ডিচেম্বৰ মাহ, শীতৰ সেমেকা পুৱা৷ পুৱাৰ চাহ কাপ হাতত লৈ দেবীকা শইকীয়া ভিতৰৰ পৰা ওলাই আহি বাৰাণ্ডাৰ ৰ’দ কাচলিত বহি দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰাখন মেলি ল’লে৷ তেনেকুৱাতে প্ৰকাশক সমীৰজ্যোতি গেটখন খুলি সোমাই আহিছে৷ তেওঁক দেখি দেবীকা শইকীয়াই বসুন্ধৰাখন জপাই থৈ বাৰাণ্ডাৰ পৰাই সুধিলে–
ঃ ইমান ঠাণ্ডাত এই পুৱাই পুৱাই যে?
সমীৰ হাঁহি হাঁহি তেওঁৰ ওচৰ পালেহি আৰু ক’লে–
ঃ পুৱাৰ চাহকাপ আপোনাৰ লগত একেলগে খাওঁ বুলি আহিলোঁ৷
তেওঁ চকী এখন সমীৰলৈ আগবঢ়াই বহিবলৈ দি ক’লে–
ঃ এৰা, ৰ’দত বহি পুৱাৰ চাহ কাপ খোৱাৰ আমেজেই সুকীয়া৷ ৰ’বা, মই তোমালৈও চাহ একাপ বাকি আনোগৈ৷ দুয়ো একেলগে চাহ খাই খাই কথা পাতিম৷
লগে লগে সি চিঞৰি উঠিল–
ঃ নাই নাই মই চাহ নাখাওঁ৷ ধেমালিহে কৰিছোঁ৷ আচলতে আপোনাক নিমন্ত্ৰণ এটা দিবলৈহে আহিলোঁ৷ –তাৰ কথাত দেবীকা ভিতৰলৈ যাবলৈ ওলাইয়ো আকৌ বহি দিলে৷
ঃ কোৱাচোন কিহৰ নিমন্ত্ৰণ?
ঃ বাইদেউ, উৰ্মিলা বৰুৱাৰ গ্ৰন্থ উন্মোচনী সভাখন আজি বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা বাকৰিত অনুষ্ঠিত হ’ব৷ সেয়ে ভাবিলোঁ নিমন্ত্ৰণী পত্ৰখন আপোনাক মই নিজ হাতেৰে দি থৈ আহোগৈ৷ কিয়নো আপোনাৰ সাহসতেটো মই উৰ্মিলা বৰুৱাৰ কিতাপ প্ৰকাশ কৰিবলৈ আগবাঢ়িছিলোঁ৷ তদুপৰি তেওঁৰ প্ৰত্যেকখন গ্ৰন্থৰ লিখনি আৰু ছপাশালৰ ভুল–ভ্ৰান্তিবোৰ আপুনি চাই দিয়াৰ বাবে আপোনাৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম৷ সেয়ে তেওঁৰ প্ৰত্যেকখন গ্ৰন্থৰ উন্মোচনী সভাৰ অতিথি লিষ্টত প্ৰথম নামটো আপোনাৰেই থাকে৷ কিন্তু মোৰেই দুৰ্ভাগ্য যে তেওঁৰ গ্ৰন্থ উন্মোচনী সভালৈ আপুনি এবাৰো যোৱা নাই৷ আগৰ কেইবাৰৰ দৰে এইবাৰো আপুনি নোযোৱাকৈ নাথাকিব দেই৷
তেওঁ ক’লে—
ঃ সময় আহক দিয়াচোন৷
সি সজোৰে কৈ উঠিল–
ঃ সময় আহক নহয়, এইবাৰ কিন্তু আপুনি যাবই লাগিব, আৰু আজি যদি আপুনি নাযায় মই কিন্তু আপোনাক দাঙি লৈ যামহি৷ –তাৰ কথাত দেবীকাই ডাঙৰকৈ হাঁহি দিলে৷
ঃ অসমৰ কেইবাগৰাকীও বিশিষ্ট কবি, সাহিত্যিক আৰু সাংবাদিক থাকিব৷ গ্ৰন্থ উন্মোচনৰ পাছতেই গীত আৰু কবিতাৰ আড্ডাৰে শীতৰ সন্ধিয়াটো উমাল হৈ পৰিব৷ আপুনিও কবিতা এটা পাঠ কৰিব দেই
ঃ মইটো কবি নহওঁ! –আচৰিত হৈ তেওঁ উত্তৰ দিছিল৷
ঃ কবি নহ’লে বেলেগৰ কবিতা পাঠ কৰিব নোৱাৰিনে কি? — প্ৰশ্নবোধক দৃষ্টিৰে সি তেওঁৰ উত্তৰলৈ বাট চালে৷
কৈছিল তেওঁ–
ঃ কবি নহও যদিও কিন্তু কবিতা শুনি ভাল পাওঁ৷ গতিকে অসমৰ বিশিষ্ট কবি, সাহিত্যিকসকল আহিব যেতিয়া আজিৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আপ্ৰাণ চেষ্টা কৰিম৷ আশা ৰাখিছোঁ আগৰ গ্ৰন্থকেইখনৰ দৰে উৰ্মিলা বৰুৱাৰ এইখন গ্ৰন্থয়ো পাঠকৰ সমাদৰ পাবলৈ সক্ষম হ’ব৷
সমীৰে পুনৰ উৎসাহেৰে ক’বলৈ ধৰিলে–
