বৰ্তমান বাংলাদেশৰ দ্ৰুত গতিত পৰিৱৰ্তন হোৱা ৰাজনৈতিক ঘটনা–পৰিঘটনাই বাংলাদেশত যেন এক নতুন পটভূমি গঢ়ি উঠাৰ লক্ষণ সুস্পষ্ট কৰিছে৷ উপনিৱেশবাদী পাকিস্তানৰ সামৰিক শাসন ব্যৱস্থাত অতিষ্ঠ হৈ বাংলাদেশৰ (পূৰ্বৱৰ্তী পূব পাকিস্তান) কোটি কোটি জনতাই এদিন ৰাজপথলৈ ওলাই আহি বঙ্গবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ নেতৃত্বত ১৯৭১ চনৰ ২৬ মাৰ্চত স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ বাংলাদেশ ঘোষণা কৰিছিল৷ পাকিস্তানৰ সামৰিক বাহিনীৰ বৰ্বৰোচিত আক্ৰমণৰ সন্মুখীন হৈ ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীৰ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি ১৯৭১ চনলৈকে বাংলাদেশৰ লাখ লাখ মানুহৰ আত্মত্যাগ আৰু এসাগৰ তেজৰ বিনিময়ত অৱশেষত এই দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল৷
এতিয়া আকৌ বাংলাদেশত দ্ৰুত গতিত ৰাজনৈতিক পৰিৱৰ্তনৰ পৰিৱেশৰ যেন অভ্যুত্থান ঘটিছে৷ ২০০৯ চনৰ পৰা ২০২৪ চনলৈকে অতি স্বৈৰাচাৰী শাসন ব্যৱস্থা চলাই যোৱা শ্বেখ হাছিনাৰ “অযৌক্তিক সংৰক্ষণ’’ নীতিৰ বিৰুদ্ধে ঐক্যমত হৈ ব্যাপক ছাত্ৰ আন্দোলনৰ ওচৰত মূৰ দোঁৱাই শ্বেখ হাছিনাই পাঁচ আগষ্টত পদত্যাগ কৰি বাংলাদেশৰ পৰা প্ৰাণৰ ভয়ত ভাৰতলৈ পলাই অহাৰ পাছত বাংলাদেশত আন্দোলনৰ গতি বেলেগ ফালে ঢাপলি মেলিছে৷ এতিয়া বাংলাদেশত আগৰে পৰা সুপ্ত হৈ থকা ৰক্ষণশীল ৰাজাকাৰ বাহিনী, উগ্ৰ ইছলামিক সাম্প্ৰদায়িক সংগঠনসমূহ আৰু পাকিস্তানপন্থী দল সংগঠনসমূহে পুনৰ সক্ৰিয় হৈ পৰিছে৷ এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে পাকিস্তানৰ আই এছ আইৰ এজেণ্টসকলে৷ এই গণতান্ত্ৰিক, ধৰ্ম–নিৰপেক্ষ, বাঙালী জাতীয়তাবাদী চিন্তাধাৰা বিৰোধী উগ্ৰ ইছলামিক সাম্প্ৰদায়িক সংগঠনসমূহে পুনৰাই বাংলাদেশক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে৷ তেওঁলোকে বাংলাদেশৰ জাতীয় সংগীত আৰু জাতীয় পতাকাক নস্যাৎ কৰি নতুনকৈ জাতীয় সংগীত আৰু জাতীয় পতাকা নিৰ্মাণ কৰিব বিচাৰিছে৷ তেওঁলোকৰ মতে ১৯০৫ চনতেই ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা সংগীতটি কেতিয়াও বাংলাদেশৰ জাতীয় সংগীত আৰু আগতে নিৰ্মাণ কৰা জাতীয় পতাকা বাংলাদেশৰ জাতীয় পতাকা হ’ব নোৱাৰে; কাৰণ এই