সাৰাংশ
মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত)
(

যোৱা সংখ্যাৰ পিছৰ পৰা
সিদ্ধাৰ্থৰ পৰা ফাইলটো আনি ওপৰে ওপৰে চাই জি. এমে ক’লে, “ঠিক আছে৷ তুমি শুভেন্দুক দায়িত্বভাৰ দি নিজে তাৰ পৰা ৰিলিভ লৈ লোৱা আৰু লগতে নিজৰ স্বাস্থ্যৰ যত্ন ল’বা৷ অল দি বেষ্ট৷”
শুভেন্দু আৰn ¸সিদ্ধাৰ্থ ওলাই আহিল জি. এমৰ কোঠাৰ পৰা৷
“বিহাৰী তোমাৰ ওপৰত একেবাৰে খুচ যেন লাগিছে৷ এনে কি ক’লানো?
শুভেন্দুৱে কোনো উত্তৰ নিদিলে৷ আচলতে সি অস্বস্তি অনুভৱ কৰিছিল৷ সি সিদ্ধাৰ্থক ক’লে, “ভাবিছোঁ বাৰিষা গ’লেই লগে লগে লেণ্ড একুইজিচনৰ কাম আৰম্ভ কৰি দিম৷ মন্দিৰ নিৰ্মাণ আৰু হনুমান মূৰ্তি বনোৱাৰ কামটো তাৰ আগতেই শেষ হৈয়ে যাব৷”
ঃ পাগল হ’লা নে কি? –সিদ্ধাৰ্থই ক’লে৷
ঃ মানে? –আচৰিত হৈ শুভেন্দুৱে সুধিলে৷
ঃ এইবোৰ কাম আৰম্ভ কৰাটোহে ভাল, কিন্তু সোনকালে শেষ কৰাটো ভাল নহয়৷ শুনা, মহাদেৱ মন্দিৰৰ কাম এতিয়াই আৰম্ভ কৰিব পৰা নাযাব৷ গাঁৱৰ মানুহখিনি ইমানো সৰল নহয়৷
ঃ তেতিয়াহ’লে কেতিয়াৰ পৰা কৰিব পৰা যাব?
ঃ নাজানো৷
ঃ কথাবোৰ খোলা–খুলিকৈ কোৱাচোন৷ –শুভেন্দুৱে আকৌ সুধিলে৷
ঃ মইনো কি কম? পাটপুৰলৈ মাত্ৰ এবাৰহে গৈছোঁ৷ কিন্তু গম পাইছোঁ, উদ্ধৱ মহান্তিয়ে হেনো মহাদেৱ মন্দিৰৰ পূজাৰীক গুলপীয়া নোট দি হাতৰ মুঠিত আনি লৈছে৷ এতিয়া পুৰণি শিৱ লিংগ তাৰ পৰা উঠালেহে মন্দিৰৰ কাম আৰম্ভ কৰিব পৰা যাব৷ গতিকে সেই সমস্যাৰ সমাধান নোলোৱালৈকে আমি মনে মনে থকাই ভাল৷
ঃ আৰু হনুমান মূৰ্তি?
: হ’ব, হ’ব৷ ইতিমধ্যে ৰ’ড বন্ধা হৈছেই৷ কোম্পানিৰ ৱাল গাঁথি শেষ হোৱালৈকে মূৰ্তিৰ কামো শেষ হৈ যাব৷ আমি গাঁৱৰ মানুহক কৈ দিছোঁ যে স্বয়ং হনুমানে নিবিচাৰালৈকে মূৰ্তিৰ কাম আগবাঢ়িব নোৱাৰে৷ আমি আমাৰ কাম আৰম্ভ কৰি দিছোঁ, বাকী শেষ কৰিব যদি স্বয়ং তেখেতেই৷ –কথাষাৰ শেষ কৰিয়েই সিদ্ধাৰ্থই জয় হনুমান বুলি হাতযোৰ কৰি দেৱতা গৰাকীক স্মৰণ কৰিলে৷
শুভেন্দুৱে সিদ্ধাৰ্থৰ ফালে চাই মনতে ভাবিলে– বুদ্ধিত কিমান যে প্ৰখৰ সিদ্ধাৰ্থ৷ সিতো ইমান দকৈ চিন্তাই কৰিব নোৱাৰিলে হয়৷ শুভেন্দুৱে ক’লে, “তুমি ফ’ৰেইন চাৰ্ভিছতহে যাব লাগিছিল৷ ডিপ্ল’মেটবোৰক ভালকৈ পাঠ পঢ়ুৱাব পাৰিলা হয়৷”
সিদ্ধাৰ্থ খৰখেদাকৈ নিজৰ কেবিনলৈ গুচি গ’ল৷
অকলশৰে এতিয়া শুভেন্দুৱে মালতীৰ কথা চিন্তা কৰিবলৈ ধৰিলে৷ কেনেকৈ যে সি মালতীৰ নামত ইমান ডাঙৰ মিছা মাতিব পাৰিলে! কালি যদি মালতীয়ে এইবোৰ গম পাই, তাই কি ভাবিব! বা সিহঁত দুেয়াটাৰ আচল কথাবোৰ যদি অফিচৰ মানুহে গম পাই যায়, তেতিয়া কি হ’ব?