ঃ ময়ো আশাবাদী বাইদেউ৷ কিয়নো উৰ্মিলা বৰুৱাৰ কিতাপৰ প্ৰতি পাঠকৰো আছে এক বিশেষ হেঁপাহ৷ তাৰ ফলস্বৰূপে গ্ৰন্থমেলাৰ প্ৰতিখন বিপণিয়ে বিপণিয়ে থাকিব উৰ্মিলা বৰুৱাৰ নতুন উপন্যাস “বন্ধ ডায়েৰীৰ এখিলা পাত৷’’
দেবীকা শইকীয়াই ক’লে–
ঃ মোৰ মতে, উৰ্মিলা বৰুৱাৰ সফলতাৰ আঁৰৰ মানুহজন কিন্তু তুমি৷ কাৰণ তোমাৰ সহযোগিতাৰ অবিহনে এই কাম কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহ’লহেতেন৷
এইবাৰ সমিৰে অতি বিনয়েৰে ক’লে–
ঃ নহয়, মইহে তেওঁৰ বাবে সফল হৈছোঁ৷ কিয়নো সকলো প্ৰকাশন গোষ্ঠীতকৈ পিছ পৰি থকা মোৰ কাব্য প্ৰকাশনক তেওঁ আজি বহু ওপৰলৈ লৈ গ’ল৷ সমাজত মোক প্ৰকাশক হিচাবে চিনাকি কৰি দিলে৷ এইটো মোৰ কাৰণে কম সৌভাগ্যনে৷
সমীৰে আকৌ ক’লে–
ঃ জানে বাইদেউ, কেতিয়াবা কিছুমান লেখক–লেখিকাই প্ৰকাশকৰ বাহিৰে পাঠকৰ ওচৰত ধৰা দিব নোখোজে৷ সেয়ে তেওঁলোকে ছদ্মনামেৰে লিখি যায়৷ কিতাপ এখন প্ৰকাশ কৰি লেখক বা লেখিকাগৰাকীক আমি জনাৰ সুযোগ পাওঁ৷ কিন্তু কেতিয়াবা কিছুমানক আমি জনাৰ সুযোগ পালেও দেখাৰ সুযোগ নাপাওঁ৷ অসমৰ জনজীৱনক মহীয়ান কৰা এনে বহু লেখক আছে, যিসকলৰ বিষয়ে সাধাৰণ মানুহৰ লগতে আমিও বিশেষ একো নজনাকৈয়ে থাকি যায়৷ অৰ্থাৎ লোকচক্ষুৰ আঁৰতেই থাকি ভাল পাই তেওঁলোকে৷ তেনে এগৰাকী বৰেণ্য লেখিকা হৈছে ঊৰ্মিলা বৰুৱা৷ ময়েই উৰ্মিলা বৰুৱাৰ প্ৰকাশক, অথচ আজিলৈকে মই তেওঁক দেখা পোৱা নাই৷ কেতিয়াবা কেতিয়াবা মই এই বিশিষ্ট লেখিকাগৰাকীৰ সন্দৰ্ভত অসমৰ পাঠক ৰাইজৰ বহু প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয়৷ কেতিয়া যে তেওঁ মোৰ সন্মুখলৈ আহিব –হঠাতে সমীৰৰ তেওঁৰ চাহ কাপত চকু পৰিল৷
ঃ এহ্– মোৰ লগত কথা চোবাই থাকোঁতে আপোনাৰ চাহ কাপ ঠাণ্ডাই হ’ল৷ ৰ’দত বহি পুৱাৰ চাহ কাপ খোৱাৰ আমেজটোও মই নষ্ট কৰিলোঁ৷
ঃ ঠাণ্ডা হোৱা চাহ কাপ আকৌ গৰম কৰি খাব পাৰিম৷ কিন্তু তোমাৰ লগত কটোৱা এই সুন্দৰ মুহূৰ্তটোতো আকৌ দুনাই নাপাও– তেওঁৰ কথাত সি সজোৰে হাঁহি উঠিল আৰু ক’লে–
ঃ ঠিক আছে, এতিয়া মই যাওঁ৷ আবেলি গ্ৰন্থ উন্মোচনী সভাত আপোনাক দেখা পালে সুখী হ’ম৷ –সমীৰ গ’লগৈ৷ দেবীকাই সমীৰ যোৱালৈ চাই থাকিল৷
অসম গ্ৰন্থমেলাৰ বাবে সকলোৰে থাকে এক বিশেষ হেঁপাহ৷
যেন – শত সহস্ৰজনৰ মিলনতীৰ্থ এয়া৷ পাঠক–লেখক–প্ৰকাশকৰ সমূহীয়া প্ৰচেষ্টাত আলোকিত হ’য় গ্ৰন্থমেলাৰ বাকৰি৷ উজলি থাকে জ্ঞানৰ চাকি গছি৷ আজি সমীৰো তাৰ সমভাগী হ’ব পাৰিছে৷ কাৰণ গ্ৰন্থমেলাৰ বিপণিয়ে বিপণিয়ে থাকে তাৰ কাব্য প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কিতাপ৷ প্ৰতিখন গ্ৰন্থৰ বিপণিয়ে কাব্য প্ৰকাশনক আদৰণি জনাই৷ গ্ৰন্থমেলাৰ মূল প্ৰৱেশদ্বাৰৰ বাওফালে প্ৰথম শাৰীতে স্থান পাই কাব্য প্ৰকাশনৰ নিজা বিপণিয়ে৷ সমীৰৰ সফলতাত আজি তেওঁ সুখী৷ খুবেই সুখী৷
