
“গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা
তস্মৈ শ্ৰীগুৰুৱে নমঃ৷৷’’
জ্ঞানৰ সমান এই পৃথিবীত পবিত্ৰ বস্তু একোৱেই নাই৷ শিক্ষাৰ মাধ্যমেৰে আমি জ্ঞান আহৰণ কৰোঁ৷ শিক্ষা হৈছে মানৱ জীৱনৰ দাপোন৷ শিক্ষাই মানৱ জীবনত প্ৰদান কৰে পোহৰ, সৌন্দৰ্য আৰু আনন্দ৷ এই শিক্ষাৰ মাধ্যমেৰে জ্ঞান সাগৰৰ পৰা মণি–মুকুটা বুটলি ছাত্ৰ–ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰা জনেই হৈছে ‘গুৰু’ অৰ্থাৎ শিক্ষক৷ শিক্ষক হৈছে প্ৰজ্ঞা, জ্ঞান আৰু পোহৰৰ প্ৰতীক৷ শিক্ষকসকল হৈছে শিক্ষা আৰু বিকাশৰ আধাৰশিলা৷ শিক্ষকতা কেৰল এটা বৃত্তিয়েই নহয় ই এক মহান সেৱা৷ বিদ্যালয় নামৰ এক পবিত্ৰ অনুষ্ঠানত অভিনব কলা–কৌশলেৰে মানুহ নামৰ জীৱন্ত সঁজুলি বিধক বিশেষ আকাৰ–আকৃতি দিয়ে শিক্ষকে৷ মানৱ সম্পদ গঢ়াৰ প্ৰধান চাবিকাঠী শিক্ষকসকলৰ ওপৰতে ন্যস্ত থাকে৷ এই ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীসকলৰ দায়িত্ব সৰ্বাধিক পৰিলক্ষিত হয়৷ শুনিবলৈ অপ্ৰিয় হ’লেও আমাৰ সমাজৰ সাধৰণতে এক চলি অহা ধাৰণা হ’ল যে, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকহে৷ কিনো কষ্ট৷ আৰামৰ চাকৰি তেওঁলোকৰ৷ প্ৰকৃতাৰ্থত এইয়া সত্যনে৷ শিক্ষকতা চাকৰি নে ই এক ব্ৰত৷ বিনা বেতনে জ্ঞানৰ পোহৰ বিলোৱা শিক্ষাগুৰুও আমাৰ সমাজত নাই জানো? কণ কণ ছাত্ৰ–ছাত্ৰীসকল প্ৰথম বিদ্যালয়লৈ অহাৰ পৰা বিদ্যালয় এৰালৈকে শিক্ষকসকলে এক বৃহৎ দায়িত্বৰ ভাৰ বহন কৰিব লগা হয়৷ মুষ্টিমেয় দুই–এজন শিক্ষকক বাদ দি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীসকলে নাগৰিক গঢ়াৰ ব্ৰতত ব্ৰতী হ’ব লগা হয়৷ আখৰ চিনি পোৱাৰ পৰা শুদ্ধকৈ লিখিব পৰালৈকে, সাংখ্যিক জ্ঞান আহৰণ কৰাৰ পৰা সমাধান কৰিব পৰা হোৱাকৈ এক দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰিব লগা হয় এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে৷ কণ কণ শিশুসকলক বুজি উঠি তেওঁলোকৰ সামগ্ৰিক প্ৰয়োজনীয়তাখিনি পূৰ কৰি সমাজৰ উপযোগী কৰি তুলিবলৈ অসীম ধৈৰ্য্য আৰু মনোবলৰ প্ৰয়োজন হয় শিক্ষকসকলক৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয়ৰ বিভিন্ন বুদ্ধ্যাংকৰ শিশুক সমানে আগবঢ়াই নিয়াত যথেষ্ট ঘাট–প্ৰতিঘাত অতিক্ৰম কৰিব লগা হয়৷ এইক্ষেত্ৰত তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰি সকলো শিশুকে আগবঢ়াই নিব লগা হয়৷ এইখনিতে শিক্ষকসকলৰ ওপৰত চৰকাৰী নিৰ্দ্দেশৰ কামৰ বোজা বা অন্যান্য আনুষংগিক অসুবিধাৰ কথা নকলোৱেইবা! তথাপি শিক্ষাগুৰুসকল থমকি নয় নিজৰ দায়িত্ব পালনত৷
যদিওবা শিক্ষাগুৰুসকলে যথেষ্ট প্ৰত্যাহ৩ানৰ সন্মুখীন হয় তথাপি নিষ্পাপ শিশুসকলৰ মাজত ই খুব সন্দৰকৈ সমাধান হয়৷ বাগিছাৰ কণ কণ ফুল সদৃশ শিশুসকলক সকলো ফালৰ পৰা উপযুক্ত কৰি দেশব সু–নাগৰিক হিচাপে গঢ়ি তোলাতো প্ৰতিজন শিক্ষাগুৰুৰে এক কৰ্তব্য হিচাপে গ্ৰহণ কৰা উচিত৷ কাৰণ এগৰাকী আদৰ্শ শিক্ষকেহে শিক্ষাদানৰ লগতে প্ৰজন্মৰ পাছত প্ৰজন্মৰ ছাত্ৰ–ছাত্ৰীৰ মন আৰু চৰিত্ৰ গঢ় দি এক উজ্জ্বল ভৱিষ্যতৰ দিশে আগবঢ়াই লৈ যায়৷