চুটি গল্প – Purbodix.com

চুটি গল্প

জয়লাভৰ গ্লানি(ঊমানস চক্ৰবৰ্তী)

আন দিনাৰ দৰে আজিও ক্লাছ ছুটি হোৱাৰ পিছতে ৰমেন আৰু নলীন দুয়ো বন্ধু ওলাই খেলিবলৈ৷ সিহঁত দুজনৰ পঢ়া কলেজৰ হোষ্টেলৰ কাষতে লাগি আছে ষ্টেডিয়ামখন৷ গতিকে ক্লাছ ছুটি হোৱাৰ পিছতে দুয়োজন খেলাত লাগি যায়৷ ৰমেন আৰু নলীন দুয়োজনে মেট্ৰিক পাছ কৰি এই মহানগৰীৰ স্বনামধন্য কলেজখনত এডমিছন লৈছে৷ দুয়োৰে একেই ক্লাছ, একে হোষ্টেল, আৰু হবিও একে৷ সেয়েহে হোষ্টেলত একাদশ শ্ৰেণীত এডমিছন লোৱাৰ পিছতে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিছে৷ মেট্ৰিকৰ ৰিজাল্টো দুয়োৰে প্ৰায় সমান৷ দুয়োজনে ফুটবল খেলি ভাল পায়৷ ৰমেনে চেণ্টাৰ ফৰোৱাৰ্ডত খেলে আৰু নলীন চেণ্টাৰ বেকত৷

একাদশ শ্ৰেণীত পঢ়িবলৈ অহা আৰু খেলত ৰুচি থকা ছাত্ৰ দুজনক পাই কলেজৰ ক্ৰীড়া শিক্ষক বৰকটকী ছাৰ খুব সুখী৷ ৰমেনৰ দ্বিবলিং কৌশল দেখি বৰকটকী ছাৰে বৰ ভাল পালে৷ সেয়েহে তেওঁ কলেজৰ ফুটবল দলটো নতুনকৈ গঢ়াৰ কথা চিন্তা কৰিবলৈ ধৰিলে৷ বৰকটকী ছাৰে কথাটো কলেজৰ অধ্যক্ষ ছাৰক জনালে৷ কলেজৰ অধ্যক্ষ বয়সীয়াল লেও খেলাধূলা ভাল পোৱা মানুহ৷ তেখেতে ত্ৰীড়া শিক্ষক বৰকটকী ছাৰক একে আষাৰে উদগনি জনালে আৰু লে তোমালোকে আগবাঢ়া, ফুটবল দলটো গঠন কৰা, মই তোমালোকৰ লগত আছোঁ৷ অধ্যক্ষ ছাৰৰ আশীৰ্বাদ লৈ বৰকটকী ছাৰ নতুন উদ্যমেৰে দল গঠনত লাগি পৰিল৷

অধ্যক্ষ ছাৰৰ ইচ্ছাতে কলেজত বহু বছৰৰ বিৰতিৰ পিছত ইণ্টাৰ ক্লাছ ফুটবল টূৰ্ণামেণ্ট এখনো আৰম্ভ ল৷ ফাইনেলত একাদশ কলা শ্ৰেণী আৰু বি. দ্বিতীয় বৰ্ষৰ মাজত যুঁজ আৰম্ভ ল৷ দৰ্শকৰ শাৰীত অধ্যক্ষ ছাৰ, বৰকটকী ছাৰ আৰু বহুকেইজন প্ৰফেচাৰ৷ তাৰ ভিতৰত মহিলা প্ৰফেচাৰ নতূনকৈ সোমোৱা ইংৰাজীৰ ভৰালী মেডাম৷ ভৰালী মেডামে একাদশ শ্ৰেণীক পূৰ্ণ সমৰ্থন আগবঢ়ালে৷ ৰমেনৰ কলাকৌশল আৰু নলীনৰ ৰক্ষণ বিভাগৰ দক্ষতাৰ বাবে একাদশ শ্ৰেণী ঙ্ম লৰ ব্যৱধানত ইণ্টাৰ ক্লাছ ফুটবল টূৰ্ণামেণ্টত বিজয়ী ল৷