সমীৰ তেওঁৰ ভায়েকৰ লগৰ আছিল৷ ভায়েকৰ লগত প্ৰায়ে সি তেওঁলোকৰ ঘৰলৈ আহিছিল৷ সময়ত তেওঁৰো বিয়া হৈ গ’ল আৰু ভায়েকো ইঞ্জিনীয়াৰ হৈ আমেৰিকালৈ গুচি গ’ল৷ তাৰ পিছৰ পৰা আৰু সমীৰৰ একো খবৰ পোৱা নাছিল৷

প্ৰায় নব্বৈ দশকৰ কথা৷ কৰ্মসূত্ৰে দেবীকা শইকীয়া যেতিয়া যোৰহাটৰ পৰা আহি গুৱাহাটীত থাকিবলৈ লৈছিল, তেতিয়াই এদিন হঠাতে সমীৰক লগ পাই গৈছিল৷ তেওঁৰ উকা কপাল আৰু বগা সাজযোৰলৈ সি আচৰিত হৈ চাই আছিল৷ তেওঁ বুজি পাইছিল তাৰ চকুৰ ভাষা৷ সেয়ে সাধাৰণ ভাবেই কৈছিল– “আচৰিত হ’বলৈ কি আছে, এইবোৰ মানুহৰ জীৱনত ঘটিয়েই থাকে৷’’ সি মাথোন নীৰৱে এক সেমেকা হাঁহি মাৰিছিল৷ কথাই কথাই তেওঁ জানিব পাৰিছিল…সি “কাব্য প্ৰকাশন’’ নামৰ প্ৰকাশনগোষ্ঠী এটাৰ স্বত্ত্বাধিকাৰী আৰু দেবীকা শইকীয়া থকা উপ–পথটোৰে বাসিন্দাও হয়৷ সমীৰক চুবুৰীয়া হিচাপে পাই তেওঁৰ ভাল লাগিছিল৷ নিজৰ ভায়েকক কাষত পোৱা যেন লাগিছিল৷ মাকহঁতেও সমীৰ তেওঁৰ ওচৰতে থাকে বুলি জানি সুখী হৈছিল বিপদে–আপদে তেওঁৰ সহায় হ’ব বুলি ভাবি৷ লাহে লাহে সি নিজৰ ভায়েকৰ দৰে অতি আপোন হৈ পৰিছিল আৰু তাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতি যাওঁতে প্ৰায়ে তেওঁৰ হাতেৰে বনোৱা চাহ একাপ খোৱাতো তাৰ অভ্যাসত পৰিণত হৈছিল৷ তেতিয়া বহুত কথা পাতিছিল তেওঁলোকে৷ সেই সময়ত তাৰ দৃষ্টিত সদায় এটা প্ৰশ্নৰ উদয় হৈছিল৷
সদায় তাৰ দৃষ্টিত ধৰা দিয়া সেই প্ৰশ্নটোৰ উত্তৰ দি এদিন দেবীকা শইকীয়াই কৈছিল–
“মোৰ বোৱাৰী–জীৱনটোক হাঁহিৰে আদৰিবলৈ নৌপাওঁতেই এদিন এজাক ধাৰাসাৰ বৰষুণে মোলৈ আগবঢ়াই দিলে বৈধব্য৷ সেইদিনা এটা নিষ্প্ৰাণ শিলামূৰ্তিৰ দৰে ৰৈ গৈছিলোঁ মই৷ আকাশৰ শুকুলা মেঘবোৰে চকুলো টুকিছিল৷ সমবেদনা জনাবলৈ পঠিয়াই দিছিল এজাক তৰাক৷ হাতত ধৰাধৰিকৈ সিহঁত নামি আহিছিল৷’’
তাৰপিছত?
“তাৰ পিছত শহুৰ–শাহুৱে মোক নিজৰ ছোৱালীৰ দৰেই ভাবিছিল৷ স্বামীৰ অগাধ সম্পত্তি মোৰ নামত কৰি দিছিল৷ স্বামীৰ পৰিয়ালৰ প্ৰতিজন সদস্যই মোৰ জীৱনটো আগবঢ়াই নিয়াত সহায় কৰিছিল৷ সেয়ে সকলোৰে অনুমতি সাপেক্ষে মা–দেউতাই মোক যোৰহাটলৈ লৈ আহিছিল৷ জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিছিলোঁ৷
চাকৰি, ঘৰুৱা কাম–কাজ, আৰু কণমানিজনীক ডাঙৰ কৰি মানুহ কৰাৰ আশাৰে অতি ব্যস্ততাপূৰ্ণ জীৱন এটাৰ মাজত সোমাই পৰিলোঁ৷ অকণমান আজৰি সময় পালেই এৰি অহা দীঘল বাটৰ কোনোবাখিনিত ৰৈ মই উলটি চাওঁ৷ সন্মুখৰ কুঁৱলিত দেখা পাওঁ অব্যক্ত বিষাদ আৰু মোৰ কৰুণ সোঁৱৰণি৷
শৈশৱ, কৈশোৰ, যৌৱন পাৰ হৈ এটা সময়ত জীৱনৰ পাৰঘাটত জিৰণি লৈছিলোঁ৷
স্মৃতি বিজড়িত সেই দিনবোৰৰ প্ৰায়বোৰ কথাই তেওঁ সমীৰৰ সৈতে ভাগ–বাটোৱাৰা কৰিছিল৷
আৰু… আৰু কি কথা পাতিছিল তেওঁলোকে?
