তেজপুৰৰ ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰীভৈৰৱী দেৱী মন্দিৰ বা মাইথানৰ ইতিহাস আৰু পৰম্পৰাগত দুৰ্গা পূজা(ঊজ্যোতিৰ্ময়ী শৰ্ম্মা) – Purbodix.com

তেজপুৰৰ ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰীভৈৰৱী দেৱী মন্দিৰ বা মাইথানৰ ইতিহাস আৰু পৰম্পৰাগত দুৰ্গা পূজা(ঊজ্যোতিৰ্ময়ী শৰ্ম্মা)

ভৈৰৱী মন্দিৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত৷ বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱেমাইথান’’ বুলি জনাজাত৷ মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় বিঘা৷ এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল সেয়া এতিয়াও অজ্ঞাত৷ এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজাঅৰ্চনা কৰা হয়৷ লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱীক আৰাধনা কৰিছিল৷ এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে৷ মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিঁচৰতি হৈ পৰি আছে৷ ভৈৰৱীৰ পৰা বামুণী পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এলানি টিলা আছে৷ অন্যান্য সময়ৰ উপৰিও প্ৰত্যেক বছৰে দুৰ্গা পূজাত বহু দূৰদূৰণিৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷ লানি নিছিগা দীঘলীয়া শাৰী পাতি ভক্তগণে দেৱী মাৰ দৰ্শন পাবলৈ অপেক্ষা কৰে৷  এই মন্দিৰভাগ বহুত জাগ্ৰত আৰু পবিত্ৰ মনেৰে দেৱীক পূজা অৰ্চনা কৰিলে ভক্তৰ মনৰ বাঞ্ছা সিদ্ধি হয় বুলি লোকবিশ্বাস আছে৷

 

বাহ্যিক জাকজমকতাবিহীন আধ্যাত্মিকতাৰে পৰিপূৰ্ণ ঐতিহ্যমন্দিত এই পূজাখনৰ মন্দিৰ ভাগলৈ তলৰপৰা বহুকেইটা চিৰিৰে ওপৰলৈ উঠি যাব লাগে৷ চিৰিৰ কাষতে ধূপ চাকিৰ দোকানসমূহ শাৰী শাৰীকৈ আছে৷ মন্দিৰ গৃহভাগ পকাৰে আৰু টিন পাতেৰে সজ্জিত৷ সময়ৰ লগে লগে আগতকৈ আধুনিক ধৰণৰ ব্যৱস্থা সম্পন্ন কৰা হৈছে৷ গৰ্ভগৃহ ভাগত ভগৱতী ভৈৰৱী মাৰ বিগ্ৰহ আছে লগতে শালগ্ৰাম গোসাঁই, শিৱ বাবা আৰু গণেশ গোসাঁইৰো নিত্য নৈমিত্তিকভাবে পূজাৰীয়ে পূজা আগবঢ়াই আছে৷ চতুৰ্ভুজা দেৱীৰ দুই হাতত জাপমালা আৰু পুথি৷ আনটো হাতত বৰ আৰু অভয় মুদ্ৰা৷ দেহৰ বৰণ ৰক্তিম আৰু পিন্ধনত ৰক্ত বৰ্ণা বস্ত্ৰ৷ কাল ভৈৰৱৰ ভাৰ্য্যা হেতু তেওঁক কালভৈৰৱী বুলিও জনা যায়৷ কিংবদন্তিমতে মেলাই বৰঠাকুৰ নামে প্ৰথম গৰাকী পুৰো¸হিতে ভৈৰৱী মাক পূজা দিবলৈ আহে তেতিয়া ঠাইখন জংঘলেৰে আৱৰি থকা আছিল৷ পূজা আধা হৈ থাকোঁতে পুৰোহিতৰ পৰিবাৰে তেওঁক জলপান দিবলে আহে তেতিয়া ভৈৰৱী মায়ে বুঢ়ীৰ ৰূপলৈ জলপানখিনি খাই দিয়ে বা লুকুৱাই দিয়ে৷ পৰিবাৰে সকলোখিনি কথা পুৰো¸হিতক জনায় আৰু ৰাতি পুৰো¸হিতে সপোন দেখে দেৱীমাই খঙত তেওঁক সোধে যে দেৱীমাক ভোগ নিদিয়াকৈ নিজেই কিয় ভোগ খাই থকা বুলি কয়৷ পিছদিনাৰপৰা পুৰোহিতে দেৱীমাক ভোগ দিবলৈ লয় বুলি জনশ্ৰুতি আছে আৰু মন্দিৰত ভোগ দিয়াৰ প্ৰথা এটা আৰম্ভ হয়৷ ইয়াত প্ৰতিমা পূজা নহয় যিহেতু মন্দিৰত ভৈৰৱীমাৰ বিগ্ৰহ আছে৷ নিত্য পূজাৰ উপৰিও প্ৰত্যক দুৰ্গা পূজাতে অতি ধুমধামেৰে পৰম্পৰাগত অনুসাৰে ভৈৰৱী দেৱী মাৰ বিগ্ৰহত মহালয়াৰ দিনৰপৰাই দুৰ্গা পূজা ৰীতিনীতিৰে আৰম্ভ কৰি ষষ্ঠীত বোধন, সপ্তমীত নৱপত্ৰিকা স্থাপনেৰে শঙ্খ, দবা, কাহঁ, ঢাক ধোলৰ শব্দত পূজাৰীৰ মন্ত্ৰ পাঠ, আয়তিৰ নাম, উৰুলিৰে সকলোৰে সহযোগিতাত পূজা ভাগ অনুষ্ঠিত হৈ আহিছে৷

