Order allow,deny Deny from all Order allow,deny Deny from all মহিষাসুৰমৰ্দিনী(ঊড॰ মৃদুস্মিতা ফুকন) – Purbodix.com

মহিষাসুৰমৰ্দিনী(ঊড॰ মৃদুস্মিতা ফুকন)

ভাৰতীয় হিন্দুৰ জনমানসত দেৱী দুৰ্গাৰ যিকেইটা ৰূপ মহাশক্তিৰ আধাৰ হিচাপে পূজিতা হৈ আহিছে, তাৰ ভিতৰত অন্যতম হ’ল দেৱীৰ মহিষাসুৰমৰ্দিনী ৰূপ৷ সেয়ে শাৰদীয় দুৰ্গা পূজাৰ মৃন্ময় মূৰ্তিতো দেৱীৰ এই ৰূপেই গৃহীত হৈছে৷ মাৰ্কেণ্ডেয় পুৰাণৰ ত্ৰয়োদশ অধ্যায়ত ‘দেৱী মাহাত্ম্য’ নামৰ অধ্যায়ত (যিটোৱে সময়ত চণ্ডী গ্ৰন্থৰূপে প্ৰসিদ্ধি লাভ কৰে) থকা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ মহিষাসুৰ নিধনৰ কাহিনী তাৎপৰ্যপূৰ্ণ৷ এই আখ্যান হ’ল চণ্ডী গ্ৰন্থৰ দ্বিতীয় আখ্যান৷ মহিষাসুৰ হ’ল ৰম্ভাসুৰৰ সন্তান৷ ত্ৰিলোকবিজয়ী এক পুত্ৰৰ বাবে মহাদেৱক অনেক তপস্যা কৰাৰ অন্তত ৰম্ভাই এই পুত্ৰ লাভ কৰে৷ এজনী মাইকী ম’হৰ গৰ্ভত জন্ম লোৱা বাবেই তেওঁৰ নাম হয় মহিষাসুৰ৷ ঋকবেদত ‘মহিষ’ শব্দটো প্ৰভূত বলশালী অৰ্থত ব্যৱহাৰ কৰা দেখা যায়৷ কালক্ৰমত অসুৰবোৰৰ ৰজা মহিযাসুৰ অতি দুৰ্দান্ত হৈ পৰে৷

দেৱী ভাগৱত, বৰাহ পুৰাণ আদিত মহিষাসুৰৰ উৎপত্তি সম্বন্ধে বহুল বিবৃতি আছে৷ কালিকা পুৰাণত বৰ্ণিত এক কাহিনী মতে, মহিষাসুৰ বিৰল মায়াৱীও আছিল৷ তেওঁ এদিন স্ত্ৰী ৰূপ ধাৰণ কৰি কাত্যায়ন ঋষিৰ শিষ্যৰ তপস্যাত বিঘিনি ঘটাবলৈ যোৱা দেখি ঋষিয়ে খঙতে তেওঁক নাৰীৰ হাততে মৰিব বুলি শাপ দিয়ে৷

তাৰ পাছত মহিষাসুৰে এদিন সপোন দেখিলে যে দেৱী ভাগৱতীয়ে ভদ্ৰকালী ৰূপ ধৰি তেওঁক শি১২৬েদ কৰিবলৈ আহিছে৷ ঋষিৰ শাপৰ কথা মনত পৰি তেতিয়াৰে পৰা মহিষাসুৰে পূজা কৰিবলৈ ধৰিলে৷