অ’ বহুত মানুহৰ মাজত থাকিও যেতিয়া তেওঁ নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল, তেতিয়াই পাতিছিল সমীৰৰ লগত তেওঁ জীৱনৰ কথা৷ কোনোদিনেই কাৰো সৈতে ভাগ–বাটোৱাৰা নকৰা জীৱনৰ কিছুমান মুহূৰ্তৰ কথা৷ বাহিৰৰ জগতে নেদেখা তেওঁৰ জীৱনৰ দুখবোৰ চকুৰে দুধাৰি লোটক হৈ পাৰ ভাঙি বৈ আহে যেতিয়া, তেতিয়াই ভায়’লিনৰ সুৰেৰে তেওঁ জীৱনৰ দুখবোৰ ধনশ্ৰী, মেঘমল্লাৰ সুৰেৰে বান্ধিব খোজে৷ বাহিৰৰ জগতে নেদেখা নুবুজা তেওঁৰ দুখবোৰ সমীৰে বুজি পাইছিল৷
তেওঁৰ জীৱনৰ কথাবোৰৰ মাজে মাজে সমীৰে এখন ছবি আঁকিব খুজিছিল; যিখন ছবি নীলা, সেউজীয়া আৰু বিবিধ ৰঙৰ মাজত সি অইন এগৰাকী দেবীকাক বিচাৰি পাইছিল৷ সি আঁকিব খোজা ছবিখনত বিচাৰি পাইছিল কেনেকৈ দুখবোৰ সাঁচি সাঁচি মানুহ, হ’ব পাৰে মানুহ৷ কেনেকৈ অব্যক্ত বেদনা বুকুত বান্ধি ৰূপালী নাওখনিৰ সৈতে স্মৃতিভৰা এখনি নৈৰ সোঁতে সোঁতে আগবাঢ়ি যাব পাৰে, কেনেকৈ জীৱনৰ ৰংবোৰ বুটলি ফুৰিব পাৰে৷
দেবীকাই নিজকে প্ৰশ্ন কৰিছিল– সমীৰে মোৰ মাজত বিচাৰি ফুৰা মানুহজনী মই হ’ব পাৰিমনে?
তেওঁ গাত লৈ থকা নীলা চাদৰখনত তেওঁৰ সেউজীয়া স্মৃতিবোৰ সিঁচৰতি হৈ পৰিল৷ কোনেও নুশুনাকৈ নিজকে কৈছিল– জীৱন মানেই ঘাত–প্ৰতিঘাত, জীৱন মানে কজলা ৰাতি পখালি সেউজীয়া হোৱা এটি নতুন প্ৰভাত, জীৱন বোঁৱতি নৈ, কোনো ক’তো নাথাকে ৰৈ৷
তেওঁ চেষ্টা কৰিছিল, মনৰ গভীৰতাত লুকাই থকা ভাববোৰ ধৰি ৰখাৰ৷ সেয়ে হেঁপাহেৰে আজৰি সময়ত হাতত তুলি লৈছিল কলম৷ প্ৰতিটো ৰাতি তেওঁৰ কোঠাত সোমাই চকুৰ পানীৰে, চিয়াঁহীৰে একাকাৰ কৰি ডায়েৰীৰ পৃষ্ঠাত লিখি গৈছিল তেওঁৰ মনত খেলাই থকা কথাবোৰ৷ কলমেৰে নিগৰিত মনৰ ভাববোৰে যেতিয়া উকা কাগজৰ বুকু শুৱনি কৰিলেহি তেতিয়াই মনত অপাৰ আনন্দ লাভ কৰিছিল৷ এগৰাকী বিশিষ্ট লেখকৰ এটি লেখাত তেওঁ পঢ়িবলৈ পাইছিল সকলো সৃষ্টিকৰ্মৰ অন্তৰালতে লুকাই থাকে গভীৰ সংঘাত আৰু বেদনা৷ তেওঁৰ ক্ষেত্ৰতো হয়তো সেয়াই হৈছিল৷ সেয়ে তেওঁৰ জীৱনৰ সঁচা অনুভৱবোৰকে লৈ লিখি গৈছিল বহু কবিতা, গল্প, উপন্যাস আৰু বিভিন্ন প্ৰবন্ধ৷ কিন্তু তেওঁৰ এই সকলোবোৰ লেখা অপ্ৰকাশিত ৰূপত কেৱল ডায়েৰীৰ উকা পৃষ্ঠাহে শুৱনি কৰি থাকিল৷
দিন, মাহ, বছৰকৈ সময়বোৰ পাৰ হৈ গৈ থাকিল৷
এদিন সমীৰে আহি তেওঁক কৈছিলহি, উৰ্মিলা বৰুৱা নামৰ এগৰাকী মহিলাই একেলগে তিনিখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ দিছে৷ কথাষাৰ শুনাৰ লগে লগে তেওঁ তাক অভিনন্দন জনাইছিল৷ কিন্তু সি আচৰিত হৈ কৈছিল–
ঃ তেওঁ কিন্তু মোৰ ওচৰলৈ নিজে অহা নাই৷ পত্ৰ এখনত সবিশেষ জনাই ডাক যোগে পাণ্ডুলিপিকেইটা পঠিয়াইহে দিছে৷ হোৱাটচ্ এপ নাম্বাৰ এটা দিছে, তাত মোৰ একাউণ্ট নাম্বাৰটো দি থ’বলৈ কৈছে৷ সকলোখিনি কাম মোৰ মতে কৰিবলৈ কৈছে৷ পইচাৰ কাৰণে চিন্তা কৰিবলৈ মানা কৰিছে৷ কিবা থাকিলে মেচেজ কৰিবলৈ কৈছে৷ মই হোৱাটএপ নাম্বাৰটোত কল কৰিছিলোঁ, নালাগিল৷ আনকি হোৱাটএপত ডিপিখনো দি থোৱা নাই৷ এতিয়া মই কি কৰোঁ একো ভাবি পোৱা নাই বাইদেউ৷
দেবীকাই কৈছিল–
ঃ ভাবিবলৈ কিতো আছে৷ ইমান এটা ভাল সুবিধা পাইছা যেতিয়া কামটো কৰা৷ কি ঠিক তোমাৰ লগত কাম কৰি ভাল পালে তেওঁ কিজানি আৰু কিতাপ প্ৰকাশ কৰিবলৈ দিয়েই৷ পাঠকে কিতাপ পঢ়কেই বা নপঢ়ক তুমি পইচা পালেই হ’ল৷