মালতীৰ চিঠিৰ কোনো উত্তৰ সি নিদিলে৷ ক’বলৈ গ’লে জানি শুনিয়েই কৰিলে৷ মাইণ্ড গেম৷ জবাব নাপাই তাই যিমানে অধৈৰ্য হ’ব, সিমানে তাই নিজৰ ককায়েক আৰু দেউতাকক কথাটো ক’বলৈ বাধ্য হ’ব৷ কথাবোৰ শুনি ককায়েক ৰাজী নহ’ব পাৰে, কিন্তু বাপেকে কেতিয়াও না কৰিব নোৱাৰে৷ মালতীয়ে গৰ্ভধাৰণ কৰা বুলি কৈছিল৷ এতিয়ালৈকেতো এবৰ্চন কৰায়ে পেলালে চাগে, আৰু যদি কৰোৱাও নাই, সেইয়া তাইৰ নিজৰ মুৰ্খামি৷ তাই যদি ঘৰৰ মানুহক বুজাব পাৰে, তেতিয়া তাৰো তাইক বিয়া কৰোৱাত কোনো আপত্তি নাই৷
মালতীৰ দুচকুৰে দুধাৰি চকুলো বৈ আহিল৷
চিঠিখন খামত ভৰোৱাৰ আগতে আকৌ এবাৰ তাই পঢ়ি চালে৷ পঢ়ি যাওঁতে তাই চকুপানী দুটোপালমান পৰি আখৰ কেইটামান মোহাৰ খায়ো গ’ল৷ মালতীয়ে আকৌ শব্দ কেইটা পুনৰাই লিখিলে৷
“চিঠিবোৰৰ উত্তৰ তুমি নিদিলা৷ কিন্তু তুমিযে গোটেইবোৰ চিঠিয়ে পাইছা, সেইয়াও মই জানো৷ এতিয়া বুজি পাইছোঁ ছোৱালীৰ কাৰণে ভালপোৱা যেনেকৈ এক কৰ্তব্য, ল’ৰা এজনৰ কাৰণে হয়তো মুঠেই তেনেকুৱা নহয়৷ প্ৰেমত অন্ধ হৈ মই নিজেই নিজৰ সতীত্ব নাশ কৰিলোঁ৷ তুমি যদি কিবা এটা সোনকালে নকৰা, মই আৰু কেতিয়াও ঘৰলৈ উভতিব নোৱাৰিম৷ তুমিতো মোক লগত লৈ যাব নোৱাৰা বুলি কৈয়েই দিছা৷ এই অৱস্থাত মই এতিয়া যাম ক’লৈ তুমিয়ে কোৱা? এতিয়া মোৰ সমুখত মাত্ৰ এটাই ৰাস্তা, যিটোৰে গ’লে হয়তো আৰু কেতিয়াও উভতি নাহিম৷
মোৰ জান, এবাৰ মোৰ কথা ভাবি চাবা৷ আমি দুয়োৱে কৰা ভুলৰ শাস্তি আজি মই অকলে ভুগি আছোঁ৷ কিন্তু ইয়াৰ জানো অংশীদাৰ আমি উভয়ে নহয়৷ মাত্ৰ এবাৰ গৈ আমাৰ ঘৰত কথাটো কোৱা৷ বাকী মই চম্ভালি ল’ম৷ আৰু যদি মোৰ ঘৰৰ মানুহে তোমাৰ প্ৰস্তাৱক মানি নলয়, তেতিয়া মই পিন্ধা সাজতেই তোমাৰ লগত গুচি আহিম৷ মাত্ৰ তুমি আৰু দেৰি নকৰিবা! ইয়াত মামাৰ ছোৱালী চন্দনাৰ মোৰ ওপৰত শেন চকু৷ তিনি মাহ হৈ গ’ল৷ আৰু পলম হ’লে কথাবোৰ আৰু লুকাই নাথাকিব৷ মোৰ খুব ভয় লাগিছে৷ এতিয়াই যদি আমাৰ বিয়াখন নহয়, পিছলৈ মই ডাঙৰ সমস্যাত পৰিম৷ কাৰো আগত মুখ উলিয়াব নোৱাৰা হ’ম৷ অন্ততঃ তোমাৰ সন্তানৰ কথা এবাৰ ভাবি চাবা৷ তাৰ দায়িত্বও তোমাৰেই৷ এবাৰ ঠাণ্ডা মগজুৰে কথাবোৰ ভাবি চাবা আৰু মোক সোনকালেই কোনদিনা আমাৰ ঘৰলৈ যাবা খবৰটো দিবা৷ তলত মোৰ ফ’ন নম্বৰটো লিখি দিছোঁ৷ বেছি দেৰি নকৰিবা জান৷”
চিঠিখন খামৰ ভিতৰত ভৰাই থলে মালতীয়ে৷ কালিয়ে গৈ স্পীড পোষ্টত পঠাব লাগিব৷ তেতিয়াহে পৰহি মানে শুভেন্দুৱে পাব৷ অলপ ভয়ো লাগিছিল তাইৰ৷ যদি শুভেন্দুৱে বিয়াৰ প্ৰস্তাব লৈ তাইৰ ঘৰলৈ নাযায়!
হ’ব নোৱাৰে! –মালতী মনৰ ভিতৰতে চটফটাই উঠিল৷ নাই, তেনেকুৱা হ’ব নোৱাৰে৷ তাইতকৈ শুভেন্দুৱে তাইক বেছি ভাল পায়৷ শুভেন্দুক চিনি পোৱাত তাইৰ কেতিয়াও ভুল হ’ব নোৱাৰে৷
বিচনাখনতে তাই শুই পৰিল৷ এটা এটা দিন তাইৰ এটা এটা যুগৰ দৰে লাগিছিল৷ তাই মনতে ভাবিলে – শুভেন্দুৱে খবৰ দিলে তাই মামাকক পাটপুৰ উভতি যোৱাৰ কাৰণ কি দেখুৱাব? লাহে লাহে বাঢ়ি অহা নিজৰ পেটটোক এবাৰ চালে৷ সেইদিনাই তাই সাৱধান হ’ব লাগিছিল৷ সেই পাৰ হৈ যোৱা সময়কন আকৌ ঘূৰি অহা হ’লে, তাই নিজৰ ভুলবোৰ শুধৰাই পেলালে হয়৷
মালতীয়ে এবাৰ ঘড়ীটোলৈ চালে৷ সময় ৰাতিৰ বাৰটা৷ তথাপিও তাইৰ চকুত টোপনি নাই৷ ইফালে ও.এ.এচ পৰীক্ষাও আহি পালে৷ অহা কালি বেংক পি.ওৰ ফৰ্ম ডিপ’জিট কৰা লাষ্ট ডেট৷ কিন্তু তাই সেইবোৰ যেন একেবাৰেই পাহৰি গৈছে৷ এতিয়া তাইক যদি কিহবাই খুলি খুলি খাইছে, সেইয়া তাইৰ ভিতৰত লাহে লাহে বাঢ়ি আহিব ধৰা শুভেন্দুৰ সন্তানে৷
দুমাহৰ আগৰ সেই দুপৰীয়াৰ কথা তাইৰ মনলৈ আহিল৷ সেইদিনা শুভেন্দুৱে খোলা–খুলিকৈ কৈ দিছিল তাইক যে সকলো তাইৰ দেউতাক আৰু দাদাকৰ হাতত, আনকি সিহঁতৰ ভৱিষ্যত৷ যাৰ কাৰণে তাই দুয়োজনকে কৰিব নিবিচৰা কাম কৰিবলৈ মান্তি কৰাব লাগিব৷ বাকী মানুহৰ কথা কোম্পানিয়ে বুজিব৷ কিন্তু আটাইতকৈ বেছি লাভ হ’ব যদি তাইৰ ঘৰখনৰেই৷ নহ’লে ভয়ংকৰ ক্ষতি!
অহা সংখ্যাত…