   একাদশ শ্ৰেণীৰ এই বিজত কলেজখনত ৰমেন আৰু নলীনৰ পৰিচয় প্ৰকাশ ল৷ লগতে আমাৰ সমাজ জীৱনৰ পৰা জনপ্ৰিয়তা হেৰুৱাবলৈ ধৰা ফুটবল খেলটোও কলেজখনত আপোন হৈ ল৷ 

একাদশ শ্ৰেণীৰ ইংৰাজীৰ ক্লাছত ভৰালী মেডামে একাদশ শ্ৰেণীয়ে ইণ্টাৰ ক্লাছ ফুটবল টূৰ্ণামেণ্টত চেম্পিয়ন হোৱাৰ বাবে গোটেই ক্লাছটোকেই অভিনন্দন জনাই ল৷ লগতে খেলাধূলাৰ সমানে সমানে পঢ়াশুনাৰ প্ৰতিও যাতে আগ্ৰহ থাকে তাকো সকিয়াই থৈ ল৷

ক্ৰীড়া শিক্ষক বৰকটকী ছাৰে অধ্যক্ষ ছাৰ আৰু কলেজ শিক্ষকৰ মিটিঙৰ মাজতে প্ৰস্তাব আগবঢ়ালে যে এই বছৰৰ গুৱাহাটী চিনিয়ৰ ডিভিজন লীগত তেওঁ কলেজৰ টীম দিব খোজে৷ ভৰালী মেডামে লগে লগে প্ৰস্তাবটো সমৰ্থন কৰিলে৷ ডেকা বয়সৰ প্ৰফেচাৰ কেইজনেও প্ৰস্তাবটোত হয়ভৰ দিলে৷ অধ্যক্ষ ছাৰে সকলোৰে উৎসাহ দেখি প্ৰস্তাবত সন্মতি জনালে যদিও লে যদিহে বৰকটকীয়ে ভাল দল এটা গঠন কৰিব পাৰে তেতিয়াহে মই সকলো প্ৰকাৰে সহায় আগবঢ়াম৷ গোটেই কেইজন প্ৰফেচাৰে হাতচাপৰি বজাই বৰকটকী ছাৰক ওলগ জনালে আৰু অধ্যক্ষ ছাৰক ধন্যবাদ জনালে৷

বৰকটকী ছাৰ ডেকা মানুহ, অতি উৎসাহী৷ কিবা এটা নতুন কৰাৰ বাবে আগ্ৰহী৷ তেখেতৰ বন্ধু এই কলেজৰে কেমিষ্ট্ৰীৰ প্ৰফেচাৰ দিগন্ত নাথ ইভেণ্ট মেনেজমেণ্টত সিদ্ধহস্ত৷ দিগন্ত নাথেও বৰকটকী ছাৰক সহায় কৰিবলৈ প্ৰস্তুত ল৷ অবশেষত বৰকটকী ছাৰৰ তত্বাৱধানত কলেজৰ চূড়ান্ত পোন্ধৰজনীয়া দলটো গঠন ল৷ ৰাজেন বড়া, কমল বড়া, বলীন সিংহ, ধীৰাজ কুমাৰ, উত্তম ৰায়, বসন্ত পাটগিৰি, আলতাফ, ৰকছেদ, বলবন্ত্ সিং আদিকে ধৰি লকীপাৰৰ বাবে সুভাষ দেব, নকলেও ৰমেন আৰু নলীন দলটোৰ আগশাৰীৰ খেলুৱৈ হিচাবে, দলটোৰ সম্পদ হিচাবে চিহ্নিত হৈছে৷ সুভাষ দেব বি, এচ, চি দ্বিতীয় বৰ্ষৰ ছাত্ৰ৷ অতি কম সময়তে বৰকটকী ছাৰ আৰু দিগন্ত নাথ ছাৰৰ পৰা কিপীঙৰ কলাসমূহ আয়ত্ব কৰিব পাৰিছে৷ গোটেই দলটোৰ অনুশীলন ছিডিউল এখন দিগন্ত ছাৰে জাৰী কৰি দিলে আৰু আৰম্ভ অনুশীলন৷ সদাই আবেলি বজাৰ পৰা বজালৈ৷ দিগন্ত ছাৰৰ মতে তেওঁক কমেও এমাহ সময়ৰ প্ৰয়োজন গোটেই দলটোৰ টিমমেটৰ কেমিষ্ট্ৰী মিলাবলৈ৷