ঃ হ’লেও বাইদেউ এনেকৈ কাম কৰিবলৈ ভয় লাগে, জানোচা কিবা বিপদত পৰোঁ৷
ঃ এৰা, তোমাৰ কথাটোও সত্য৷ তথাপি এবাৰ বিশ্বাস কৰি চোৱাচোন৷
কথাৰ মাজতে সি তেওঁক এটা প্ৰস্তাৱ দিছিল৷ ঊৰ্মিলা বৰুৱাৰ গ্ৰন্থ কেইখনৰ লিখনিত আৰু ছপাশালত হোৱা ভুল–ভ্ৰান্তিবোৰ তেওঁ চাই দিব লাগিব৷ প্ৰথমে তেওঁ মান্তি হোৱা নাছিল৷ পিছত বহু চেষ্টাৰ মূৰত ভুল–ভ্ৰান্তিবোৰ চাই দিম বুলি ৰাজী হৈছিল৷
অৱশেষত কাব্য প্ৰকাশনৰ দ্বাৰা প্ৰথম প্ৰকাশিত উৰ্মিলা বৰুৱাৰ গ্ৰন্থকেইখন পঢ়ুৱৈ সমাজে আদৰি লৈছিল৷ তাৰ পিছৰ পৰা ঊৰ্মিলা বৰুৱাই আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল৷ ইখনৰ পিছত সিখনকৈ কাব্য প্ৰকাশনে তেওঁৰ গল্প, উপন্যাস, প্ৰবন্ধৰ কিতাপ প্ৰকাশ কৰি গৈ থাকিল আৰু নৱপ্ৰজন্মৰ মাজত তেওঁ জনপ্ৰিয় হৈ পৰিল৷ যাৰ ফলত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাবোৰৰ বিপণিয়ে বিপণিয়ে ঊৰ্মিলা বৰুৱাৰ গ্ৰন্থ বিচাৰি নৱপ্ৰজন্মৰ ভিৰ হ’বলৈ ধৰিলে৷ সমানে সমানে কাব্য প্ৰকাশনৰ নামো গোটেই অসমতে জিলিকি উঠিল৷
কিছুদিনৰ পৰা দেবীকাৰ মনটো খেলি–মেলি লাগি আছে৷ তেওঁ ভাবিলে– কোনোবা এটা মুহূৰ্তত সমীৰক কথাবোৰ খুলি কৈ দিয়াই ভাল হ’বনে কি! তাক আন্ধাৰত ৰখাৰ একো যুক্তি নাই! আজিয়েই–হয় আজিয়েই তেওঁ সমীৰক সকলো কথা খুলি ক’ব৷ সাধাৰণভাৱে৷
এনেতে ফোনটো বাজি উঠিল৷ লগে লগে তেওঁৰ ভাৱনাত যতি পৰিল৷
ষ্ক্ৰীণখনত জিলিকি উঠিল এটা অচিনাকি নাম্বাৰ৷ … কোনে, ফোন কৰিছে!
সিফালৰ পৰা ভাঁহি আহিল এক পুৰুষ কণ্ঠস্বৰ৷ তেওঁ ভাবিলে– কোন এই পুৰুষ? … তেওঁৰ ফোন নাম্বাৰটো এই মানুহজনে কেনেকৈ পালে?
ঃ নমস্কাৰ, মই– নামটো শুনাৰ লগে লগে দেবীকা সঁচাকৈয়ে অবাক হ’ল… নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই… থৰ হৈ চকীখনত বহি থাকিল৷ কাণত লৈ থকা ম’বাইলটো হাতৰ পৰা সৰি পৰাতহে তেওঁৰ চেতনা আহিল৷ –ইতিমধ্যে ফোনটো বন্ধ হৈ গ’ল৷
পুৱাৰ ৰাঙলী আকাশখনত চপৰা–চপৰকৈ কেইটুকুৰামান জীয়া মেঘে সাবটি ধৰিছেহি৷ মাটিৰ দৰে ৰঙ এটাই পুৱাৰ গোটেই ৰাঙলী আকাশখনকে আৱৰিব খুজিছে৷ মিহিকৈ ব’লা এচাটি বতাহ চুম–নুচুমকৈ তেওঁৰ কাষেৰে পাৰ হৈ গৈছে৷ কিয় জানো উঁৱলি যোৱা কিছুমান চিন্তা–ভাৱনাই তেওঁৰ মনটোক এই মুহূৰ্তত থিতাপি লাগিবলৈ দিয়া নাই৷ প্ৰাত্যহিক জীৱন–যাত্ৰাৰ পৰা ওলাই তেওঁৰ মনটো ক’ত জানো ঘুৰ্মুৰ্টিয়াই ফুৰিছে৷
দেবীকাই নভবাকৈয়ে স্মৃতিৰ সঁফুৰাখন খোল খাই গ’ল৷ স্মৃতিৰ গহ৩১ত নিমজ্জিত সেই ছবিবোৰ এখন এখনকৈ ভাহি উঠিল তেওঁৰ সন্মুখত৷ সেইবোৰৰ স্পৰ্শ অনুভৱ কৰিলে এজনী চপলা, চঞ্চলা তৰুণীৰ দৰে৷ চকুৰ কোণত জমা হ’লহি অনুভূতিৰ এধানি লোতক৷ তেওঁ নিজেও নুবুজিলে সেয়া দুখৰেই নে সুখৰেই৷