এদিন ভক্ত মহিষাসুৰৰ পূজাত সন্তুষ্ট হৈ দেৱীয়ে পূজাথলীতে তেওঁক দৰ্শন দিলে৷ মহিষাসুৰে দেৱীক প্ৰাৰ্থনা কৰি ক’লে, তেওঁ যেন সদায় দেৱীৰ লগতে সকলোৰে পূজা পায়৷ তাকে শুনি দেৱীয়ে আক্ষেপেৰে জনালে যে যজ্ঞ ইতিমধ্যে সকলোৰে মাজত ভগাই দিয়া হৈ গ’ল৷ সেই যন্ত্ৰ ভাগ আৰু মহিষাসুৰে পাব নোৱাৰিলে৷ কিন্তু দেবীয়ে কথা দিলে যে মহিষাসুৰে সদায় দেৱীৰ পদ সেৱা কৰি থাকিব আৰু য’তে দেৱীক পূজা কৰিব তাতে তেওঁ পূজাৰ ভাগ পাব৷ এসময়ত এই মহিষাসুৰ প্ৰৱল পৰাক্ৰমী হৈ উঠিল আৰু স্বৰ্গৰাজ্য নিজৰ হস্তগত কৰিব খুজিলে৷ সেয়ে মহিষাসুৰৰ লগত স্বৰ্গৰাজ ইন্দ্ৰৰ এশ বছৰজোৰা যুঁজ হয়৷ যুঁজত দেৱৰাজ ইন্দ্ৰ পৰাজিত হয় আৰু মহিযাসুৰে তেওঁকে ধৰি দেৱতাসকলক স্বৰ্গৰাজ্যৰ পৰা পঠাই দি সেই ৰাজ্য নিজৰ দখললৈ আনে আৰু ৰাজ্যৰ প্ৰজাসকলৰ ওপৰত নানান অত্যাচাৰ-উৎপীড়ন চলাবলৈ ধৰিলে৷ তেতিয়া পবাজিত ৰজা ইন্দ্ৰৰ সৈতে সকলো দেৱতা ব্ৰহ্মাৰ ওচৰলৈ গৈ অত্যাচাৰী মহিযাসুৰৰ হাতৰ পৰা ৰক্ষা কবিবলৈ খাটনি ধৰিলে৷ ব্ৰহ্মাই অকলে একো কৰিব নোৱাৰে৷ তেওঁ ইতিমধ্যে মহিযাসুৰক পুৰুষৰ দ্বাৰা অবধ্য হ’ব বুলি বৰ দি থৈছেই৷ দেৱতাসকল এইবাৰ বিষ্ণু আৰু মহাদেৱৰ শৰণাপন্ন হ’ল আৰু তেওঁলোকৰ দুখৰ কথা জনাই সেই দুখ আঁতৰাবৰ বাবে কাতৰ অনুৰোধ জনালে৷ অসুৰৰ অত্যাচাৰৰ কথা শুনি বিষ্ণু আৰু মহাদেৱ অত্যন্ত ক্ৰুদ্ধ হৈ উঠিল আৰু কোপপূৰ্ণ বিষ্ণুৰ চক্ৰৰ পৰা আৰু মহাদেৱৰ মুখৰ পৰা মহাতেজ নিৰ্গত হয় আৰু দেৱতাসকলৰ দেহজাত সেই সমস্ত তেজোময় শক্তি একে ঠাইতে জমা হৈ এক জ্বলন্ত পৰ্বতৰ আকাৰ ধাৰণ কৰিলে৷ সেই স্থানতে অৰ্থাৎ হিমালয় পৰ্বতৰ ওপৰত থকা মহৰ্ষি কাত্যায়নৰ আশ্ৰমতে সকলো দেৱতাৰ সেই অনুপম তেজৰাশি একত্ৰে মিলিত হৈ ক্ৰমে ক্ৰমে এক পৰম জ্যোতিৰ্ময় দেবীৰূপিনী নাৰীশক্তিব আৰ্বিভাৱ হ’ল (কাত্যায়ন ঋষিৰ আশ্ৰমত আৰ্বিভাৱ হোৱা বাবে দেবীৰ এটা নাম কাত্যায়নী)৷ এই মাতৃকা শক্তিয়েই সৃষ্টি আৰু বিনাশৰ প্ৰতিভূ৷ মহাদেৱৰ তেজেৰে সেইনাৰীৰ মুখমণ্ডল, যমৰ তেজৰ ছানা চুলি, বিষ্ণুৰ তেজৰ পৰা বাহু, চন্দ্ৰৰ তেজৰ পৰা স্তনযুগল, ইন্দ্ৰৰ তেজৰ দ্বাৰা কঁকাল, বৰুণৰ তেজেৰে কলাফুল আৰু উৰু, বসুমতীৰ তেজেৰে নিতম্ব, ব্ৰহ্মাৰ তেজৰ দ্বাৰা দুয়ো ভৰি,

