শাৰদীয় দুৰ্গোৎসৱ আহিল(ঊকৰবী বৰ্মন কলিতা) – Purbodix.com

শাৰদীয় দুৰ্গোৎসৱ আহিল(ঊকৰবী বৰ্মন কলিতা)

শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱ আহিল৷  শৰৎ ঋতুক আঁকোৱালি লে প্ৰকৃতিয়ে, চৌদিশে শৰতৰ শেৱালিৰ অথবা বকুল ফুলৰ গোন্ধ৷ নিয়ৰৰ দুবৰি দলিছাখন দৰ পোহৰত চিকমিকাব ধৰিছে নিয়ৰৰ টোপালবোৰে৷ নৈৰ দাঁতিকাষৰীয়া নতুবা চৰচাপৰিত গজি উঠা কহুৱা, বনবিৰিণাবোৰে আকাশলৈ চাই হাঁহি বিৰিঙাব ধৰিছে, উলাহঁত বতাহত হালি জালি নাচি পৰিছে৷ পথাৰত গজি অহা ধাননি দৰা যৌৱন প্ৰাপ্তি হৈ উফন্দি আহিছে৷ শৰৎ মুখী পক্ষীকুল দুৰ দুৰণিৰ পৰা আহি সৌন্দৰ্য বৰ্দ্ধন কৰি তুলিছে বিল অথবা হাবিবননিত, শৰতত ফুলা বিভিন্ন ৰঙী ফুলবোৰে যেন জিপাল কৰি তুলিছে চৌপাশে, এক উচৱ মুখৰ পৰিৱেশ৷

 

  দুৰ্গাপূজা বুলি লে সাধাৰণতে জেলেপীৰ কথা, পিষ্টল আৰু পুতলাৰ কথা মনলৈ আহে৷ মন শৈশৱলৈ উৰা মাৰে৷ বৰ্তমান মানুহে কিন্তু বেছিকৈ জাকজমকতাকহে বেছি প্ৰাধান্য দিয়া দেখা যায়৷ কোনটো পূজা মণ্ডপ কিমান ডাঙৰ অথবা কি ডিজাইন দিয়ে ইত্যাদি কথাবোৰত গুৰুত্ব আৰোপ কৰে৷ আজিকালি ডাঙৰ ডাঙৰ মণ্ডপ সাজি প্ৰতিমা স্থাপন কৰি তাত পূজাঅৰ্চনা কৰা হয়৷  যুগৰ পৰিবৰ্তনৰ প্ৰভাৱ৷

তথ্য অনুসৰি অসমৰ প্ৰাচীন অনাৰ্যমূলীয় অধিবাসীসকলৰ মাজত দেৱীপূজা আৰু মাতৃপূজাৰ প্ৰচলন আছিল৷ অসমত আহোম ৰাজত্ব কালৰ পৰাই বাসন্তী, দুৰ্গা পূজাৰ প্ৰচলন আছিল, বাসন্তী কালত পূজিতা দুৰ্গাক ভিন্ন নামেৰে জনা গৈছিল, সেয়া যথাক্ৰমে কামাখ্যা, কেঁচাইখাইতী, তাম্ৰেশ্বৰী, দীঘেশ্বৰী, বাঘ্ৰেশ্বৰী, বুঢ়ী গোঁসানী, সিদ্ধেশ্বৰী, টুক্ৰেশ্বৰী, জয়ন্তেশ্বৰী আদি নাম উল্লেখযোগ্য৷ বৰ ৰজা ফুলেশ্বৰীকে আদি কৰি হিন্দু ধৰ্মত দীক্ষিত আহোম স্বগদেউসকলৰ এইয়া এক সংস্কৃতি৷

প্ৰাপ্ত কিছু উৎসমতে ৰামচন্দ্ৰই ৰাৱণ বধৰ বাবে শৰৎ কালত দেৱী দুৰ্গাক পূজা কৰাৰ কাহিনী প্ৰচলিত আছে৷৷ মূল ৰামায়ণত দেৱীক বসন্ত কালতহে পূজা কৰাৰ ৰীতি প্ৰচলিত আছিল৷ ৰামৰ বাৰমাহী গীতত আছে, “বহাগ মাহতে ৰাম যজ্ঞ আৰম্ভিলা/ লাখে লাখে মুণিগন হঠাতে আসিলা৷’’ সেইদৰে সীতাৰ বাৰমাহী গীতত আছে, “চৈত্ৰ মাহতে দেৱীৰ পূজা অৱসনে/ সমুদ্ৰ বান্ধিয়া ৰামে বধিলা ৰাৱণে৷’’