প্ৰেম কিযে এক অনুভূতি! এই অনুভূতি দেবীকাৰ জীৱনলৈও আহিছিল …সংগোপনে, এখুজি–দুখুজিকৈ৷ বিতোপন বৰুৱা… মহাবিদ্যালয়খনৰ শ্ৰেষ্ঠ তাৰ্কিক, কবি, গল্পকাৰ, অভিনেতা, সাধাৰণ জ্ঞানৰ খনি বুলি কোৱা, সতকাই কাৰো প্ৰেমত নপৰোঁ বুলি কোৱা সেই বিতোপনেই এদিন তাইৰ প্ৰেমত পৰিছিল৷ দেবীকাইও তাৰ প্ৰেমৰ সঁহাৰি দিছিল৷ দুয়োটাই দুয়োটাৰ সপোনবোৰ আঁকোৱালি লৈছিল৷ মহাবিদ্যালয় সপ্তাহৰ প্ৰত্যেকটো অনুষ্ঠান, প্ৰতিযোগিতা সিহঁত দুয়োৰে অবিহনে যেন নহ’বই তেনেকুৱা এক ভাব৷ আনকি বিভিন্ন সময়ত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অনুষ্ঠানবোৰো সিহঁতে বাদ দিয়া নাছিল৷ মুঠতে টোকোৰা চৰাইয়ে কুটা কঢ়িওৱাদি কঢ়িয়াইছিল সাজিবলৈ সিহঁতৰ প্ৰেমৰ ঘৰ৷ বিতোপনে তাইক উৰিবলৈ শিকাইছিল আৰু তাই উৰিছিল… হেঁপাহৰ বিতোপনৰ লগত ঠিক পখিলা এটিৰ দৰেই৷ বিতোপনেও দেবীকাকেই ভাল পাইছিল৷ অন্তৰৰ সমস্ততাৰে কেৱল তাইকেই পালিছিল বুকুত৷ সিহঁত দুয়োয়ে একেলগে কটোৱা প্ৰতিটো মুহূৰ্তৰ কথাই মনত আছে তাইৰ৷
কিন্তু কোনে মানি ল’ব সিহঁতৰ সেই সম্পৰ্কত এদিন ভালপোৱা নাথাকিব, জীৱনৰ এটা সময়ৰ পৰা দুয়ো দুয়োৰে পৰা আঁতৰি থাকিব পাৰিব৷
কিc…এদিন মানি লৈছিল বিতোপনে আৰু মানি ল’বলৈ বাধ্য হৈছিল দেবীকাইয়ো৷
সেইদিনা আছিল কলেজত সিহঁতৰ শেষ দিন৷ দেবীকা বিতোপনৰ নিচেই কাষত৷ খুব বৰষুণ দিছিল সেইদিনা৷ তাইৰ মনত শত শ্ৰাৱণৰ ধাৰাষাৰ বৃষ্টি৷ কাৰণ বিতোপন একেবাৰে ঘৰলৈ গুচি যাব৷ তাক আৰু সদায় লগ নাপায়৷ সি তাইৰ মনৰ অৱস্থাটো বুজি পাই কোনোদিন পাহৰি নোযোৱাৰ প্ৰতিশ্ৰুতিৰে তাইক সাৱটি ধৰিছিল৷ সেই সময়তেই বিজুলি–ঢেৰেকনিৰে বৰষুণ আৰু জোৰেৰে আহিছিল৷
তাইক বুকুৰ মাজত লৈয়ে সি কৈছিল–
ঃ বৰষুণ নিদিয়া হ’লে আজি আবেলি চাৰি বজাতে ঘৰলৈ গুচি গ’লোহেঁতেন৷ আজি আৰু যাওঁগৈ দিয়া…বৰষুণো বেছিকৈ আহিছে৷ কালিলৈ পুৱাই মই মেচ এৰিম৷ ভালে থাকিবা৷ আকৌ বা কেতিয়া দেখা হয়৷ –এইবুলি তাৰ বাহুবন্ধনৰ পৰা তাইক মুক্ত কৰি দি বৰষুণৰ মাজে মাজে জেকেটৰ পকেটত হাত ভৰাই বিতোপন গ’লগৈ৷ –চকুৰ আঁতৰ নোহোৱালৈকে তাই সি যোৱালৈ চাই থাকিল৷ তাৰপিছত দেবীকাও ঘৰলৈ উভতি আহিছিল৷
হাতৰ আঙুলিৰ ফাঁকেৰে বালিৰ দৰে সৰি পৰিছিল সময়৷
দেবীকাই বি.এ. পাছ কৰাৰ পিছৰে পৰাই সিহঁতৰ ঘৰলৈ আলহীৰ আগমন ঘটিল৷ আলহী আহে, প্ৰস্তাৱ দিয়ে৷ কিবা এটা সাধাৰণ খুঁত উলিয়াই দেবীকা আঁতৰি যায়৷ হঠাৎ এদিন ইঞ্জিনীয়াৰ এজনৰ লগত ঘৰৰ ফালৰ পৰা দেবীকাৰ বিয়াৰ কথা আগবঢ়াইছিল৷ উপায়ন্তৰ হৈ বিতোপনৰ বন্ধু এজনৰ পৰা তাৰ ঠিকনাটো সংগ্ৰহ কৰি বান্ধবী দীপাৰ লগত ঢাপলি মেলিছিল যোৰহাটৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ দূৰৰ গ্ৰাম্য চহৰ এখনৰ বাসিন্দা বিতোপনৰ ওচৰলৈ৷
চহৰখন সিহঁতৰ কাৰণে নতুন আছিল৷ বহু কষ্ট হৈছিল বিতোপনৰ ঘৰটো বিচাৰি উলিওৱাত৷ অৱশেষত সিহঁতে বিচাৰি পাইছিল ঘৰটো৷ জুলাই মাহৰ ভৰ দুপৰীয়া মূৰৰ ওপৰত বেলিটো লৈ সিহঁত দুজনী ৰৈ আছিল বিতোপনৰ ঘৰৰ দুৱাৰমুখত৷ সিহঁতক দেখি বিতোপন ভূত দেখা মানুহৰ দৰে হৈছিল৷ ভিতৰলৈ মতাৰ সলনি ঘৰৰ মানুহে দেখাৰ আগতেই বাহিৰতে ক’ৰবাত ভালকৈ বহি কথা পাতিম বুলি সিহঁতক সি লৰালৰিকৈ বাহিৰলৈ উলিয়াই আনিছিল৷ লাহে লাহে সিহঁত আগবাঢ়ি গৈ আছিল৷ দীপাৰ লগত ইটো–সিটো কথা পাতিছিল সি৷ বিতোপনৰ ব্যৱহাৰত দেবীকা ক্ষুণ্ণ হৈ বোবা চাৱনিৰে তালৈ ১ লাগি চাই চাই তাৰ খোজৰ লগত খোজ মিলাই গৈ আছিল৷ তেনেকৈ চাই থকা দেখি এপাকত সি সুধিছিল–
ঃ কি হৈছে তোমাৰ?