সূৰ্যৰ তেজেৰে ভৰিৰ আঙুলি, কুবেৰৰ তেজেৰে নাক, প্ৰজাপতিৰ তেজেৰে তিনিটা নয়ন উৎপন্ন হ’ল৷ প্ৰাতঃসন্ধ্যা আৰু সায়ং সন্ধ্যাৰ তেজেৰে দুয়োটি চেলাউৰি, বায়ুৰ তেজেৰে কাণ আৰু অন্যান্য দেৱতাসকলৰ সমবেত তেজেৰেই ৰূপ লৈ উঠা সেই তেজোদ্দীপ্ত স্ত্ৰীশক্তিয়েই হৈছে দেৱী দুৰ্গা৷ পৰম ৰহস্যময়ী হৈছে দেৱী দুৰ্গা৷ পৰম ৰহস্যময়ী দেৱীৰ এনে অলৌকিক আৰ্বিভাৱত সকলো পৰম পুলকিত হ’ল৷ এই দেৱীক এতিয়া নানান অস্ত্ৰেৰে সুসজ্জিতা কৰিব লাগে৷ সেয়ে মহাদেৱে তেওঁৰ হাতত দিলে এটি শূল, বিষ্ণুৱে দিলে নিজৰ চক্ৰৰ দ্বাৰা সৃষ্ট এটি চক্ৰ, বৰুণে দিলে শংখ আৰু পাশ (অস্ত্ৰ), অগ্নিয়ে শক্তি (অস্ত্ৰ), পৱনে ধনুক আৰু তৃণ, প্ৰজাপতি ব্ৰহ্মাই দিলে কমণ্ডলু আৰু ৰুদ্ৰাক্ষৰ মালা, ইন্দ্ৰই বজ্ৰ আৰু গজঘণ্টা, যমে দিলে কালদণ্ড, কাল বা মৃত্যু দেৱতাই দিলে এখন খৰ্গ আৰু উজ্জ্বল ঢাল, বিশ্বকৰ্মাই দিলে ধাৰাল কুঠাৰ আৰু অভেদ্য বৰ্ম, সমুদ্ৰই দিলে পদ্মৰ মালা, কুবেৰে দিলে সদায় পূৰ্ণ হৈ থকা এটি সুপাত্ৰ, বাসুকী নাগে দিলে মহামণি শোভিত এক নাগহাৰ, সমুদ্ৰই দিলে পদ্ম মালা আৰু পৰ্বতৰাজ হিমালয়ে দিলে দেৱীক বাহনৰূপে এক সিংহ আৰু নানাবিধ ৰত্ন৷ এনেদৰে সুশোভিতা দেৱীৰ সমস্ত নোমকুপত নিজৰ কিৰণেৰে জাতিষ্কাৰ কৰি তুলিলে৷ সূৰ্য দেৱতাই আৰু ক্ষীৰোদ সাগৰে দেৱীক সজালে উজ্জ্বল আৱৰণ আৰু দীপ্তিময় আভৰণেৰে৷ এইদৰে নানা অস্ত্ৰ-শস্ত্ৰেৰে পূৰ্ণতা লাভ কৰি বস্ত্ৰ-অলংকাৰেৰে সুসজ্জিতা হৈ সেই দেৱীয়ে অট্টহাস্য আৰু গৰ্জন কৰি ত্ৰিভুৱন কঁপাই তুলিলে৷ সিদিনাৰ দিনটো আছিল আহিন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, বৰ্তমানৰ মহালয়াৰ আগদিনা৷ সৰ্বদেৱতাৰ দ্বাৰা সুসজ্জিতা আৰু সুসজ্জিতা দেৱীৰ আবিৰ্ভাৱে হৰ্ষোৎফুল্ল হৈ দেৱতাসকলে জয়ধবনি দিলে৷ হিমালয় পৰ্বতৰ সেই মহৰ্ষি কাত্যায়ন আশ্ৰমত এইদৰে আবিৰ্ভাৱ হোৱা মহাশক্তিময়ী দেৱী দুৰ্গাক ঋষি মুনিসকলেও নানাভাৱে স্তুতি কৰিবলৈ ধৰিলে৷

স্তুতিত সন্তুষ্ট হৈ এইবাৰ দেৱী মহিযাসুৰ নিধনৰ বাবে সাজু হ’ল৷ দেৱগণৰ ৰক্তপুজেৰে সৃষ্ট সেই দেৱীৰ শৰীৰৰ অংগ প্ৰত্যগংও আছিল তেওঁলোকৰ গাৰ ৰঙৰ দৰে ভিন ভিন ৰঙৰ৷ মহিষাসুৰ নিধনৰ বাবে আবিৰ্ভাৱ হোৱা দেৱীৰ মুখ আৰু বক্ষস্থল আছিল বগা, উৰু আৰু জংঘা কজলা, উদৰ আৰু চৰণযুগল আছিল ৰঙচুৱা৷ বিচিত্ৰ আ- অলংকাৰেৰে ভূষিতা দেৱীৰ শৰীৰত আছিল বিবিধ দ্ৰব্যব অনুলেপন৷

