
ঋতুৰাণী শৰৎ অহাৰ লগে লগে আমাৰ মন ফৰকাল হৈ পৰে৷ প্ৰকৃতিৰ ৰাণী শৰৎ অহাৰ লগে লগে শেৱালি ফুলৰ মনোমোহা গোন্ধে পৰিৱেশ সুন্দৰ কৰি তোলে৷ শৰতৰ কুঁৱলীয়ে কঢ়িয়াই আনে এটা সুন্দৰ মনোমোহা পৰিৱেশ৷
এনে সুন্দৰ পৰিৱেশতে আহি পৰে দুৰ্গা পূজা৷ শৰৎকালত হোৱা বাবে দুৰ্গাৰ অন্য নাম হ’ল শাৰদী মাতা৷ অসুৰ সংহাৰী দুৰ্গাৰ ৰূপে অপ সংস্কৃতি, সমাজৰ দুৰ্জন লোকক নিপাত কৰাৰ এটি প্ৰতীক৷ দুৰ্গা মাৰ দুয়ো কাষে লক্ষ্মী–সৰস্বতী, গণেশ, কাৰ্তিক৷ মাতৃয়ে সিংহ বাহনত উঠি ত্ৰিশূল হাতত লৈ নাগপাশেৰে অসুৰক কৰায়ত্ত কৰাৰ ভীষণ ৰূপ পাহাৰৰ ওপৰৰ পৰা তেওঁৰ স্বামী মহাদেৱে নিৰীক্ষণ কৰি আছে৷
হিমালয় আৰু মেনকাৰ আলাসৰ লাৰু উমাৰ আৰাধ্য স্বামী হ’ল ব্যাঘ্ৰ চাল, নৰ মুণ্ডমালা, সৰ্প পৰি অলংকাৰ ধাৰণ কৰা জাতিৰ প্ৰাণকৰ্তা মহাদেৱ৷
এবাৰ উমাৰ ৰূপ–লাৱণ্যত মুগ্ধ হৈ মহিষ নামৰ অসুৰে উমাক পত্নী হিচাপে বিচৰাত উমাৰ ভীষণ খং উঠিল৷ লগে লগে এই শান্ত–শিষ্ট অপৰূপা সুন্দৰী উমা এক ভয়ংকৰ নাৰী মূৰ্তিলৈ পৰিণত হ’ল৷ এই নাৰী মূৰ্তিক সহায় কৰিবলৈ দেৱতাৰ ৰক্ত দেৱীক অৰ্পণ কৰিলে৷ হিমালয়ে দিলে সিংহ, শিৱই ত্ৰিশূল, বিষ্ণুৱে চক্ৰ, বৰুণে পাশ, ইন্দ্ৰই ব্ৰজ, বাসুকীয়ে সৰ্প আৰু দেৱতাই নানা তন্ত্ৰ–মন্ত্ৰ অৰ্পণ কৰাৰ লগে লগে মা দুৰ্গা এক শক্তিলৈ ৰূপান্তৰ হ’ল৷ দেৱীয়ে ভয়ংকৰ ৰূপ ধৰি অসুৰক সংহাৰ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিলে৷ এইয়ে হ’ল শাৰদী মাতা দুৰ্গা দুৰ্গতি নাশিনী৷ সেয়েহে আমি প্ৰণাম কৰি স্তুতি কৰোঁ–
‘যা দেৱী সৰ্ব ভূতেষু্য শক্তি ৰূপেণ সংস্থিতা
নমস্তস্বৈ নমস্তস্বৈ নমস্তস্বৈ নমো নমঃ’
কিন্তু বৰ্তমান সময়ত নানান অশান্তি, বিশৃংখলতাই দেখা দিছে– ধৰ্ষণ, নৰহত্যা, লুণ্ঠন ইত্যাদি, ৰক্ষকেই ভক্ষক হৈছে, অপসংস্কৃতিয়ে মূৰ তুলি উঠিছে৷ চাৰিওফালে প্ৰাকৃতিক দুৰ্যোগ হৈছে, মানুহৰ হাহাকাৰ হৈছে৷ সেয়ে মা দুৰ্গা, তোমাক প্ৰাৰ্থনা কৰিছোঁ, তুমি আকৌ পৃথিৱীলৈ আহাঁ, সমাজৰ এই অপসংস্কৃতিবোৰ নাশ কৰি পৃথিৱীত পুনৰ শান্তি প্ৰতিষ্ঠা কৰা, অপাৰ আনন্দ আৰু শান্তি লৈ আহাঁ৷ v