গুৱাহাটী চিনিয়ৰ ডিভিজন লীগৰ প্ৰথমখন খেল চন্দ্ৰপুৰ একাদশ আৰু ৰমেননলীনৰ কলেজৰ মাজত৷ আশাকৰা মতেই চন্দ্ৰপুৰ একাদশ পৰাস্ত লৰ ব্যৱধানত৷ দুয়োটা লতে ৰমেনৰ পৰা বনাই দিয়া পাছৰ সম্পূৰ্ণ সদ্ ব্যৱহাৰ কৰি কমল বড়া আৰু ৰকছেদে দুয়োজনে এটাকৈ দিয়ে৷ চিনিয়ৰ ডিভিজন লীগৰ ছেকেণ্ড ৰাউন্দ নকআউট ৰাউন্দ৷ অহা সপ্তাহৰ পৰা৷ গতিকে টূৰ্ণামেণ্টত টিকি থাকিবলৈ জয়ী বই লাগিব৷ ৰমেননলীনহঁতে তাকেই চিন্তা কৰি থাকোঁতেই অৱশেষত বেয়া খবৰটো আহিল যে নকআউট ৰাউণ্ডৰ প্ৰথমখন খেল আমাৰ কলেজ আৰু যোৱা বাৰৰ ৰানাৰ্ছআপ টাউন ক্লাবৰ মাজত৷ টাউন ক্লাব যোৱাবাৰৰ টূৰ্ণামেণ্টৰ এটা দুৰ্ধোৰ্ষ দল৷ কথাটো ৰাতি সিহঁতৰ হোষ্টেলত আটাইতকৈ চিনিয়ৰ ছাত্ৰ প্ৰদীপদাই যেন সাৱধান কৰি শুনাই দিলে৷ কথাটো শুনি হোষ্টেলৰ আটাইৰে মুখৰ মাত হেৰাল৷ সিহঁতে যে নিজৰ দলৰ শুভ চিন্তা কৰে৷

 

পিছদিনা দিগন্ত ছাৰে গোটেই পৰিৱেশটোকে সলনি কৰি দিলে৷ ৰাহঁতৰ লগত তেওঁ নিজে প্ৰেকটিছত নামি পৰিল৷ তেওঁ লে যে প্ৰতিপক্ষ যিমানে শক্তিশালী হয়, সিমানে তেওঁলোকে ভাল খেল খেলিব পাৰিম৷ দিগন্ত ছাৰ আৰু বৰকটকী ছাৰে গোটেই দলটোৰ লগত আলোচনা কৰি ৰণনীতি এটা তৈয়াৰ কৰি পেলালে৷ দলটোলৈ আত্মবিশ্বাস ঘূৰি আহিল৷

মহানগৰীৰ মাজ মজিয়াতে থকা ষ্টেডিয়ামখনত আজি চিনিয়ৰ ডিভিজন লীগৰ নকআউট ৰাউণ্ডৰ প্ৰথমখন মেছ৷ আকাশ ফৰকাল৷ ষ্টেডিয়ামত দৰ্শকৰ ভীৰ৷ বেছিভাগ দৰ্শক স্থানীয় কলেজখনৰ ছাত্ৰছাত্ৰী৷ প্ৰথমে খেলপথাৰত প্ৰবেশ কৰিলে কলেজৰ দল৷ দৰ্শকৰ হাততালি৷ দুই মিনিটৰ পিছতে প্ৰবেশ টাউন ক্লাব দলৰ৷ টাউন ক্লাব দলটো বহু কেইজন বিশিষ্ট খেলুৱৈৰ দ্বাৰা সমৃদ্ধ৷ তাৰ তুলনাত কলেজ দলটো নতুন৷ অভিজ্ঞতাও নাই, কিন্তু অতি উৎসাহী খেলুৱৈৰ সমাহাৰ৷

