৰত থৈ মালতীৰ দেউতাকক ক’লে, “তাই মেজিষ্ট্ৰেতেই হওক বা জ’জ, বিয়াখন কিন্তু তাইৰ আগে হ’ব৷ বাপেক–পুতেকে গাঁৱৰ ৰাজনীতিত সোমাই থাকিব বুলি কি মোৰ ছোৱালী ঘৰতে বহি বুঢ়ী হ’ব?”
দেউতাকে কিবা এটা ইংগিত দিয়াৰ সুৰত গ’ল হেকাৰি ক’লে, “ তুমিও আৰু? ”
“হ’ব, হ’ব, বুজি পাইছোঁ৷ এই পাণ্ডৱ বৰ্জিত গাওঁখনলৈ কোনোবাই ভাল প্ৰস্তাৱ এটা যে লৈ আহিব তাৰ আশা নাই৷ কিন্তু মোৰ কথা জানো কোনোবাই শুনে?” –মালতীৰ মাক বিৰক্ত হৈ পৰিল৷
মালতীৰ, দেউতাকৰ ইংগিতৰ অৰ্থ বুজিবলৈ বাকী নাথাকিল৷ নি(য় কটকত তাইৰ কাৰণে কোনোবাই বিয়াৰ প্ৰস্তাৱ দিছে, যাৰ কাৰণে তাইক তালৈ পঠিওৱা হৈছে৷ তাই অস্থিৰ হৈ পৰিল৷ নাই, আৰু নোৱাৰি৷ তাই মনতে ঠিক কৰিলে, ককায়েক, দেউতাক নথকাৰ সময়ত তাই মাকক খোলা–খুলিকৈ কথাবোৰ ক’ব৷ নহ’লে বহু পলম হৈ যাব৷
“মই চিন্তা কৰি ক’ম৷” –মালতীয়ে ক’লে৷
ৰমাকান্ত দুগুণ উৎসাহেৰে ভনীয়েকক বুজালে, “তই এম.এ ১ লগতে ও.এ.এস পৰীক্ষাৰ কাৰণেও নিজকে সাজু কৰ৷ যিমান পঢ়িবি, লাভ তোৰেই হ’ব৷”
ঃ হ’ব, হ’ব, তই এতিয়া কামলৈ যা৷ –মাকে ৰমাকান্তক ক’লে৷
মালতী উঠি বাৰীৰ ফালে গুচি গ’ল৷ আজি তাইৰ মনৰ মাজত দ্বন্দ চলিছে৷ শুভেন্দুক নজনোৱাকৈ তাই মাকক সকলো কথা কৈ দিয়াটো ঠিক হ’বনে? পিছত যদি তাৰ কিবা অসুবিধা হয়!
নাই নীলাম্বৰক খুব সোনকালে লগ ধৰিব লাগিব৷ ককায়েকে তাই আৰু শুভেন্দুৰ কথা ক’ৰ পৰা গম পালে, সেইয়া নীলাম্বৰৰ পৰাহে উলিয়াব পৰা যাব৷ নি(য়, সিয়েই লগাইছে৷ সেই নিবোকা স্কুল মাষ্টৰটোক দুআষাৰ শুনাই হে তাই ইয়াৰ পৰা যাব৷
“তই ৰমাকান্তক এতিয়াও ভালকৈ চিনি পোৱা নাই নীলাম্বৰ৷ সি ভিতৰত এটা, বাহিৰত এটা৷ সাম্যবাদীৰ মুখা পিন্ধা সাংঘাতিক সুবিধাবাদী মানুহ সি৷ আজি সেইবোৰ কথা গম নাপাৱ বুলিহে তই মোৰ লগত যুক্তি তৰ্ক কৰিছ৷ তাৰ দেউতাকৰ মাটি–বাৰী অজস্ৰ, গতিকে সিহঁতে ভৱিষ্যতক লৈ চিন্তা নকৰে৷ কিন্তু আমিবোৰে কি কৰি খাম? কৰুণাকাৰে কি কৰিব? গাঁৱৰ আন আন ল’ৰাবোৰে কি কৰি খাব?” –ইন্দ্ৰমণিয়ে কৈ গ’ল৷
নীলাম্বৰে এটা দীঘল উশাহ এৰিলে৷ ইন্দ্ৰমণিৰ কথাবোৰতো যুক্তি নথকা নহয়৷
ইন্দ্ৰমণিয়ে আকৌ ক’লে, “তই ৰমাকান্তৰ সৈতে বেছিকৈ মিলামিচা কৰি নাথাকিবি৷ সভাপতিয়ে দেখিলে বেয়া পাব৷ এনেই তোৰ চাকৰিটো অস্থায়ী৷ মিছাতে জঞ্জালখন চপাই লৈছ কিয়? চা, গাঁৱৰ মানুহখিনিয়ে তোক খুবেই ভাল পায়৷ গতিকে তোৰ চাকৰিটোত কোনো অসুবিধা আহি পৰিব নালাগে৷ কিন্তু জানি শুনি মিছাতে নিজৰ ক্ষতি কৰাটো জানো মুৰ্খামি নহয়?”
