আবেলি হাতত বজাৰ কৰা বেগটো লৈ ওচৰৰে চাৰিআলিৰ বজাৰখনলৈ ওলাই গ’ল বসন্ত কলিতা৷ বজাৰ মানে দুটামান সৰু–সুৰা বস্তু আনিবলৈকে যাব লগা হ’ল৷ ঘৰখনৰ সকলো বজাৰ তেৱেঁই কৰে৷ ঘৰখনত মানুহো কেৱল দুজনহে, বসন্ত কলিতা আৰু তেওঁৰ পত্নী কৰুণাময়ী৷ পুত্ৰ–বোৱাৰী চাকৰিৰ বাবে ঘৰৰ পৰা আঁতৰত থকা দহ বছৰমান হ’ল৷ ছোৱালী দুজনীকো বিয়া দিয়াৰ পাছত ঘৰখনত থাকিলগৈ তেওঁলোক দুজনহে৷ এই দুজনীয়া সংসাৰখন বজাৰ–সমাৰ, কাম–কাজনো কিমান? সেইখিনি তেওঁ নিজেই কৰে৷ অৱসৰৰ পাছতো স্বাস্থ্য–পাতি ঠিকেই আছে কাৰণে এইবিলাক কামৰ বাবে কোনো মানুহ ৰাখিব লগা হোৱা নাই৷ পত্নী কৰুণাময়ীয়েও ঘৰৰ কামবোৰ কৰিব পৰা হৈ থকালৈকে হেনো নিজেই কৰিহে ভাল পায়৷ এনেদৰে বুজা–পৰাৰ মাজেৰে দুয়ো নিয়াৰিকৈ চলি আছে৷ চাকৰি কালত চৰকাৰী আৱাসত থকা কলিতা পৰিয়াল বৰ্তমান থকা ঠাইখনলৈ অহা বেছিদিন হোৱা নাই৷ প্ৰধান নগৰৰ পৰা তিনি কিলোমিটাৰমান নিলগত ঠাইখন৷ তাত সকলো মানুহেই নতুনকৈ আহি ঘৰ পতা৷ যদিও সকলোবোৰ মানুহ বেলেগ বেলেগ ঠাইৰ পৰা অহা, মানুহখিনিৰ মাজত তেজৰ সম্পৰ্ক থকা মানুহৰ দৰে৷ প্ৰায়ভাগ মানুহেই সমাজপ্ৰিয়? বিপদ–আপদত ইঘৰে সিঘৰক সহায় কৰে৷ ঠাই টুকুৰাত গ্ৰাম্য পৰিৱেশ এটাও পোৱা যায়৷ নামঘৰকে আদি কৰি সামাজিক অনুষ্ঠান–প্ৰতিষ্ঠানসমূহৰ লগত সকলো মানুহ জড়িত হৈ আছে৷ কলিতাইও কম দিনৰ ভিতৰতে মানুহবোৰৰ লগত সুহৃদয়তা গঢ়ি তুলিব পাৰিছে৷ মুঠতে ঠাই টুকুৰাৰ যি সামাজিক বাতাবৰণ তাৰ বাসিন্দা হিচাপে বসন্ত কলিতা অত্যন্ত সুখী৷ সোনকালে বজাৰ কৰি ঘূৰি আহিম বুলি ওলাই যোৱা কলিতাই লগৰ কেইজনমানক লগ পোৱাত অলপ দেৰিয়ে হৈ গ’ল৷ লগ পালে দুআষাৰ কথা নপতাকৈনো বাৰু কেনেকৈ থাকে? দেৰি হোৱাৰ বাবে পত্নীৰো চিন্তা হ’ব বুলি তেওঁ লৰাঢপৰাকৈ বজাৰ কৰিলে৷ বন্ধুবৰ্গৰ পৰা বিদায় লৈ ঘৰলৈ খোজ ল’লে৷ তেওঁলোকৰ নামঘৰত তেতিয়া ভাদ মাহৰ নাম–প্ৰসঙ্গ চলি আছে৷ তেওঁ একো অসুবিধা নহ’লে নামঘৰলৈ সদায়ে যায়৷ আজিও নামঘৰলৈ যোৱাৰ কথা আছিল৷ বন্ধুকেইজনক লগ পাই পাহৰিয়ে গৈছিল৷ ঘপহকৈ মনত পৰাতহে লৰালৰি কৰিলে৷ আহি থাকোঁতে নামঘৰৰ কথাই ভাবি আহিছে৷ পুৱা–গধুলি নাম–প্ৰসংগত বহিলে মনটো বৰ মুকলি মুকলি