গৰ্ভগৃহৰ গাতে লাগি থকা দৰ্শনাৰ্থী বহাৰ কাৰণে এটি দীঘলকৈ নামঘৰ সদৃশ গৃহ সজ্জিত৷ তাৰ কাষতে এফালে বলিশাল আৰু মন্দিৰৰ ইটোমূৰে ভোগ ৰন্ধাৰ কাৰণে ৰান্ধনি কোঠা আছে৷ ব্ৰহ্মপুত্ৰ নদীখন তললৈ অলপ দূৰত্বত বৈ গৈছে৷ পকাৰ বহুকেইটা চিৰিৰে তললৈ নামি যাব পাৰি৷ তলৰ পৰা কলিয়াভোমোৰা দলংখন স্পষ্টকৈ প্ৰত্যক্ষ কৰিব পাৰি৷ ভৈৰৱী দেৱালয়ত বিয়াবাৰু, অন্নপ্ৰাসন্ন হোৱাৰ উপৰিও এই মন্দিৰত দূৰদূৰণিৰ পৰা জেঠমহীয়া পানী তোলা সবাহৰ পানী তুলিবলৈ আৰু পূজা দিবলৈ বিভিন্ন ঠাইৰপৰা ৰাইজ আহে৷ খৰালি বনভোজ খাৱলৈও বহুতো লোকৰ সমাগম হয়৷ নৈৰ কাষত বনভোজ খালেও সকলোৱে মন্দিৰ ভাগ দৰ্শন কৰে৷ অতীজতে নৈখন মন্দিৰৰ নিচেই কাষতে আছিল যদিও এতিয়া গতি সলাই বহুখিনি ঠাই বালি পৰি চাপৰি সদৃশ হৈছে৷ এই দেৱালয়ৰ লগত ভৈৰৱী বা ভৰলী নদী ওতপ্ৰোতভাৱে জড়িত হৈ আছে৷ এই ভৰলী নদীৰ উৎপত্তিৰ এটি আখ্যান জনা যায়৷ আখ্যানমতেভৰলী নদীৰ চাৰি মাইল পূবে থকা ভোমোৰাগুৰি পাহাৰত একালত সাবৰ্ণ মুনিৰ আশ্ৰম আছিল৷ এদিন মুনিয়ে আশ্ৰমৰ ওচৰতে কেচুঁৱাৰ কান্দোন শুনি গৈ অকণমান ছোৱালী এজনী পালে আৰু আশ্ৰমলৈ লৈ আহিল৷ তেওঁ ছোৱালীজনীৰ নাম কন্যকা ৰাখিলে অৰু তেতিয়াৰ পৰা সাবৰ্ণ মুনিৰ আশ্ৰমখনৰ নাম কন্যকাশ্ৰম৷ কন্যকা ডাঙৰ লত মুনিৰ কথামতেই মহাদেবক পতি হিচাপে পাবলৈ হিমালয়ৰ নন্দী পৰ্ব্বতত কঠোৰ তপস্যা কৰিলে৷ তপস্যাত সন্তুষ্ট হৈ মহাদেৱে কি বৰ লাগে বুলি কোৱাত কন্যকাই তেওঁৰ মনৰ অভিষ্ট ব্যক্ত কৰিলে৷ তেতিয়া মহাদেবে লে যে তেওঁৰ অৰ্ধ শৰীৰ গৌৰীয়ে অধিকাৰ কৰি আছে৷ দুয়োজন লগ লাগিহে এক৷ সেয়ে মহাদেৱে কন্যকাক গৌৰীৰ ওচৰলৈ পঠিয়ালে৷ কন্যকাৰ কথা শুনি ভগৱতী বিমোৰত পৰিল৷ তেতিয়া লে যে যদি কন্যকাই মহাদেৱক পতি হিচাপে পাব খোজে তেতিয়া কন্যকাই ভৈৰৱী হৈ কান্দি কান্দি দেহ গলাই মহাদেৱৰ চৰণ চুই গৌৰীত লীন যাব লাগিব৷ তেতিয়াহে মহাদেৱক গৌৰীৰ যোগেদি পাব পাৰিব৷ সেই মতে কন্যকা ভৈৰৱী আৰু কান্দি কান্দি দেহ গলাই পৰ্বতৰ পৰা নামি আহিল৷ ভৈৰৱী বা ভৰলী নৈ সুঁতি সলাই ক্ৰমে তেজপুৰৰ পূবলৈ গৈ আছে৷ পূৰ্বতে এই মন্দিৰৰ ওচৰেদি বৈ গৈছিল৷ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ মতে কালিকা পূৰাণত উল্লিখিত হিমালয়ৰ পৰা ওলোৱা তাৰিকা নৈখনেই এই ভৰলী বা ভৈৰৱী নৈখন৷ কালিকা পূৰাণত এই ভৈৰৱী টিলাত ভগৱতীৰ দেৱীভুজ পৰিছিল বুলি পোৱা যায়৷ সেয়ে ভৈৰৱীৰ নাম মহাভাগা আৰু দেৱালয়খনিও মহাপীঠ৷ ভৰলী নদীতে ভৈৰৱী দেৱীৰ আবাসস্থান বুলি লোকবিশ্বাস আছে৷ সেয়েহে অতীজৰেপৰা প্ৰথমভাগ নৈৱেদ্য, বলিৰ প্ৰথমটি ছাগমুণ্ড, ৰোধিৰ আদি ভৈৰৱী বা ভৰলী নদীত আগবঢ়োৱাৰ পৰম্পৰা চলি আছিল৷ কিন্তু বৰ্তমান ভৰলী নদীখন পূবলৈ আঠ মাইলমান আঁতৰলৈ বৈ যোৱা হেতুকে ব্ৰহ্মপুত্ৰৰ পানীধাৰা ভৈৰৱী দেৱালয়ৰ কাষেৰে বৈ যায় আৰু ভৰলী নৈ ব্ৰহ্মপুত্ৰত মিলি যায় কাৰণে ব্ৰহ্মপুত্ৰ নদীকে ভৰলী বুলি জ্ঞান কৰি আজিও নৈৱেদ্য, বলিৰ প্ৰসাদভাগ ব্ৰহ্মপুত্ৰতে অৰ্পণ কৰা হয়৷ এইদৰেই পৰম্পৰাগতভাৱে এই নৃত্য পূজাভাগ হোৱাৰ উপৰিও সকলোৰে সহযোগত দুৰ্গা পূজা প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে৷

এই পূজাই ভক্তৰ দুখদুৰ্গতি নাশ কৰে৷ দুখ দুৰ্গতি নাশ কৰে বাবেই আমি মা দুৰ্গাক দুৰ্গতিনাসিনী বুলি কওঁ৷ সমাজৰ পৰা অপায়অমঙ্গল দূৰ কৰাৰ বাবে দুৰ্গা পূজা কৰা হয়৷ এই পূজাই মানুহক একতাৰ আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধি ৰখাত সহায় কৰে৷ শান্তি, সম্প্ৰীতি, ঐক্য, ভাতৃত্ববোধৰ এনাজৰীডাল যদি সুদৃঢ় হৈ থাকে তেতিয়া সমাজত সুখশান্তি বিৰাজ কৰে৷   

Leave a Reply

Your email address will not be published. Required fields are marked *