ঃ সেমেকা চকুৰে থোকা–থুকি মাতেৰে তাই কৈছিল–
ঃ ঘৰত মোৰ বিয়াৰ কথা ওলাইছে, কি কৰোঁ মই?
কথাটো শুনি লগে লগে সি তপৰাই উত্তৰ দিছিল–
ঃ বিয়াৰ কথা ওলাইছে ভালহে কথা৷ ভাল ল’ৰা যদি বিয়া হৈ যোৱা৷ তোমাৰ বিয়াত কিন্তু মই পূৰা লাগি দিম দেই৷
তাৰ কথা শুনি তাই পুনৰ কঁপাল কোচ খুৱাই তালৈ চাইছিল৷ সি পুনৰ কৈছিল–
ঃ মই ধেমালী কৰা নাই, সঁচাকৈ কৈছোঁ৷
তাই হতভম্ব হৈছিল৷ বুকুখন গধুৰ গধুৰ লাগিছিল৷ চকু জ্বলা–পোৰা কৰিছিল৷ পাৰ ভাঙি বৈ আহিব খুজিছিল চকুলোৰ ধল৷ বান্ধৱী দীপাও অপ্ৰস্তুত হৈছিল৷ শোকতো বুকুতে সামৰি দেবীকাই কৈছিল–
ঃ মইতো তোমাৰ বাহিৰে বেলেগৰ কথা ভাবিবই নোৱাৰোঁ৷
ঃ লাহে লাহে সি তাইক বুজাবলৈ চেষ্টা কৰিছিল—
ঃ চোৱা, প্ৰেম আৰু বিবাহ দুয়োটা বেলেগ বস্তু৷ প্ৰেমৰ শেষ পৰিণতি বিবাহ নহ’বও পাৰে৷ মই বি.এ. পাছ কৰি উঠিছোহে৷ কাইলৈ ইউনিভাৰচিটিলৈ যামগৈ৷ মোৰ বহুত সপোন আছে৷ এতিয়া ঘৰত কি বুলি উলিয়াম তোমাক বিয়া কৰোৱাৰ কথা৷ যদি তুমি মোৰ বাহিৰে বেলেগৰ লগত বিয়া নহও বুলি ভাবিছা বা মোৰ বাবে অপেক্ষা কৰিম বুলি ভাবিছা সেয়া তোমাৰ কথা৷ কিন্তু মোৰ বাবে তোমাক ৰৈ থাকিবলৈও মই নকওঁ৷ কাৰণ ভৱিষ্যতে কাৰ কি হয় কোনেও নাজানে৷ মই যদি কেতিয়াবা নোহোৱা হৈ যাওঁ তোমাৰ কি হ’ব? মোৰ যদি একো সংস্থাপন নহয় তোমাৰ কি হ’ব? তোমালোকৰ ঘৰখনে মোকেই নুদুষিবনে? সি তাইৰ হাতখন খামুচি ধৰি কৈছিল, মোক তুমি ভুল নুবুজিবা৷
তাৰ কথা শুনি দেবীকা থৰ হৈ গৈছিল৷ বিতোপন আৰু তাইৰ মাজৰ সম্পৰ্কটোৱে যে এদিন অচিনাকি ৰূপ ল’ব সেয়া কল্পনাই কৰা নাছিল৷ উচুপি উঠিছিল তাই৷
অৱশ্যে বিতোপনে দেবীকাক ক’বলৈ পাহৰা নাছিল যে সি সদায় তাইকেই ভাল পাই থাকিব৷ সেই মুহূৰ্তত তাৰ সেই কথাষাৰ তাইৰ কাৰণে বৰ অৰ্থহীন যেন লাগিছিল৷
তাৰ হাতখন জোৰেৰে আঁতৰাই দি কোনো উত্তৰ নিদিয়াকৈ… এবাৰো পিছলৈ নোচোৱাকৈ আগে আগে গৈ থকা দীপাৰ হাতখনত ধৰি… দৌৰি যোৱাদি গৈ যোৰহাট অভিমুখে ৰৈ থকা বাছখনত উঠিছিলগৈ৷
তাৰপিছৰ পৰা দেবীকাই আৰু কেতিয়াও বিতোপনৰ মুখামুখি হোৱা নাছিল৷
সময় চাই কান্ধূলি লুটি মৰা বিচিত্ৰ মানসিকতাৰ বিতোপনৰ ওচৰত শিৰ নত কৰি অৱশেষত দেবীকাই ঘৰে ঠিক কৰা ইঞ্জিনীয়াৰ অঞ্জনৰ লগত হুমৰ গুৰিত বহি নতুন জীৱনৰ পাতনি মেলিছিল৷
অন্তৰৰ সমস্ত আবিৰেৰে অঞ্জনে তাইক বুৰাই পেলাইছিল৷ প্ৰেমৰ আবিৰ সানি বিৰিণাক তাইৰ কোলাত দি কোনোদিন উভতি নহা পথেৰে স্বামী অঞ্জন গুচি গ’ল৷ আকাশলৈ চাই চাই দেবীকাই ভাবিছে, তেওঁ যদি চাই আছে নি(য় গম পাইছে তাইযে তেওঁক কিমান মনত পেলায়৷ দেবীকাৰ দুচকুৱেদি দুধাৰি লোতক বৈ আহিল৷
ক্ৰিং… ক্ৰিং… ক্ৰিং
আকৌ ফোনটো বাজি উঠিল৷ ফোনৰ কৰ্কশ মাতত দেবীকা শইকীয়া বাস্তৱলৈ ঘূৰি আহিল৷ ম’বাইলৰ ষ্ক্ৰীনত পুনৰ জিলিকি উঠিল সেই অচিনাকি নাম্বাৰটো৷ এইবাৰ অকনো বিচলিত নহৈ ফোনটো ৰিচিভ কৰিলে৷
সিফালৰ পৰা ভাহি আহিল উৎকণ্ঠা ভৰা সেই পুৰুষৰ মাতঃ
ঃ আপোনাৰ ফোনটো বন্ধ হৈ গৈছিল যে?
