অজান ঠিকনাৰ গৰাকী হৈ
আঁকিছো জীৱনৰ এটি জীয়া ছবি
য’ত আছে ওখোৰা–মোখোৰা কিছু পথ
কিছু বাৰেবৰণীয়া দৃশ্য
সুধিলোঁ সিহঁতক কিয় ইমান মোহনীয়?
একে উশাহতে ক’লে– আমাক আপোন কৰা
সহজ কাম নহয়
যিমানেই আহিবা নিকটত
সিমানেই পাবা নিলগত৷
এটি মিঠা গানৰ কলিতে যেতিয়া বুকু উঠে উথলি
প্ৰেয়সীয়ে হাত–বাউলী মাতে
কাজলসনা চকুযুৰিয়ে কাঢ়ি নিয়া টোপনিবোৰ
মোৰ সন্মুখতে ধৰফৰাই বিছনাত
সিহঁতে উজাগৰী নিশাক মনে–প্ৰাণে ভালপায়
সেয়ে হয়তো ওৰেটো নিশা কথা পাতে মোৰ স’তে,
জোনাক ৰাতি নিৰলে লিখোঁ
অনেক কবিতা
যিবোৰ মোৰ বুকুৰ আপোন
জীৱন–যৌৱনৰ উচ্চ সপোন৷
প্ৰেমৰ কেঁচা কেঁচা সুবাসত
দেখা পাওঁ মাদকতা
পোহৰ অহা বাটৰ মধ্যভাগতে লগ পাওঁ
কিচকিচীয়া ক’লা আন্ধাৰৰ ঠিকনা,
প্ৰায়ে সমাধিস্থ হয় মোৰ হৃদয়খনি
চকুৰ প্লাৱনত,
জীৱনৰ অন্তহীন চাহিদা
মৰহা এটি গোলাপৰ কলি
বিষাদৰ বানত লীন যায় ক্ষণিকতে,
পিতপিতাই বিচাৰোঁ
এটি অজান ঠিকনাৰ গৰাকীহৈ৷
সৌন্দৰ্যই ছানি ধৰা সন্ধিয়াৰ পৰা
সূৰুযে মেলানি মাগে,
বিষাদগ্ৰস্ত কৃষকক চাই
ধূসৰ উদং পথাৰখনে ইনাই–বিনাই কান্দে
এবুকু আশা বুকুত বান্ধি
পখীয়ে বৰদৈচিলাৰ উদৰ ফালি গতি কৰে
ফান্দত পৰি চিৰবিদায় লয়
আলফুলীয়া পৰিয়ালৰ পৰা,
মই তেতিয়া কেৱল মাথোঁঁ
ৰ’ লাগি চাই থাকোঁ
অজান ঠিকনাৰ গৰাকীহৈ৷