ৰেফাৰীৰ খেল আৰম্ভণিৰ হুইছেল বাজি উঠিল৷ খেল আৰম্ভ হোৱাৰ প্ৰথমটো মিনিটৰ ভিতৰতে, চেণ্টাৰৰ পৰা বল লৈ নলীনে আগুয়াই দিলে লেফ্উইংগাৰ উত্তম ৰায়লৈ, উত্তম ৰায়ৰ পৰা মাৰি পঠোৱা বল গৈ পৰিল বিপক্ষৰ পোস্তৰ সমুখত৷ বল এইবাৰ নলীনৰ ভৰিত৷ নলীনৰ তীব্ৰ ছট পোষ্টলৈ৷ টাউন ক্লাব দলৰ লকীপাৰ পৰম অভিজ্ঞ খেলুৱৈ৷ অতি তৎপৰতাৰে কেনেবাকৈ বলটো ফিশ্ কৰি উলিয়াই দলক ৰক্ষা কৰিলে বিপদৰ পৰা৷ এই ঘটনা, খেল আৰম্ভ হোৱাৰ মাত্ৰ চাৰি মিনিটৰ ভিতৰতে৷ টাউন ক্লাব দলৰ অভিজ্ঞ কো২৬ জোন বৰুৱাৰ বিপক্ষ দলৰ ৰণনীতি বুজিবলৈ পলম নহল৷ তেওঁ লগে লগে খেলপথাৰৰ পেভেলিয়নৰ পৰাই নিজৰ ৰণনীতি বুজাই দিলে৷ টাউন ক্লাব দলৰ ৰক্ষণ বিভাগৰ সকলোৱে আৰম্ভ কৰিলে দীঘলীয়া শ্বট৷ নলীনৰ পজিছনত বিপক্ষৰ দুজন খেলূৱৈ দিয়া ল৷ কিশোৰ বয়সৰ নলীনৰ লগত শক্তিশালী পৰিপুষ্ট  দুজন খেলুৱৈৰ ধকিয়াধকিত দৰ্শকেই আপত্তি কৰিব লগা ল৷ শক্তিশালী টাউন ক্লাব দলৰ ফালে বল আহিলেই ৰক্ষণ বিভাগৰ খেলুৱৈয়ে দীঘলীয়া শ্বট মাৰি বল খালী কৰি দিয়ে৷ বল বেছিভাগ সময় নলীনহঁতৰ ফালেই থাকিব ধৰিলে৷ জিৰণিলৈ প্ৰথমাৰ্দ্ধত এনেকৈয় খেল চলিল শূণ্যভাবে৷

জিৰণি সময়ত বৰকটকী ছাৰ আৰু দিগন্ত ছাৰ খেল পথাৰলৈ গৈ গোটেই দলটোকে লাগতিয়াল উপদেশ দিলে৷ ৰমেন আৰু নলীনৰ মাজত আলোচনা ল৷ ৰমেনে নলীনক পজিছন সঘনাই সলনি কৰিবলৈ লে যাতে বিপক্ষৰ দুজন বিভ্ৰান্ত হয়৷

