
‘‘দশভূজাক আদৰিবলৈ
তোৰ সুবাসে ভৰাই তোলে চৌপাশ
গভীৰ নিশাবোৰ মায়াময় হৈ উঠে
তোৰেই পাহিমেলা আৱেগভৰা হেঁপাহত৷
আৰু– হেঁপাহবোৰ বিলীন হয়
জোনাকৰ বুকুত৷’’
পুৱাতেই qw ছবি আঁকি নিয়ৰ টোপালবোৰক জিলমিলাবলৈ সুবিধা কৰি দিয়া সেয়াই শেৱালি৷ প্ৰিয় ঋতু শৰৎ অহাৰ আগজাননী দিয়ে শেৱালিয়ে৷ নিয়ৰসনা সেমেকা দুবৰিৰে খোজ পেলাই সৰা শেৱালি বোটলা অভ্যাস আমাৰ বহুতৰে আছে৷ শৈশৱৰ সাক্ষীস্বৰূপ এই শেৱালি ফুলৰ আঁৰত আছে বহু মনোৰম কাহিনী৷ শেৱালিৰ প্ৰকৃত নাম আছিল পাৰিজাত৷ বিষ্ণুপুৰাণত শেৱালি সম্পৰ্কে থকা কাহিনীমতে পাৰিজাত আছিল এগৰাকী ৰাজকুমাৰী৷ সূৰ্য দেৱতাৰ সৈতে আছিল পাৰিজাতৰ গভীৰ প্ৰণয়৷ বহুদিন দুয়ো প্ৰেমৰ সম্পৰ্ক সুন্দৰভাৱে বৰ্তাই ৰাখিছিল যদিও সূৰ্য দেৱতাই এটা সময়ত পাৰিজাতক প্ৰেমৰ দেশত দুখীয়া কৰি আঁতৰি গ’ল৷ সূৰ্য দেৱাতৰ প্ৰতাৰক প্ৰেমীক ৰূপটোৱে বৰকৈ আঘাত কৰিলে পাৰিজাতৰ কোমল অন্তৰক৷ বিৰহ–বিচ্ছেদৰ, প্ৰতাৰণাৰ বেদনাত পাৰিজাতে জীয়াই থকাৰ আশা সমূলি হেৰুৱাই পেলালে৷ অৱশেষত সকলো দুখ–বেদনাৰ উপশম ঘটাবলৈ পাৰিজাতে আত্মহত্যাৰ পথ বাচি ল’লে৷ পাৰিজাতক যি ঠাইত সৎকাৰ কৰা হ’ল সেই ঠাইতে গজি উঠিল এজোপা শেৱালি ফুলৰ গছ৷ পাৰিজাতৰ দ্বিতীয় জনম হ’ল শেৱালি ফুলৰ গছ৷ কিন্তু ব্যৰ্থ প্ৰেমৰ অভিমানেৰে সূৰ্যোদয়ৰ আগতেই সৰি পৰে তলসৰা শেৱালি হৈ৷ আৱেগত উথলি জীৱন ত্যাগ কৰি পুনৰ জনম লোৱা শেৱালি প্ৰেমিক সূৰ্যৰ প্ৰতাৰণাত আজিও বিমৰ্ষ শেৱালি৷ বিষ্ণুপুৰাণে শেৱালি ফুলক ব্যৰ্থ প্ৰণয়ৰ প্ৰতীকস্বৰূপে যদিও বৰ্ণনা কৰিছে তথাপিও পাৰিজাতক সৰগৰ ফুল বুলিও অন্যান্য কাহিনী তথা আখ্যানত প্ৰকাশ কৰা হয়৷ পাৰিজাত ফুলৰ বাবে শ্ৰীকৃষ্ণৰ দুগৰাকী পত্নী সত্যভামা আৰু ৰুক্মিণীৰ দ্বন্দ্বৰ কথা ভাগৱত–পুৰাণত বৰ্ণিত হৈছে৷ শ্ৰীকৃষ্ণই সত্যভামাৰ বাবে সৰগৰ পৰা পাৰিজাত ফুল অনাৰ পিছত এই দ্বন্দ্ব হৈছিল বুলি বৰ্ণনা কৰা হৈছে৷ সাগৰ মন্থনৰ সময়ত শেৱালিৰ উদ্ভৱ হৈছিল বুলি অন্যান্য আখ্যানত প্ৰকাশ৷
যিয়েই কাহিনী নাথাকক শেৱালিৰ জন্মৰ আঁৰত শেৱালি মৰতত বৰ আদৰৰ ফুল৷ শাৰদীয় দুৰ্গোৎসৱৰ আগজাননী দিয়া শেৱালি ফুল আমাৰ হেঁপাহৰ, বৰ মৰমৰ৷ ৰূপ আৰু গুণেৰে মহীয়ান শেৱালি ফুল৷ শেৱালি ফুলগছৰ ফুল, পাত আদি ঔষধিগুণেৰে সমৃদ্ধ৷ পবিত্ৰ ফুল হিচাপে গণ্য কৰা হয় শেৱালি ফুলক৷ অভিমানী প্ৰেয়সী, ৰূপে–গুণে অতুলনীয় শেৱালী ফুল চিৰদিন আমাৰ আদৰৰ হৈ থাকিব৷ v