মাত এটা দিব পৰাটোও ইমান সহজ নহয়
মাত দিব পৰাটোতেইতো জানো
চিনিব নোৱাৰি মানুহ
বগা–ক’লাত কিহৰ বাহাৰ
আপুনি পাহাৰ বগাই
পাৰ হৈ আহি বহু অৰণ্য
নদী ঘোলা কৰি অহা মানুহ জানো নহয়?
তাৰ পাছতো কেনেকৈ দাং এডাল দিব পাৰে
জপনা মুখত৷ ওঁঠত বৰলে কামুৰে বুলি
থৰকাছুটি এটা হেৰুৱাই আপুনি স্থিতপ্ৰজ্ঞ নে
কোনোবা এদিন
ভাবিবলৈ মন নাযায় দেখো তেনেকৈ
আপোনাৰ লাৱনী ওঁঠত
আঘোণৰ দাৱনীৰ ওঁঠৰ সুহুৰিয়ে ৰিঙিয়াই উঠে
তাহানিতে কাঁচি দলিয়াই থৈ অহা দাৱনীজনী
বিহুৱা ডেকাৰ মুখত বিহুগীতৰ দৰে৷
ক’ৰবাৰ পৰা উভতি আহোঁতে
পকমৌ এটাৰ দৰে বুকুৰ ভিতৰখন জৰ্জৰাই নাহেনে
আপোনাৰ
বতাহত চিৰিলা চিৰিলিকৈ ফটা কলপাতৰ মাতে
কেতিয়াবা বিষণ্ণ কৰি নোতোলেনে আপোনাকো
গাঁৱৰ বাটত জাকফুৰা গৰুৰ জাক এটাই
আজিকালি বাট ভেদি আমনি কৰিবলৈ
কাৰেই বা গোহালিটো
আটোমটোকাৰীকৈ আছে আমাকেই ধিয়াই
আমি সাতামপুৰুষীয়া জীৱনৰ সাহ এটা বুলি কৈ
কাৰ বুকুত বা তাহোন দিব পাৰোঁ
এটা জিকাফুলীয়া জীৱন
সূতাতো ঘনাই ছিগে
মাকোঁ যে ঘনাই সৰি সৰি পৰে