দ্বিতিয়াৰ্ধৰ খেল আৰম্ভ হোৱাৰ লগে লগে টাউন ক্লাব দলটোৱে যেন সৰ্ব শক্তিহে প্ৰয়োগ কৰিলে৷  দীঘলীয়া শ্বটেৰে বিপক্ষৰ লপোষ্ট লক্ষ্য কৰি আক্ৰমণ৷ উপৰ্যুপৰি আক্ৰমণ৷ কলেজ দলটোৰ সকলো খেলুৱৈ ব্যস্ত লগা ৰক্ষণ বিভাগত৷ কলেজ দলৰ কীপাৰ যেন এখন দুৰ্ভেদ্য দেৱাল৷ অৱলীলাত্ৰুমে নিজৰ দলক বচাই গৈছে লৰপৰা৷ ৰক্ষণ বিভাগৰ প্ৰধান খেলুৱৈ ৰমেনে নিজ দলৰ বিপৰ্যয় ৰোধ কৰিবলৈ নিজকে সঁপি দিছে৷ ৰমেন যেনেদৰে ছাত্ৰ হিচাবে অতি ভদ্ৰ তেনেকৈ খেলপথাৰতো সকলো আচাৰ সংহিতা পালন কৰে৷ ৰমেন, লকীপাৰ সুভাষ দেব আৰু দলগত প্ৰচেষ্টাত ঙ্মঙ্ম ভাবে খেল শেষ হোৱাৰ পথত৷ আৰু মাত্ৰ দহ মিনিটৰ খেল বাকী থকা অৱস্থাত হঠাৎ ৰমেনে দুয়োখন হাত উপৰলৈ দাঙি দিয়া দেখি লাইন ৰেফাৰীয়ে নিজৰ পতাকা দাঙি ইঙ্গিত দিয়াত ৰেফাৰীয়ে হুইছেল বজাই খেল ৰখালে৷ বল তেতিয়া কলেজ দলৰ পেনাল্টী এৰিয়াৰ ভিতৰত৷ ৰেফাৰীয়ে ৰমেনক সোধাত সি বলটো হাতত লাগিহেন্দ বলহোৱা বুলি লে৷ আচলতে বিপক্ষ দলৰ চেণ্টাৰ ফৰোৱাৰ্ডজনে কলেজ দলৰ পোষ্টত মৰা তীব্ৰ বেগী শ্বট ৰমেনৰ হাতত লাগি লক্ষ্য ভ্ৰষ্ট হয় কিন্তু ৰেফাৰীৰ চকুত এয়া ধৰা নপৰে৷ ৰমেনৰ হাত অভ্যাস বশত নিজে নিজে উপৰলৈ উঠি যায়৷ সম্পূৰ্ণ ষ্টেডিয়ামখনত নিস্তব্ধতা বিৰাজ কৰে৷ পেনাল্টী এৰিয়াৰ ভিতৰতহেন্দ বলহোৱা মানে নিশ্চিত পেনাল্টী৷

ৰেফাৰীয়ে পেনাল্টী ঘোষণা কৰিলে৷ কলেজ দলৰ লকীপাৰ তৈয়াৰ৷ কিন্তু বিপক্ষ দলৰ চেণ্টাৰ ফৰোৱাৰ্ডজনৰ অভিজ্ঞ ভৰি দুখনে সুন্দৰকৈ পেনাল্টীৰ সদব্যৱহাৰ কৰি পোষ্টৰ ভিতৰত বল সোমাই দিয়ে৷ ইয়াৰ মাত্ৰ দুই মিনিটৰ পিছতে খেলৰ সামৰণি পৰে৷ কলেজ দল ঙ্ম ব্যৱধানত হাৰি টূৰ্ণামেণ্টৰ পৰা বাহিৰ লগা হয়৷ খেলপথাৰৰ পৰা ওলোৱাৰ সময়ত ৰমেনৰ চকুৰ পৰা ওলোৱা চকুপানী প্ৰত্যক্ষ কৰিলে নলীনে৷

পিছদিনা কলেজত বেছি ভাগ ছাত্ৰছাত্ৰীয়ে যেতিয়া ৰমেনক ভিলেইন আখ্যা দিয়ে তেতিয়া কিন্তু কলেজৰ অধ্যক্ষ ছাৰে সকলোৰে সন্মুখত ৰমেনক হিৰো আখ্যা দিলে৷ তেখেতৰ মতে ৰমেনে জয়পৰাজয়ৰ ঊৰ্দ্ধত গৈ যি খেলুৱৈ সূলভ মনোভাবৰ পৰিচয় দিছে সেইটো আজিৰ দিনত অনন্য৷ সেয়েহে ৰমেনহে কালিৰ খেলৰ হিৰো৷ পিছদিনাৰ বাতৰি কাকতত আৰু সৰ্বত্ৰ চৰ্চিত কলেজ দলৰ হাৰ, লগতে ৰমেনৰ খেল ভাবনাৰ কথা৷

 

টাউন ক্লাব দলৰ অভিজ্ঞ কো২৬ জোন বৰুৱাৰ মতে যদিও তেওঁলোকে খেলখন জিকিছে, মনত গ্লানি আহি পৰিছে৷ এটা অনভিজ্ঞ দলৰ এজন কিশোৰে যেন তেওঁলোকক শিকাবলগীয়া হৈছে খেল ভাবনাৰ কথা৷ এয়া যে জয়লাভৰ গ্লানি৷  vv

Leave a Reply

Your email address will not be published. Required fields are marked *