ঃ কিন্তু ইন্দ্ৰমণি, মই যে…
ঃ কি মই? –ইন্দ্ৰমণিয়ে জেৰা কৰা দি নীলাম্বৰক সুধিলে৷
ইন্দ্ৰমণিৰ কৰ্কশ মাত শুনি নীলাম্বৰে ক’ব খুজিও ক’ব নোৱাৰিলে যে সি ৰমাকান্তৰ ভনীয়েকক বহুত ভালপায়৷ গতিকে সিনো কেনেকৈ ৰমাকান্তৰ লগত মিলামিচা বন্ধ কৰি দিব পাৰে? সি ক’লে, “মইতো ক’ম তোৰেই ভুল৷ তই ইচ্ছা কৰিলে তাক বুজাব পাৰিলিহেঁতেন৷ এই ছমাহৰ আগলৈকে তহঁত দুয়োটা ইমান ভাল আছিলি৷ হঠাতেনো কি হৈ গ’ল৷ ইচ্ছা কৰিলে আকৌ আগৰ দৰে হ’বলৈ নো কিমান সময় লাগে?”
নীলাম্বৰৰ কথা শুনি ইন্দ্ৰমণিয়ে হাঁহিলে৷ অপৰাহ্নৰ পোহৰত জিলিকি উঠা তাৰ সেই হাঁহিৰ মাজত যেন কিছুমান ৰহস্য সোমাই আছিল৷
নীলাম্বৰে আকৌ সুধিলে, “একো নকলি যে?”
ইন্দ্ৰমণিয়ে গহীন হৈ উত্তৰ দিলে, “তই কেতিয়াবা আমাৰ এই নুআ নৈক উজাই যোৱা দেখিছ নে? ই সদায় সমুদ্ৰমুখী৷ বিপৰীত দিশে বোৱাঁ এখন নদীৰ পক্ষে সম্ভৱ নহয়৷”
ঃ ভুল! জোৱাৰ উঠিলে সাগৰৰ পানী কেনেকৈ উজাই আহে তই দেখা নাই? মানুহৰ মাজতো মৰম চেনেহৰ জোৱাৰ উঠিলে, আকৌ আগৰ পুৰণি সম্পৰ্কবোৰ ঘূৰি আহে৷
নীলাম্বৰৰ যুক্তিয়ে কিছু সময়ৰ কাৰণে ইন্দ্ৰমণিৰ মুখ বন্ধ কৰাই দিছিল৷ কিন্তু হ’লে কি হ’ব, তাৰ ওচৰত যে এই ল’ৰা–ধেমালিৰ কথা শুনিবলৈ সময় নাই৷ সি ক’লে, “সভাপতিয়ে এইবাৰ তোৰ চাকৰিটো স্থায়ী কৰাই দিব বুলি কৈছে৷ মই কিন্তু ক’লো যে আমাৰ নীলাম্বৰ কোম্পানি স্কুলৰ প্ৰিঞ্চিপাল হোৱাৰ হে যোগ্য৷” কিছু সময় নীলাম্বৰৰ মুখলৈ চাই ইন্দ্ৰমণিয়ে আকৌ আৰম্ভ কৰিলে, “পিচে মই কৈ থাকিলে জানো হ’ব? তয়ো নিজকে বিশ্বাসী বুলি প্ৰমাণ কৰিব লাগিব৷”
ঃ মানে? কিহৰ প্ৰমাণ দিব লাগিব? মইতো কেতিয়াও তোৰ কথা নমনাকৈ থকা নাই৷
ঃ উম, খুব সোনকালে সেই সময় আহিব৷ ৰাতি শোৱতে কাণ থিয় কৰি শুবি৷ মাজে সময়ে দৰকাৰত মাতি লৈ যাবও পাৰোঁ৷