সংগীতটিত বাংলাদেশৰ নাম উল্লেখ নাই বা স্ৰষ্টাৰ প্ৰতি কোনো শ্ৰদ্ধা নিবেদন কৰা হোৱা নাই৷ অথচ এই জাতীয় সংগীত গাই গাই বাংলাদেশৰ মুক্তি বাহিনীয়ে পশ্চিম পাকিস্তানৰ সামৰিক বাহিনীৰ বৰ্বৰোচিত আক্ৰমণৰ সন্মুখীন হৈ উচিত প্ৰত্যুত্তৰ দিছিল বা জাতীয় পতাকা হাতত লৈ গণ–মিছিল গণ–সমাৱেশ, পিকেটিং, ৰেলি, ধৰ্ণা, হৰতাল আৰু সৰ্বাত্মক বন্ধ পালনৰ জৰিয়তে পাকিস্তানী সৈন্য বাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷ এই জাতীয় সংগীত আৰু জাতীয় পতাকাই হ’ল বাংলাদেশৰ কোটি কোটি জনতাৰ প্ৰেৰণাৰ মূল উৎস৷ অজুহাত যিয়েই নেদেখুৱাওক এই পাকিস্তানপন্থী দল–সংগঠনসমূহে বাংলাদেশৰ বাঙালী ভাৱাবেগ থকা জাতীয় ভাৱধাৰাক ধ্বংস কৰাৰ এয়া এক ষড়যন্ত্ৰৰ এটি অংশহে৷ গণ–আন্দোলন চলি থকাৰ সময়ত বঙ্গবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ ষ্টেচু (মূৰ্তি) আৰু বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ মুক্তি বাহিনীৰ স্মৃতি সংৰক্ষণ কৰা গণভৱন ধ্বংস কৰা কাৰ্যই এই কথাৰ প্ৰমাণ দিয়ে৷ এই সাম্প্ৰদায়িক মৌলবাদীৰ ষড়যন্ত্ৰৰ বলি হৈ শ্বেখ হাছিনাৰ অতি স্বৈৰাচাৰী শাসন কাৰ্য আৰু সংৰক্ষণ বিৰোধী আন্দোলনৰ নেতাসকলে বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰা ছাত্ৰ আন্দোলনৰ নেতাসকলে বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত পাকিস্তানৰ পক্ষ লৈ পাকিস্তানপন্থী ৰাজাকাৰ বাহিনীৰ কু–কৰ্মৰ কথা পাহৰি গৈ শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগক বিৰোধিতা কৰাৰ নামত নিজকে উগ্ৰ ইছলামিক সাম্প্ৰদায়িক ৰাজাকাৰ বুলি গৌৰৱেৰে আত্ম পৰিচয় দি ঘোষণা কৰা কাৰ্য এক আত্মঘাতী কাৰ্যৰ নামান্তৰ হৈ পৰিছে৷

অৱশ্যে অতি শীঘ্ৰে বাংলাদেশৰ জাতীয়তাবাদী, গণতান্ত্ৰিক, বাঙালী ভাৱাবেগ থকা ছাত্ৰ সমাজ, বুদ্ধিজীৱী আৰু বহুতো চিন্তাশীল ব্যক্তিয়ে মৌলবাদীসকলে ঘোষণা কৰা জাতীয় পতাকা আৰু জাতীয় সংগীত সলনি কৰাৰ বিপৰীত মেৰুত অতি দৃঢ়তাৰে থিয় দিছে৷ শ্বেখ হাছিনাৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে দেশৰ অধিকাংশ মানুহে অতিষ্ঠ হ’লেও বাঙালী জাতীয়তাবাদী ভাৱধাৰা ত্যাগ কৰি ইছলামিক চিন্তাধাৰাক গ্ৰহণ কৰাৰ বাবে কোনোৱে প্ৰস্তুত নহয়৷
