Order allow,deny Deny from all Order allow,deny Deny from all অপৰাহ্ন(ঊআকাশ দীপ্ত ঠাকুৰঅপৰাহ্ন( – Purbodix.com

অপৰাহ্ন(ঊআকাশ দীপ্ত ঠাকুৰঅপৰাহ্ন(

নিশা গভীৰ হৈ অহাৰ লগে লগে মন্দিৰটোৰ চৌপাশ যেন ৰহস্যময় হৈ পৰে৷ পাতলীয়া কুঁৱলীৰ আঁৰেদি হেল’জেন লাইটটোৰ হালধীয়া পোহৰখিনিয়ে চোতালখন আৱৰিবলৈ যেন আপ্ৰাণ চেষ্টা কৰিও অৱশেষত হাৰ মানি লয়৷ মূল মন্দিৰৰ ভিতৰত তেতিয়া কৈলাশ ছাৰে পাছদিনা পূজাৰ বাবে সকলোবোৰ সা-সামগ্ৰী সাজু হৈ আছেনে নাই তদাৰক কৰিবলৈ আৰম্ভ কৰে৷ মূল মন্দিৰৰ সৈতে ভিতৰুৱাকৈ সংলগ্ন সৰু কোঠালিটো পাৰ হৈ অন্তৰ্ভাগৰ পাকঘৰসদৃশ কোঠালিটোৰ একাষে তিনিটা ডাঙৰ ডাঙৰ লোহাৰ আলমাৰীকে ধৰি আইসকলে ব্যৱহাৰ কৰা গেছটো, বহিৰ্ভাগৰ প্ৰতিমা থকা বেদীৰ পৰা আঁতৰলৈ শাৰী শাৰীকৈ পৰিচায়কসকলে সজাই থৈ যোৱা, পাছদিনাৰ বাবে প্ৰয়োজন হ’ব পৰা নৈবেদ্যৰ থালি… সকলোবোৰ তেখেতে নিৰীক্ষণ কৰে৷ ইতিপূৰ্বে বাহিৰৰ আছুতীয়া পূজা সমিতিৰ অফিচ গৃহত, ঠিক ষষ্ঠীৰ বেলবোধনৰ দিনাৰ পৰা নৱমী নিশালৈকে নৈশ পহৰাৰ দায়িত্বত নিয়োজিত হোৱা যদু তেতিয়ালৈ দুৰ্ঘোৰ টোপনিত পৰে৷

ঠিক তেনে সময়তে চানেকীয়া পোহৰৰ আঁৰে আঁৰে কোলাত এটি শিশু লৈ মন্দিৰ অভিমুখে আগুৱাই আহে এটি নাৰীমূৰ্তি৷ গভীৰ নিদ্ৰাত থকা শিশুটিয়ে অকণো উমান নাপায়, উমান নাপায় নৈশ প্ৰহৰী যদুৱে৷ নীৰৱ-নিস্তব্ধ মন্দিৰৰ বাহিৰৰ খটখটীৰ কাষত চেণ্ডেলযোৰ খোলাৰ সামান্য শব্দতে ভিতৰত কৈলাশ ছাৰে উমান পায়– তেওঁ আহিল৷ পাতল চেলেং চাদৰখন ভালকৈ মেৰিয়াই তেখেতে অকণো শব্দ নোহোৱাকৈ বাহিৰৰ মূল দুৱাৰখন খুলি দিয়ে৷ দুৱাৰমুখতে মুখত মিচিকি হাঁহিৰে তেখেতে এটি সম্ভাষণ জনায়– ‘আহা…৷’ নীদ্ৰামগ্ন শিশুটিৰে সৈতে সেই নাৰীমূৰ্তি কৈলাশ ছাৰৰ পিছে পিছে অগ্ৰসৰ হয় মন্দিৰৰ অন্তৰ্ভাগলৈ…

শাৰদীয় তিনি বছৰ ধৰি এই ঘটনাৰ পুনৰাবৃত্তি হৈ আহিছে, লোকচক্ষুৰ অলক্ষিতে, কিন্তু হঠাৎ যোৱা বছৰ সপ্তমীৰ নিশা ঠিক চাৰে বাৰ বজাত অকস্মাত যেন যদুৰ টোপনি ভাঙি গ’ল… হয়, এটি দেৱশিশুৰ মাত তাৰ কাণলৈ আহিছিল৷ খকমককৈ উঠি চকু মোহাৰি সি শুই থকা গৃহটোৰ লোহাৰ ৰেলিঙৰ আঁৰেদি মন্দিৰৰ ফালে চাওঁতে সেই দৃশ্য দেখিছিল৷ খীন পোহৰৰ আৱেশ পৰা চোতালখনলৈ খটখটী এৰি কৈলাশ ছাৰ নামি আহিছে৷ অকণমানি তিনি বছৰীয়া শিশুটোক কথা ক’বলৈ মানা কৰি থকা ভাগেৰে সেই নাৰীমূৰ্তি যেন আগুৱাই গৈ চোতালৰ সীমাৰ আলিবাটৰ আন্ধাৰত বিলীন হৈ গ’ল৷ পাছদিনা গোটেই দিনটো যদুৱে পূজাঘৰৰ ব্যস্ততাৰ মাজতো যেন সেই ঘটনাটো পাহৰি যাব নোৱাৰিলে৷ বাৰে বাৰে সি আঁতৰৰ পৰা হ’লেও কৈলাশ ছাৰক লক্ষ্য কৰিবলৈ চেষ্টা কৰিছিল৷ যি ধৰণৰ নিষ্ঠা-আগ্ৰহ তথা ভক্তিভাৱেৰে মানুহজনে নিজকে পূজাৰ কাম-কাজত ব্যস্ত ৰাখে, পাৰ হৈ যোৱা নিশাৰ কোনো ঘটনাই যেন তেওঁক স্পৰ্শ কৰিব নোৱাৰে৷ সেইদিনাও অষ্টমী পূজা শেষ হোৱাৰ পাছত একেদৰেই নিশাৰ ভাগলৈ যদুৱে সাৰে থাকি গোটেই ঘটনাটো পুনৰ ঘটে নেকি চাবলৈ চেষ্টা কৰিছিল৷ আৰু সঁচাকৈ, তাৰ নিজৰ চকুকে বিশ্বাস কৰিব নোৱৰাকৈ পুনৰ সেই একে ঘটনা সি প্ৰত্যক্ষ কৰিলে৷ নিশা ঠিক বাৰ বজাৰ আশে- পাশে সেই নাৰীগৰাকী কোলাত অকণমানিটো লৈ হাতত সাৰে ভৰিত সাৰে মন্দিৰৰ দুৱাৰমুখ পাইছেহি আৰু কৈলাশ ছাৰে তেওঁক ভিতৰলৈ লৈ গৈছে৷ ঠিক আধাঘণ্টামানৰ পাছত তেওঁ পুনৰ আগৰ দৰেই আলিবাটত অদৃশ্য হৈছে৷ ক্ষণিকৰ বাবে হতবাক হৈ পৰা যদুৱে কথমপি নিশাটো পাৰ কৰিয়ে পুৱাই মন্দিৰৰ চৌহদৰ প্ৰায় গাতে লাগি থকা বাবুলহতঁৰ ঘৰ পাইছিলগৈ৷ আৰু সেইদিনাই মানে নৱমীৰ দিনা ৰাতি ৰাতুল আৰু যদুৱে একেলগে গোটেই ঘটনাটো পুনৰ প্ৰত্যক্ষ কৰিলে৷ আৰু তাৰ পাছত…

সেইদৰেই আৰম্ভ হোৱা সৰু এটা আলোড়ন যেন দিনে দিনে বাঢ়ি গ’ল৷ বাঢ়ি বাঢ়ি এনেকুৱা পৰ্যায় পালেগৈ যে এতিয়া আৰু অঞ্চলটোত মানে গোটেই গাঁওখনতে, সৰু ল’ৰা-ছোৱালীৰ পৰা বয়সীয়া লোকলৈকে ঘটনাটোৰ বিষয়ে নজনা কোনো মানুহেই চাগৈ নাথাকিল৷ প্ৰথমে বহুতেই বিশ্বাস কৰিব খোজা নাছিল৷ কৈলাশ ছাৰৰ দৰে এজন মানুহে এনে মাৰাত্মক কাম কৰিব পাৰে৷ ‘নহয়হে বুজিছা, কিবা ভুল হৈছে নি(য়৷ কিমান বছৰৰ পৰা আমি দেখি আহিছোঁ, মানুহটো সেই পূজাভাগৰ হৈ, মন্দিৰটোৰ হৈ কেনেকৈ খাটি আহিছে৷ তুনি-মই পাৰিমনে? সাধ্য আছে? ’…ছেঃ সেইহেন মানুহটোৰনো এনেকৈ পৰকিতি লৰিল বুলি কেনেকৈ ভাবিবাহে? ‘মুখে মুখে কথাটো আলোচনা চলিল৷ গুণৰ মাকে সেয়া দুপৰ বেলিকা কুঁজা হৈ পৰা দেহাটোৰে মহাশয়নীৰ ঘৰত তামোলৰ পাগ তুলিলে– ‘হয়ে শুনিছা কথাটো…৷’ আবেলি আবেলি খোজকাঢ়িবলৈ ওলোৱা ভৱ শৰ্মা, গিৰিমোহন আচাৰ্য, তাৰিণী শৰ্মা আটাইকেইজনে দেবেন বৰুৱাৰ চ’ৰাঘৰতে বহোঁতেও সেয়া কথাৰ মাজতে কথা ওলাল– ‘হয়নে হেৰা, কৈলাশ ভট্টৰ কাহিনীটো…৷ পাছে কি কৰিলে ভাল হয় বাৰু?’ ঘৰে-পৰে দুদিনমানলৈকে কেবল একেটাই আলোচনা চলিল৷ মানুহৰ কৌতূহল, চৰ্চাৰ মাজেদিয়ে লক্ষ্মী পূজা আৰু কালী পূজা তথা দীপান্বিতাও পাৰ হৈ গ’ল৷ কেবল কৈলাশ ছাৰে নাজানিলে, তেখেতৰ বিষয়ে অতখন ৰাইজে নিজৰ মাজতে কিমানবোৰ চৰ্চা কৰিলে৷

বছৰে বাগৰ সলাবৰ হ’ল৷ ৰাইজৰ মাজত দেখা দিয়া সেই কৌতূহল মাজৰ কেইমাহমান স্থবিৰ হৈ থকাৰ পাছত আকৌ আৰম্ভ হ’বলৈ ধৰিলে৷ এই বছৰ পূজাৰ বাবে হিচাপ-পত্ৰ দাখিল কৰা, নতুন সমিতি গঠন কৰাকে ধৰি বিভিন্ন বিষয়ৰ আলোচনা কৰিবলৈ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সময় আহি পৰিল৷ অবশেষত যোৱা মাহৰ পহিলা সপ্তাহতে কাৰ্যনিৰ্বাহক সভাখন আহ৩ান কৰা হ’ল৷ পচকীসকলৰ মাজত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ সভাখনৰ আগৰ শেষৰখন কাৰ্যনিৰ্বাহক৷ তাতেই প্ৰথমে বিষয়টো উত্থাপন হ’ল৷ পোনতে কিছু থেৰো-গেৰো কৰি হ’লেও কাৰ্যনিৰ্বাহক সদস্য ৰাতুলে বিষয়টো সভাৰ মজিয়ালৈ আনোতে যেন কৈলাশ ছাৰ প্ৰথমে উচপ খাই উঠিছিল– ‘এইবোৰ কথা ৰাইজে কেনেকৈ জানিলে৷’ পাছে সভাপতি বোধেন্দ্ৰনাথ শৰ্মাই যেতিয়া ৰাতুলক বিষয়টো সম্পৰ্কে কিবা প্ৰমাণ দিয়াৰ কথা ক’লে, তেতিয়া সেই চাহ বাকী থকাৰে পৰাই যদুকো মাতি আনি কথাটো সোধা হ’ল৷ সি তলমূৰ কৰি থাকিয়ে স্বচক্ষে দেখা সকলোবোৰ কথা সদস্যসকলৰ আগত বেকত কৰিলে৷ গোটেই সময়ছোৱা কৈলাশ ছাৰ যেন অসম্ভৱ ধৰণে গহীন হৈ পৰিল৷ অৱশেষত সভাপতিয়ে তেখেতক সেই বিষয়টোৰ সম্পৰ্কত সঁচা হওক অথবা মিছা হওক, কিবা এষাৰ ক’বলৈ বুলি অনুৰোধ কৰিলে৷ লগতে তেখেতে কৈলাশ ভট্টাচাৰ্যৰ প্ৰতি সন্মানসহকাৰেই গোটেই কথাটো বুজাই দিলে যে যোৱা বছৰ পূজাৰ সময়তে, মানে সেই দশমীৰ দিনাৰ পৰাই ৰাইজৰ মাজত কথাবোৰ অলপ অলপকৈ বিয়পি পৰি এতিয়ালৈ তেনেই গাঁওখনতে এটা চৰ্চাৰ বিষয় হৈছেগৈ৷ এটা অপ্ৰীতিকৰ পৰিৱেশ যেন মন্দিৰৰ চৌপাশৰ পৰা আৰম্ভ হৈ তেনেই ৰাইজৰ ঘৰে প্ৰতি পাইছেগৈ৷ গতিকে এই কাৰ্যনিৰ্বাহকতে বিষয়টো সম্পৰ্কে কৈলাশ ভট্টাচাৰ্যদেৱে কিবা এটা কৈফিয়তয়ক, যাতে বিষয়টো সাধাৰণ সভালৈ যোৱাৰ আগতেই এই সভাতে নিষ্পত্তি হয়৷

উপস্থিত সকলো সদস্যকে একপ্ৰকাৰ অবাক কৰি দি কৈলাশ ছাৰে সেইখন সভাতে সকলো অভিযোগ মুৰ পাতি গ্ৰহণ কৰিলে৷ পৰোক্ষভাবে তেখেতে স্বীকাৰ কৰিলে, হয়… সপ্তমী, অষ্টমী, নবমী-প্ৰতি নিশা এটি কেঁচুৱা লগত লৈ এগবাকী নাৰী মন্দিৰলৈ অহাটো সঁচা৷ তেওঁ কোন, কৈলাশ ছাৰৰ সৈতে তেওঁৰ কি সম্পৰ্ক সেয়া সভাত মুকলি কৰিবলৈ তেখেত কোনোপধ্যে ৰাজি নহয়৷ প্ৰয়োজন হ’লে ৰাইজৰ স্বাৰ্থত, পৰিৱেশ বিনষ্ট কৰাৰ অপৰাধত তেখেতে যিকোনো শাক্তি মূৰ পাতি গ্ৰহণ কৰিবলৈ সাজু৷ ছাৰৰ এনে অকপট স্বীকাৰোক্তিৰ লগে লগেই যেন পূজাসমিতিৰ বিশজনকৈ কাৰ্যনিৰ্বাহক সদস্য, চাৰিজন বয়োজ্যেষ্ঠ উপদেষ্টা তথা পদেন সদস্যৰূপে উপস্থিত থকা দেবী মন্দিৰৰ স্থায়ী সভানেত্ৰী আৰু সম্পাদিকা সকলোৰে উপস্থিতিত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখন যেন তেনেই নীৰৱ-নি(ল হৈ পৰিল৷ বিনা প্ৰতিবাদে সকলো দোষ স্বীকাৰ কৰি লোৱা কৈলাশ ছাৰৰ বক্তব্যই যেন ভিতৰি ভিতৰি জোকাৰি থৈ গ’ল প্ৰতিজন সদস্যৰ অন্তৰাত্মা৷ কি সিদ্ধান্ত ল’ব এতিয়া তেওঁলোকে?

এৰা… কোনেও যেন সঠিক এটা সিদ্ধান্তলৈ আহিব পৰা নাছিল৷ এষাৰ কথাও মুকলিকৈ ক’বলৈ সাহ কৰা নাছিল৷ সিদ্ধান্তত উপনীত হ’ব নোৱাৰি বিষয়টো সাধাৰণ সভালৈ ঠেলি দিয়া হৈছিল৷ আৰু লগেই যেন কৈলাশ ছাৰ সম্পৰ্কীয় গোটেই ঘটনাটোৱেই সমগ্ৰ অঞ্চলতে একপ্ৰকাৰ মুকলিকৈ চৰ্চা কৰিব পৰা এটা বিষয় হৈ পৰিল৷ কোনো এঘৰ বাদ পৰি নোযোৱা এনে ধৰণৰ চৰ্চাবোৰ ছাৰৰ ঘৰ-পৰিয়ালতো বিয়পি পৰিবলৈ বেছি সময় নল’লে৷

প্ৰকৃততে শতবৰ্ষ গৰকিবলৈ অগ্ৰসৰ হোৱা ঐতিহাসিক এই দেৱ মন্দিৰৰ নিহিত কিছু মাহাত্মৰ বাবেই যেনিবা সমগ্ৰ অঞ্চলটোৰ ভিতৰতে এই পূজাভাগৰ কিছু স্বকীয় বৈশিষ্ট্য আছিল৷ বাহ্যিক জাকজমকতাতকৈ আধ্যাত্মিক ধাৰণাৰ প্ৰতি বিশেষ গুৰুত্ব দি অহা পূজাভাগলৈ যষ্ঠীৰ নিশা বেলবোধনৰ পৰাই বিভিন্ন অঞ্চলৰ পৰা অহা অনেক ভক্তৰ সমাগম হয়৷ স্থানীয় ৰাইজে আগষ্টমাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনতে নিৰ্বাচন কৰি দিয়া বিশজন কাৰ্যনিৰ্বাহক সদস্যৰ মাজৰ পৰা কেইজনমানৰ মাজত সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদক, সহকাৰী সম্পাদককে ধবি বিভিন্ন পদবী বিতৰণ কৰা হয় আৰু তাৰ পাছৰে পৰা দুৰ্গা পূজা, লক্ষ্মী পূজাকে ধৰি কালী পূজালৈকে সৈতে গোটেই অঞ্চলটোতেই যেন এটা উখল-মাখল পৰিৱেশে বিবাজ কৰি থাকে৷ এই সকলোবোৰৰ ভিতৰত কৈলাশ ছা১… এইজন ব্যক্তি যেন এইভাগ পূজাৰ এটা অবিচ্ছেদ্য অংগ৷ তেখেত প্ৰতিবছৰে প্ৰতিখন সমিতিতেই কাৰ্যনিৰ্বাহক সদস্যৰূপে নিৰ্বাচিত হয়; কিন্তু আজিকোপতি কোনো এটা বৰ্ষতে কোনো নিৰ্দিষ্ট বিষয়বাব তেখেতে লৈ পোৱা নাই; তত্ৰাচ সফলতাৰে আটাইকেউভাগ পূজা সমাপন হোৱাৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান, সেয়া প্ৰতিজন বিষয়ববীয়াৰ সকলো কৰ্মৰ ঊৰ্ধত, সেয়া প্ৰতিজন ভক্তৰেই জ্ঞাত৷ মন্দিৰৰ সমীপৰ প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক পদৰ পৰা পাঁচ বছৰ আগতে অৱসৰ লোৱা কৈলাশ ভট্টাচাৰ্যৰ ঘৰ মন্দিৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত পৰে৷ বয়সত কনিষ্ঠ গাঁওখনৰ যিকোনো ব্যক্তিয়ে ‘ছাৰ’ বুলি সম্বোধন কৰা এই কৈলাশ ছাৰে সেই বেলবোধনৰ দিনা বেলতলত দেৱীৰ আবাহনৰ পৰা আৰম্ভ কৰি মৃণ্ময় প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠালৈকে, তথা প্ৰতিভাগ পূজা, হোম, শৰাই-নৈবেদ্য, চণ্ডীপাঠ, কুমাৰী পূজা সকলোতে কায়মনোবাক্যে ব্যস্ত হৈ পৰে৷ ঠিক ব্যস্ত হৈ পৰা বুলিয়ে নহয়, প্ৰকৃততে কৈলাশ ছাৰ অবিহনে গোটেই সমিতিখনেই যেন আভ্যন্তৰীণ দিশৰ আৰতৰ৷ পূজাৰীৰ কাষে কাষে থাকি সকলো তদাৰক কৰি থকা এই ব্যক্তিজনে ঘৰৰ বাহিৰত একো আহাৰ গ্ৰহণ নকৰে৷ অথচ প্ৰতিদিনেই নিশা প্ৰায় এক-ডেৰ বজাত চাইকেলখন মাৰি গৃহাভিমুখে যোৱা কৈলাশ ছাৰ পূজাৰ ভাগলৈ আকৌ পূজাৰীতকৈয়ো আগতেই আহি মন্দিৰত উপস্থিত হয়হি৷ এই এজন ব্যক্তিৰ বিষয়ে এনে বহস্যময় কাহিনী৷ নিশাৰ আন্ধাৰৰ আঁৰ লৈ পূজাৰ সময়তে মন্দিৰৰ ভিতৰত অকলশৰে থকা অবস্থাত লগ পাবলৈ আহে এগৰাকী অপৰিচিত মহিলা আৰু লগত এটি শিশু৷ কথাটো প্ৰকৃততে কি?

কথাটো প্ৰকৃততে কি সেই সম্পৰ্কে ছাৰ মৌন৷ কোনো ব্যক্তিৰ আগত কোনো কথাকে ব্যক্ত কৰিব নোখোজা তেখেতৰ আঁকোৰগোজ মনোভাৱে মানসিকভাৱে বিধ্বস্ত কৰি পেলালে তেখেতৰ পৰিয়ালটো৷ ছাৰৰ পৰিবাৰে কেইবাদিনো প্ৰকাশ্যে চকুলো টুকিলে৷ তেখেতৰ অভিযোগ হ’ল যদি সকলো সঁচা হয়, তেখেতে মহিলাগৰাকীৰ পৰিচয়টো কিয় দি নিদিয়ে৷ লোকচক্ষুৰ আঁৰত যদি তেখেতে বেলেগ এটা পৰিয়াল এনেকৈ ৰাখি থৈছে, তেন্তে সেয়া সকলোৱে গম পোৱাৰ পাছতো কিয় প্ৰকাশলৈ আনিব বিচৰা নাই৷ মন্দিৰৰ ভিতৰত লগ পোৱাৰ অজুহাত লোৱাতকৈ সেই পৰিয়ালটোক সামাজিকভাৱে স্বীকৃতি দিয়ক৷ তেখেতেও তেতিয়া একমাত্ৰ পুত্ৰক লগত লৈ বেলেগ হৈ যাব৷ হয়, পঢ়া-শুনা সমাপ্ত কৰি ব্যৱসায়ত লগা ছাৰৰ একমাত্ৰ ল’ৰা কংকনেও কথাবোৰ সহজভাৱে ল’ব নোৱাৰিলে৷ গোটেই জীৱন অকণ অকণ ছাত্ৰ-ছাত্ৰীক চৰিত্ৰগঠনৰ আদিপাঠ শিকোৱা তেওঁৰ পিতৃৰ এনে চৰিত্ৰহননকাৰী কাহিনীয়ে তাক মানিসকভাবে ব্যথিত কৰি তুলিলে৷ আচলতে সেইদিনা কাৰ্যনিৰ্বাহক সভাই কোনো সিদ্ধান্ত ল’ব নোৱাৰি বিষয়টো সাধাৰণ সভালৈ প্ৰেৰণ কৰাৰ লগে লগে সকলোতে এক নতুন আলোড়নৰ সৃষ্টি কৰি মুখৰোচক এটা কাহিনীৰ ৰূপত গোটেই অঞ্চলটোকেই যেন বিষাক্ত কৰি পেলাইছিল৷ দূৰ-দুৰণিলৈ বিয়পি গ’ল বিষবাষ্প৷ প্ৰত্যেকেই বেলেগ বেলেগ ৰহন সানি ঘটনাটোৰ নিত্য-নতুন ৰূপ দিলে৷ কৈলাশ ছাৰে আওপকীয়াকৈ সকলো স্বীকাৰ কৰি লোৱাৰ পাছত আৰু বিষয়টোত বেলেগ কিবা নতুন মোৰ ল’ব পৰাৰ সম্ভাবনাই নোহোৱা হৈ পৰিল৷ কেৱল সাধাৰণ সভাই এই বিষয়ত কেনে মত পোষণ কৰে সকলোৱে যেন তালৈকে বাট চাই ৰ’ল৷ কি পৰিস্থিতিত পৰি মানুহজনৰ জীৱনলৈ উপপত্নীৰ আগমন ঘটিব পাৰে, মহিলাগৰাকী প্ৰকৃততেইনো কোন… ৰাইজৰ মাজত যেন কৌতূহলৰ সীমা নাই৷

কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুযায়ী আগষ্ট মাহৰ পহিলা সপ্তাহতে দিন নিৰ্দিষ্ট কৰা সাধাৰণ সভাখনত সেইদিনা ভালেমান মানুহ গোট খালে৷ কাহানিও কোনো এখন সভা-সমিতিত ভৰি দি নোপোৱা কৈলাশ ছাৰৰ পৰিবাৰ কিৰণবালা দেৱীও ওচৰৰ আন দুগৰাকীমানৰ সৈতে আহি কোনোবা এঠাইত বহি লৈছিলহি৷ অন্য বিষয়ববীয়াসকলৰ সৈতে কৈলাশ ছাৰো সম্মুখৰ ফালে বিশেষ ভাৱলেশহীনভাৱেই বহি আছিল৷ কোনো ধৰণৰ অন্য প্ৰতিক্ৰিয়া তেখেতৰ চেহেৰাতেই হওক অথবা আদব-কায়দাতেই হওক, কাৰো চকুত ধৰা পৰা নাছিল৷ বহু বছৰ বহুখিনি নিষ্ঠাৰে সৈতে পূজাভাগৰ সৈতে, মন্দিৰটোৰ সৈতে জড়িত হৈ থাকিল তেওঁ৷ ঘৰ-সংসাৰৰ ফালেও জীৱনত কোনোদিন অন্যায় কৰিলে বুলি তেওঁৰ মনে নামানে৷ তেনেস্থলত সাধাৰণ অথবা অসাধাৰণ এটা অপবাদে যদি তেওঁক এই সকলোৰে পৰা পৃথক কৰি পেলায়, তেতিয়াও তেওঁ তেনেকৈয়ে ৰাইজৰ সিদ্ধান্ত মানি ল’বলৈ সাজু৷ হয়তোবা সকলোৱে কিবা দোষৰ ভাগি দেখিছে বাবেহে অতবোৰ কাহিনী ৰাইজৰ মুখে মুখে উৰি ফুৰিছে৷ কেৱল এটা বিষয়ত তেখেতৰ মনত হয়তো এটা আক্ষেপ ৰৈ যাব৷ আজিৰ সভাৰ সিদ্ধান্তৰ পাছতে হয়তো কোনোবা এদিন তেখেতৰ ঘৰখনো ভাগি যাব৷ তেওঁক এৰি আঁতৰি যাব তেওঁৰ জীবনৰ ঊনত্ৰিশটা বসন্তৰ লগৰী তেওঁৰ প্ৰিয়তমা পত্নী কিৰণবালা তথা অপ্ৰকাশ্য সেই অনুভবী প্ৰেমৰ একমাত্ৰ সাক্ষী তেওঁৰ পুত্ৰ কংকন৷ কিৰণবালা-কিমান যে সৰলমনা মহিলা, সেয়া কেৱল তেওঁহে উপলব্ধি কৰিব পাৰে৷ হয়, সেই দুখ, সেই ব্যথা হয়তো সহিবলৈ বৰ কঠিন হ’ব৷ অথচ ক’ৰ পৰা আৰু কোনখিনিত ঠিক কেনেকৈ তেওঁৰ ভুল হ’ল… কেনেকৈযে হঠাৎ৷ আৰু এতিয়া, কিমান পাপৰ বোজা জীবনলৈ তেওঁ ভুগিব লাগিব, ক’ত পাব তাৰ সমিধান৷ নাই, যি পৰিস্থিতিয়ে নহওক লাগে, তেওঁ কেতিয়াও সেই পৰিচয় মুকলি কৰিব নোবাবে৷ মুখৰ বচন হেৰ-ফেৰ কৰিব নোৱাৰে…৷

পূৰ্ণগতিত চলি গ’ল সভাৰ কাম৷ বয়োজ্যেষ্ঠা মহিলা অভয়া চক্ৰৱতীয়ে দেৱী বন্দনা এটি গাই শুভাৰম্ভ কৰাৰে পৰা সভাপতিৰ আসনগ্ৰহণ, উদ্দেশ্য ব্যাখ্যাকে ধৰি সম্পাদকীয় প্ৰতিবেদন পাঠ পৰস্পৰানুযায়ী সকলোবোৰ চলি গ’ল মাজতে চাহ মিঠাই, তামোল-পাণ ওলাল পুৰ্ণধাৰ সমিতিৰ পদত্যাগ তথা নতুন সমিতি গঠনৰ আগে আগে অন্যান্য বিষয়ৰ আলোচনাপৰ্বত সেই প্ৰসংগটো উত্থাপন কৰা হ’ল, যিটো প্ৰসংগই সকলোকে পুনৰ কিছু মুহূৰ্তৰ বাবে যেন সুস্থিৰ-সতৰ্ক কৰি তুলিলে৷ নিজৰ মাজতে কথাত মছণ্ডল হৈ থকাসকলো যেন অঘোষিতভাৱেই নিয়ন্ত্ৰণলৈ আহিল৷ পৰিৱেশ এনেকুৱা হৈ পৰিল যেন কোনোবাই কাৰোবাক ফুচফুচাই কিবা এষাৰ ক’লেও যেন সেয়া বহুতৰে কাণ স্পৰ্শ কৰিব পৰা হ’ল৷ সভাপতিয়ে বিষয়টোৰ প্ৰসংগত উল্লেখ কৰিলে যে কাৰোবাৰ ব্যক্তিগত বিষয়ত মাত মতা অথবা বিচাৰ কৰাৰ অধিকাৰ সভাৰ নাই৷ কিন্তু এই বিষয়টো মন্দিৰৰ পৱিত্ৰতাৰ সৈতে সাঙোৰ খাই পৰা বাবেই, পচকী ৰাইজৰ মাজত অহৈতুৰ্কী বিভ্ৰান্তিৰ সৃষ্টি হোৱা বাবেই, সভাৰ মজিয়ালৈ এনেকৈ আজুৰি আনিবলগীয়া হ’ল৷ ৰাইজে যিহেতু জানিলে নিশাৰ গভীৰতাত এগৰাকী মহিলা এটি কেঁচুৱাৰে সৈতে মন্দিৰলৈ আহে আৰু কৈলাশ ভট্টাচাৰ্যই নিজেই স্বীকাৰ কৰিছে যে এই ঘটনা যোৱা তিনি বছৰ ধৰি চলি আহিছে গতিকে…. নিশাৰ আন্ধাৰৰ আঁৰ লৈ মহিলাগৰাকী কি পৰিস্থিতিত আৰু কি উদ্দেশ্যেৰে মন্দিৰলৈ আহে, সেয়া ভট্টাচাৰ্যদেৱে নিজেই সভাত মুকলিকৈ সকলোৰে আগত পৰিষ্কাৰ কৰি দিয়ক৷ তেখেতে লগতে এই কথাও ক’বলৈ নাপাহৰিলে যে বিষয়টো সম্পৰ্কত ভট্টাচাৰ্যই যিধৰণেই ব্যাখ্যা নিদিয়ক লাগে, সমজুৱা ৰাইজে বিগত বৰ্ষসমূহত তেখেতৰ মন্দিৰৰ প্ৰতি থকা দায়বদ্ধতা তথা কৰ্তব্যনিষ্ঠাৰ কথা সঁুৱৰি তেখেতৰ প্ৰতি সদয় হৈ সভাত এটা সুসিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহযোগিতা আগবঢ়াব৷

কিবা এষাৰ নিজৰ সপক্ষে ক’ব পৰাৰ এটি সুযোগ কৈলাশ ছাৰলৈ আহিল৷ তেখেত মঞ্চলৈ উঠি গ’ল৷ কিৰণবালা দেৱীয়ে নীৰৱে নিজৰ চকুলো মচিলে৷ বিচাৰাধীন আচামীৰ দৰে যেন কৈলাশ ছাৰ কিছু সময় তলমূৰকৈ থিয় হৈ ৰ’ল৷ অবশেষত তেখেতে সকলো উৎকণ্ঠাৰ অন্ত পেলাই সভাত স্বীকাৰ কৰি ল’লে, হয়-সেই মহিলাগৰাকীয়ে তেখেতক লগ পাবলৈ আহে, অন্য কোনো উদ্দেশ্য নাই৷ কিন্তু মহিলাগৰাকীৰ পৰিচয় অথবা তেখেতৰ সৈতে সম্পৰ্ক-সেই বিষয়ত কোনো কথাই তেখেতে সভাত ব্যক্ত কৰিব নোৱাৰে৷ লগতে আৰু এটা কথা তেখেতে নিশ্চিতভাৱে দোহাৰিলে যে ভবিষ্যতেও মহিলাগৰাকী এই মন্দিৰলৈ একেদবেই আহি থাকিব, যদি তেখেতে আগৰদৰেই পূজাৰ সময়ত নিজৰ দায়িত্বত থাকিবলৈ সুবিধা পায়৷

সভাগৃহ যেন মুহূৰ্তৰ বাবে জোকাৰ খাই উঠিল৷ পৰিচয়বিহীন এগৰাকী মহিলা কেৱল তেখেতক লগ পাবলৈ আহে, যিটো বিষয় ঘৰৰ পবিয়ালেও নাজানে৷ কেনেকৈ মানি লোৱা হ’ব৷ এটা যেন গুণগুণনি সভাগৃহৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিল৷ কৈলাশ ভট্টাচাৰ্যৰ এনে নিসংকোচ স্বীকাৰোক্তিয়ে বহুতকে অসন্তুষ্ট কৰিলে৷ বিভিন্ন প্ৰকাৰৰ আলোচনা ৰাইজৰ মাজত আৰম্ভ হ’ল৷ ভব্য-গব্য বহু ব্যক্তি, দেবেন বৰুৱা, মহানন্দ বৰকটকী, তাৰিণী শৰ্মা… প্ৰত্যেকেই নিজৰ নিজৰ বক্তব্য আগবঢ়ালে- মন্দিৰটোতো কৈলাশ ভট্টাচাৰ্যৰ পৈতৃক সম্পত্তি নহয় যে তেখেতৰ ব্যক্তিগত বিষয়সমূহৰ বাবেও ইয়াৰ নিভৃত পৰিৱেশৰ সুযোগ ল’বলৈ দিয়া হ’ব৷ হয়, তেখেতে বহুখিনি কষ্টৰে বহু বিষয় আজি ইমান দিনে চন্তালি আহিছে, সেয়া সকলোৰে বাবে অনস্বীকাৰ্য৷ তথাপি ব্যক্তিগত বিষয় এটা মন্দিৰৰ বিষয়ৰ সৈতে জড়িত হ’বলৈ দিয়াটো কাৰো মনঃপূত নহ’ব৷ জনা-শুনা আৰু অনেকেই সভাত নিজৰ মত পোষণ কৰিলে৷

আৰু অৱশেষত সকলো আলোচনাৰ অন্তত সভাপতিয়ে নিজৰ সিদ্ধান্ত ব্যক্ত কৰিলে৷ ৰাইজৰ মতামত শিৰোধাৰ্য কৰি তেখেতে সভ্যক অৱগত কৰিলে যে আগন্তুক পূজাকেইভাগৰ সকলো কৰ্মৰ পৰা কৈলাশ ভট্টাচাৰ্যক সাময়িক অব্যাহতি দিয়া হওক, যেতিয়ালৈকে মহিলাগৰাকীৰ পৰিচয় অথবা তেখেতৰ সৈতে থকা সম্পৰ্কৰ কথা ৰাজহুৱা নহয়…৷

সভাৰ সিদ্ধান্ত লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে ৰাইজৰ মাজৰ পৰা এটা গহীন অথচ তাৰ কণ্ঠস্বৰ ভাহি আছিল “অলপ ৰ’ব সম্মানীয় সভাপতি মহোদয়, মোৰো কিছু কথা ক’বলগীয়া আছে’’ প্ৰতিজন ব্যক্তিয়ে সেইফালে দৃষ্টি নিক্ষেপ কৰিলে, যিফালৰ পৰা এই শুৰু গম্ভীৰ কণ্ঠস্বৰ ভাহি আহিছিল৷ বাইজৰ মাজত থিয় হৈ আছিল সকলোৰে অপৰিচিত এজন যুৱক৷ আগে-পিছে কাহানিও এনে সভাত নেদেখা এই সুদৰ্শন যুৱকজন প্ৰকৃততে কোন আৰু এই বিষয়ত তেখেতৰ কি মন্তব্য আছে, সেয়া ক’বলৈ সভাপতিয়ে নিৰ্দেশ দিলে৷ প্ৰতি খোজত নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পৰা ভংগীমাৰে যুৱকজন মঞ্চলৈ উঠি গ’ল৷ বিচাৰাধীন আচামীৰ দৰে একাযে থিয় হৈ কাতৰ দৃষ্টিৰে তেওঁলৈকে চাই থকা কৈলাশ ছাৰৰ ওচৰলৈ গৈ তেখেতে প্ৰথমে ছাৰৰ চৰণ স্পৰ্শ কৰিলে আৰু ক’বলগীয়াখিনিৰ বাবে ছাৰৰ পৰা মৌন অনুমতি বিচাৰিলে৷ ছাৰৰ চাৱনিটো যেন অধিক কাতৰ হৈ পৰিল, বাৰে বাৰে যেন তেখেতে যুৱকজনক মৌন ভাষাৰেই বুজাব খুজিলে-ক’বা জানো৷ কাকনো বুজাবা এইবোৰ কথা, কোনে বুজিব তোমাৰ নিজৰ পৰিয়ালৰে অনিষ্ট নহ’ব জানো৷ যুবকজনে শান্ত-সমাহিত এটি হাঁহিবে ছাৰক যেন অভয় প্ৰদান কৰিব বিচাৰিলে৷ লাহে লাহে তেওঁ মাইকৰ কাষলৈ আহিল–

“সম্মানীয় সভাপতিপ্ৰমুখ্যে উপস্থিত সুধীসমাজ৷ মোক আপোনালোকে বহুতেই চিনি নাপাব৷ কেৱল দুজন ব্যক্তিয়ে চিনি পায় বুলি মই ভাবোঁ– এজন কৈলাশ ছাৰ আৰু আনজন সৌৱা আপোনাসৱৰ মাজত বহি থকা মোৰ শহুৰদেউতা তাৰিণী শৰ্মা মহোদয়৷’’ উপস্থিত ৰাইজে সকলোৱে তাৰিণী শৰ্মাৰ ফালে প্ৰশ্নবোধক চাৱনিৰে ঘূৰি চালে৷ কৈলাশ ছাৰৰ বিপক্ষে তীক্ষ্ণ বাক্যবাণেৰে থকা-সৰকা কৰা তাৰিণী শৰ্মা যেন একেবাৰেই অপ্ৰত্যাশিত তথা এনে দুৰ্বোধ্য পৰিস্থিতিত পৰি কিংকৰ্তব্যবিমূঢ় হৈ পৰিল৷

যুবকজনে কথাখিনি কৈ গ’ল– ‘‘মই এই পূজাভাগৰ পচকী নহয়þ অথবা মন্দিৰৰ সৈতেও মোৰ প্ৰত্যক্ষ কেনো সম্পৰ্ক নাই৷ তথাপি, এই বিষয়টো মোৰ সৈতে কৈলাশ ছাৰক সাঙুৰি জগৰীয়া কৰিবলৈ চেষ্টা কৰা হৈছে, সেই বিষয়টোৰ সৈতে মোৰ পৰিয়াল জড়িত হৈ থকা বাবে মই কিছু কথা ক’বলগীয়া হ’ল৷ মোৰ নাম সমীৰণ দত্ত৷ সভাই-সমিতিয়ে মই কাহানিও কথা কৈ পোৱা নাই৷ গতিকে যিখিনি কথা সঁচা, সেইখিনিকে আপোনাসৱৰ জ্ঞাতাৰ্থে মই ক’ব বিচাৰিছোঁ৷’’ যুবকজন এখন্তেক ৰ’ল৷ সভা পৰিচালনা কৰি থকা বোধেন্দ্ৰনাথ শৰ্মাই তেখেতৰ বক্তব্য মুকলিকৈ ক’বলৈ ইংগিত দিলে৷

“আজি যিটো ঘটনাৰ বাবে কৈলাশ ছাৰক জাগৰীয়া কৰি একপ্ৰকাৰ অপদস্থ কৰিব বিচৰা হৈছে, সেই ঘটনাৰ সৈতে জড়িত মহিলাগৰাকী মোৰ পত্নী, তাৰিণী শৰ্মাৰ মাজু জীয়ৰী আৰু এই অঞ্চলৰ, আপোনালোকৰ সকলোৰে পৰিচিত বন্দনা শৰ্মা মানে এতিয়া বন্দনা দত্ত৷ আজিৰ পৰা আঠ বছৰৰ পূৰ্বে ঘৰৰ অসম্মতিত মোৰ সৈতে তেওঁ সংসাৰ আৰম্ভ কৰিছিল৷ হয়, নিজৰ ঘৰখনে তেওঁক এনেভাবে এৰি দিছিল যে আজি মোৰ শহুৰদেউতাৰ হৈয়ে তেখেতে মোৰ পৰিচয় জানিব নিবিচাৰে৷ মোৰ দেউতা শ্ৰী বৈকুণ্ঠ দত্ত এজন সম্পূৰ্ণৰূণে পূজাবিৰোধী ব্যক্তি৷ তেখেতৰ নীতি- নিয়ম, আদৰ্শৰে আমাৰ পৰিয়াল মানে আমিবোৰ সৰুৰে পৰা ডাঙৰ হৈছোঁ, আজিৰ অৱস্থা পাইছোঁ৷ কোনোদিনেই মন্দিৰ চাৰিসীমালৈ যোৱাও আমাৰ বাবে নিষেধ৷ আমাৰ পৰিয়ালৰে এজন হৈ পৰাৰ পাছত বন্দনাই সম্পূৰ্ণকৈ আমাৰ নিয়মৰ মাজেৰেই সংসাৰ আগবঢ়াই নিছিল৷ বিয়াৰ পাছত তিনি বছৰলৈকে আমাৰ সন্তান জন্ম হোৱা নাছিল৷ এদিন আমাৰ সংসাৰ পূৰ্ণ হ’ল৷ বন্দনা আৰু মোৰ সন্তান প্ৰীতম, যাৰ জন্মৰ দিনাই সকলোৰে অলক্ষিতে বন্দনাই মোৰ পৰা এটা অনুমতি বিচাৰিছিল৷ তেওঁ মোক কৈছিল এটা সন্তান লাভৰ বাবে হেনো তেওঁ এই দেৱী মন্দিৰলৈ বুলি নিজৰ অন্তৰতে কিবা এটা মানস কৰিছিল, মানে যদিহে আমাৰ এটা সন্তান হয়, প্ৰতি বছৰে তেওঁ দুৰ্গাপূজাৰ সময়ত সপ্তমী, অষ্টমী আৰু নৱমী তিথিত সেই সন্তানক দেৱী-দৰ্শন কৰাবলৈ নিজে লৈ আহিব৷ মই কোনো দ্বিতীয় কথা চিন্তা নকৰি তেওঁক সকলো ধৰণে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিলো৷ কিন্তু আমাৰ দেউতা, আমাৰ সমাজখনৰ পৰা ফালৰি কাটি বন্দনাক পুত্ৰৰে সৈতে দেৱী-দৰ্শন কৰাবৰ বাবে লৈ আনিব পৰাৰ কোনো উপায় আমি ভাবি পোৱা নাছিলোঁ৷ অবশেষত আমি দুয়ো এদিন কৈলাশ ছাৰৰ ওচৰলৈ আহিলোঁ৷ বন্দনা এসময়ত ছাৰৰে ছাত্ৰী আছিল৷ ছাৰে সকলো কথা গম পাই আমাক এই বিষয়ত সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিয়াৰ উপৰি কথাবোৰ কাহানিও কাকো জানিবলৈ নিদিও বুলিও আমাক কথা দিছিল৷ “সমীৰণৰ কথাবোৰ মাজে মাজে ৰৈযোৱাৰ দৰে হৈ পৰিছিল৷ হয়তো সন্তানৰ প্ৰতি থকা মোহ, সামাজিক বান্ধোন আৰু সকলোৰে উৰ্ধত এজন গুৰুৰ দায়িত্ববোধ তথা অংগীকাৰ ৰক্ষাৰ সততাই তেওঁক আৱেগিক কৰি তুলিছিল৷ সভাৰ চৌপাশ যেন কাহ পৰি জীন যোৱা অবস্থা৷ ‘‘আজি মই বহুত ধৈৰ্যৰে আপোনালোকৰ মন্তব্য শুনি আছিলোঁ৷ মই ভাবিছিলোঁ, অন্ততঃ কোনোবাইতো ছাৰৰ প্ৰতি জাপি দিয়া এনে মিথ্যা অপযশৰ পৰা তেখেতক উদ্ধাৰৰ বাবে চেষ্টা কৰিব৷ হয়তো মই অথবা বন্দনা কোনো এজনৰ পৰিচয় মুকলি নোহোৱাকৈয়ে সকলোবোৰ সমাধান হৈ যাব… কিন্তু নহ’ল৷ মোৰ আকৌ একো ক’বলগীয়া নাই৷ পাছৰ পৰিস্থিতি কি হ’ব মই নাজানো৷ আমাৰ সমাজ অথবা মোৰ দেউতাই সকলোবোৰ জানিলে কি অনুশাসনৰ ব্যবস্থা ল’ব, মই তাকো নাজানো৷ আমাৰ ভবিষ্যতৰ কথা চিন্তা কবি ছাৰে নিজলৈ সকলো অপবাদ ল’ব বিচৰাটো মই আৰু সহ্য কৰি থাকিব নোবাবিলোঁ৷’’

সমীৰণে পুনৰ এবাৰ সকলোলৈকে চালে৷ তাৰিণী শৰ্মাই তাৰ দৃষ্টি সহ্য কৰিব নোৱাৰিয়ে যেন তলমূৰ কৰি আছিল৷ সকলোৰে ফালে এবাৰ চাই লোৱাৰ পাছত সি শেষৰ কথাখিনি ক’ব বিচাৰিলে৷ এইবাৰ তাৰ কণ্ঠত আৱেগৰ পৰিৱৰ্তে যেন সামান্য তাচ্ছিল্য মিহলি হৈ গ’ল– “মই যিখিনি কথা ক’লোঁ, আপোনালোকে বিবেচনা কৰি চাব বুলি আশা কৰিলোঁ৷ কোনজনা ভগবানৰ কৃপাত আমাৰ সংসাৰ পৰিপূৰ্ণ হ’ল মই নাজানো৷ সেই ভগৱান মন্দিৰত আছে নে নামঘৰত আছে, তাকো মই বিচাৰ কৰি চোৱা নাই৷ কেৱল বন্দনাৰ দৃষ্টিৰে কথাখিনি এদিন বিচাৰ কৰিছিলোঁ৷ আৰু আজি এই মুহূৰ্তত কিয় জানো কৈলাশ ছাৰেই মোৰ বাবে সঁচা ভগবানৰূপত দেখা দিছে৷ সেই অনুভৱকে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ৷ কিবা ভুল-ভ্ৰান্তি হ’ল যদি ক্ষমা কৰিব৷’’ কথাখিনি শেষ কৰি সমীৰণ মঞ্চৰ পৰা নামি আহিল আৰু কাৰো উত্তৰলৈ বাট নাচাই নীৰৱে সভাগৃহৰ পৰা ওলাই গ’ল৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top