লাগে৷ আচলতে বয়সৰো কথা এটা আছে৷ আগতে কাৰোবাৰ ঘৰৰ নিমন্ত্ৰণ এটা ৰক্ষা কৰিবলৈও তেওঁৰ সময় নাছিল৷ নামৰ মহিমানো কি একোৱে বুজি পোৱা নাছিল৷ এতিয়া দেখোন নামত বহিলে উঠিবলৈ মন নাযায়৷ ৩০ বছৰ বিভিন্ন ঠাইৰ বিভিন্ন পৰিৱেশত কটাই আহা কলিতাই ভবাই নাছিল জীৱনৰ শেষ কালছোৱাত এনে এটা পৰিৱেশ পাব বুলি৷
আৰে দোস্ত, ঘৰত কি বুলি ফাঁকি মাৰি আহিলি? কি ফাঁকি দিবি আৰু৷ ভাৰ্গৱৰ পৰা ইংলিচৰ নোট এটা আনিবলৈ যাওঁ বুলি আহিলোঁ৷ পঢ়াৰ বিষয়ে নক’লে ঘৰৰ পৰা ওলাবই নিদিয়ে৷ বুঢ়াই ঘৰটো একদম জেইল বনাই দিছে আৰু বুঢ়ীক জেইলাৰ পাতি দিছে৷ বসন্ত কলিতাৰ কাণত পৰা কথা কেইষাৰ কোনফালৰ পৰা আহিছে উমান ল’লে৷ চাৰিআলিৰ বজাৰৰ পৰা সোঁহাতৰ ৰাস্তাটোৱেদি অলপ দূৰ গৈ তিনিআলি এটা পায়৷ সেই ঠাইতে আজিকালি কেইখনমান সৰু সৰু দোকান, পি.চি.অ’ আৰু দুখনমান পাণ–তামোলৰ গুমটি নতুনকৈ খুলিছে৷ তাৰ পাণ দোকান এখনৰ সন্মুখত চাৰিটামান ১৭য১৮ বছৰ বয়সীয়া ল’ৰাই চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাই আছে৷ সিহঁতৰ ফালৰ পৰাই কথাবোৰ আখৈ ওফৰাদি উফৰি আহিছে৷ নামঘৰলৈ যাবলৈ দেৰি হৈছিল যদিও কলিতাই ল’ৰা কেইটাৰ কথাবোৰ শুনিবলৈকে অলপ আঁতৰতে আন্ধাৰ–পোহৰ মিহলি ঠাই ডোখৰত ৰ’লহি৷ ঐ কৌশিক মৃণালৰহে লাক্ ভাই৷ ফাডাৰে ডাঙৰ চাকৰি কৰে, পকেট মানিৰ চিন্তা নাই৷ বিন্দাচ খৰচ কৰিব পাৰে৷ সিদিনা চংকৰদেৱৰ তিথিৰ দিনা ইমৰাণৰ লগত চেম্পেইন খাই ফিটিং৷ হাঃ হাঃ হাঃ– আন এটাই আকৌ ক’লে– সি ঠিকেই কৰিলে৷ আমাৰ ঘৰত আকৌ সেইদিনা ভকত কেইটামান মাতি আনি নাম–প্ৰসঙ্গ কৰিছে৷ দিহানাম নে কি সেইচব গাইছে৷ একদম ভাল নালাগে বে৷ মাহ–প্ৰসাদ খাইছে৷ মোৰ পণ্ডিত পিতাদেউৱে মাহ–প্ৰসাদ নিদি চেম্পেইন দিব নেকি? আন এটাই আকৌ ক’লে– ঐ, কি বকবাচ্ কৰি থাক অ’স বুঢ়াৰ যদি বেছি বাহাদুৰি তেন্তে পকেট মাৰি আনি বাহিৰতে খাই দিবি চাল্লা৷