নীলাম্বৰে ভিতৰি ভিতৰি অলপ ভয় খালে৷ সি সুধিলে, “ৰাতিনো কিহৰ কাম থাকে ? মই ঘৰত দহ বজাৰ আগতেই শুই যাওঁ৷ তই মোক ৰাতিৰ কামৰ কথা নকবি হ’লে দেই৷”
ইন্দ্ৰমণিয়ে এইবাৰ খঙেৰে ক’লে, “ৰাতি সাৰে থাকিব নোৱাৰ যদি পিছত কিবা হ’লে মোক একো নকবি৷ মই যাওঁ এতিয়া৷”
“ৰ চোন, ৰ” বুলি কৈ নীলাম্বৰ তাৰ পিছে পিছে গ’ল৷
ঃ শিক্ষকৰ চাকৰিটো কৰুণাকাৰেই পাব যেন লাগিছে ৷ কি ভাগ্য তাৰ! এহাতে চাকৰি, আনহাতে ছোৱালী৷ বাসন্তীক বিয়া কৰোৱাৰ পিছত তাৰ চাকৰিটো খাটাং৷
ঃ চা, পাক লগোৱা কথা মোক নক’বি৷ যি আছে চিধা–চিধিকৈ ক৷ বছৰ বছৰ ধৰি মই ল’ৰা–ছোৱালীক পঢ়ুৱাম, আৰু চাকৰি নিব কৰুণাকাৰে? এইবোৰৰ কাৰণেইতো উদ্ধৱ মহান্তিক গাঁৱৰ কোনেও ভোট নিদিয়ে৷
“সেইবোৰ যোৱা কথা৷ এতিয়া গাঁৱত কাৰখানা পতাক লৈ ইতিমধ্যে গাঁৱৰ মানুহখিনি দুভাগ হৈছেই৷ এফালে সনাতন দাস, তেওঁৰ পুতেক, লুলু বিশ্বৱাল আৰু সিহঁতৰ চুবুৰীৰ মানুহখিনি আৰু আনফালে উদ্ধৱ মহান্তি, নৰোত্তম মণ্ডল আৰু সেইফালৰ মানুহখিনি৷ উদ্ধৱ মহান্তিৰ সমৰ্থক ইহঁততকৈ বেছি৷”, ইন্দ্ৰমণিয়ে ক’লে৷
ঃ আৰু তই? তই কাৰফলীয়া? এইবাৰ নীলাম্বৰে পোনচাটে ইন্দ্ৰমণিক সুধি পেলালে৷
ইন্দ্ৰমণিৰ মুখৰ মাত নোহোৱা হ’ল৷ একো ক’ব নোৱাৰি মাত্ৰ ইফাল–সিফাল কৰি থাকিল৷ নীলাম্বৰৰ চকুৰ চাৱনিক সি ফেৰ মাৰিব নোৱাৰিলে৷ তথাপিও কথা যিহেতু সিয়েই আৰম্ভ কৰিছিল, কিবা এটাতো ক’ব লাগিব৷
সি ক’লে, “মই নিৰপেক্ষ৷ আহ, বাইকত বহ৷ কলা–নিকেতনলৈ গৈ কথা পাতিম, এইবোৰ কথা আলোচনা কৰাৰ ঠাই নহয়৷”
নীলাম্বৰ বাইকৰ পিছফালে বহাৰ লগে লগে, ৰাস্তাৰ ধূলি উৰুৱাই মটৰ চাইকেলখন তাৰ পৰা গুচি গ’ল৷
কলানিকেতন পাই ইন্দ্ৰমণিয়ে নীলাম্বৰক সুধিলে, “চিগাৰেট খাবি?”