 

ঠিক সেইদৰে শাস্ত্ৰমতে, দুৰ্গা পূজা হিন্দু দেৱীৰ আৰাধনাক কেন্দ্ৰ কৰি হিন্দু সম্প্ৰদায়ৰ লোকসকলে ব্যাপক উৎসাহেৰে এই উৎসৱ পালন কৰে৷ বৰ্তমান শৰৎ কালত যি এই দেৱীপূজা প্ৰচলন কৰাৰ মৌলিক ধাৰণাটো সোতৰ শতিকাৰ বংগীয়মূলৰ কবি কৃতিবাসৰ ৰামায়ণত প্ৰক্ষিপ্ত কৰা হৈছিল৷ কৃতিবাসে বংগত প্ৰচলিত লোক কাহিনীৰ আলমত তেওঁৰ ৰামায়ণত দেৱী পূজা সম্পৰ্কে সন্নিৱিষ্ট কৰে৷ কৃতিবাসৰ মৌলিকতাৰ পৰিচায়ক, ইয়াৰ ঠিক পিছতেই বংগৰ কৃষ্ণচন্দ্ৰ মহাৰাজে প্ৰথম ৰাজহুৱাভাৱে দুৰ্গাপূজা প্ৰচলন কৰে৷

আগৰ পূজাসমূহত আচলতে দেৱদেৱীক পূজা কৰা ঠাইখন প্ৰতিষ্ঠা কৰি তাত বলিবিধান কৰি পূজা ভাগ চলাই নিয়া দেখা গৈছিল৷ দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশাআকাংক্ষা, কামনাবাসনা পূৰণৰ কাৰণে দেৱদেৱীক পূজা উপাসনা কৰা, দেৱদেৱীৰ আশীৰ্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হোৱোৰ উদাহৰণ অক্ষয় অপাৰ৷ দুৰ্গাদেৱী শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে৷ বৰ্তমান যুগত দুৰ্গাপূজা বংগদেশ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে৷ সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সাৰ্বজনীনভাৱে মহাসমাৰোহেৰে অনুষ্ঠিত হৈ আহিছে৷ আমাৰ হাগ বিহুৰ যি আনন্দউৎসাস, উলহমালহ, প্ৰীতি আৰু মিলনৰ মধুৰ সমাবেশ, অপৰিমেয় উৎসাহউদ্দীপনাৰ স্বতঃস্ফূৰ্ত আৰু জীৱন্ত প্ৰকাশ, সেই সকলোখিনিয়েই দুৰ্গাপূজাৰ ক্ষেত্ৰতে প্ৰযোজ্য৷ জাতীয় উৎসৱৰ যাগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্ৰিক পৰিচয় স্পষ্টভাৱেই প্ৰকাশিত হয়৷ জীৱনৰ ব্যথাবেদনা, সুখদুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীৰ্ণতা আঁতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়৷

বহু দেৱতাৰ সন্মিলিত শক্তিৰে গঢ়ি উঠা দেৱী দুৰ্গাই অপ্ৰতিৰোধ্য হৈ পৰা, দেৱতাক স্বৰ্গৰ পৰা খেদি পঠোৱা মহিষাসুৰক বধ কৰিছিল, দেৱতাক হেৰুওৱা স্বৰ্গ ওভতাই দিছিল৷ হয়তো আজি আৰু কোনেও দেৱী দুৰ্গাই তেওঁৰ দুৰ্গতি নাশ কৰিব বুলি আশা নকৰে৷ কিন্তু সন্মিলিত শক্তিৰে দুৰ্গতি নাশ কৰিব পাৰি বুলি এতিয়াও বেছিভাগ মানুহে বিশ্বাস কৰে৷ মানুহৰ সন্মিলীত শক্তিৰ সুঅভিপ্ৰায়ৰ প্ৰতি এতিয়াও বেছিভাগ মানুহৰে আস্থা আছে৷  যুগে যুগে দশভূজাৰ ৰূপ লৈ পৃথিৱীৰ কলুষতা মষিমূৰ কৰিবলৈ আৱিৰ্ভাৱ হওক একোজনীদুৰ্গাৰ৷ অসুৰৰূপী মানুহৰ হওক বিনাশ৷ শান্তিৰ চাকি জ্বলি উঠক চৌপাশে৷ তাৰেই কামনাৰে

যা দেৱী সৰ্ৱভূতেষু শক্তিৰূপেন সংস্থিতা৷

 

  নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *