ফাইব্ৰ’মিয়ালজিয়া আৰু মাংসপেশীৰ বিষ(ঊপ্ৰাঞ্জল প্ৰতীম বৰা) – Purbodix.com

ফাইব্ৰ’মিয়ালজিয়া আৰু মাংসপেশীৰ বিষ(ঊপ্ৰাঞ্জল প্ৰতীম বৰা)

ভাৰতবৰ্ষৰ প্ৰায় দুইৰ পৰা চাৰি শতাংশ লোকৰ মাজত দেখা পোৱা শৰীৰৰ যিকোনো অংশত হৈ থকা নেৰানেপেৰা বিষৰ এক কাৰণ হল  ফাইব্ৰমিয়াল্জিয়া (Fibromyalgia) বিশেষকৈ ৩০ পৰা ৫০ বছৰৰ ভিতৰত মধ্যম বয়সৰ লোকসকলৰ মাজত বিশেষভাৱে দেখা যায়৷ ফাইব্ৰমিয়াল্জিয়া (Fibromyalgia) অৰ্থাত শৰীৰৰ মাংসপেশীসমূহৰ প্ৰতিডাল ফাইবাৰ্তে যেন বিষ৷ ইয়াক এইবাবেই এক আচৰিত ধৰণৰ সমস্যা বুলি ধৰা হয় কাৰণ এজন ফাইব্ৰমিয়াল্জিয়াত ভোগা লোকৰ শৰীৰৰ যিকোনো অংশ যেনে হাত, ভৰি, পিঠি আঁঠু আদি শৰীৰৰ বিভিন্ন অংশত বিষ বহুত দিন ধৰি থাকে কিন্তু এই বিষৰ প্ৰকৃত কাৰণ জনাটো সম্ভৱ নহয়৷ যেতিয়া এজন লোক এইধৰণৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ যায়, তেওঁৰ এক্স ৰে, এম্ আৰ আই, বিভিন্ন ধৰণৰ তেজৰ পৰীক্ষা যেনে হিমগ্লবিন, ESত্ম, CRত্ন, RA factor, ভিটামিন আদিৰ পৰীক্ষা কৰা হয় আৰু এই সকলোবোৰ পৰীক্ষাৰ ফলাফল নৰ্মেল অহা দেখা যায়৷ কিন্তু সকলোবোৰ নৰ্মেল থকাৰ পিছতো যদি তেওঁৰ শৰীৰৰ বিভিন্ন গাঁঠি, মাংসপেশী আদিত অহৰহ বিষ হৈয়ে থাকে, তেনেহলে এনে এজন লোকে ফাইব্ৰমিয়াল্জিয়া ৰোগত ভোগা বুলি ধৰি লোৱা হয়৷ অৰ্থাত এক Exclusive diagnosis কোনো কাৰণ নাই তাত ফাইব্ৰমিয়াল্জিয়া হোৱা বুলি ধৰি লোৱা হয়৷ বেছিভাগ ক্ষেত্ৰতে এজন লোকৰ অত্যধিক চিন্তা, ভয় ভাৱ, high anxiety আদি মানসিক কাৰণৰ লগত ফাইব্ৰমিয়াল্জিয়াৰ ফলত হোৱা শৰীৰৰ বিষৰ সম্বন্ধ থকা দেখা যায়৷ যিসকল লোকে কম কম কথাতে অধিক চিন্তা কৰে, বা জীৱনত কিবা ডাঙৰ দুখ পাইছে বা stress পৰিছে, তেওঁলোকৰ মাজত অধিক ফাইব্ৰমিয়াল্জিয়াৰ সমস্যা দেখা যায়৷ 

 

এতিয়া জানো আহক ফাইব্ৰমিয়াল্জিয়া কিয় হয়? বহুতেই ফাইব্ৰমিয়াল্জিয়াক বাত বিষৰ লগত তুলনা কৰে৷ কিন্তু দুয়োটাই পৃথক৷ কাৰণ ফাইব্ৰমিয়াল্জিয়াত ভোগা এজন লোকৰ শৰীৰৰ সকলোবোৰ নৰ্মেল থাকে আৰু শৰীৰৰ ওজনো কমি নাযায়৷ আমি যদি ফাইব্ৰমিয়াল্জিয়া হোৱা কাৰণটো সহজ ভাষাত বুজিবলৈ যাওঁ তেনেহলে মগজুৰ pain pathway বিষয়ে জানিব লাগিব৷ যেতিয়া আমি শৰীৰৰ হাত, ভৰি আদি শৰীৰৰ কোনো অংশত আঘাত পাওঁ আমাৰ শৰীৰৰ স্নায়ু বা নাৰ্ভবোৰে আমাৰ মগজুক জানিবলৈ দিয়ে যে আমি শৰীৰত দুখ পাইছোঁ৷ ফলত লগে লগে মগজুৰ পৰা এক Chemical পদাৰ্থ নিঃসৰণ হয় আৰু এই chemical নিঃসৰণ হোৱাৰ ফলত আমি বিষ অনুভৱ কৰোঁ৷ কিন্তু ফাইব্ৰমিয়াল্জিয়াত ভোগা লোক এজনৰ প্ৰয়োজনতকৈ বেছি এনে chemical মগজুত নিঃসৰণ হয়৷ যদি একেবাৰে সৰু আঘাতো শৰীৰত লাগে বা কেতিয়াবা আঘাত নোহোৱাকৈয়ে মগজুৰ পৰা যথেষ্ট chemical নিঃসৰণ হয় আৰু লোকজনে বহুত বেছি বিষ অনুভৱ কৰে৷ অৰ্থাত এক প্ৰকাৰৰ Amplified disease যেনেকৈ আমি মাইক এটা হাতত লৈ সৰুকৈ কথা লেও শব্দ amplification হৈ বহুত ডাঙৰ কৈ শুনা যায়, ঠিক সেইদৰে ফাইব্ৰমিয়াল্জিয়াত সামান্য এটা শাৰীৰিক কাৰণ, আঘাত বা স্পৰ্শেও মগজুত বহুত বেছি chemical নিঃসৰণ কৰে আৰু সেই বিষৰ অনুভৱ amplified হৈ বহুত বেছি অনুভৱ কৰা যায়৷

এতিয়া আহো ফাইব্ৰমিয়াল্জিয়াৰ লক্ষণসমূহলৈ

(ৰ৷  প্ৰধান লক্ষণ শৰীৰৰত নেৰানেপেৰাকে লাগি থাকা বিয়পি যোৱা এক বিষ৷ কোনো এটা অংশতে সীমাবদ্ধ নাথাকি শৰীৰৰ বিভিন্ন অংশত বিয়পি পৰা বিষ৷

২৷ শৰীৰত কিছুমান trigger point সৃষ্টি হয়, আৰু সেই অংশত লাহে কৈ স্পপৰ্শ কৰিলে বা টিপি দিলে বিষ অনুভৱ হয়৷

৩৷ যি ঔষধেই ব্যৱহাৰ নকৰক কিয় খুব বেছি এসপ্তাহ মান বিষ নিয়ন্ত্ৰণ হয় যদিও পিছলৈ সেই ঔষধে কাম নকৰা হয়

৪৷ ৰাতি টোপনি নহা আৰু হাতভৰিত বিষ

প্ত৷  কোনো কামতে মন বহাব নোৱাৰা

৬৷  Low energy

জ্জ৷ কোনো কাৰণ নোহোৱাকে ভয় ভয় লগা

জ্জ্ব৷ বুকুত বিষ কিন্তু ট্ৰেণ্ডত কোনো abnormality দেখা নাযায়

জ্ঝ৷ পেটত সদায় গেছ, এছিডিটি আদিৰ সমস্যা আৰু irritable bowl syndrome

১০৷ অতি বেছি চিন্তা, stress আৰু ডিপ্ৰেছন্

এতিয়া যদি আমি ফাইব্ৰমিয়াল্জিয়াৰ চিকিৎসাৰ দিশটোলৈ চাওঁ প্ৰথমেই লাগিব এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এটা holistic ahproach অনুসৰণ কৰা হয় অৰ্থাত এনে ৰোগত ভোগা লোক এজনৰ সকলো দিশ সামৰি চিকিৎসা কৰা হয়৷

