আ হো নাহোকৈ পুনৰ শৰতৰ আগমন হ’ল এই ধৰালৈ৷ শৰৎ মানেই যেন উৎসৱৰ বতৰ৷ মন–প্ৰাণ মতলীয়া হোৱা বতৰ৷ যুগ যুগ ধৰি সমগ্ৰ ভাৰতবৰ্ষই এই শৰৎকালতেই উদ্যাপন কৰে নৱৰাত্ৰী, দুৰ্গাপূজাৰ পৰা পোহৰৰ উৎসৱ দীপাৱলী ইত্যাদি৷ তাৰ মাজত আমাৰ অসমীয়াসকলৰ বাপতি সাহোন কাতি বিহুও পালন কৰা হয়৷
এইকেইদিন সামাজিক মাধ্যম ফেচবুকত এটি বিশেষ পোষ্ট পাই আছোঁ৷ এই পোষ্টটোত দেখুওৱা হৈছে কিদৰে ভাৰতবৰ্ষৰ চহৰবোৰৰ উষ্ণতা বৃদ্ধি হৈ প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াচৰ ওচৰ পাইছেগৈ৷ যদিওবা দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে দিল্লী, হাৰিয়ানা, ৰাজস্থান আদিত অতীজৰে পৰা গৰমৰ মাপ বেছি৷ তথাপিও ভাৰতবৰ্ষত বেছি কিছু ৰাজ্য যেনে অসম, চিকিম, পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ লগতে হিমাচল প্ৰদেশ আদি কিন্তু অতীজৰে পৰা শীতল বা নাতিশীতোষ্ণ অঞ্চলৰ অন্তভুৰ্ক্ত হৈ আছিল৷
কিন্তু ধীৰে ধীৰে বতৰৰ পৰিৱৰ্তন ঘটিল৷ অবাধ বন ধবংসই যেন সকলোলৈ বিভীষিকা নমাই আনিছে৷ প্ৰযুক্তিৰ নামত ঘৰ–বসতি স্থাপনৰ নামত, পথ নিৰ্মাণৰ নামত মানুহে গছ–গছনি কাটি শেষ কৰিলে৷ আনকি পাহাৰ–পৰ্বতবোৰো ইয়াৰ পৰা ৰেহাই নেপালে৷
এই হাৰত প্ৰকৃতি ধবংস কৰি চলিলে আৰু পাঁচ–দহ বছৰ পাছতেই আমি এক অকম্পনীয়ে পৃথিৱীত বাস কৰিব লাগিব৷ অথচ সমগ্ৰ পৃথিৱীৰ সচেতন লোকসকল যেন এতিয়াও নিদ্ৰাৰত৷ কোনো কঠোৰ চৰকাৰী আইন নাই৷ কোনো সজাগতা নাই মাত্ৰ দুই–এজন পৰিৱেশ কৰ্মী আৰু কিছু অনুষ্ঠানৰ বাহিৰে প্ৰকৃতিক ৰক্ষা কৰাৰ দায়িত্ব যেন কাৰোৱেই নহয়৷
জলবায়ু পৰিৱৰ্তনৰ অন্য এক কাৰক জন–বিস্ফোৰণো৷ যি দ্ৰুতগতিত ভাৰতবৰ্ষতেই জনসংখ্যা বাঢ়িছে– পৰিসংখ্যাৰে আমি পৃথিৱীৰ ভিতৰতেই প্ৰথম স্থান পালো৷ অথচ কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণৰ আইন এখন আজিও নহ’ল৷
আমাৰ অজ্ঞানতা, চূড়ান্ত মূৰ্খামিয়ে ভৱিষ্যতৰ প্ৰজন্মক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি পঠিয়াব৷
আহক সময় থাকোঁতেই সচেতন হওঁক৷
সকলোজনলৈ পুনৰ শাৰদীয় শুভে২৬াৰে–