ঃ তই জানই চোন, মোৰ সেইবোৰ নচলে বুলি৷ –নীলাম্বৰে ক’লে৷
ঃ আগতে মোৰো এইবোৰ নচলিছিল৷ কিন্তু নাটকত সোমোৱাৰ পৰাই জৰুৰী হৈ পৰিল৷ দুটা টান নমৰালৈকে মূৰলৈ কোনো আইডিয়াই নাহে চোন৷
“বাৰু, কিবা ক’ম বুলি কৈছিলি নহয়?”, নীলাম্বৰে সুধিলে৷
ইন্দ্ৰমণিয়ে এবাৰ ইফালে সিফালে চাই আৰম্ভ কৰিলে, “যোৱা পৰহি সনাতন দাস আৰু পুতেকে সিহঁতৰ সমৰ্থকবোৰৰ সৈতে লগ হৈ মিটিং পাতিছিল, য’ত নেকি তয়ো আছিলি৷ তাত গোটেইবোৰে মহাদেৱ মন্দিৰৰ বেলপাত হাতত লৈ পাটপুৰত লোৰ কাৰখানা বহিবলৈ নিদিও বুলি শপত খাইছিল৷ কাৰখানা বহাওতে খেতিৰ মাটিবোৰত চিমেণ্টৰ ঢালাই পৰিলে হেনো মাটিবোৰত কেঞা বন এটাও নগজিব বুলি মানুহবোৰৰ মূৰত সুমুৱাই ফুৰিছে৷ বুঢ়াটোৱে নিজকে ভূতত্বৰ বিজ্ঞানী বুলি ভাবে বুজিছ৷ আচলতে এইবোৰৰ আঁৰত লুলু বিশ্বৱালৰ হাত আছে৷ সিয়ো বুঢ়াক পইচা–পাতি দি থাকে৷ সিহঁতবোৰে মিলি এতিয়া গাঁৱৰ মানুহৰ খোৱা পাতত ধূলি পেলাব খুজিছে৷ তয়েই ক’ হয় নে নহয়?”
ঃ নাই, নাই৷ গাঁৱৰ বেছিভাগ মানুহেই কাৰখানা পতাৰ বিৰুদ্ধে আছে৷ তই মিছাকে সনাতন দাসক দোষ দিছ৷ মোৰতো লাগিছে, এই উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলে তোৰ মূৰটো হে ঘোলা কৰিলে৷
ইন্দ্ৰমণি একদম চুপ হৈ গ’ল৷ সি মনতে ভাবিলে, নীলাম্বৰক কথাবোৰ কৈ সি ভুল কৰা নাইতো৷ ভাগ্যে সি তাৰ পৰিকল্পনাৰ কথা মুখ খুলি একো নক’লে৷ কৈ দিয়া হ’লেতো সমস্যা হ’ল হয়৷ নীলাম্বৰৰ কথা শুনি তাৰ কিন্তু ভিতৰি ভিতৰি ৰমাকান্তৰ কাৰণে ঈৰ্ষা জাগিছিল৷ সেইদিনা যেনেকৈ ৰমাকান্তই সকলোৰে আগত তাক উপলুঙা কৰিছিল, সেইয়া জানো সি পাহৰি যাব৷ কিন্তু সেই ৰমাকান্তই যেতিয়া নিশিগন্ধাক পলুৱাই পাটপুৰলৈ আনিছিল, তেতিয়া তাৰ সপক্ষে থিয় দিয়া মানুহ সিয়েই আছিল৷ সেই