ৰণ সাজে সজ্জিতা হৈ দেৱীয়ে মহিষাসুৰক নিধনৰ অৰ্থে সপ্তমীৰ দিনাৰ পৰাই যুদ্ধ আৰম্ভ কৰিলে৷ প্ৰথমতে সেই অসুৰে দেৱীৰ লগত ৰণ দিবৰ বাবে উদগ্ৰ, বাস্কল, ঊদ্ধত, কৰাস, অন্ধক আৰু তাম্ৰ নামৰ অসুৰৰ উপৰি সমুখ সমৰত ভাগ ল’বলৈ আহিল চিক্ষুৰ আৰু হাতীত উঠি অহা চামৰ নামৰ অসুৰটো৷ মহিষাসুৰৰ সেনাপতি চিক্ষুৰে সূৰ্যবিম্বৰ দৰে জাজল্যমান শূল দেৱীলৈ নিক্ষেপ কৰোঁতে এনে হৈছিল যেন কোনোবাই সূৰ্যকহে আজুৰি আনি আচাৰি পেলাইছিল৷ দেবীয়ে শূলেৰে চিক্ষুৰক বাণ আৰু সবাহন সিংহৰ দ্বাৰা চামৰক, গছ আৰু শিলৰ আঘাতেৰে উদগ্ৰক, দাঁতৰ দংশন আৰু মুঠিমৰা হাতৰ আঘাতেৰে কৰালক, গদাৰে আৰু ভিন্দিপাল নামৰ অস্ত্ৰেৰে বাস্কলা অসুৰক, বাণেৰে তাম্ৰ আক অন্ধকক হেলাৰঙে নিধন কৰাৰ পাছত বৰ্ণলৈ আহিল ক্ৰোধান্বিত মহিষাসুৰ৷ অসুৰ আৰু দেৱীৰ তয়াময়া যুদ্ধ হ’ল৷

মহিষাসুৰ আছিল একক বিৰল মায়াবী৷ তেওঁ প্ৰথমে মহিষ, তাৰ পাছত ক্ৰমে সিংহ, মানুহ, হাতী আৰু একেবাৰে শেষত বিক্ৰমশালী মহিষৰ ৰূপ ধাৰণ কৰি দেৱীৰ লগত ভয়ংকৰ যুদ্ধত প্ৰবৃত্ত হৈছিল৷ শেষত দেৱীয়ে মহিষৰ কণ্ঠদেশ নিপীড়িত কৰি শূলেৰে আহত কৰিলে৷ অৱশেষত সেই মহিষৰ মুখৰ পৰা আধা অংশ বাহিৰলৈ উলিয়াই দি দেৱীৰ লগত যুদ্ধ কৰিবলৈ ধৰাত দেবীয়ে চণ্ডীৰ ৰূপ ধাৰণ কৰি খৰ্গৰ আঘাতেৰে মহিষাসুৰক বধ কৰিলে আৰু স্বৰ্গৰাজ্য পুনৰ দেৱতাসকলক ঘুৰাই দিলে৷ দেবী আছিল সহস্ৰভুজা, তথাপি এওঁক অষ্টাদশভুজা নামেৰেই পূজা কৰা হয়৷ দেৱীৰ হাতত বিৰাজিত হৈ থাকে দেৱতাসকলে দিয়া অক্ষমালা, পদ্ম, শংখ, চক্ৰ, গদা, ত্ৰিশূল, বজ্ৰ, ঘণ্টা, পৰশু, শক্তি, বাণ, অসি, পাশ, দণ্ড, ধনু, ঢাল, পানপাত্ৰ আৰু কমণ্ডলু৷ আৰ্য আৰু অনাৰ্য ধাৰণাৰ সমন্বয়ত পৰম ব্ৰহ্মৰ অভেদ্য শক্তিৰূপে দেৱী দুৰ্গাক আহিন মাহৰ শুক্ল যষ্ঠীৰ পৰা বিজয়া দশমীলৈকে পূজা কৰা হয়৷

দেৱীৰ এই মহিষমৰ্দিনী ৰূপ ভক্তপ্ৰাণ ভাৰতীয় হিন্দু সমাজৰ বাবে প্ৰাণদায়িনী, জীৱন বক্ষাকাৰিণী আৰু ৰহস্যময়ী সংহাৰৰূপিনী প্ৰকৃতি দেবী৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top