বসন্ত কলিতাৰ কাণে আৰু সহ্য কৰিব নোৱাৰা অৱস্থা হ’ল৷ বুঢ়া–বুঢ়ী মানে মাক–দেউতাকৰ কথাই কৈছে হ’বালা৷ পণ্ডিত পিতাদেউ মানে দেউতাকে চাগৈ স্কুল মাষ্টৰৰ চাকৰি কৰে৷ কি যে ল’ৰা–ছোৱালীৰ ভাষা, মাক–দেউতাকৰ সলনি বুঢ়া–বুঢ়ী, সন্মানীয় চাকৰি মাষ্টৰক পণ্ডিত, শংকৰদেৱ গুচি চংকৰদেৱ হ’লগৈ৷ সেই ঠাইত ৰৈ থাকিব নোৱাৰি, ঘৰলৈ খোজ ল’লে৷ ঘৰ আহি পাওঁতে দেৰিয়ে হ’ল৷ ইমান দেৰিকৈ নামঘৰলৈ নোযোৱাটোকে খাটাং কৰি হাত–মুখ ধুই গৰমত আগফালে চকী এখন উলিয়াই বহিল৷ কৰুণাময়ী পাকঘৰৰ কামত লাগি আছে৷ মানুহজনীয়ে কিবা নহয় কিবা এটা কাম নিজেই উলিয়াই লয়৷ কলিতাৰ কাণত বাৰে বাৰে ল’ৰাকেইটাৰ কথা–বতৰাবোৰ ভাঁহি থাকিবলৈ ধৰিলে৷ কি যে বাৰে ভচহু শব্দবোৰ ব্যৱহাৰ কৰি কথা কয়৷ এইবোৰ ল’ৰাৰ পৰা ভৱিষ্যত কিবা ভাল আশা কৰিব পাৰিনে বাৰু৷ সমাজখন অধঃপতনে গৈ আছে৷ এইবোৰ ল’ৰাক মাক–দেউতাকেতো এনে শিক্ষা দিব বিচৰা নাই৷ চহৰৰ নামী–দামী স্কুলতেই পঢ়াইছে চাগৈ৷ আজিকালিতো আৰু নামী–দামী স্কুলত সন্তানক পঢ়ুওৱাৰ প্ৰতিযোগিতাত কোনো পিতৃ–মাতৃয়ে পিছ পৰি থকা নাই৷ কলিতাৰ মনত পৰিল এজনী ছবছৰীয়া ছোৱালীয়ে কোৱা কথা এষাৰলৈ৷ তেওঁলোক লক্ষীমপুৰত থাকোঁতে তেওঁলোকৰ ভাৰাঘৰৰ ওচৰতে ভাৰা লৈ আছিল নৱ বৰুৱা৷ বৰুৱাৰ পত্নীয়ে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী কৰিছিল৷ এবাৰ প্ৰথমমানত নামভৰ্তিৰ পিছৰ কথা৷ এদিন ল’ৰা–ছোৱালীবোৰক ডাঙৰ হ’লে কোন কি হ’ব তেওঁ সুধিছিল৷ এজনী ধুনীয়া মৰম লগা ছোৱালীক সুধিলত তাই হেনো ক’লে তাই মা হ’ব৷ ইমান ডাঙৰ ডাঙৰ উকীল, মেজিষ্ট্ৰেত, ডাক্টৰ, ইঞ্জিনিয়াৰ নহৈ তাইনো কিয় মাক হ’ব সোধাত ক’লে–তাই মাকক বৰ ভাল পায়৷ ভাল ভাল খোৱা বস্তু বনাই, পৰীৰ সাধু কয়, তাইক আৰু ককায়েকক পঢ়াই, ভালকৈ পঢ়া–শুনা কৰি ভাল মানুহ হ’বলৈ কয়৷ তাইৰ মাক বৰ ভাল মানুহ৷ তাইও ভাল মানুহ হ’বলৈ হ’লে তাই মাক হ’বই লাগিব৷ তেতিয়া কথাটোত হাঁহি উঠিছিল যদিও এতিয়া কথাষাৰৰ গুৰুত্ব বুজিপাইছে কলিতাই৷ সেই ধুনীয়া সৰু ছোৱালীজনী এতিয়া ডাঙৰ হ’ল৷ ডাঙৰ হৈ তাই কি হ’ল তেওঁ নাজানে৷ ক’ৰবাত লগ পোৱা হ’লে৷ তাই এজনী সৰু ছোৱালীৰ পৰা গাভৰু হ’ল৷ বিয়া হৈ এগৰাকী পত্নী, এগৰাকী বোৱাৰী হ’ব আৰু মাতৃ হৈ কিছুমান দায়িত্ব পালন কৰি, বিৱৰ্তনৰ মাজেদি এগৰাকী মাক হোৱাৰ যি লক্ষ্য আছিল, সেইটো তেতিয়া তাইৰ কণমানি মগজুটোৱে বুজা নাছিল৷ মাথোঁ মাকৰ সংস্কাৰী স্বভাৱত আকৰ্ষিত হৈ মাক হোৱাৰ সপোন দেখিছিল৷ তেতিয়াৰ ল’ৰা–ছোৱালী এতিয়াৰ ল’ৰা–ছোৱালীৰ মাজত ধ্যান–ধাৰণাৰ কিমান প্ৰভেদ আহি পৰিল৷ ল’ৰাকেইটাৰ আড্ডাটোলৈ মনত পৰিল৷ মাক–দেউতাকক মা–দেউতাৰ সলনি বুঢ়া–বুঢ়ী ক’বলৈহে ভাল পোৱা সন্তান জানো মাক–দেউতাকৰ আৰ্হিত গঢ়ি উঠিবলৈ বিচাৰি৷ পৰিৱৰ্তন৷ এই সকলোৰে মূলতে পৰিৱৰ্তন৷ যান্ত্ৰিকতা আৰু অত্যাধুনিকতাই কিমান বিকৃত মানসিকতা গঢ় দিয়ে৷ কলিতাই চাহ একাপৰ প্ৰয়োজন অনুভৱ কৰিলে৷ পত্নীক চাহৰ কথা কৈ এইবোৰ নাভাবো বুলি বহাৰ পৰা উঠি পদূলিতে পায়চাৰি কৰি থাকিল৷ মানুহক কেতিয়াবা নাভাবো বুলিলেও কিছুমান কথা ভাবিবলৈ পৰিস্থিতিয়ে বাধ্য কৰায়৷ কলিতাৰো সেয়ে হ’ল৷ তেওঁৰ মনলৈ হঠাতে ৪যপ্ত মাহ মানৰ আগৰ কথা এটা মনলৈ আহিল৷ তেওঁৰ পুৰণা বন্ধু এজনৰ জীয়েকৰ বিয়া৷ তালৈ নিমন্ত্ৰণ দিবলৈ এই বয়সতো বন্ধু বৰ কষ্ট কৰি ঘৰত উপস্থিত হ’লহি৷ বহুত দূৰ নহয় যদিও ৩০য৩২ কিলোমিটাৰ হ’ব৷ ঘৰতে আহি নিমন্ত্ৰণ দি যোৱাৰ পিছত নগ’লেও বৰ বেয়া কথা হ’ব বুলিয়েই পত্নীৰ সৈতে দুয়ো বিয়াঘৰ পালেগৈ৷ তেওঁলোকক বন্ধু দম্পতীয়ে বৰ ধুনীয়া আব্দাৰ কৰিছে৷ বৰ খৰখেদা নকৰি বিয়াঘৰত অলপ সময় থাকি দুয়োৰে অনুৰোধ কৰিলে৷ ঘৰতো ইমান সমস্যা নাই যেতিয়া কলিতাই অলপ সময় বহাটোকে ঠিক কৰিলে৷ বন্ধুৱে মাজে মাজে আহি মাত লগাই যায়৷ বিয়াঘৰৰ ব্যস্ততাৰ মাজত কথা–বতৰা পাতিব নোৱাৰাৰ বাবে বেয়া নাপাবলৈও অনুৰোধ কৰিলে৷ এনেদৰে বহি থাকোতে তেওঁলোকৰ কাষতে আহি এটা প্ৰায় দহ–বাৰ বছৰীয়া ল’ৰা মাকৰ সৈতে বহিলহি৷ কিমাননো আৰু থম থমকৈ বহি থাকিব, নাতি বয়সৰ ল’ৰাটোৰ লগতে দুআষাৰ পাতিবলৈ আৰম্ভ কৰিলে৷ ল’ৰাটোৰ নাম, ঠিকনা, পঢ়া–শুনা আদিৰ বিষয়ে কথা পাতি গম পালে যে ল’ৰাটো এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ৷ কথাই–বতৰাই ল’ৰাটো বেছ আগবঢ়াই৷ কথাৰ মাজতে কলিতাই তাক সুধিলে শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আদিৰ বিষয়ে৷ সি অসমৰ এই মহান ব্যক্তিসকলক নাজানে৷ বৰগীত শুনিছানে বুলি সোধাত সি যিদৰে আচৰিত ‘হোৱাট্’?? বৰগীত মানে… বুলি থেৰোগেৰো কৰি আছিল দেখি কলিতাৰ হাঁহিমেই নে কান্দিমেই লাগিছিল৷ মনে মনে ধিক্কাৰ দিছিল– হায় অসমীয়া জাতি৷ পুতেকৰ কথাবোৰ শুনি মাকে লাজতে হ’ব পায় মাজতে থাপ মাৰি ধৰি কলিতাক ক’লে– মানে, মানে দেউতা, ইহঁতৰ স্কুলখন ইংলিছ মেডিয়ামৰ নহয়৷ তাত এইবিলাক কথা শিক্ষকবিলাকে নিশিকায়৷ নিশিকালে ক’তনো পাৰিব বাৰু ল’ৰা–ছোৱালীয়ে৷ শংকৰদেৱৰ তিথি, শিল্পী দিৱস, ৰাভা দিৱস এইবোৰ নাপাতেই৷ বছৰত এবাৰ ফাংচন এটা পাতে, তাতো আমাৰ স্থানীয় শিল্পী নাথাকেই৷ বাহিৰৰ ডাঙৰ শিল্পী, ৰক্ বেণ্ড মাতি আনে৷ মাকৰ কথাবোৰ শুনি কলিতাৰ কাণে ট–টহাই গৈছিল৷ ভদ্ৰতাৰ খাতিৰত মুখেৰে কেৱল অ’ বুলি শলাগি থ’লে৷ মনতে ভাবিলে তুমি দেখোন অসমীয়া সাহিত্য–সংস্কৃতিৰ বিষয়ে অলপ হ’লেও জানাই, ল’ৰাটোক নিজেইনো নিশিকোৱা কিয়? কেৱল যে স্কুলৰ শিক্ষকেহে শিকাব লাগে? মাতৃ হিচাপে শিক্ষা দিয়াৰ দায়িত্ব তোমাৰ নাই নেকি? মাতৃভাষা মাধ্যমৰ ইমানবোৰ স্কুল থাকোঁতেও বিদেশী ভাষাৰ মাধ্যমত শিকাইছা শিকোৱা, সেই বুলি নিজৰ অস্তিত্ব পাহৰি যোৱাতো উচিত হোৱা নাই৷ মাকজনীয়ে যিদৰেহে কথাবোৰ কৈ গ’ল যেন ল’ৰাটোৱে অসমীয়া সংস্কৃতিব বিষয়ে একো নজনাতো তেওঁৰ বাবে গৌৰৱৰ কথাহে৷ ইমানপৰে বাহিৰত বিচনী মাৰি মাৰি চাহৰ অপেক্ষাত বহি কলিতাই এইবোৰকে ভাবি আছে৷ মানুহজনীৰ দেখোন দেখা–দেখিয়ে নাই৷ মানুহজনীৰ কথা ভাবোঁতেই কৰণাময়ীয়ে হাতত চাহৰ ট্ৰে লৈ ওচৰতে আহি বহিলহি৷ কলিতাই ট্ৰেখনলৈ চালে, প্লেটত ময়দাৰ মালপোৱা, মালভোগ ধানৰ চিৰা ভজা লগতে নাৰিকলৰ লাডুও৷ অথনিৰে পৰা পাকঘৰত সোমাই থাকি কোনোদিনে নহা আলহীক দিয়াৰ দৰে সজাই–পৰাই চাহৰ ট্ৰে’ লৈহে ওলাই আহিল৷ চাহ খাই থাকোঁতে কৰুণাময়ীয়ে অভীকে, মানে ল’ৰাটোৰে ফোন কৰাৰ কথা ক’লে৷ অহা ২৮ তাৰিখে নাতিটোৰ জন্মদিন, তেওঁলোকক মাতিছে৷ পাৰিলে ঘৰৰখীয়া এটা যোগাৰ কৰি দুদিনমান থকাকৈয়ে মাতিছে৷ বোৱাৰীয়েকেও হেনো বৰকৈ কৈছে৷ নাতিৰ জন্মদিনটো তেওঁলোকৰো মনত আছে, তথাপি পুতেকেও এবাৰ মনত পেলাই দিছে আৰু৷ জন্মদিনত নাতিয়েকক কি উপহাৰ দিব তাকো ভাবিবলৈ কলিতাক ক’লে৷ এটাই পুতেকৰ নাতি, গতিকে ককাক–আইতাকে কিবা এটা দামী উপহাৰকে দিব লাগিব৷ উপহাৰৰ কথা ভাবোঁতে কলিতাৰ চাইকেল, মিউজিক ছিষ্টেম, টেবুল টেনিচ ছেট আদি এটা এটাকৈ দামী উপহাৰবোৰ মনলৈ আহিল৷ কৰুণাময়ীয়ে ক’লে, নহ’লে গীটাৰ এখনকে দিলে কেনে হয়৷ আজিকালি পঢ়াৰ লগতে উপৰুৱা শিক্ষা এটাও থকাটো ভাল৷ কৰুণাময়ীৰ উপহাৰৰ প্ৰস্তাৱটোৱে কলিতাক এটা ভাল উপহাৰৰ সন্ধান দিলে৷ তেওঁ নাতিয়েকক গীটাৰৰ সলনি খোল এটা দিব বুলি ক’লে৷ কৰুণাময়ীয়ে ক’লে, আজিকালিৰ ল’ৰাইনো ক’ত এইবোৰৰ বস্তু ভাল পাব? – সিহঁত দুটাইও ল’ৰাক এইবোৰত ব্যস্ত ৰাখিব পাৰিব জানো? আজিকালি স্কুলবোৰত তৃতীয়, চতুৰ্থমানতে যিহে কিতাপৰ বোজা৷ পঢ়াত লাগি থাকোঁতে এইটো শিকিবলৈ ল’ৰাই ক’ত সময় পাব! কলিতাৰ খংটোৱে টিঙিচকৈ মাৰিলে৷ অলপ আগতে গীটাৰ দিব খোজা মানুহজনীৰ, খোলৰ কথা কওতে ল’ৰাৰ শিকিবলৈ সময় নাই বুলি ক’লে৷ গীটাৰ শিকিবলৈ সময় ওলালে খোল শিকিবলৈও ওলাব৷ এইবোৰ শিকিবলৈ ল’ৰাৰ সময় নাই৷ আজিৰ বাদে কালিলৈ ডেকা হৈ পাণ–দোকানৰ মুখত বে, বিন্দাচ, জাকাচ, চালিয়া আদি বাৰে ভচহু শব্দৰ আখৈ ফুটুৱাই আড্ডা মাৰিবলৈ সময় ওলাব৷ তেতিয়াহে কলিতাই পত্নীক সেই তিনিআলি মূৰৰ আড্ডাটোৰ বিষয়ে ক’লে৷ সেই তাহানিতে মা হ’ব খোজা ছোৱালীজনী, বিয়াঘৰত লগ পোৱা মাতৃ– পুত্ৰ এই সকলোবোৰ কথা শুনি কৰণাময়ীয়ে হৰি হৰি মানিলে৷ এই সময়ত মুহূৰ্তৰ বাবে হ’লেও কৰণাময়ীয়ে ঢোল, খোল, বাঁহী এইবিলাকৰ ওপৰত গুৰুত্ব দিলে৷ তেওঁলোকৰ পুত্ৰ–বোৱাৰী থাকে এটা চৰকাৰী বিভাগৰ আৱাসগৃহত৷ ক’লনিটোৰ সকলোৱে অভিজাত শ্ৰেণীৰ৷ গতিকে এই উপহাৰটো দিলে তেওঁলোকে কিজানি ভাবিব অভীক কলিতাৰ মাক–দেউতাক এতিয়াও সাতামপুৰুষীয়া সংস্কৃতিতেই আছে৷ এইবোৰ দেখি তেওঁলোকে যদি হাঁহে তেতিয়া বাৰু আমাৰ সিহঁতি আৰু আমিও লাজ নাপামনে? এই বুলি কৰণাময়ীয়ে ক’লে৷ কলিতা আঁকোৰগোঁজ৷ তেওঁ ক’লে– আভিজাত্য, আধুনিকতাৰ অত্যাচাৰত আজিৰ মানুহে নিজক পাহৰি গৈছে৷ অস্তিত্ব ৰক্ষা কৰাতকৈ মহা সংকটত পেলাই আভিজাত্যৰ ঢোল কোবাইছে৷ সেই তাহানিতে বৰ অসমক একতাৰে বান্ধি যোৱা শংকৰদেৱ আজিকালি ল’ৰা–ছোৱালীৰ মুখত হ’লগৈ চংকৰদেৱ, বৰগীত হ’লগৈ big song৷ কোনোবাই হাঁহিলেও হাঁহিব, কোনোবাই লাজ পালেও পাব তেওঁৰ সেইবোৰ দৰকাৰ নাই৷ মুঠতে তেওঁ এইবাৰ নাতিৰ জন্মদিনত উপহাৰ দিব এটা খোল৷ তেওঁ কালিলৈকে দোকানত বনাবলৈ অৰ্দাৰটো দি আহিব৷