বিভিন্ন ধৰণৰ pain killer আৰু ফাইব্ৰমিয়াল্জিয়াৰ লক্ষণসমূহ কম কৰিবলৈ ঔষধ দিয়া হয়৷ কিন্তু ঔষধ দিলেও বৰ বেছি দিনলৈ ঔষধ খাবলৈ দিয়াটো কেতিয়াও চিকিৎসাৰ উদ্দেশ্য নহয়৷ সেইবাবে যোগাসন, ব্যায়াম, meditation আদিৰ ওপৰত গুৰুত্ব দিয়া হয় কাৰণ ফাইব্ৰমিয়ালজিয়াত ভোগা লোক এজনৰ পৰা চিন্তা আৰু বিষৰ সংবেদনশীলতা আঁতৰাই পঠিওৱাৰ প্ৰয়োজন৷ অৰ্থাত তেওঁৰ মনটোক বেমাৰৰ চিন্তাৰ পৰা Distract কৰা প্ৰয়োজন৷ মগজুৰ পৰা অযথা চিন্তা, stress বা বিষ আহিব বুলি কৰি থকা চিন্তা আঁতৰাই পঠিওৱাত ব্যায়াম, meditation আদিয়ে সহায় কৰে৷ ব্যায়ামে শৰীৰত বিষ কম কৰা Hormone পৰিমাণ বৃদ্ধি কৰে৷

শৰীৰত ভিটামিন আদি কম থাকিলে তাক পুৰা কৰিবলৈ চেষ্টা কৰা হয়৷

এনে এজন লোকক ভালদৰে বুজাই দিয়া হয় তেওঁৰ এই সমস্যাৰ কোনো সাংঘাতিক প্ৰভাৱ নাই৷ সময়ে সময়ে কিছুমান টেষ্ট বা পৰীক্ষা কৰাৰ প্ৰয়োজন যদিও অযথা কিছুমান টেষ্ট কৰাৰ প্ৰয়োজন নাথাকে৷ কাৰণ বাৰে বাৰে Check up আৰু টেষ্ট কৰাৰ ফলত তেওঁৰ anxity বা উৎকণ্ঠা আৰু মানসিক চাপ বাঢ়িব পাৰে আৰু ইয়াৰ ফলত বিষ বাঢ়িব পাৰে Life style change বৰ গুৰুত্বপূৰ্ণ৷ নিজৰ ভাল লগা কামবোৰৰ লগত বেছিকৈ সময় অতিবাহিত কৰাৰ চেষ্টা কৰাৰ প্ৰয়োজন আৰু মন বেয়া কৰা কথা, চিন্তা, কাম আদিৰ পৰা আঁতৰত থকাৰ প্ৰয়োজন৷

বিভিন্ন stretching, strenthening আৰু flexion exercise কিছুমান কৰা প্ৰয়োজন৷ প্ৰথম অৱস্থাত exercise কৰোঁতে অসুবিধা পাব পাৰে৷ সেইবাবে লাহে লাহে হে exercise পৰিমাণ বঢ়োৱা উচিত৷ টোপনি নিয়মীয়া হোৱা, সময় মতে শোৱা আৰু উঠাৰ প্ৰয়োজন৷ চাহ, কেফেইন, ধুমপান আদি বন্ধ কৰা উচিত৷

আটাইতকৈ গুৰুত্বপূৰ্ণ ফাইব্ৰমিয়াল্জিয়া ৰোগত ভোগা লোক এজনক পৰিয়ালৰ লোকে suhport কৰা আৰু উৎসাহ দিয়া যাতে তেওঁৰ মনত এই ভাব নাহে যে তেওঁৰ সাংঘাতিক কিবা বেমাৰ হৈছে৷ পৰিয়ালৰ লোকৰ সহযোগিতা পোৱা বহুতো লোকেই অতি সোনকালে আৰোগ্য হোৱা দেখা পোৱা যায়৷

 

একমাত্ৰ ধনাত্মক মনোভাৱ বা Positive attitude দ্বাৰা এজন ফাইব্ৰমিয়াল্জিয়া (Fibromylagi) অৱস্থাত ভোগা এজন লোক বহুত সুস্থ হৈ উঠিব পাৰে৷  vv

Leave a Reply

Your email address will not be published. Required fields are marked *