এই মৌলবাদীৰ দৌৰাত্ম কেৱল বাংলাদেশতেই সীমাবদ্ধ হৈ থকা নাই , আমাৰ দেশ ভাৰতবৰ্ষতো এতিয়া হিন্দুত্ববাদী সাম্প্ৰদায়িক আদৰ্শৰ ভিত্তিত স্থাপিত হোৱা ৰাজনৈতিক দলসমূহে গণতান্ত্ৰিক, ধৰ্ম–নিৰপেক্ষতাৰ ভিত্তিত গঢ়ি উঠা ভাৰতবৰ্ষক হিন্দুৰ ৰাষ্ট্ৰ বুলি ঘোষণা কৰি হিন্দুত্ববাদী ধ্যান–ধাৰণাৰে দেশখন গঢ়ি তুলিবলৈ উঠি–পৰি লাগিছে৷ এই কট্টৰপন্থী হিন্দু কৰ সেৱক সকলে কোনো ঐতিহাসিক প্ৰমাণ নথকা সত্বেও কেৱল গাৰ বলত ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদক ধ্বংস কৰি বৰ্তমান ৰাম জনমভূমি নিৰ্মাণ কৰিলে৷ এতিয়া আকৌ গয়া, কাশী আৰু বৃন্দাবনত থকা মছজিদসমূহো এসময়ত মন্দিৰ আছিল বুলি দাবী তুলি হিন্দু সংগঠনসমূহে মছজিদসমূহৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিবলৈ ন্যায়ালয় আৰু চৰকাৰক আহ৩ান জনাইছে৷
এনেকি মোগল, পাৰ্ছী আৰু ভাৰতীয় স্থাপত্যশৈলীৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা পৃথিৱীৰ সপ্তা(ৰ্যৰ ভিতৰত অন্যতম তাজমহলৰ ওপৰতো তেওঁলোকৰ দৃষ্টি নিৱদ্ধ হৈ অভিযানৰ অংশ হিচাপে গণ্য কৰিছে৷
মুঠতে, মৌলবাদ সদায় সকলো দেশৰে গণতান্ত্ৰিক ধ্যান–ধাৰণাৰ ঘোৰ পৰিপন্থী; বিচ্ছিন্নতাবাদী ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত, এলান্ধুকলীয়া উঁৱলি যোৱা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ ভেটিত নিৰ্মাণ হোৱা প্ৰতিক্ৰিয়াশীল শক্তি; প্ৰগতিশীল মানৱতাবাদী চিন্তাধাৰাৰ চৰম শত্ৰু৷ গতিকে এই মৌলবাদক কলিতে নিৰ্মূল কৰাৰ বাবে দেশৰ সকলো জনগণ অতন্দ্ৰ প্ৰহৰীৰ দৰে চিৰ জাগ্ৰত হোৱা উচিত৷ পৃথিৱীৰ সমাজ ব্যৱস্থাৰ আমূল পৰিবৰ্তন কৰি সমাজক সুশৃংখলিত, সুসংহত আৰু শান্তিপূৰ্ণ মানৱতাবাদী সমাজ –ব্যৱস্থা গঢ়ি তোলাৰ বাবেই যুগে যুগে ইছলাম, হিন্দু, খৃষ্টান, বৌদ্ধ, জৈন, শিখ আদি শ্ৰেষ্ঠ ধৰ্মসমূহৰ সৃষ্টি হৈছিল৷ কালক্ৰমত এই উগ্ৰ ধৰ্মীয় মৌলবাদীসকলে ধৰ্মক হাতিয়াৰ হিচাপে লৈ সমাজৰ বুকুত বিভেদৰ বীজ ৰোপণ কৰি আহিছে৷ মৌলবাদীসকল হ’ল সমাজৰ একো একোটা বিষাক্ত কীটাণু–স্বৰূপ৷ সকলোৱে ইয়াক ত্যাগ কৰা উচিত৷ গণতান্ত্ৰিক, প্ৰজাতন্ত্ৰ ধৰ্ম–নিৰপেক্ষ, জাতীয়তাবাদী ৰাষ্ট্ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমাৰ সকলোৰে মুখে মুখে এটাই শ্লোগান হোৱা উচিত– “মৌলবাদ নিপাত যাওক৷’’