বন্ধুত্বৰ প্ৰতিদান আজি ৰমাকান্তই তাক এনেদৰে দিলে৷ নাই আৰু সি তাৰ ওচৰলৈ উভতি যাব নোৱাৰে৷ ইতিমধ্যে সি তাৰ পৰা আঁতৰি বহু দূৰ গুচি আহিছে৷ এতিয়া উভতি যোৱা মানে মুৰ্খামি কৰা হে হ’ব৷ গাঁৱৰ চাৰি ভাগৰ এভাগ মানুহক কাৰখানা বহোৱাৰ কাৰণে মান্তি কৰালে৷ এতিয়া বাকী খিনিকো বুজাই মেলি ৰাজি কৰোৱাৰ হে কথা৷
কথাৰ সুৰ বদলাই ইন্দ্ৰমণিয়ে ক’লে, “হ’ব পাৰ তই শুদ্ধ৷ কিন্তু তোৰ বৰ্তমানৰ এই শুদ্ধতা ভৱিষ্যতে হয়তো গাওঁখনৰ কাৰণে এটা শুধৰাব নোৱাৰা ভুলত পৰিণত হ’ব গৈ পাৰে৷ বাৰু, তই এতিয়া যা৷ মোৰ অলপ গোপীনাথপুৰ যাব লগা আছে৷ পাৰিলে এবাৰ কথাবোৰ ভাবি চাবি৷”
এইবাৰ প্ৰশ্নবোধক চাৱনিৰে নীলাম্বৰে ইন্দ্ৰমণিক সুধিলে, “তই চোন মোক কিবা ক’ম বুলি ইয়ালৈ আনিছিল?”
ঃ আনিছিলোঁ৷ কিন্তু তই জানো মোৰ কথাত বিশ্বাস কৰিবি?
ঃ তথাপি.., ক চোন! মোক আকৌ কিয় সন্দেহ কৰিছ?
ইন্দ্ৰমণিয়ে সতৰ্কতাৰে প্ৰসংগ সলনি কৰি ক’লে, “চা নীলাম্বৰ, তই খাওঁতে, শোৱতে, দিনে–ৰাতিয়ে, বা ইস্কুলত ল’ৰা– ছোৱালীক পঢ়াওতে যাৰ কথা ভাবি থাক, তাই আৰু এতিয়া তোৰ হৈ থকা নাই৷ তাইক পৰদেশী বাবুৱে আহি লৈ গ’ল৷ মই জানো, তোৰ শুনি ভাল নালাগিব৷ সেই কাৰণে মই প্ৰথমে ক’ব বিচৰা নাছিলোঁ৷ কিন্তু তই জোৰ কৰাত উপাই নাপাই ক’লো আৰু৷”
ইন্দ্ৰমণিয়ে কৈ যোৱা কথাবোৰ কিবা সাঁথৰ সাঁথৰ যেন লাগিল নীলাম্বৰৰ৷ তাতোকৈ বেছি ৰহস্যময় লাগিল তাৰ আওভাও দেখি৷ কেইমাহমান আগলৈকে এই ইন্দ্ৰমণিয়ে আছিল গোটেই গাওঁখনৰ ভিতৰত সুন্দৰ ব্যক্তিত্বৰ গৰাকী৷ সকলোৱে তাক ভাল পাইছিল৷ আনকি এজন কলাকাৰ ৰূপে গাঁৱৰ মানুহখিনিয়ে তাক শ্ৰদ্ধাও কৰিছিল৷ কিন্তু আজি সেই আগৰ ইন্দ্ৰমণি আৰু আজিৰ ইন্দ্ৰমণিৰ মাজত ইমান তফাৎ! ক’ত যে হেৰাই গ’ল সেই সহজ–সৰল চেহেৰাৰ ইন্দ্ৰমণিটো?