দ্বিধাহীন ভাৱে দৃঢ়তাৰে দেবীকাই উত্তৰ দিছিল—
ঃ বেয়া নাপাব৷ একে সময়তে মোৰ অতি মৰমৰ একমাত্ৰ ছোৱালীজনীয়ে ফোন কৰিছিল সুদুৰ আমেৰিকাৰ পৰা৷ আচলতে তাইৰ মাজত মই মোৰ হেৰুৱা স্বামীক বিচাৰি পাওঁ৷ গতিকে আপোনাৰ ফোনটো কাটি দিব লগা হ’ল৷ বাৰু এতিয়া কওঁকচোন, মোলৈ কিয় ফোন কৰিলে?
এইবাৰ তেওঁ উৎসাহেৰে কৈছিল–
ঃ দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰাত প্ৰকাশ পোৱা আপোনাৰ গল্পটো এইমাত্ৰ একে উশাহতে পঢ়ি শেষ কৰিলোঁ৷ আপোনাৰ গল্প, উপন্যাসবোৰ পঢ়ি মোৰ এনেকুৱা লাগে আপুনি যেন মোৰ বহুদিনৰ চিনাকি৷ কিবা আপোন আপোন এটা ভাব জাগে৷ সেয়ে বহুদিনৰ পৰা আপোনাৰ লগত কথা পাতিম বুলি ভাবি আছিলোঁ৷ আজি সুবিধাটো পাই বৰ ভাল লাগিল৷ আপোনাক অতি সোনকালেই লগ পাম দেই৷ – নীৰৱে–নিতালে কথাখিনি শুনি থাকি এইবাৰ দেবীকাই আচৰিত হৈ সুধিলে…
ঃ বাৰু সেইবোৰ এতিয়া বাদ দিয়ক৷ আগতে কওঁকচোন, মোৰ ফোন নাম্বাৰটো আপুনি ক’ত পালে?
মানুহজনে থত্মত্ খালে, আৰু অপ্ৰস্তুত হৈ ক’লে…
ঃ এইবাৰ বসুন্ধৰাত আপোনাৰ গল্পটোৰ শেষত আপোনাৰ নামটোৰ তলতে ফোন নাম্বাৰটোও দিছে নহয়৷
কথাষাৰ শুনাৰ লগে লগে দেবীকা বৰুৱাই খপ–জপকৈ এটা হাতেৰে বসুন্ধৰাখন মেলি ল’লে… আচৰিত! কোনে দিলে ইয়াত তেওঁৰ ফোন নাম্বাৰটো? এই নাম্বাৰটোটো কোনেও নাজানে! সমীৰে দিলে নে কি? নাই, নাই সমীৰেওটো নাজানে নাম্বাৰটো৷ গতিকে সি কেনেকৈ দিব! নে অজানিতে তেওঁৱেই দি দিছিল নাম্বাৰটো! –দেবীকাৰ পৰা কোনো উত্তৰ নাপাই সিপাৰে মানুহজনে হেল্ল’, হেল্ল’ হেল্ল’ কৈ চিঞৰি থাকিল৷
আৰু কথা নবঢ়াই দেবীকা শইকীয়াই তৎক্ষণাত ফোনটো কাটি দিলে৷
সময়বোৰ যে কিদৰে সলনি হয়…! সপোনৰ পিছে পিছে দৌৰি ফুৰা বিতোপন বৰুৱাৰ ফোন নাম্বাৰটো দেবীকা শইকীয়াই অকনো পলম নকৰি ব্লক কৰি দিলে৷
তেওঁটো নাজানে প্ৰতি ৰাতি কোঠাৰ ভিতৰত সোমাই জীৱনৰ সঁচা অনুভৱবোৰ একাধাৰে প্ৰাণঢালি লিখি গৈছিল এসময়ৰ তেওঁৰেই বান্ধৱী দেবীকা শইকিয়াই ঊৰ্মিলা বৰুৱা ছদ্ম নামেৰে৷ গতিকে কোনে দিব পাৰিব বিতোপনক উৰ্মিলা বৰুৱাৰ ঠিকনাটো? কাৰণ গল্পকাৰ, উপন্যাসিক, নিৱন্ধকাৰ ঊৰ্মিলা বৰুৱাকটো কোনেও চিনি নাপায়!