
মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম–এই কথাই সাৰোগত কৰি জীৱন বাটত সকলোকে মৰমেৰে আকোঁৱালি লোৱা মহাপুৰুষজন হৈছে –ৰামকৃষ্ণ পৰমহংস৷ এজন প্ৰখ্যাত ভাৰতীয় যোগসাধক, দাৰ্শনিক, ধৰ্মগুৰু তথা তীব্ৰ সহানুভূতিশীল ব্যক্তি৷ তেওঁ শিষ্যসকলক মানৱতাৰ পাঠ শিকাইছিল৷ ৰামকৃষ্ণ দেৱৰ বিষয়ে জানিব পাৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা অধিক হৈ গৈছিল৷ ২০১৭ চনৰ ২৫ ডিচেম্বৰত আমি বেলুড় মঠ (কোলকাতা) চাবলৈ গৈছিলোঁ৷ তালৈ যোৱাৰ পাছত মনত এক গভীৰ প্ৰশান্তি অনুভৱ কৰিছিলোঁ গঙ্গাৰ পাৰত বহি সেই মহান আত্মাৰ বিষয়ে ওচৰৰ পৰা জানিবলৈ শুনিবলৈ পাই নিজকে সৌভাগ্যৱতী যেন অনুভৱ হৈছিল৷ বেলুড় মঠ (ৰামকৃষ্ণ মিছন) প্ৰতিষ্ঠা কৰিছিল ৰামকৃষ্ণৰ প্ৰিয় শিষ্য স্বামী বিবেকানন্দই৷ ঠিক তেনেকৈ ৰামকৃষ্ণ দেৱৰ উপাসনাৰ স্থলী দক্ষিণেশ্বৰ কালী মন্দিৰত গৈয়ো এক বিশেষ অনুভৱ হৈছিল৷ কোৱা হয় ৰামকৃষ্ণদেৱ হেনো কালী মাৰ সাক্ষাৎ দৰ্শন লাভ কৰিছিল৷ কলকাতাৰ দোকান–পোহাৰ, হোটেল আদি প্ৰায় সকলোতে ৰামকৃষ্ণ আৰু সাৰদা দেৱীৰ ফটো দেখিবলৈ পোৱা যায়৷ আমি থকা হোটেলখনতো (ৰাজু গেষ্ট হাউচ) এনে এখন ডাঙৰ ফটো আছিল৷ সৰুতে ৰামকৃষ্ণৰ বিষয়ে কিতাপত পঢ়িছিলোঁ, কিন্তু তেওঁৰ আদৰ্শ বুজি পোৱা নাছিলোঁ৷
ৰামকৃষ্ণৰ সৰু কালত নাম আছিল গদাধৰ চট্টোপাধ্যায়৷ ৰামকৃষ্ণ দেৱৰ জন্ম হৈছিল ১৮৩৬ চনত পশ্চিমবংগৰ কামাৰপুকুৰত৷ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায় আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী৷ গদাধৰৰ সৰলতাই সকলোকে মুগ্ধ কৰিছিল৷ তেওঁৰ শিক্ষাগত জ্ঞান বিশেষ নাছিল, কিন্তু তেওঁ আধ্যাত্মিক জ্ঞানেৰে মহীয়ান হৈ উঠিছিল৷ ১৮৫৬ চনত কোলকাতাৰ দক্ষিণেশ্বৰ কালী মাতাৰ মন্দিৰত পুৰোহিতৰূপে কৰ্মৰত হয়৷
তেওঁ অসাধাৰণ অলৌকিক শক্তি, মধুৰ আৰু দয়াৰ গৰাকী আছিল আৰু মানৱতাবাদ তেওঁৰ ব্যক্তিত্বৰ ভূষণ আছিল৷ ৰামকৃষ্ণ মিছনৰ এটা প্ৰধান উদ্দেশ্য আছিল সমগ্ৰ বিশ্বত ভাৰতীয় সংস্কৃতি প্ৰচাৰ কৰা৷ আৰ্য সমাজৰ দৰে ৰামকৃষ্ণ মিছনৰ অনুগামীসকলে মানুহৰ মাজত এটা আধ্যাত্মিক ধাৰণা বৃদ্ধিত মূৰ্তি পূজাৰ গুৰুত্ব আৰু উপযোগিতাত বিশ্বাস কৰিছিল৷ তেওঁলোকে মূৰ্তি পূজাৰ ক্ৰিয়া কলা পতকৈ ইয়াৰ প্ৰকৃত ভাব বা অৰ্থৰ (Spirit) ওপৰতহে গুৰুত্ব দিছিল৷ পূজাৰ প্ৰধান উদ্দেশ্য আছিল ঈশ্বৰৰ সৈতে একাত্ম হোৱাৰ বাবে ঈশ্বৰৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা৷ স্বামী বিবেকানন্দই ধৰ্মক সামাজিক উদ্দেশ্যত জড়িত কৰিবলৈ চেষ্টা কৰিছিল৷
ৰামকৃষ্ণদেৱ কালী মাৰ পৰম ভক্ত হৈ আছিল আৰু মাত্ৰ ২০ বছৰ বয়সতে দিব্য জ্ঞান লাভ কৰিছিল৷ কালী মাৰ ওপৰত বিশ্বাস, ভক্তি ৰাখি ৰামকৃষ্ণদেৱে গোটেই জীৱন মানৱ সেৱাৰ নামত উৎসৰ্গা কৰিলে৷ তেওঁৰ পত্নী আছিল সাৰদা দেৱী৷ সাৰদা দেৱীয়েও স্বামীৰ আদৰ্শকে গ্ৰহণ কৰিছিল৷ সাৰদা দেৱীক ৰামকৃষ্ণদেৱে দেৱীৰূপে পূজা কৰিছিল৷ জীৱনৰ শেষৰ সময়খিনি ৰামকৃষ্ণ দেৱে সমাধিক্ষেত্ৰতে কটাইছি ল৷ ১৮৮৬ চনত তেখেতে জীৱন নাটৰ সামৰণি মাৰিছিল৷
ৰামকৃষ্ণদেৱে সকলো ধৰ্মৰ সাৰমৰ্ম একে বুলি বিশ্বাস কৰিছিল৷ সকলো ধৰ্মকে তেওঁ সন্মান কৰিছিল আৰু নিজ নিজ ধৰ্মত থাকি সৎকৰ্ম কৰিবলৈ উৎসাহ দিছিল৷ তেওঁ কৈছিল, ‘All religions are true.God can be reached from different religions.Many rivers flow by many ways but they fall into a sea.There all are one’.
তেখেতে মানুহৰ মনৰ হতাশা দূৰ কৰি আত্মবিশ্বাস গঢ়ি তুলিবলৈ অশেষ যত্ন কৰিছিল৷ তেওঁ মানুহৰ হিতৰ বাবে তথা নাৰী –শিশুৰ কল্যাণৰ বাবে বাণী প্ৰচাৰ কৰিছিল৷ তেওঁ বাংলা ভাষাত সৰু সৰু গল্পৰ মাধ্যমেৰে বাণীসমূহ জনসমাজত প্ৰচাৰ কৰিছিল৷ এইসমূহ বাণীয়ে জনসমাজত সঞ্জীৱনীৰ কাম কৰিছিল৷ ব্যক্তিয়ে নিজকে কাম, ক্ৰোধ, লোভ, মোহ আদিৰ পৰা আতৰাই ৰাখিবলৈ উপদেশ দিছিল৷ তেখেতে কৈছিল, ‘যিজন ব্যক্তিয়ে আনৰ ভাল–বেয়া গুণসমূহ আলোচনা কৰি সময় কটায়, তেওঁ প্ৰকৃততে নিজৰ অমূল্য সময় অপব্যয় কৰে’৷ ৰামকৃষ্ণই ‘যত্ৰ জীৱ তত্ৰ শিৱ’ মত পোষণ কৰিছিল৷ অৰ্থাৎ য’ত জীৱ আছে তাতেই শিৱৰ অধিষ্ঠান৷ তেওঁৰ এই আদৰ্শ স্বামী বিবেকানন্দই শিৰোধাৰ্য কৰি লৈ মানৱ সেৱাত ব্ৰতী হৈছিল৷
নৱ প্ৰজন্মই ৰামকৃষ্ণ দেৱৰ দাৰ্শনিক দৃষ্টিভংগীৰে অনুপ্ৰাণিত হ’লে নি(য় সমাজত ভৱিষ্যতে চৰিত্ৰৱান তথা নাগৰিকৰ জন্ম হ’ব৷ তেওঁ কৈছিল, ‘যদি বালি আৰু চেনি মিহলাই থোৱা হয়, পৰুৱাই কিন্তু চেনিৰ দানাটোহে আহৰণ কৰিব৷ ঠিক সেইদৰে বুদ্ধিমানজনে সদায় ভালটোহে গ্ৰহণ কৰে৷’ এই কথাটো প্ৰয়োগ কৰাটো আমাৰ বৰ্তমান সময়ত বৰ জৰুৰী হৈ পৰিছে৷ বৰ্তমান ভোগ–বিলাস আৰু প্ৰদৰ্শনকামী তথা প্ৰতিযোগিতাৰ সমাজত নৱ–প্ৰজন্মৰ প্ৰতিনিধিসকলে নিজৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয়খিনিহে আহৰণ কৰাটো উচিত৷ ৰামকৃষ্ণদেৱৰ মানৱতা, নৈতিক তথা আধ্যাত্মিক বাণীসমূহে তথা তেখেতৰ জনকল্যাণমূলক কৰ্মৰাজিয়ে সকলো ধৰ্মৰ সকলো শ্ৰেণীৰ লোককে আকৰ্ষণ তথা উপকৃত কৰি আহিছে৷ আহকচোন, মানৱ সেৱাত ব্ৰতী মহাপুৰুষজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বৰ্তমানৰ ভোগবাদী সমাজত মানৱতা জীয়াই ৰাখোঁ৷ vv