নীলাম্বৰে ইন্দ্ৰমণিৰ পৰিৱৰ্তন প্ৰসংগৰ পৰা আঁতৰি আহি, সি কোৱা কথাখিনিক এইবাৰ ভাবিব ধৰিলে৷ পিছে সি কাৰ কথা কৈ গ’ল! মালতী নহয়তো? মালতীৰ প্ৰতি থকা তাৰ দুৰ্বলতাৰ কথা ই কেনেকৈ জানিলে?
ইন্দ্ৰমণিয়ে আকৌ ক’লে, “মই মানুহ দেখিলেই মনৰ কথা পঢ়িব পাৰোঁ নীলাম্বৰ৷ চেহেৰা চায়েই মই কৈ দিব পাৰোঁ কাৰ মনত কি চলি আছে৷ এহাল ডেকা–গাভৰুৰ চকুৰ গতিবিধি লক্ষ্য কৰিলেই কিমান আবেগ–অনুভূতি আছে সেইয়া বুজি পোৱা যায়৷ ইয়াৰ কাৰণে এজন মনোবিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই৷ নাটকত অভিনয় কৰি থকাৰ সময়ত সিহঁতৰ গতিবিধি দেখিয়েই মই গম পাই গৈছিলোঁ৷ সেই কাৰণে শুভেন্দু বাবুক মই লগে লগে আগ নাবাঢ়িবলৈ কৈ দিছিলোঁ৷ কিন্তু পিছত হে জানিলোঁ সেই প্ৰেম এফলীয়া নহয়!”
কিছু সময় ৰৈ ইন্দ্ৰই আকৌ ক’লে, “এতিয়া দেখিছোঁ তই চিৰদিনৰ কাৰণে ‘চুলতান ৰেজিয়া’ নাটকৰ আলতুনিয়া হৈ ৰৈ যাবি৷ কোম্পানিৰ প্ৰজেক্ট মানেজাৰে তোৰ ৰেজিয়াক চকুৰ আগেৰেই কোনোবা দিনা লৈ গুচি যাব৷”
এইবাৰ নীলাম্বৰ ভাঙি পৰিল৷ মালতীয়ে কোম্পানিৰ প্ৰজেক্ট মেনেজাৰ শুভেন্দুক ভাল পায়! এইটোতো একদম সাংঘাতিক কথা৷ তাৰ বাৰু যি হয় হ’ব৷ কিন্তু তাইৰ ঘৰৰ মানুহে জানিলেতো তাইক শেষ কৰি পেলাব! গাঁৱত যুঁজ দিয়াৰ আগতে সিহঁতৰ ঘৰখনত এখন ডাঙৰ যুঁজ হ’ব ৷ আৰু মালতী! তাইতো একেবাৰে ভাঙি পৰিব! নাই, সি মালতীৰ অনিষ্ট হ’বলৈ কোনোপধ্যে দিব নোৱাৰে৷ মালতীয়ে তাক ভাল পাই বুলিতো কোনোদিনে কোৱা নাছিল৷ সিহে তাইক মনে–প্ৰাণে ভাল পাইছিল৷ তাইৰতো কোনো দোষ নাই ইয়াত? তাই যদি শুভেন্দুক ভালেই পায়, তাত তাৰ দুখ কৰিব লগা কিটো আছে? আৰু এই ইন্দ্ৰমণিয়ে তাক এইবোৰ কথা কিয় কৈ আছে বাৰু? নীলাম্বৰৰ মনটোৱে ইচাট বিচাট কৰি উঠিল৷ তথাপিও সি তাৰ মনৰ পৰিস্থিতিক ইন্দ্ৰমণিৰ আগত প্ৰকাশ নকৰি গহীন সুৰত ক’লে, “অসম্ভৱ৷ শুভেন্দুৰ এই সপোন কেতিয়াও নফলিয়ায়৷ দৰকাৰ হ’লে তাৰ কাৰণে…”
অহা সংখ্যাত…